Health-and-Nutrition/C2/Reasons-for-increase-in-junk-food-consumption/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | জাংক খাদ্যৰ সেৱন বৰ্দ্ধিত হোৱাৰ কাৰণসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:11 | জাংক খাদ্যৰ সেৱন বৰ্দ্ধিত কৰাৰ কাৰকসমূহ |
00:15 | আমাৰ আহাৰৰ পৰা জাংক খাদ্যক ত্যাগ কৰাৰ পথসমূহ |
00:20 | জাংক খাদ্যত উচ্চ পৰিমাণৰ চেনী, নিমখ, পৰিশোধিত চৰ্বী আৰু পৰিশোধিত আটা থাকে |
00:28 | জাংক খাদ্যৰ ক্ষতিকৰ প্ৰভাৱৰ বিষয়ে আন এটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে |
00:34 | অধিক তথ্যৰ বাবে আমাৰ ওৱেবচাইত চাব |
00:38 | আহক জাংক খাদ্যৰ সেৱন বৰ্দ্ধিত কৰাৰ কাৰকসমূহক বুজো |
00:45 | আজিকালি জাংক খাদ্য সহজেই পোৱা যায় |
00:49 | আপুনি ইয়াক পাব পাৰে দোকানত, |
00:52 | স্কুলৰ কেন্টিনত, ৰাস্তাৰ কাষৰ বিক্ৰেতাত |
00:54 | আৰু ৰেষ্টুৰেন্তত |
00:56 | আহক জাংক খাদ্যৰ বৰ্দ্ধিত সেৱনৰ আন এটা কাৰণ চাওঁ |
01:02 | মাকসকল বিজি হ’ব পাৰে চাকৰি আৰু ঘৰূৱা কামত |
01:06 | তেওঁলোকে হয়তো নিজৰ ল’ৰা-ছোৱালিৰ বাবে এটা সঠিক ঘৰতে তৈয়াৰী আহাৰ প্ৰস্তুত কৰিবলৈ সময় নাপাব পাৰে |
01:14 | ইয়াৰ সলনি, তেওঁলোকে সিহতক টকা দিব পাৰে বাহিৰৰ পৰা খাদ্য কিনিবলৈ |
01:20 | ল’ৰা-ছোৱালিয়ে সেই টকাৰে চকলেত, আইচ-ক্ৰিম বা চিপচ কিনে |
01:26 | তদুপৰি, জাংক খাদ্য প্ৰায়েই সস্তা হয় স্বাস্থ্যবান আহাৰৰ তুলনাত |
01:33 | উদাহৰণস্বৰূপে, এক প্লেত ৰূটি, মচুৰ ডালি আৰু শাক-পাচলিৰ মূল্য কিছু বেছি হ’ব |
01:42 | সেইবাবে, মানুহে সস্তা কিবা এটা বাচে যেনে চিংৰা, চিপচ, বিস্কুট |
01:50 | কেতিয়াবা, অভিভাৱকে সন্তানৰ ভালপোৱা আৰু বেয়াপোৱাক অৱজ্ঞা কৰে |
01:56 | ল’ৰা-ছোৱালিয়ে প্ৰায়েই প্ৰচলিত ঘৰতে তৈয়াৰী আহাৰত বিৰক্ত হয় |
02:01 | ঘৰতে তৈয়াৰী আহাৰৰ ভিন্নতা কম হোৱাৰ বাবে, সিহতে জাংক খাদ্য খাবলৈ বিচাৰে |
02:08 | সিহতে এই খাদ্য অধিক সোৱাদযুক্ত পায় |
02:11 | চেনী বেছিকৈ থকা জাংক খাদ্য খালে, মগজুৱে কেলিকেলচ এৰে যেনে ড’পামিন |
02:19 | ই সৰহ পৰিমাণে নিৰ্গত হয় যিয়ে আমাক আনন্দ আৰু আৰামৰ অনুভৱ দিয়ে |
02:26 | সেইবাবে আমি জাংক খাদ্যৰ প্ৰতি আসক্ত হওঁ আৰু অধিক আৰু অধিক খাবলৈ কামনা কৰো |
02:34 | আমি জাংক খাদ্য অত্যাধিক খাই আৰাম পাওঁ |
02:38 | এইটো কমন হয় চাপ, |
02:42 | হতাশা, নিঃসঙ্গতা |
02:44 | আৰু উদ্বেগৰ সময়ত |
02:47 | আমাক জাংক খাদ্যই আকৰ্ষণ কৰাৰ আন এটা কাৰণ হৈছে ইয়াৰ বিজ্ঞাপনবোৰ |
02:53 | এই বিজ্ঞাপনবোৰ প্ৰায়েই আকৰ্ষণীয় হয় |
02:56 | আৰু বিভ্ৰান্তিকৰ হয় |
02:59 | ল’ৰা-ছোৱালি আৰু কিশোৰসকল তাৰদ্বাৰা সহজে প্ৰভাবিত হয় |
03:05 | বন্ধুসকলেওঁ আমাৰ খাদ্যৰ পচন্দক প্ৰভাবিত কৰে |
03:08 | উদাহৰণস্বৰূপে, ছাত্ৰী এগৰাকীয়ে স্কুললৈ ৰূটি আৰু শাক-পাচলি নিয়ে |
03:14 | যদি তাইৰ বান্ধবীয়ে জাংক খাদ্য আনে, তেন্তে তাইওঁ লগতে সেই বস্তুক আনিবলৈ বিচাৰিব |
03:22 | ই দেখাই যে আমাৰ খাদ্য খোৱাৰ অভ্যাস আমাৰ আশে-পাশে থকা লোকে খোৱা খাদ্যৰদ্বাৰা প্ৰভাবিত হয় |
03:29 | আগবাহো, আহক জাংক খাদ্যক ত্যাগ কৰিবলৈ কিছু উপায় চাওঁ |
03:35 | অভিভাৱকে বুজিব লাগিব যে ল’ৰা-ছোৱালীয়ে যি দেখে তাকে শিকে আৰু অনুসৰণ কৰে |
03:41 | যদি সিহতে অভিভাৱকে সুস্থ খাদ্য খোৱা দেখে, সিহতো তেনে খাদ্য খাবলৈ অনুপ্ৰাণিত হ’ব |
03:48 | সেইবাবে, অভিভাৱক সিহতৰ বাবে ভাল প্ৰেৰণাৰ উৎস হ’ব লাগিব |
03:53 | মনত ৰাখিব জাংক খাদ্যক কেতিয়াওঁ এটা পুৰষ্কাৰ হিচাবে নিদিব |
03:58 | অভিভাৱকে প্ৰায়েই কিছু ক্ষেত্ৰত জাংক খাদ্যক সন্তানক পুৰষ্কাৰ হিচাবে দিয়ে |
04:05 | উদাহৰণস্বৰূপে: সিহতৰ স্কুলৰ কাম সম্পূৰ্ণ কৰিবলৈ বা পৰীক্ষাত ভাল নম্বৰ পাবলৈ |
04:12 | ই ল’ৰা-ছোৱালীক এটা বাৰ্তা দিয়ে যে এই ধৰণৰ খাদ্য খোৱা ভাল |
04:18 | সিহত ডাঙৰ হ’লে, ই এটা অভাসলৈ পৰিণত হ’ব পাৰে |
04:23 | গতিকে, ল’ৰা-ছোৱালীক জাংক খাদ্য কেতিয়াওঁ পুৰষ্কাৰ হিচাবে নিদিব |
04:29 | তি.ভি চাওঁতে বা ফোন ব্যৱ্হাৰ কৰোতে খাদ্য খোৱাক ত্যাগ কৰিবলৈ যত্ন ল’ব লাগে |
04:37 | তি.ভি চাওঁতে খাদ্য খালে আমাৰ মগজু বিভ্ৰান্ত হয় |
04:41 | সেইবাবে, আমি সন্তুষ্ট নহওঁ আৰু অত্যাধিক খাওঁ |
04:46 | মাকসকলে বিবেচিত কৰিবলগা আন এটা বস্তু হৈছে আহাৰত ভিন্নতা অনাটো |
04:53 | সন্তানৰ দৈনিক আহাৰক ৰোমাঞ্চকৰ কৰিব পাৰি |
04:58 | ইয়াক অধিক ৰংচঙীয়া আৰু গভীৰ-পুষ্টিযুক্ত কৰক |
05:02 | বিভিন্ন খাদ্য গ্ৰোপৰ পৰা সামগ্ৰীসমূহৰ সমাহাৰক ব্যৱ্হাৰ কৰক |
05:08 | মই উদাহৰণ এটা দিওঁ |
05:11 | শুদা ভাতক উন্নত কৰিব পাৰি মচুৰ ডালি, শাক-পাচলি বা ডিম যোগ কৰি |
05:19 | এইদৰে, সন্তানে ঘৰতে তৈয়াৰী আহাৰ খাবলৈ মন কৰিব |
05:26 | আহাৰ প্লেন কৰাৰ আগতে, সন্তানৰ ভালপোৱা আৰু বেয়াপোৱাক বিবেচিত কৰক |
05:31 | যদি সিহতে এটা নিৰ্দিষ্ট সামগ্ৰীক ভাল নাপায়, ইয়াক আন খাদ্যত লুকুৱাওঁক |
05:39 | উদাহৰণস্বৰূপে, কিছুমান ল’ৰা-ছোৱালীয়ে শাক-পাছলি খাবলৈ বেয়া পায় |
05:45 | আপুনি শাক-পাছলিক লুকুৱাব পাৰে শাক-পাছলিৰ পৰাথা, চিলা বা কাটলেতচৰ ৰূপত |
05:54 | শাক-পাছলিক সৰু সৰুকৈ কাটি বা ভৰ্তা কৰি চোপৰ আকাৰত দিব পাৰি |
06:00 | জাংক খাদ্যক পুষ্টিকৰ খাদ্যৰে ৰিপ্লেচ কৰিবলৈ চেষ্টা কৰক |
06:04 | উদাহৰণস্বৰূপে: বৰা, চিংৰা বা বিস্কুট এপেকেটত ৫ ৰ পৰা ১০ টকা লয় |
06:13 | একে পৰিমাণৰ টকাৰে, আপুনি দুটা ডিম বা এক গিলাচ গাখীৰ কিনিব পাৰে |
06:19 | ল’ৰা-ছোৱালীৰ গাখীৰত বজাৰত পোৱা সোৱাদ বহোৱা পাউদাৰ যোগ নকৰিব |
06:26 | ইয়াৰ পৰিবৰ্তে, আপুনি হালধী পাউদাৰ বা বাদাম আৰু বীজৰ পাউদাৰ যোগ কৰিব পাৰে |
06:33 | আপুনি লগতে বাদাম আৰু বীজৰে বনোৱা চাটনি ল’ব পাৰে কেতচাপ আৰু চ’চৰ সলনি |
06:41 | ভজা চীনাবাদাম বা বঙালী বুট খাব পাৰি চিপচ আৰু ভজা চিভৰাৰ সলনি |
06:50 | আপুনি লগতে ল’ব পাৰে সিজোৱা সেউজীয়া মগুমাহ, বঙালী বুট, গোমধান, ইত্যাদি |
06:58 | পৰিশোধিত আটাৰে বনোৱা ভজা পুৰীক ত্যাগ কৰিব |
07:02 | ইয়াৰ পৰিবৰ্তে, ৰূটি বা পৰাথা লওঁক হোল গ্ৰেইনচ, জোৱাৰ বা পাৰ্ল মিলেতৰে তৈয়াৰী |
07:11 | বেয়া চৰ্বী যেনে পৰিশোধিত শাক-পাচলিৰ তেলক ভাল চৰ্বীৰে সলনি কৰক |
07:19 | ভাল চৰ্বীৰ উদাহৰণ হৈছে নাৰিকল তেল, বিশুদ্ধ ঘিউ আৰু বাতাৰ |
07:26 | বাদাম, বীজ, ডিম আৰু মাছতো লগতে ভাল চৰ্বী থাকে |
07:32 | শীতল পানীয় আৰু জুইচসমূহ নাখাব |
07:36 | ইয়াৰ পৰিবৰ্তে, আপুনি খাব পাৰে পানী, নেমু পানী, নাৰিকল পানী, বাতাৰমিল্ক বা গাখীৰ |
07:44 | ল’ৰা-ছোৱালীক ফলমুলৰ জুইচসমূহৰ সলনি ঋতুগত ফলমুল খাবলৈ উৎসাহিত কৰক |
07:51 | ফলমুলৰ জুইচসমূহ আৰু চেনিযুক্ত পানীয় ২ বছৰৰ তলৰ ল’ৰা-ছোৱালীক দিব নালাগে |
07:58 | এদিনত, চাহ আৰু কফিৰ সেৱনক সীমিত কৰিব লাগে |
08:04 | আধা কাপ বা ১০০ এমএল দিব পাৰি ৫ ৰ পৰা ৯ বছৰ বয়সৰ ল’ৰা-ছোৱালীক |
08:12 | কিশোৰৰ বাবে, একাপ বা ২০০ এমএল দিব পাৰি |
08:18 | য’ত, চাহ আৰু কফি ৫ বছৰলৈকে ল’ৰা-ছোৱালীয়ে খাব নালাগে |
08:26 | ল’ৰা-ছোৱালী আৰু কিশোৰে শক্তিদায়ক আৰু কাৰ্বনযুক্ত পানীয় সমূলি খাব নালাগে |
08:33 | জাংক খাদ্যৰ সেৱনক প্ৰতি সপ্তাহত মাত্ৰ এবাৰলৈ সীমিত কৰিব লাগে |
08:40 | সঠিক সামগ্ৰীসমূহৰ সৈতে ঘৰতে তৈয়াৰী আহাৰ স্বাস্থ্যকৰ হয় বাহিৰৰ জাংক খাদ্যতকৈ |
08:47 | সদায় মনত ৰাখিব যে অভ্যাসৰ সৃষ্টি হ’বলৈ সময় লাগে |
08:52 | সেইবাবে, ল’ৰা-ছোৱালীক কম বয়সৰ পৰাই স্বাস্থ্যকৰ আহাৰ বাচিবলৈ শিকাব লাগে |
08:59 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |