Health-and-Nutrition/C2/Non-vegetarian-recipes-for-adolescents/Assamese
From Script | Spoken-Tutorial
| 00:01 | কিশোৰৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম :
কিশোৰ কি হয়? |
| 00:10 | কিশোৰ অৱস্থাত প্ৰয়োজন হোৱা পুষ্টিসমূহ |
| 00:13 | আমিষ বিধিসমূহ প্ৰস্তুত কৰিবলৈ যেনে: |
| 00:16 | ডিম শাকৰ ভুৰ্জি |
| 00:18 | ছাগলী ঠেঙৰ চোপ |
| 00:20 | ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁৰ কাৰি |
| 00:22 | ডিল পাতৰ সৈতে চিকেনৰ কীমা আৰু মাছৰ কাৰি |
| 00:26 | আহক প্ৰথমে বুজো কিশোৰ অৱস্থা কি হয়? |
| 00:30 | কিশোৰ অৱস্থা হৈছে শিশুকালৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱা |
| 00:33 | ১০ ৰ পৰা ১৯ বছৰ বয়সৰ সকলোকে কিশোৰ হিচাবে গণ্য কৰা হয় |
| 00:39 | এই সময়ত শক্তি আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা উচ্চ হয় |
| 00:44 | কিয়? কাৰণ, এই সময়ত মূলত শাৰিৰীক, যৌন, মানসিক আৰু সামাজিক বিকাশ পৰিবৰ্তন হয় |
| 00:53 | কিশোৰী এগৰাৰীক প্ৰয়োজন হয়-: ২০০০-২৪০০ কেলৰিচ আৰু ৪০-৫৫ গ্ৰাম প্ৰটিন প্ৰতিদিনে |
| 01:02 | পৰ্যাপ্ত পৰিমাণৰ অন্য পুষ্টিগত পদাৰ্থসমূহো লগতে আৱশ্যক হয় |
| 01:07 | যেনে: আইৰন, কেলচিয়াম, মেগনেচিয়াম, জিংক, ফ’লেত আৰু ভিটামিন B-12 |
| 01:15 | কিশোৰ অৱস্থাত পুষ্টিৰ গুৰূত্বৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 01:22 | কিশোৰ অৱস্থাত দৰকাৰী হোৱা সকলোৰে বিষয়ে শিকাৰ পাছত আমি বিধিসমূহ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰিম |
| 01:29 | প্ৰথম বিধিটো হৈছে ডিম শাকৰ ভুৰ্জি |
| 01:32 | আপোনাক লাগিব: ১টা ডিম, ½ কাপ শাক, ১টা সৰু আকাৰৰ পিয়াজ, ১টা সেউজীয়া জলকীয়া |
| 01:38 | ½ চামোচ আদা নহৰুৰ পেষ্ট |
| 01:41 | ½ চামোচ হালধি |
| 01:43 | নিমখ সোৱাদ অনুসৰি
২ চামোচ তেল বা মাখন |
| 01:47 | প্ৰণালি: পেন এখনত তেল বা মাখন গৰম কৰক |
| 01:51 | আদা-নহৰুৰ পেষ্ট, সেউজীয়া জলকীয়া আৰু কাটিথোৱা পিয়াজ দিয়ক |
| 01:55 | পিয়াজখিনিক ২ মিনিটৰ বাবে লৰাওঁক |
| 01:58 | এতিয়া হালধি পাউদাৰ আৰু কাটিথোৱা শাক দিয়ক |
| 02:02 | ডিমটো পেনখনত ভাঙি দিয়ক |
| 02:06 | সকলো সামগ্ৰীকে ভালদৰে মিলাওঁক |
| 02:08 | এতিয়া, মধ্যম জুইত ডিমক ২ মিনিটৰ বাবে ৰান্ধক |
| 02:12 | ডিম শাকৰ ভুৰ্জি চাৰ্ভ কৰিবৰ বাবে প্ৰস্তুত হ’ল |
| 02:15 | পাছৰটো হৈছে ছাগলী ঠেঙৰ চোপ: |
| 02:17 | আপোনাক লাগিব: ২০০ গ্ৰাম বা ১টা সম্পূৰ্ণ ছাগলীৰ ঠেঙ |
| 02:22 | ½ মধ্যম আকাৰৰ পিয়াজ |
| 02:24 | ½ চামোচ আদা নহৰুৰ পেষ্ট |
| 02:26 | ½ চামোচ সকলো মচলাৰ মিশ্ৰণ |
| 02:29 | ১ চামোচ হালধি পাউদাৰ |
| 02:31 | নিমখ সোৱাদ অনুসৰি
১ চামোচ বঙালী বেচন |
| 02:35 | ছাগলী ঠেঙ কেইটুকৰা ধুই ভালদৰে চাফা কৰি লওঁক |
| 02:38 | ছাগলী ঠেঙ কেইটুকৰাত আধা চামোচ হালধি পাউদাৰ দিয়ক |
| 02:42 | ইয়াক ১৫-২০ মিনিটৰ বাবে অলপ ৰাখক আৰু পুনৰ ধুই লওঁক |
| 02:47 | ই ঠেঙ কেইটুকৰাৰ পৰা গোন্ধ নাইকীয়া কৰিব |
| 02:50 | প্ৰেচাৰ কুকাৰ এটাত ছাগলী ঠেঙ কেইটুকৰা আৰু কাটিথোৱা পিয়াজ দিয়ক |
| 02:55 | গোটেইখিনি মচলা, আদা নহৰুৰ পেষ্ট, হালধি পাউদাৰ আৰু নিমখ দিয়ক |
| 03:00 | ১ কাপ পানী দিয়ক আৰু প্ৰেচাৰ কুকাৰ বন্ধ কৰক |
| 03:03 | ইয়াক উচ্চ জুইত এটা হোইচল মাৰিবলৈ দিয়ক |
| 03:07 | তেতিয়া জুই কমাই দিয়ক আৰু ১৫-২০ মিনিটৰ বাবে ৰান্ধক |
| 03:11 | কুকাৰৰ পৰা প্ৰেচাৰ নিজেই বাহিৰ হ’বলৈ দিয়ক আৰু মাত্ৰ তেতিয়াহে ইয়াক খুলিব |
| 03:16 | একেলগে, ঠেঙ কেইটুকুৰা কুকাৰত ৰান্ধি থাকোতে, বঙালী বেচনক দুই চামোচ পানীৰ সৈতে ভালদৰে মিহলাই পাতল পেষ্ট এটা বনাই লওঁক |
| 03:25 | পেষ্টখিনি চোপত দিয়ক আৰু ভালদৰে লৰাই থাকক |
| 03:28 | চোপখিনিক উতলিবলৈ দিয়ক আৰু ইয়াক ২ মিনিটৰ বাবে নিম্ন জুইত ৰাখক |
| 03:32 | ছাগলী ঠেঙৰ চোপ প্ৰস্তুত হ’ল |
| 03:35 | পাছৰ বিধিটো হৈছে ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁৰ কাৰি |
| 03:38 | আপোনাক লাগিব: ১০০ গ্ৰাম ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁ |
| 03:41 | ১ টা মধ্যম আকাৰৰ পিয়াজ
১ টা মধ্যম আকাৰৰ বিলাহী |
| 03:45 | ১ চামোচ আদা নহৰুৰ পেষ্ট
১ চামোচ দৈ |
| 03:50 | ¼ চামোচ হালধি পাউদাৰ |
| 03:52 | ১ চামোচ গৰম মচলা পাউদাৰ |
| 03:54 | নিমখ সোৱাদ অনুসৰি
২ চামোচ তেল বা ঘিউ |
| 03:58 | ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁ পানীত ভালদৰে ধুই লওঁক |
| 04:02 | প্ৰেচাৰ কুকাৰ এটাত তেল গৰম কৰক |
| 04:03 | কাটিথোৱা পিয়াজ দিয়ক আৰু লৰাই থাকক ইয়াৰ ৰঙ পাতল সোণালী নোহোৱালৈকে |
| 04:08 | তেতিয়া কাটিথোৱা বিলাহী আৰু আদা নহৰুৰ পেষ্ট দিয়ক আৰু লৰাই থাকক |
| 04:13 | এতিয়া ইয়াত হাওঁফাওঁ আৰু লিভাৰ দিয়ক |
| 04:16 | মচলাখিনি আৰু দৈ দিয়ক আৰু ভালদৰে মিহলাই লওঁক । ইয়াক ৫ মিনিটৰ বাবে লৰাই থাকক |
| 04:22 | ১ কাপ পানী দিয়ক আৰু প্ৰেচাৰ কুকাৰ বন্ধ কৰক |
| 04:25 | ইয়াক মধ্যম জুইত ১৫ মিনিটৰ বাবে ৰান্ধক |
| 04:28 | ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁৰ কাৰি প্ৰস্তুত হ’ল আৰু চাৰ্ভ কৰিব পাৰি পাৰ্ল মিলেত ৰুটি বা চৰ্গম ৰুটিৰ লগত |
| 04:35 | যদি ছাগলীৰ লিভাৰ আৰু হাওঁফাওঁ উপলদ্ধ নহয়, আপুনি লগতে ব্যৱ্হাৰ কৰিব পাৰে:
চিকেন লিভাৰ আৰু চিকেন কলিজা |
| 04:42 | চতুৰ্থ বিধিটো হৈছে ডিল পাতৰ সৈতে চিকেনৰ কীমা |
| 04:46 | লওঁক: ১০০ গ্ৰাম চিকেনৰ কীমা
১ কাপ ডিল পাত |
| 04:50 | ½ মধ্যম আকাৰৰ পিয়াজ
½ মধ্যম আকাৰৰ বিলাহী |
| 04:54 | ১ চামোচ আদা নহৰুৰ পেষ্ট |
| 04:56 | ½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ |
| 04:59 | ½ চামোচ হালধি পাউদাৰ |
| 05:01 | ১ চামোচ গৰম মচলা পাউদাৰ
¼ চামোচ ধনীয়া পাউদাৰ |
| 05:06 | নিমখ সোৱাদ অনুসৰি
১ চামোচ তেল বা ঘিউ |
| 05:10 | পাত্ৰ এটাত তেল গৰম কৰক |
| 05:11 | পিয়াজ আৰু আদা নহৰুৰ পেষ্ট দিয়ক |
| 05:14 | এতিয়া লৰাই থাকক পিয়াজৰ ৰঙ পাতল সোণালী নোহোৱালৈকে |
| 05:17 | বিলাহী, ৰঙা জলকীয়াৰ পাউদাৰ, হালধি পাউদাৰ আৰু ধনীয়া পাউদাৰ দিয়ক |
| 05:22 | ভালদৰে মিহলাওঁক আৰু অলপ নিমখ দিয়ক |
| 05:25 | পাছত, চিকেনৰ কীমা দিয়ক আৰু ৪-৫ মিনিটৰ বাবে লৰাই থাকক |
| 05:30 | আধা কাপ পানী দিয়ক আৰু পাত্ৰটো ঢাকক |
| 05:32 | নিম্ন জুইত ৫ মিনিটৰ বাবে ৰান্ধক |
| 05:35 | কাটিথোৱা সতেজ ডিল পাত দিয়ক |
| 05:37 | ভালদৰে মিহলাওঁক আৰু ৫ মিনিটৰ বাবে মধ্যম জুইত ৰান্ধক |
| 05:41 | ডিল পাতৰ সৈতে চিকেনৰ কীমা প্ৰস্তুত হ’ল |
| 05:44 | শেষৰ বিধিটো হৈছে মাছৰ কাৰি |
| 05:47 | লওঁক: ১০০ গ্ৰাম বা ২ পিচ ৰৌমাছ |
| 05:50 | ১ টা সৰু পিয়াজ
১ টা সৰু বিলাহী |
| 05:53 | ১ চামোচ চীনাবাদাম
৩-৪ টুকুৰা নাৰিকল |
| 05:57 | ১ চামোচ জীৰা গুটি
½ চামোচ ধনীয়া পাউদাৰ |
| 06:01 | ½ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ
¼ চামোচ হালধি পাউদাৰ |
| 06:05 | নিমখ সোৱাদ অনুসৰি
২ চামোচ তেল বা ঘিউ |
| 06:09 | মনত ৰাখিব, এই বিধিটো আপোনাৰ ঠাইত যিকোনো ল’কেলি উপলদ্ধ মাছ ব্যৱ্হাৰ কৰি প্ৰস্তুত কৰিব পাৰে |
| 06:15 | প্ৰণালি - পেন এখনত মধ্যম জুইত চীনাবাদামখিনি ভাজি লওঁক |
| 06:19 | সিহঁতক ক্ৰমান্বয়ে লৰাই থাকক যাতে জ্বলি নাযাই |
| 06:22 | পাছত ঠাণ্ডা হ’বলৈ দিয়ক |
| 06:25 | চীনাবাদামখিনিক আপোনাৰ তলুৱাৰ মাজত লৈ ঘঁহক বাহিৰৰ বাকলি আতৰাবলৈ |
| 06:28 | পিয়াজ, বিলাহী, চীনাবাদাম, জীৰা গুটি আৰু নাৰিকলক খুন্দি পেষ্ট এটা বনাই লওঁক |
| 06:34 | পাত্ৰ এটাত তেল গৰম কৰক আৰু পেষ্টটো দিয়ক |
| 06:37 | ৰঙা জলকীয়াৰ পাউদাৰ, হালধি পাউদাৰ, ধনীয়া পাউদাৰ আৰু নিমখ দিয়ক |
| 06:41 | ইয়াক ২-৩ মিনিটৰ বাবে লৰাই থাকক |
| 06:44 | এতিয়া মাছৰ টুকুৰা কেইটা আৰু একাপ পানী দিয়ক । ইয়াক উতলিবলৈ দিয়ক |
| 06:49 | পাত্ৰটো ঢাকক আৰু ৫ মিনিটৰ বাবে ইয়াক নিম্ন জুইত ৰান্ধক |
| 06:53 | আপুনি সজাবৰ বাবে কাটিথোৱা ধনীয়া পাত দিব পাৰে । মাছৰ কাৰি প্ৰস্তুত হ’ল |
| 06:59 | এই সকলো বিধিসমূহ হৈছে পুষ্টিকৰ পদাৰ্থৰ ভাল উৎস যেনে:
প্ৰটিন, চৰ্বী, আইৰন |
| 07:06 | ভিটামিন B-12, জিংক, মেগনেচিয়াম আৰু ফ’লেত |
| 07:11 | আহক এই বিধিসমূহৰ স্বাস্থ্যগত লাভসমূহ চাওঁ |
| 07:15 | প্ৰথমতে, চিকেন, মাছ, ডিম, ছাগলীৰ মাংস হৈছে উৎকৃষ্ট উৎস সম্পূৰ্ণ প্ৰটিনৰ |
| 07:22 | দ্বিতীয়তে, আমিষ খাদ্যত থকা আইৰনক সহজে শোষণ কৰিব পাৰি |
| 07:28 | কিশোৰীসকলক আইৰন অধিক প্ৰয়োজন হয় মাহেকীয়াত তেজৰ ক্ষতি হোৱাৰ বাবে |
| 07:34 | নিম্ন আইৰন লেভেলৰ বাবে মেদবহুলতা, হালধীয়া চাল আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনীয়তা বাহি যায় |
| 07:40 | আইৰন প্ৰয়োজন হয় দুৰ্বল মাংসপেশী আৰু তেজৰ কোষৰ সংখ্যা বৃদ্ধিৰ বাবে |
| 07:46 | তৃতীয়তে, মাছ যেনে মেকৰল, চেলমন, তুনা, কদ, হেৰিংগ আৰু চাৰ্দিনচ হৈছে ভাল উৎস অমেগা-3 ফেটি এচিদৰ |
| 07:56 | অমেগা-3 ফেটি এচিদচ প্ৰয়োজন হয় মগজু আৰু দৃষ্টিৰ বিকাশৰ বাবে |
| 08:01 | আচলতে, মাত্ৰ আমিষ খাদ্য, গাখীৰ আৰু গাখীৰৰ উৎপাদিত বস্তুতহে ভিটামিন B-12 থাকে |
| 08:08 | ভিটামিন B-12 প্ৰয়োজনীয় হয়: তেজৰ ৰক্ত কণিকাৰ গঠন, শক্তি উৎপন্ন কৰিবলৈ, স্নায়বিক চালচলনৰ বাবে |
| 08:17 | ই লগতে গৰ্ভধাৰণৰ সময়ত ভ্ৰুণৰ সুস্থ বিকাশত সহায় কৰে |
| 08:23 | লগতে, মাংস আৰু ডিম হৈছে জিংকৰ ভাল উৎস |
| 08:27 | জিংক কিশোৰ অৱস্থাত মূলত প্ৰয়োজনীয় হয়: বৃদ্ধি, চেতনা আৰু যৌন পৰিপক্কতাৰ বাবে |
| 08:34 | সেইবাবে, ভাল সুষম আহাৰ এটা হৈছে অতিশয় গুৰূত্বপূৰ্ণ |
| 08:40 | আমাৰ আহাৰত বিভিন্ন ধৰণৰ আমিষ আৰু নিৰামিষ খাদ্যৰ সমাহাৰ এটা যুক্ত কৰিব লাগে |
| 08:46 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |