Health-and-Nutrition/C2/Non-vegetarian-recipes-for-6-month-old-babies/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | ৬ মাহ বয়সৰ শিশুৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - শিশুলৈ আমিষ পৰিপূৰক খাদ্য পৰিচয় কৰাৰ গুৰূত্বৰ বিষয়ে আৰু |
| 00:17 | আমিষ পৰিপূৰক খাদ্যসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় যেনে- |
| 00:22 | ডিমৰ ভৰ্তা, |
| 00:24 | মাছৰ ভৰ্তা,
কেচা কল মাছৰ খিচৰি, |
| 00:27 | মুৰ্গীৰ লিভাৰৰ ভৰ্তা আৰু মুৰ্গী গাজৰৰ ভৰ্তা |
| 00:31 | আহক আৰম্ভ কৰো-
সদায় মনত ৰাখিব যে শিশু এটাৰ বয়স ৬ মাহ হ’লে, শিশুটোৰ পুষ্টিকৰ পদাৰ্থৰ প্ৰয়োজন যথেষ্ট বৃদ্ধি হয় |
| 00:42 | পৰিপূৰক খাদ্যৰ পৰা তাইক ২০০ কেলৰিলৈকে শক্তিৰ প্ৰয়োজন হয় |
| 00:48 | স্তনপানৰ সৈতে, পৰিপূৰক খাদ্য খুৱাবলৈ আৰম্ভ কৰিব লাগে |
| 00:53 | ইয়াৰ উপৰিওঁ, ক্ৰমান্বয়ে, শিশুটোৰ বয়্স বাঢ়িলে - খাদ্যৰ পৰিমাণ আৰু দৃঢ়তা সলাব লাগে |
| 01:03 | মন কৰিব যে শিশুটোক খাদ্য খুৱাওঁতে, খাদ্যৰ পৰিমাণ কাপ আৰু চামোচ ব্যৱ্হাৰ কৰি জুখিব লাগে |
| 01:12 | ইয়াক একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে |
| 01:18 | যেতিয়া শিশুটোৱে ৬ মাহ সম্পূৰ্ণ কৰে - প্ৰাথমিকভাবে আৰম্ভ কৰক ১ চামোচকৈ এদিনত দুবাৰ, পাছত ক্ৰমান্বয়ে ৪ চামোচকৈ এদিনত দুবাৰলৈ যাওঁক |
| 01:29 | আৰু, মাত্ৰ ভালদৰে ৰন্ধা, বিশুদ্ধ অৱস্থাৰ খাদ্যহে দিব লাগে |
| 01:35 | এতিয়া আমি চাম, শিশুৰ বাবে কেনেকৈ আমিষ খাদ্যসমূহ দৰকাৰি হয় |
| 01:40 | সকলো আমিষ খাদ্যসমূহত প্ৰচুৰ পৰিমাণে ভাল চৰ্বী, প্ৰ’টিন আৰু বহুতো অন্য সুক্ষ্ম পোষক পদাৰ্থ থাকে |
| 01:48 | এই পোষক পদাৰ্থসমূহ প্ৰয়োজনীয় শিশুৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে আৰু সিহঁতৰ মগজুৰ বিকাশৰ বাবে |
| 01:57 | শিশুক দিবলৈ পৰামৰ্শ দিয়া খাদ্যসমূহ হৈছে পিঞ্জৰাৰ পৰা মুক্ত মুৰ্গী, |
| 02:02 | ডিম, মাংস আৰু সকলো প্ৰকাৰৰ মাছ মাত্ৰ মিচামাছৰ বাহিৰে যাক ১ বছৰ বয়্স হোৱাৰ পাছত দিব পাৰে |
| 02:12 | নিম্ন কথাসমূহ মনত ৰাখিব যেতিয়া আমিষ খাদ্যসমূহ পৰিচয় কৰায় |
| 02:18 | শিশুটোক কোনো সংশোধিত মাংস আৰু কেচা খাদ্য নিদিব |
| 02:23 | ইয়াক ভালদৰে ৰান্ধিব লাগে |
| 02:26 | আৰু অতি দৰকাৰিভাবে, শিশুৰ খাদ্য ৰান্ধোতে - সদায় মাইক্ৰ’ওৱেভ অভেনৰ ব্যৱ্হাৰক ত্যাগ কৰিব |
| 02:34 | আমি ৬ মাহ বয়সৰ শিশুৰ আমিষ পৰিপূৰক খাদ্যৰ প্ৰয়োজন আৰু গুৰূত্বক আলোচনা কৰিলো |
| 02:43 | এতিয়া আমি চাম, এই আমিষ পৰিপূৰক খাদ্যসমূহ কেনেকৈ বনোৱা হয় |
| 02:48 | আহক আমাৰ প্ৰথম বিধিৰ সৈতে আৰম্ভ কৰো যি হৈছে ডিমৰ ভৰ্তা |
| 02:53 | এই ডিমৰ ভৰ্তা বনাবলৈ, আমাক লাগিব-
১টা ডিম আৰু ½ (আধা) চামোচ ঘিউ বা মাখন |
| 03:01 | ইয়াক প্ৰস্তুত কৰিবলৈ, ডিমটো লওঁক আৰু ইয়াক বাটি এটাত ভালদৰে ফেতি লওঁক |
| 03:06 | তেতিয়া, ষ্টিলৰ পাত্ৰ এটাত ঘিউ গৰম কৰক । ফেতি লোৱা ডিমক এই ষ্টিলৰ পাত্ৰত মেলি দিয়ক আৰু কম জুইত লৰাই থাকক |
| 03:15 | মাজতে ইয়াক জুইৰ পৰা আতৰ কৰিব যিহেতু একেৰাহে ৰান্ধি থাকিলে ডিম পুৰি জ্বলি যাব |
| 03:21 | মিশ্ৰণটোক লৰাই থাকিব আৰু ই গাঢ় নোহোৱালৈকে ৰান্ধক |
| 03:25 | জুই বন্ধ কৰক আৰু ডিমৰ ভৰ্তা তৈয়াৰ হ’ল |
| 03:30 | ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু শিশুটোক খুৱাওঁক |
| 03:34 | আমি চাবলগীয়া দ্বিতীয় বিধিটো হৈছে মাছৰ ভৰ্তা |
| 03:37 | ইয়াৰ বাবে, আমাক লাগিব- ২ পিচ যিকোনো লোকেলভাবে উপলদ্ধ মাছ যেনে-
ব্লেক পমফ্ৰেত, বম্বে দাক, হোৱাইত পমফ্ৰেত আৰু স্কুইদ |
| 03:50 | ষ্টিলৰ পাত্ৰ এটাত ২ পিচ চাফা কৰা আৰু ধোৱা মাছ লওঁক |
| 03:54 | মাছ ডুব যোৱাকৈ পানী দিয়ক । ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত ৰাখক |
| 04:00 | আৰু ৩টাৰ পৰা ৪টা হোইচল নমৰালৈকে প্ৰেচাৰত ৰান্ধক |
| 04:04 | ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু পাছত মাছৰ পিচবোৰ প্লেত এখনত উলিয়াওঁক |
| 04:10 | এতিয়া, সাবধানে সকলো হাড় আতৰ কৰক |
| 04:13 | ই অতিশয় দৰকাৰি যে শিশুটোক খাদ্য খুওঁৱাৰ আগতে, এই মাছৰ হাড়বিলাক আতৰ কৰিব লাগে যিহেতু সিহঁতে শিশুটোৰ ডিঙিত ধৰিব পাৰে |
| 04:22 | এতিয়া, মিক্সাৰ এটাত, সিজোৱা মাছৰ ভৰ্তা বনাওঁক আৰু ইয়াক শিশুটোক খুৱাওঁক |
| 04:28 | তৃতীয় বিধিটো হৈছে কেচা কল মাছৰ খিচৰি |
| 04:32 | ইয়াক প্ৰস্তুত কৰিবলৈ, আমাক লাগিব ২ চামোচ কেচা কলৰ পাউদাৰ, ৪ পিচ সৰু বম্বে দাক বা যিকোনো লোকেল মাছ |
| 04:41 | প্ৰথমে, আমি কেচা কলৰ পাউদাৰ প্ৰস্তুতিৰে আৰম্ভ কৰিম |
| 04:46 | আপোনাৰ অঞ্চলত লোকেলভাবে পোৱা যিকোনো প্ৰকাৰৰ দুটা কেচা কল লওঁক |
| 04:51 | পিলাৰ এদাল ব্যৱ্হাৰ কৰি সিহঁতৰ বাকলি গুচাওঁক । এতিয়া, এই কলক পাতল টুকুৰা কৰি কাতক |
| 04:58 | এই টুকুৰাসমূহক ছাঁত ১ৰ পৰা ২ দিন শুকোৱাওঁক সিহঁত খৰখৰীয়া নোহোৱালৈকে |
| 05:05 | তেতিয়া মিক্সাৰ এটাত এই শুকোৱা কেচা কলৰ টুকুৰাৰ পাউদাৰ বনাওঁক |
| 05:10 | এই পাউদাৰ চালক আৰু গুটিবিলাক আতৰাওঁক |
| 05:13 | কেচা কলৰ পাউদাৰ ব্যৱ্হাৰৰ বাবে প্ৰস্তুত হ’ল |
| 05:17 | পাছত, মাছৰ ভৰ্তা বনাবলৈ- আগৰ বিধিত উল্লেখ কৰাৰ দৰে নিৰ্দেশ অনুসৰণ কৰক |
| 05:24 | তাৰ পাছত, বাতি এটাত ২ চামোচ কেচা কলৰ পাউদাৰ লওঁক |
| 05:29 | ৩ চামোচ পানী দিয়ক আৰু ভালদৰে মিলাওঁক যাতে গোটা হৈ নাথাকে |
| 05:35 | আৰু পানী দিয়ক যদি প্ৰয়োজন হয় |
| 05:38 | এতিয়া এই মিশ্ৰণক কম জুইত ৫ৰ পৰা ৭ মিনিট ৰান্ধক |
| 05:43 | তাৰ পাছত, ইয়াত ৰান্ধি থোৱা মাছৰ ভৰ্তা দিয়ক |
| 05:47 | মিশ্ৰণক লৰাই থাকক আৰু কম জুইত ৪-৫ মিনিট ৰান্ধক |
| 05:53 | কেচা কল মাছৰ খিচৰি প্ৰস্তুত হ’ল । ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু তেতিয়া ইয়াক শিশুটোক খুৱাওঁক |
| 06:01 | এতিয়া আমি চতুৰ্থ বিধিটোলৈ আহিলো- মুৰ্গীৰ লিভাৰৰ ভৰ্তা |
| 06:06 | ইয়াক বনাবলৈ, আমাক এটা মুৰ্গীৰ লিভাৰ লাগিব |
| 06:09 | প্ৰণালি: প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰক ষ্টিলৰ পাত্ৰ এটাত ধোৱা মুৰ্গীৰ লিভাৰ লৈ |
| 06:15 | ই ডুব যোৱাকৈ পানী লওঁক |
| 06:18 | এতিয়া এই ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত ৰাখক |
| 06:21 | ইয়াক ৩টাৰ পৰা ৪টা হোইচল নমৰালৈকে প্ৰেচাৰত ৰান্ধক |
| 06:25 | ই ঠাণ্ডা হোৱাৰ পাছত, প্লেত এখনত উলিয়াই লওঁক |
| 06:29 | মিক্সাৰ এটা ব্যৱ্হাৰ কৰি সিজোৱা মুৰ্গীৰ লিভাৰৰ ভৰ্তা বনাওঁক আৰু ইয়াক শিশুটোক খুৱাওঁক |
| 06:37 | এতিয়া আমি পঞ্চম বিধিটো চাম- মুৰ্গী গাজৰৰ ভৰ্তা |
| 06:43 | আমাক লাগিব: ৪-৫ পিচ সৰু মুৰ্গীৰ বুকু বা হাড় নথকা মুৰ্গী আৰু এটা গাজৰ |
| 06:50 | প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰক ষ্টিলৰ পাত্ৰ এটাত ধোৱা মুৰ্গীৰ পিচসমূহ লৈ । তেতিয়া ই ডুব যোৱাকৈ পানী লওঁক |
| 07:00 | এতিয়া, এই ষ্টিলৰ পাত্ৰটো প্ৰেচাৰ কুকাৰ এটাত ৰাখক আৰু ইয়াক ৩টাৰ পৰা ৪টা হোইচল নমৰালৈকে ৰান্ধক |
| 07:07 | ইয়াক কিছু সময় ঠাণ্ডা হ’বলৈ দিয়ক আৰু তেতিয়া মুৰ্গীৰ পিচসমূহ প্লেত এখনত উলিয়াওঁক আৰু ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
| 07:15 | পাছত, গাজৰটো ১০ মিনিট ভাপত দিয়ক আৰু ঠাণ্ডা হ’বলৈ দিয়ক |
| 07:20 | মিক্সাৰ এটা ব্যৱ্হাৰ কৰি সিজোৱা মুৰ্গীৰ পিচসমূহ আৰু ভপোৱা গাজৰক একেলগে ভৰ্তা বনাওঁক |
| 07:26 | এই বিধিসমূহৰ পোষক উপাদানলৈ আহো- মন কৰিব, এই সকলো বিধিতে প্ৰচুৰ পৰিমাণে থাকে-
প্ৰ’টিন, |
| 07:36 | DHA আৰু EPA যি হৈছে অমেগা 3 ফেতি এচিদচ, |
| 07:42 | কৌলিন, |
| 07:45 | ভিটামিন A, |
| 07:49 | ভিটামিন D, |
| 07:52 | ভিটামিন B3, |
| 07:57 | ভিটামিন B6, |
| 08:01 | ফৌলেত, |
| 08:04 | ভিটামিন B12, |
| 08:08 | জিংক, |
| 08:11 | মেগনেচিয়াম, |
| 08:14 | আইৰন, |
|
08:18 |
ফচফৰাচ, |
| 08:21 | কপাৰ আৰু চেলেনিয়াম |
| 08:28 | এই পোষক পদাৰ্থসমূহ সহজে পোৱা যায় আমিষ খাদ্যৰ উৎস সমূহত |
| 08:33 | সেইবাবে সিহঁতে সহায় কৰে শিশুৰ বৃদ্ধিত, বিকাশত আৰু প্ৰতিৰক্ষা শক্তিশালি কৰাত |
| 08:40 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ |