Health-and-Nutrition/C2/Laid-back-hold-for-breastfeeding/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | স্তনপানৰ বাবে আৰাম কৰা স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ |
| 00:15 | স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু আৰাম কৰা স্থিতিটো কেনেকৈ কৰা হয় |
| 00:22 | আহক আৰম্ভ কৰো |
| 00:24 | সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায় |
| 00:31 | আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে- মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত- |
| 00:39 | মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয় |
| 00:47 | শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে আৰু পৰ্যাপ্ত গাখীৰ পায় |
| 00:55 | আহক আমি স্তনপান কৰোৱাৰ আৰাম কৰা স্থিতিৰ বিষয়ে শিকো |
| 01:00 | আৰাম কৰা স্থিতিক পৰামৰ্শ দিয়া হয় যেতিয়া - ক্ৰচ ক্ৰেদল বা ক্ৰেদল স্থিতি ব্যৱ্হাৰ কৰি শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’ব নোৱাৰে |
| 01:10 | বা যদি মাকৰ স্তনদুটা ডাঙৰ হয় |
| 01:13 | বা যদি মাকৰ পিঠিৰ বিষ থাকে |
| 01:16 | বা যেতিয়া মাক ভাগৰুৱা হয় |
| 01:19 | শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগে । আৰু ভালদৰে শুকোৱাই ল’ব লাগে |
| 01:27 | পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে |
| 01:32 | স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে । সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে |
| 01:44 | পাছত, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে |
| 01:50 | তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে |
| 01:55 | পাছত, মাকে মজিয়াত বা বিচনা এখনত আৰামদায়ক ভাবে শুব লাগিব |
| 02:01 | তেওঁৰ মুৰ, ডিঙি আৰু পিঠিৰ ওপৰফালে গাৰুৱে সমৰ্থন কৰিব লাগিব |
| 02:07 | এতিয়া যিহেতু মাক তৈয়াৰ হ’ল, আহক শিশুটো সঠিককৈ ধৰিবলৈ শিকো |
| 02:13 | মাকে শিশুটোৰ শৰীৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ ফালে থাকে |
| 02:20 | তেওঁ শিশুটোৰ মুৰৰ তলৰ অংশটো আনটো হাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ সৈতে ধৰিব লাগে |
| 02:27 | এই চিত্ৰখনত মাকে, শিশুটোক তেওঁৰ সোফালৰ স্তনৰ পৰা স্তনপান কৰাব |
| 02:32 | সেইবাবে, তেওঁ শিশুটোৰ শৰীৰটো ধৰিবলৈ সোঁহাতটো ব্যৱ্হাৰ কৰিছে |
| 02:38 | তেওঁ বাওঁহাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱ্হাৰ কৰিছে শিশুটোৰ মুৰৰ তলৰ অংশটো ধৰিবলৈ |
| 02:46 | পাছত, আহক শিশুটোৰ মুৰটো ধৰিবলৈ মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ |
| 02:54 | মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে |
| 03:02 | তেওঁ বুঢ়া আঙুলিটো বা আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে |
| 03:08 | তেওঁৰ হাতে শিশুটোৰ মুৰৰ পাছফালে হেচা দিব নালাগে । ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব |
| 03:20 | পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো |
| 03:25 | শিশুটো মাকৰ শৰীৰত এনেদৰে ৰাখিব লাগে যাতে শিশুটোৰ পেটটো মাকৰ পেটৰ ওপৰত থাকে |
| 03:32 | আৰু শিশুটোৰ মুৰটো মাকৰ স্তনৰ ওচৰত থাকে |
| 03:38 | শিশুটো আৰু স্তনৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ সহায় কৰিব |
| 03:44 | আৰু গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব |
| 03:49 | পাছত, দ্বিতীয় দৰকাৰী পইন্টটো হৈছে শিশুটোৰ গোটেই শৰীৰটো কোন দিশত ধৰা হৈছে |
| 03:56 | আপুনি হয়তো লক্ষ্য কৰিছে যে- যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে |
| 04:05 | একেদৰে- স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে |
| 04:14 | ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব |
| 04:19 | মনত ৰাখিব, শিশুটোক মাকৰ শৰীৰৰ ওপৰত যিকোনো দিশত ৰাখিব পাৰি, যেতিয়ালৈকে - শিশুটোৰ শৰীৰৰ গোটেই আগৰ অংশটো মাকৰ শৰীৰৰ আগৰ অংশটোত ৰখা হয় |
| 04:32 | আৰু শিশুটোৱে স্তনটো সহজে ঢুকি পায় |
| 04:38 | এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো |
| 04:42 | মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সমৰ্থন কৰিব লাগিব |
| 04:47 | অন্যথা, স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব |
| 04:54 | পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ |
| 04:59 | শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগিব |
| 05:04 | আৰু তেওঁৰ থুতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে |
| 05:09 | ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব |
| 05:16 | আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব |
| 05:21 | মন কৰিব- স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা |
| 05:27 | এতিয়া, শিশুটো আৰাম কৰা স্থিতিত আছে আৰু স্তনপানৰ বাবে যুক্ত হ’বলৈ সাজু |
| 05:34 | এই স্থিতিত, শিশুটো স্বাভাবিকভাবে মাকৰ স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’ব পাৰে |
| 05:40 | শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাক একেটা চিৰিজৰ আন এটা কথাচিত্ৰত বৰ্ণনা কৰা হৈছে |
| 05:49 | শিশুটো স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ লগে লগে - মাকে শিশুটোৰ মুৰৰ পৰা হাতটো আতৰাব পাৰে আৰু দুয়োটা হাত ব্যৱ্হাৰ কৰি শিশুটোৰ শৰীৰক সমৰ্থন কৰিব পাৰে |
| 06:02 | এই স্থিতিত, মাকে আৰামত শুই লৈ স্তনপান কৰাব লাগে । ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 06:11 | এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা |