Health-and-Nutrition/C2/Magnesium-rich-vegetarian-recipes/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | মেগনেচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
| 00:09 | মেগনেচিয়ামৰ লাভসমূহ, |
| 00:11 | মেগনেচিয়ামৰ নিৰামিষ উৎসসমূহ |
| 00:13 | আৰু মেগনেচিয়াম প্ৰচুৰকৈ থকা নিৰামিষ বিধিৰ বিষয়ে |
| 00:18 | মেগনেচিয়াম হৈছে এবিধ খনিজ দ্ৰব্য যি হৈছে শৰীৰৰ বাবে প্ৰয়োজনীয় এটা পুষ্টিকৰ পদাৰ্থ |
| 00:24 | ই হৈছে দ্বিতীয় প্ৰকাৰৰ পুষ্টিকৰ পদাৰ্থ যাক আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 00:31 | এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেব্চাইত চাওঁক |
| 00:35 | মেগনেচিয়াম লগতে লাগে স্বাস্থ্যবান হাড় আৰু দাঁতৰ বাবে |
| 00:40 | আমাক লগতে মেগনেচিয়াম লাগে শক্তি উৎপন্ন কৰিবলৈ |
| 00:44 | আৰু DNA সংশ্লেষণৰ বাবে |
| 00:47 | মেগনেচিয়ামৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
| 00:52 | মেগনেচিয়াম পোৱা যায় |
| 00:54 | বিনচ, বাদাম, |
| 00:56 | বীজ, পাতযুক্ত শাক-পাচলি |
| 00:59 | আৰু খাদ্যশস্যত |
| 01:01 | মেগনেচিয়ামৰ গ্ৰহণ আৰু শৰীৰত ইয়াৰ শোষণ দুয়োটা সমানেই গুৰূত্বপূৰ্ণ |
| 01:08 | গাঁজন, ভজা, |
| 01:10 | অংকুৰণ আৰু ৰন্ধাই শোষণক উন্নত কৰে |
| 01:15 | ৰন্ধাৰ আগতে বিনচ ভিজাই ৰাখিলেওঁ একেটাই কৰে |
| 01:20 | এতিয়া, আহক আমাৰ প্ৰথম বিধিটোৰ প্ৰস্তুতকৰণক চাওঁ, অংকুৰিত মথ বিনচ কাটলেট |
| 01:27 | এই বিধিটো বনাবলৈ, আপোনাক লাগিব: |
| 01:31 | ১/৪ কাপ অংকুৰিত মথ বিনচ, |
| 01:34 | ১ কাপ ধুই কাটি লোৱা শাক, |
| 01:37 | ১ চামোচ বঙালী বেচন, |
| 01:40 | ৪ বা ৫ ফুটা নহৰু, |
| 01:43 | ১ চামোচ নেমু পানী, |
| 01:45 | ১ চামোচ ভজা তিল, |
| 01:49 | আৰু নিমখ সোৱাদ অনুসৰি |
| 01:51 | আপোনাক লগতে লাগিব: |
| 01:53 | ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 01:55 | ৩ চামোচ তেল |
| 01:58 | মই পদ্ধতিটো বৰ্ণনা কৰিম: |
| 02:00 | অংকুৰণৰ বাবে, মথ বিনচক ৰাতিটো ভিজাই থওঁক |
| 02:05 | ইয়াক ৰাতিপুৱা টোকক আৰু চাফা মখমলৰ কাপোৰ এখনত বান্ধক |
| 02:10 | সিহতক দুদিনৰ বাবে গৰম ঠাইত ৰাখক অংকুৰিত হ’বলৈ |
| 02:15 | মন কৰিব যে বিভিন্ন মাহজাতীয় শস্যই অংকুৰিত হ’বলৈ বিভিন্ন সময় লয় |
| 02:20 | অংকুৰিত হ’লে ইয়াত নহৰু দিয়ক আৰু ইয়াক খুন্দি ডাঠ পেষ্ট এটা বনাওঁক |
| 02:27 | আপুনি এটা মিক্সাৰ বা পাথৰৰ খুন্দনা ব্যৱ্হাৰ কৰিব পাৰে পেষ্টটো বনাবলৈ |
| 02:32 | পেন এখন গৰম কৰক আৰু তিলখিনিক ভাজক পাতল সোণালী হোৱাকৈ |
| 02:37 | তাক ঠাণ্ডা হ’বলৈ দিয়ক |
| 02:39 | কাটলেট বনাবলৈ, গঁজালিৰ পেষ্টখিনিক বাতি এটাত লওঁক |
| 02:43 | ভজা তিলখিনি, শাক, বেচন, মচলা, নিমখ আৰু নেমু পানী দিয়ক |
| 02:52 | সিহতক ভালকৈ মিহলাওঁক |
| 02:54 | যদি পেষ্টটো শুকান হয়, ১ চামোচ পানী দিয়ক |
| 02:59 | পেষ্টখিনিক ৪ টা অংশত ভগাওঁক |
| 03:01 | আৰু সিহতক কাটলেটচৰ আকাৰ দিয়ক |
| 03:04 | পেন এখনত তেল গৰম কৰক |
| 03:06 | কাটলেটচক মধ্যম জুইত ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে |
| 03:12 | মথ বিনচ শাকৰ কাটলেটচ তৈয়াৰ হ’ল |
| 03:15 | ৪ টা কাটলেটত প্ৰায় ২০৮ এমজি মেগনেচিয়াম থাকে |
| 03:22 | আমাৰ পাছৰ বিধিটো হৈছে সূৰ্যমুখী ফুলৰ গুটিৰ চাটনি (দিপ) |
| 03:26 | এই বিধিটোৰ বাবে, আপোনাক লাগিব: |
| 03:28 | ২ চামোচ সূৰ্যমুখী ফুলৰ গুটি |
| 03:32 | ১ টা সেউজীয়া জলকীয়া, ৪ বা ৫ ফুটা নহৰু |
| 03:36 | ১ টা সৰু কাটিলোৱা বিলাহী |
| 03:39 | নিমখ সোৱাদ অনুসৰি |
| 03:41 | আধা চামোচ তেল বা ঘিউ |
| 03:44 | পদ্ধতি: মধ্যম জুইত সূৰ্যমুখী ফুলৰ গুটিখিনি ভাজক পাতল মুগা ৰঙৰ নোহোৱালৈকে |
| 03:50 | তেতিয়া ঠাণ্ডা হ’বলৈ দিয়ক |
| 03:52 | পেন এখনত তেল বা ঘিউ গৰম কৰক |
| 03:55 | আৰু কাটিলোৱা বিলাহীখিনি ভাজক |
| 03:57 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
| 04:00 | দুয়োটাকে নহৰু, জলকীয়া, নিমখ আৰু পানীৰ সৈতে খুন্দি কোমল পেষ্ট এটা কৰক |
| 04:07 | সূৰ্যমুখী ফুলৰ গুটিৰ চাটনি তৈয়াৰ হ’ল |
| 04:10 | ২ চামোচ চাটনিত প্ৰায় ১৩৩ এমজি মেগনেচিয়াম থাকে |
| 04:17 | পাছৰ বিধিটো হৈছে লাবিয়া মাহৰ গঁজালিৰ পৰাথা (চেপেটা ব্ৰেদৰ সৈতে) |
| 04:21 | গঁজালি ওলোৱা পদ্ধতিক এই টিউট’ৰিয়েলটোত আগতে বৰ্ণনা কৰা হৈছে |
| 04:27 | এই বিধিটোৰ বাবে, আপোনাক লাগিব: |
| 04:30 | ১/৪ কাপ আটা |
| 04:32 | ২ চামোচ লাবিয়া মাহৰ গঁজালি |
| 04:36 | ১ চামোচ তিল |
| 04:39 | ১ টা সেউজীয়া জলকীয়া |
| 04:40 | ১ চামোচ জীৰা |
| 04:43 | আধা চামোচ হালধি পাউদাৰ |
| 04:46 | আপোনাক লগতে লাগিব: নিমখ সোৱাদ অনুসৰি |
| 04:49 | ২ চামোচ তেল বা ঘিউ |
| 04:53 | পদ্ধতি: প্ৰথমে, মিক্সাৰ এটা ব্যৱ্হাৰ কৰি লাবিয়া মাহৰ গঁজালি আৰু সেউজীয়া জলকীয়াৰ ডাঠ পেষ্ট এটা বনাওঁক |
| 05:00 | মিক্সাৰ নাথাকিলে আপুনি পাথৰৰ খুন্দনা এটা ল’ব পাৰে |
| 05:05 | পেন এখনত তেল গৰম কৰক, তাত জীৰা আৰু তিলখিনি দিয়ক |
| 05:11 | সিহতৰ ৰঙ সলনি নোহোৱালৈকে লৰাই থাকক |
| 05:13 | লাবিয়া মাহৰ পেষ্টখিনি দিয়ক আৰু ২ মিনিট লৰাই থাকক |
| 05:19 | তেতিয়া নিমখ আৰু হালধি পাউদাৰ দিয়ক আৰু ৫ মিনিট ৰান্ধক |
| 05:24 | ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
| 05:27 | পৰাথা বনাবলৈ আটাখিনি বাতি এটাত লওঁক |
| 05:31 | ইয়াত উপযুক্ত পানী দি মাৰি লডা কৰি লওঁক |
| 05:35 | বেলনা এখনত লডাখিনি বেলি লওঁক |
| 05:39 | বেলাৰ পাছত তাত লাবিয়া মাহৰ পেষ্ট দিয়ক |
| 05:42 | সকলো ফালে বন্ধ কৰক |
| 05:44 | কিছু আটা দিয়ক |
| 05:46 | আৰু বেলি পেলাই পৰাথা কৰক |
| 05:49 | পেন এখন গৰম কৰক আৰু পৰাথাটো দুয়োফালে ভাজক ঘিউ বা তেল দি |
| 05:55 | লাবিয়া মাহৰ গঁজালিৰ পৰাথা তৈয়াৰ হ’ল |
| 05:59 | পৰাথা এটাত প্ৰায় ১৭৩ এমজি মেগনেচিয়াম থাকে |
| 06:05 | পাছৰ বিধিটো হৈছে অংকুৰিত বঙালী বুটৰ শুকান কাৰি |
| 06:09 | এই বিধিটোৰ বাবে, আপোনাক লাগিব:: |
| 06:12 | ১/৪ কাপ বঙালী বুটৰ গঁজালি |
| 06:15 | ১ কাপ ধোৱা মিথি পাত |
| 06:19 | ১ টা মধ্যম কাটিলোৱা বিলাহী |
| 06:21 | ১ টা মধ্যম পিয়াজ |
| 06:25 | আপোনাক লগতে লাগিব: |
| 06:27 | আধা চামোচ হালধি পাউদাৰ |
| 06:29 | ১ চামোচ ৰঙা জলকীয়া পাউদাৰ |
| 06:31 | ১ চামোচ ভজা চিনাবাদাম পাউদাৰ |
| 06:35 | ১ চামোচ তেল |
| 06:37 | আৰু নিমখ সোৱাদ অনুসৰি |
| 06:39 | পদ্ধতি: অংকুৰিত বঙালী বুটক প্ৰেচাৰ কুকাৰত ২ টা চিটি মাৰক |
| 06:45 | প্ৰেচাৰ নোযোৱালৈকে অপেক্ষা কৰিব |
| 06:47 | পেন এখনত তেল গৰম কৰক, |
| 06:49 | পিয়াজ দিয়ক আৰু ৰঙ সলনি নোহোৱালৈকে ভাজক |
| 06:53 | বিলাহিখিনি দিয়ক আৰু কোমল নোহোৱালৈকে ভাজক |
| 06:57 | মিথি পাতখিনি দিয়ক আৰু ৫ মিনিট ভাজক |
| 07:02 | এতিয়া মচলা, নিমখ আৰু অংকুৰিত বঙালী বুট দিয়ক আৰু ভালকৈ মিহলাওঁক |
| 07:08 | ইয়াত, চিনাবাদাম পাউদাৰ দিয়ক |
| 07:11 | পেনখনত ঢাকনি এখন দিয়ক আৰু ৫ ৰ পৰা ১০ মিনিট ৰান্ধক |
| 07:15 | অংকুৰিত বঙালী বুটৰ শুকান কাৰি তৈয়াৰ হ’ল |
| 07:19 | এই কাৰিৰ আধা বাতিত প্ৰায় ১৪১ এমজি মেগনেচিয়াম থাকে |
| 07:26 | অন্তিম বিধিটো হৈছে আমৰান্থ পাতৰ ভাজি |
| 07:30 | এই বিধিটোৰ বাবে, আপোনাক লাগিব: |
| 07:33 | ১০০ গ্ৰাম ধোৱা আমৰান্থ পাত |
| 07:36 | ৪ ফুটা নহৰু |
| 07:38 | ১ টা সৰু পিয়াজ |
| 07:40 | ২ চামোচ নাৰিকল ৰোকা |
| 07:43 | ২ টা সেউজীয়া জলকীয়া |
| 07:45 | হালধি আৰু নিমখ সোৱাদ অনুসৰি |
| 07:49 | আপোনাক লগতে লাগিব ১ চামোচ তেল |
| 07:53 | পদ্ধতি: পেন এখনত তেল গৰম কৰক |
| 07:56 | নহৰু, সেউজীয়া জলকীয়া আৰু পিয়াজ দিয়ক |
| 08:01 | ৰঙ সলনি নোহোৱালৈকে ভাজক |
| 08:03 | এতিয়া আমৰান্থ পাতখিনি দিয়ক আৰু ভালকৈ মিহলাওঁক |
| 08:07 | ঢাকনি এখন দিয়ক আৰু ৫ ৰ পৰা ৭ মিনিট ৰান্ধক |
| 08:12 | নিমখ আৰু হালধি পাউদাৰ দিয়ক আৰু ১ মিনিট ৰান্ধক |
| 08:16 | নাৰিকল ৰোকাখিনি দিয়ক আৰু ৫ মিনিট ৰান্ধক |
| 08:21 | আমৰান্থ পাতৰ ভাজি তৈয়াৰ হ’ল |
| 08:25 | আধা বাতি ভাজিত প্ৰায় ২০৯ মিলিগ্ৰাম মেগনেচিয়াম থাকে |
| 08:31 | এই মেগনেচিয়াম প্ৰচুৰকৈ থকা বিধিসমূহ আপোনাৰ দৈনিক আহাৰত সংলগ্ন কৰক ভাল স্বাস্থ্যৰ বাবে |
| 08:37 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |