Health-and-Nutrition/C2/General-guidelines-for-Complementary-feeding/Assamese
From Script | Spoken-Tutorial
|
|
00:02 | পৰিপূৰক আহাৰ খুওঁৱাৰ বাবে সাধাৰণ গাইদলাইনচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
00:14 | ৬ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰ আৰম্ভ কৰাৰ গুৰূত্ব |
00:19 | আৰু ৬ ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰ খুওঁৱাৰ গাইদলাইনচৰ বিষয়ে |
00:27 | আহক আৰম্ভ কৰো |
00:29 | শিশু এটাক নিৰন্তৰে স্তনপান কৰাব লাগে জন্মৰ পৰা ৬ মাহ বয়সলৈকে |
00:37 | ৬ মাহ বয়সে শিশু এটাৰ জীৱনৰ ৬ মাহৰ আৰম্ভণীক নুবুজাই |
00:45 | তাই ৬ মাহ সম্পূৰ্ণ কৰিব লাগে আৰু জীৱনৰ ৭ মাহ আৰম্ভ হ’ব লাগে |
00:52 | এই বয়সত, শিশু এটাৰ বাবে নিৰন্তৰ স্তনপান যথেষ্ট নহয় |
00:59 | স্তনৰ গাখীৰৰ উপৰিওঁ, শিশুটোক পুষ্টিকৰ ঘৰতে ৰন্ধা খাদ্য দিব লাগে |
01:06 | এই খাদ্যক কোৱা হয় পৰিপূৰক আহাৰ |
01:11 | ইয়াক দিব লাগে ৬ ৰ পৰা ২৪ মাহ বয়্সৰ শিশু এটাক |
01:18 | ই এটা অত্যন্ত গুৰূত্বপূৰ্ণ ভূমিকা লয় শিশুটোক ওখ, স্বাস্থ্যবান আৰু বুদ্ধিমান বনোৱাত |
01:26 | ৬ মাহ বয়সত পৰিপূৰক আহাৰ আৰম্ভ কৰাটো দৰকাৰ |
01:33 | অন্যথা, শিশুটোৰ বৃদ্ধি আৰু বিকাশ ব্যাহত হ’ব |
01:39 | লগতে শিশুটোৱে পাছৰ বয়সত গোটা খাদ্য নাকচ কৰাৰ সম্ভাৱনা থাকে |
01:47 | মনত ৰাখিব, পৰিপূৰক আহাৰে স্তনপানক সমৰ্থন কৰে |
01:53 | সেইবাবে, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব লাগে |
02:00 | প্ৰকাৰ, |
02:02 | ঘনত্ব |
02:04 | আৰু পৰিপূৰক আহাৰৰ পৰিমাণ শিশুটোৰ বয়সৰ সৈতে ভিন্ন হয় |
02:10 | প্ৰতিটো বয়সৰ গ্ৰোপৰ বাবে নিৰ্দিষ্ট পৰামৰ্শ আছে |
02:16 | সিহতক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বিতংকৈ আলোচনা কৰা হৈছে |
02:23 | এতিয়া, আহক সকলো বয়সৰ বাবে পৰিপূৰক আহাৰ খুওঁৱাৰ গুৰূত্বপূৰ্ণ গাইদলাইনচ আলোচনা কৰো |
02:31 | যিকোনো নতুন খাদ্য শিশু এটাক প্ৰথমে পৃথককৈ দিব লাগে |
02:37 | ইয়াক অন্য খাদ্যৰ সৈতে সংযুক্ত কৰিব লাগে পাছত |
02:42 | ই নিৰ্ণয় কৰাত সহায় কৰিব যদি শিশুটো এটা নিৰ্দিষ্ট খাদ্যলৈ এলাৰজিক হয় |
02:48 | বিভিন্ন ধৰণৰ খাদ্য খোৱাটো আৱশ্যক হয় ভাল পুষ্টিৰ বাবে |
02:54 | প্ৰতিবাৰে চাৰিদিনৰ পাছত, শিশুটোৰ আহাৰত এটা নতুন খাদ্য যোগ কৰিব |
03:01 | আগতে দিয়া খাদ্যৰ লগত একেলগে নতুন খাদ্যটোৰ ১ চামোচৰ সৈতে আৰম্ভ কৰক |
03:08 | লাহে লাহে ইয়াৰ পৰিমাণ বৃদ্ধি কৰক প্ৰতিদিনে |
03:12 | সকলো ৮ টা খাদ্যৰ গ্ৰোপৰ পৰা পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা খাদ্যক লাহে লাহে যোগ কৰিব লাগে |
03:20 | প্ৰথম খাদ্যৰ গ্ৰোপ হৈছে খাদ্যশস্য, মূল আৰু কাণ্ডসমূহ |
03:27 | লেগিমচ, বীজ আৰু বাদাম হৈছে দ্বিতীয় গ্ৰোপ |
03:32 | তৃতীয় গ্ৰোপ হৈছে গাখীৰৰ বস্তুসমূহ |
03:37 | চতুৰ্থ গ্ৰোপ হৈছে মাংস, মাছ আৰু চিকেন |
03:42 | ডিম হৈছে পঞ্চম গ্ৰোপ |
03:46 | ভিটামিন এ প্ৰচুৰকৈ থকা ফলমূল আৰু শাক-পাছলি হৈছে ষষ্ঠ গ্ৰোপ |
03:52 | সপ্তম গ্ৰোপ হৈছে আন ফলমূল আৰু শাক-পাছলিসমূহ |
03:57 | শেষত, স্তনপান হৈছে অষ্টম গ্ৰোপ কিন্তু অতিশয় গুৰূত্বপূৰ্ণ |
04:04 | ইয়াক প্ৰতিদিনে সংলগ্ন কৰিব লাগে আন খাদ্যৰ গ্ৰোপসমূহৰ সৈতে |
04:11 | আদৰ্শভাবে, শিশু এটাৰ খাদ্যত সকলো ৮ টা গ্ৰোপ সংলগ্ন কৰিব লাগে |
04:17 | যদি শিশু এটাৰ খাদ্যত এই গ্ৰোপসমূহৰ ৫ টাতকৈ কম থাকে, ই এটা গভীৰ সমস্যা |
04:24 | ইয়াক লগে লগে শুধৰাব লাগে |
04:28 | কিছুমান শিশুৱে স্তনৰ গাখীৰ একেবাৰেই নাপায় |
04:33 | তেওঁলোকৰ আহাৰত প্ৰতিদিনে বাকীথকা ৭ টা গ্ৰোপৰ পৰা খাদ্য সংলগ্ন কৰক |
04:40 | লগতে, তেওঁলোকক ৫০০ এম এল জন্তুৰ গাখীৰ আৰু প্ৰতিদিনে দুবাৰকৈ অতিৰিক্ত আহাৰ দিয়ক |
04:49 | শিশুটোক খুওঁৱাৰ আগতে জন্তুৰ গাখীৰ সদায় উতলাই ল’ব লাগে |
04:55 | এতিয়া, আহক শিশু এটাৰ আহাৰত নতুন খাদ্যৰ গ্ৰোপচ যোগ কৰাৰ ক্ৰমক আলোচনা কৰো |
05:02 | স্তনৰ গাখীৰৰ সৈতে, প্ৰথম ৫ টা গ্ৰোপৰ পৰা পৰিপূৰক আহাৰ দিবলৈ আৰম্ভ কৰক |
05:09 | ৬ মাহ বয়সৰ পাছ্ত শিশুক অধিক পৰিমাণে পুষ্টিকৰ পদাৰ্থ লাগে |
05:16 | তথাপি, আৰম্ভণীৰ দিনসমূহত দিব পৰা খাদ্যৰ পৰিমাণ কম হয় |
05:24 | সেইবাবে, পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা খাদ্য প্ৰথম ৫ টা গ্ৰোপৰ পৰা দিব পাৰি |
05:31 | এই খাদ্যত পুষ্টিকৰ পদাৰ্থ প্ৰচুৰ থাকে যেনে প্ৰ’টিন আৰু ভাল চৰ্বী |
05:38 | সিহত দৰকাৰী হয় শিশুটোৰ উচ্চতা আৰু মাংসপেশীৰ বিকাশৰ বাবে |
05:45 | ভাল চৰ্বী দৰকাৰী হয় শিশুটোৰ মগজুৰ বিকাশৰ বাবে |
05:50 | এই খাদ্যৰ পাছ্ত, শাক-পাছলি আৰু ফলমূল দিবলৈ আৰম্ভ কৰক |
05:57 | শাক-পাছলি আৰু ফলমূলত ভিটামিন আৰু খনীজ দ্ৰব্য প্ৰচুৰ থাকে |
06:03 | তথাপি, সিহত প্ৰ’টিন আৰু চৰ্বীৰ দৰে বেছিকৈ নাথাকে প্ৰথম ৫ টা গ্ৰোপত |
06:11 | সেইবাবে, সিহতক পাছত আৰম্ভ কৰা হয় ওজন বৃদ্ধি বা হ্ৰাসক অৱজ্ঞা কৰিবলৈ |
06:18 | লগতে, ফলমূল সোৱাদত মিঠা হয় |
06:23 | শিশুসমূহে মিঠা সোৱাদৰ আগতে অন্য বেলেগ সোৱাদসমূহ চেষ্টা কৰাটো দৰকাৰ |
06:31 | অন্য বেলেগ সোৱাদসমূহ চেষ্টা কৰিলে ই শিশুসমূহক অধিক খাদ্য গ্ৰহণ কৰিবলৈ সহায় কৰে |
06:37 | ই তেওঁলোক পাছলৈ বাছি খোৱা হোৱাৰ সম্ভাৱণাক কমায় |
06:44 | সেইবাবে, আন সকলো প্ৰকাৰৰ খাদ্য যোগ কৰাৰ পাছত শিশু এটাৰ আহাৰত ফলমূল যোগ কৰা হয় |
06:51 | সতেজ, ঋতুগত, ল’কেল ফলমূল এদিনত এবাৰ বা দুবাৰ দিব লাগে |
06:59 | দৈনিক আহাৰৰ পাছত মিষ্টি হিচাবে ফলমূল দিব পাৰে |
07:05 | শিশুটোৰ দৈনিক আহাৰৰ সৈতে ফলমূলৰ ভৰ্তা মিশ্ৰিত কৰিব নালাগে |
07:11 | এই বয়সৰ গ্ৰোপৰ বাবে ফলমূলৰ জুইচক পৰামৰ্শ দিয়া নহয় |
07:16 | ই সংলগ্ন কৰে ঘৰতে প্ৰস্তুত আৰু ৰেদিমেদ ফলমূলৰ জুইচ দুয়োটাকে |
07:23 | মনত ৰাখিব, ২ বছৰলৈকে স্তনপান কৰাব |
07:28 | কঠিন খাদ্য দিয়াক ত্যাগ কৰিব যিয়ে শিশু এটাৰ গলাত খুন্দামাৰি ধৰিব পাৰে |
07:34 | গোটা বাদাম, আঙুৰ, বুট আৰু কেঁচা গাজৰৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ |
07:44 | সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট |
07:51 | যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, সুৰক্ষিতভাবে জমা ৰখাৰ আমাৰ টিউট’ৰিয়েলটো চাওঁক |
07:57 | সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্য খুওঁৱাকো লগতে একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে |
08:06 | সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক |
08:10 | খাদ্যৰ লগতে, উতলাই ঠাণ্ডা কৰা পানীওঁ ৬ মাহ বয়সৰ শিশু এটাক দিব পাৰি |
08:18 | আৰম্ভ কৰক ৩০ ৰ পৰা ৬০ এম এল পানীৰে, এদিনত দুবাৰকৈ |
08:25 | ইয়াক বৃদ্ধি কৰিব লাগে গৰম বতৰত আৰু শিশুটোৰ প্ৰয়োজন অনুসৰি |
08:31 | স্তনৰ গাখীৰ আৰু পানী হৈছে শিশু এটাৰ বাবে উৎকৃষ্ট পানীয় |
08:37 | তথাপি, সিহতক সঠিক সময়ত দিব লাগে |
08:42 | শিশু এটাক স্তনপান নকৰাব বা পানী নিদিব আহাৰৰ আগতে |
08:48 | ভোকাতুৰ শিশু এটাই নতুন খাদ্য চেষ্টা কৰিবলৈ অধিক আগ্ৰহী হয় |
08:54 | শিশুক স্তনপান কৰাব বা পানী দিব পাৰি আহাৰ খোৱাৰ ২০ ৰ পৰা ৩০ মিনিট আগতে বা পাছত |
09:02 | পৰ্যাপ্ত পৰিমাণৰ পৰিপূৰক আহাৰৰ প্ৰয়োজন হয় শিশু এটা ভালদৰে বৃদ্ধি হ’বলৈ |
09:08 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |