FrontAccounting-2.4.7/C2/Installation-of-FrontAccounting-on-Windows-OS/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Windows OS ত FrontAccounting ইনষ্ট’ল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম XAMPP ইনষ্ট’ল কৰিবলৈ |
00:12 | FrontAccounting চফতৱেৰ দাউনল’দ কৰিবলৈ |
00:15 | database setup কৰিবলৈ আৰু Windows OS ত FrontAccounting ইনষ্ট’ল কৰিবলৈ |
00:21 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
Windows OS ভাৰ্চন 10 |
00:26 | Apache, MySQL আৰু PHP পোৱা হৈছে XAMPP 5.5.19 ৰ দ্বাৰা |
00:32 | FrontAccounting ভাৰ্চন 2.4.7 |
00:36 | Firefox ওৱেব ব্ৰাউজাৰ আৰু এটা কামকৰা ইন্তাৰনেত কানেকচন |
00:41 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:44 | FrontAccounting হৈছে এটা চাৰ্ভাৰ ভিত্তিক Accounting System ।
গতিকে আমি XAMPP ব্যৱ্হাৰ কৰিম আমাৰ মেচিনত ওৱেব চাৰ্ভাৰ চেতাপ কৰিবলৈ |
00:52 | ওৱেব ব্ৰাউজাৰ এটা খোলক । এদ্ৰেচ বাৰত, এই URL লিখক আৰু Enter টিপক |
00:59 | ই আমাক XAMPP দাউনল’দ পেজলৈ নিব |
01:03 | ইয়াত XAMPP উপলদ্ধ হয় সকলো অপাৰেতিংগ চিষ্টেমচৰ বাবে দাউনল’দ কৰিবলৈ |
01:08 | XAMPP ৰ সৰ্বশেষ ভাৰ্চনক দাউনল’দ কৰিব পাৰি এই সেউজীয়া বুটামত ক্লিক কৰি |
01:13 | তথাপি, আপোনাৰ চফতৱেৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি, হয়তো আপোনাক XAMPP ৰ এটা ভিন্ন ভাৰ্চন লাগিব পাৰে |
01:19 | মোৰ ক্ষেত্ৰত মোক লাগে XAMPP ভাৰ্চন 5.5.19 |
01:24 | XAMPP Windows লিংকত ক্লিক কৰক |
01:28 | ৰিদাইৰেক্তেদ পেজটোৱে বৰ্তমান তাৰিখলৈকে সকলো XAMPP ভাৰ্চনচ দেখুৱাব |
01:32 | এই ইনষ্ট’লেচনৰ বাবে, মই বাচিম XAMPP ভাৰ্চন 5.5.19 |
01:39 | লিংকত ক্লিক কৰক দাউনল’দ কৰিবলৈ |
01:43 | এতিয়া, Save file বুটামত ক্লিক কৰক । exe ফাইলটো আমাৰ মেচিনত দাউনল’দ হ’ব |
01:51 | ফ’ল্দাৰটো খোলক য’ত আপুনি ফাইলটো দাউনল’দ কৰিছিলে |
01:55 | ফাইলটোত দুবাৰ-ক্লিক কৰক ইনষ্ট’লেচন আৰম্ভ হ’বলৈ |
01:59 | এটা User Account Control দাইল’গ বক্স আহিছে । Yes বুটামত ক্লিক কৰক |
02:06 | যদি আপুনি মেচিনত যিকোনো antivirus চফতৱেৰ ইনষ্ট’ল কৰিছে, আপুনি হয়তো আন এখন প’প আপ উইন্দ’ পাব পাৰে । Yes বুটামত ক্লিক কৰক |
02:15 | পাছৰ উইন্দ’ত, OK বুটামত ক্লিক কৰক সাবধানী বাৰ্তাক অৱজ্ঞা কৰিবলৈ |
02:21 | এতিয়া Setup wizard দাইল’গ বক্স আহিছে |
02:25 | Next বুটামত ক্লিক কৰিব যেতিয়াই সোধে আৰু ইনষ্ট’লেচন ষ্টেপচ অনুসৰণ কৰক দেখুৱা দৰে |
02:31 | Learn more about Bitnami for XAMPP চেক বক্সক আনচেক কৰক । তেতিয়া আগবাঢ়ক Next বুটামত ক্লিক কৰি |
02:40 | ইনষ্ট’লেচনটো এবাৰ হ’লে, Do you want to start the Control Panel now? চেক বক্সক আনচেক কৰক |
02:47 | শেষত, Finish বুটামত ক্লিক কৰক |
02:51 | এতিয়া আমি চাব লাগিব যে আমাৰ মেচিনত XAMPP সফলভাবে ইনষ্ট’ল হ’ল নে নাই |
02:56 | স্ক্ৰিণৰ তলত বাওঁফালে Windows search bar ত ক্লিক কৰক আৰু লিখক xampp |
03:02 | আমি চাৰ্চ লিষ্টত XAMPP Control Panel দেখিছো |
03:06 | XAMPP Control Panel ত ৰাইত-ক্লিক কৰক আৰু Run as administrator বাচক |
03:12 | XAMPP Control Panel ত, Apache আৰু MySQL services চলি থকাটো নিশ্বিত কৰক |
03:18 | যদি নাই, তেন্তে এই services আৰম্ভ কৰক START বুটামত ক্লিক কৰি উক্ত servicesৰ |
03:24 | আপুনি কিছু এৰ’ৰ বাৰ্তা পাব পাৰে যেনে: “Apache shutdown unexpectedly” |
03:30 | “Port 80 ব্যৱহৃত হৈছে Apache Server ৰ বাবে'” |
03:34 | “কানেক্ত কৰিবলৈ অসমৰ্থ যিকোনো সূচীত MySQL হ’ষ্টলৈ MySQL database ৰ বাবে” |
03:41 | ইয়াৰ কাৰণ হৈছে Apache আৰু MySQL লৈ প্ৰদান কৰা দিফল্ট port টো আন চফতৱেৰে লৈছে |
03:47 | দিফল্ট port নাম্বাৰ Apache ৰ বাবে হৈছে 80 আৰু MySQL ৰ বাবে হৈছে 3306 |
03:55 | এই ports সলাবলৈ, এই টিউট’ৰিয়েলৰ Additional Reading Material চাওঁক |
04:00 | আৰু আগবঢ়াৰ আগতে সঠিক port নাম্বাৰচ প্ৰদান কৰক । উদাহৰণস্বৰূপে: 8080 |
04:07 | এতিয়া, Firefox ওৱেব ব্ৰাউজাৰ খোলক |
04:11 | এদ্ৰেচ বাৰত, লিখক localhost আৰু Enter টিপক । আমি XAMPP স্ক্ৰিণ দেখিব লাগিব |
04:19 | যদি ভাষা বাচিবলৈ সুধে, English বাচক । আমি এতিয়া XAMPP homepage ত আছো |
04:27 | আহক FrontAccounting দাউনল’দ কৰিবলৈ আৰম্ভ কৰো |
04:30 | আন এটা টেব খোলক ওৱেব ব্ৰাউজাৰত আৰু এই URL টোলৈ যাওঁক |
04:37 | ক্লিক কৰক frontaccounting-2.4.7.zip |
04:42 | তৎক্ষণাত, দাউনল’দ আৰম্ভ হয় । ক্লিক কৰক Save File বুটামত আৰু তেতিয়া ক্লিক কৰক OK বুটামত |
04:49 | দাউনল’দটো সম্পূৰ্ণ হ’লে, ফ’ল্দাৰটো খোলক য’ত আপুনি ফাইলটো দাউনল’দ কৰিছিলে |
04:54 | এইটো হৈছে মই দাউনল’দ কৰা ফাইলটো |
04:57 | ফাইলটোত ৰাইত-ক্লিক কৰক আৰু বাচক Extract Here |
05:01 | এক্সত্ৰেক্ত কৰি হ’লে, মই এক্সত্ৰেক্ত কৰা FrontAccounting ফ’ল্দাৰক account হিচাবে ৰিনেম কৰিম |
05:07 | ফ’ল্দাৰ নেমক ৰিনেম কৰাটো অপচনেল হয় । তথাপি, ই সহায় কৰে এটা একক মেচিনত ইনষ্ট’ল হৈ থকা বহুতো FrontAccounting ক চিনাক্ত কৰিবলৈ |
05:17 | এতিয়া আমি account ফ’ল্দাৰক মোভ কৰিব লাগিব ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীলৈ |
05:22 | ৰোত দাইৰেক্তৰীৰ বাবে পাথটো হৈছে “c:\xampp\htdocs” |
05:29 | account ফ’ল্দাৰত ৰাইত-ক্লিক কৰক আৰু বাচক Copy |
05:33 | বাওঁফালে, ক্লিক কৰক “This PC” যাক লগতে কোৱা হয় “My Computer” |
05:39 | তেতিয়া দুবাৰ ক্লিক কৰক “Local Disk (C:)” যি হৈছে C drive আৰু যাওঁক xampp আৰু htdocs লৈ |
05:47 | htdocs ৰ ভিতৰত, খালি ঠাইত ৰাইত-ক্লিক কৰক আৰু বাচক Paste |
05:53 | আমি XAMPP server সফলভাবে ইনষ্ট’ল কৰিলো |
05:57 | নিশ্বিত কৰক যে FrontAccounting ইনষ্ট’লাৰ যাতে ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীত থাকে |
06:02 | পাছত আগবাহিবলৈ আমি FrontAccounting ৰ বাবে এটা দেতাবেচ বনাব লাগিব |
06:07 | আমি ইয়াক phpmyadmin ত কৰিম, যি হৈছে MySQL ৰ বাবে গ্ৰাফিকেল ইউজাৰ ইন্তাৰফেচ । ই XAMPP ইনষ্ট’লেচনৰ লগতে আহে |
06:17 | আহক আমি ওৱেব ব্ৰাউজাৰত XAMPP পেজ টোলৈ ঘূৰি যাওঁ |
06:21 | XAMPP পেজটোত, মেনু বাৰত বাওঁফালে, ক্লিক কৰক phpMyadmin |
06:27 | ক্লিক কৰক ইউজাৰচ ওপৰৰ মেনুত আৰু তেতিয়া ক্লিক কৰক Add User |
06:33 | নতুনকৈ অহা উইন্দ’ত আপোনাৰ পচন্দৰ এটা ইউজাৰ নেম লিখক । মই লিখিম frontacc মোৰ ইউজাৰ নেম হিচাবে |
06:42 | Host দ্ৰপ-দাউন লিষ্টৰ পৰা, বাচক Local |
06:46 | পাচৱৰ্দ টেকস্ত-বক্সত আপোনাৰ পচন্দৰ এটা পাচৱৰ্দ লিখক |
06:50 | মই লিখিম admin123 মোৰ পাচৱৰ্দ হিচাবে |
06:54 | Re-type টেকস্ত-বক্সত একেটা পাচৱৰ্দ লিখক |
06:58 | এতিয়াৰ বাবে ক্লিক নকৰিব Generate Password prompt |
07:02 | Database for user accountৰ ভিতৰত, আমি অপচনটো দেখিছো-
Create database with the same name and grant all privileges |
07:10 | আমি সেই অপচনক চেক কৰিম আৰু তললৈ স্ক্ৰ’ল কৰিম |
07:14 | তেতিয়া পেজটোৰ তলত সোঁফালে Go বুটামত ক্লিক কৰক |
07:18 | আমি এটা বাৰ্তা দেখিছো “You have added a new user” |
07:22 | ই বুজাই এটা নতুন দেতাবেচ frontacc নামৰ সৈতে আৰু user frontacc বনোৱা হ’ল |
07:29 | এই ইউজাৰ নেম আৰু পাচৱৰ্দ হৈছে মাত্ৰ দেতাবেচ ল’গিনৰ উদ্দেশ্যৰ বাবে |
07:34 | ইউজাৰ নেম, পাচৱৰ্দ আৰু দেতাবেচ নামৰ ন’ত এটা বনাব |
07:38 | এইবোৰ পাছত লাগিব FrontAccounting ইনষ্ট’লেচন সম্পূৰ্ণ কৰিবলৈ |
07:43 | দেতাবেচ নাম আৰু ইউজাৰনেম একে হ’ব নালাগে ।
বেলেগ নাম হ’বলৈ, দেতাবেচটো প্ৰথমে বনাব আৰু তেতিয়া সেই দেতাবেচৰ বাবে এজন ইউজাৰ বনাব |
07:53 | লগতে, নামৰ কনভেনচন অনুসৰি, ইউজাৰনেমৰ মাজত কোনো স্পেচ থাকিব নালাগিব |
07:59 | আমাৰ এতিয়া XAMPP চলি আছে আৰু দেতাবেচ তৈয়াৰ আছে |
08:02 | আমি এতিয়া Front Accounting ইনষ্ট’লৰ বাবে আগবাহিবলৈ প্ৰস্তুত |
08:07 | ওৱেব ব্ৰাউজাৰত এটা নতুন টেব খোলক । এদ্ৰেচ বাৰত লিখক localhost/account আৰু Enter টিপক |
08:17 | আমি দেখিছো FrontAccounting ওৱেবপেজে দেখাইছে
Step 1: System Diagnostics |
08:22 | নিশ্বিত কৰক যে Select install wizard language যাতে English হয় |
08:26 | তললৈ স্ক্ৰ’ল কৰক আৰু পেজটোৰ তলত Continue বুটামত ক্লিক কৰক |
08:31 | পাছৰ ওৱেব পেজটোৰ টাইটল হৈছে Step 2: Database Server Settings |
08:37 | ইয়াত মই Server Host localhost হিচাবে ৰাখিম । মই Server Port খালি ৰাখিম |
08:44 | যদি আপুনি MySQL ৰ দিফল্ট প’ৰ্ত নাম্বাৰক 3306 ৰ বাহিৰে অন্যলৈ সলালে, তেন্তে সেই প’ৰ্ত নাম্বাৰক ইয়াত লিখক |
08:52 | নিম্ন সবিশেষ ভৰাওঁক যাক আমি আগতে বনাইছিলো-
দেতাবেচ নেম frontacc হিচাবে |
09:00 | দেতাবেচ ইউজাৰ frontacc হিচাবে |
09:03 | আৰু দেতাবেচ পাচৱৰ্দ admin123 হিচাবে |
09:07 | বাকী অপচনক অৱজ্ঞা কৰক আৰু তলত Continue বুটামত ক্লিক কৰক |
09:12 | পাছত, আপুনি নিজৰ company ৰ সবিশেষ দিব লাগিব । মই তাক কেনেকৈ কৰিব লাগে দেখুৱাম |
09:19 | Company Name ফিল্দত, মই লিখিম ST Company Pvt Ltd |
09:24 | মই Admin Login admin হিচাবে ৰাখিম । তেতিয়া মই Admin Password লিখিম spoken হিচাবে |
09:31 | আপুনি নিজৰ পচন্দৰ যিকোনো পাচৱৰ্দ দিব পাৰে |
09:34 | একেটা পাচৱৰ্দ পুনৰ লিখক । মনত ৰাখিব এইটো হৈছে login password |
09:40 | পাছত আমি Charts of Accounts ৰ বাবে দুটা অপচন দেখিছো |
09:44 | মই বাচিম Standard new company American COA |
09:49 | Default Language English হিচাবে বাচক |
09:52 | Install বুটামত ক্লিক কৰক |
09:55 | আমি স্ক্ৰিণত অন্তিম বাৰ্তাটো দেখিছো, FrontAccounting ERP has been installed successfully যি নিশ্বিত কৰে যে আমাৰ ইনষ্ট’লেচন সফল হ’ল |
10:06 | Click here to start লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচত ল’গিন কৰিবলৈ |
10:12 | ল’গিন স্ক্ৰিণত, নিম্ন সবিশেষ ভৰাওঁক:
ইউজাৰ নেম admin হিচাবে পাচৱৰ্দ spoken হিচাবে |
10:22 | Company ST Company Pvt. Ltd হিচাবে আৰু ল’গিন বুটামত ক্লিক কৰক |
10:28 | আমাক অনা হ’ল Front Accounting Administration পেজলৈ |
10:32 | আমি এই পেজত বিভিন্ন টেবচ দেখিছো । আমি এই চিৰিজত পাছত এইবোৰৰ বহুতক কেনেকৈ ব্যৱ্হাৰ কৰা হয় শিকিম |
10:39 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
10:44 | এই টিউট’ৰিয়েলত, আমি শিকিলো XAMPP দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ |
10:50 | FrontAccounting চফতৱেৰ দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ |
10:53 | Windows 10 OS ত দেতাবেচ চেতাপ কৰিবলৈ |
10:57 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:05 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:13 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
11:18 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
11:27 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
11:32 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব । ই অব্যৱস্থা কমোৱাত সহায় কৰিব |
11:39 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
11:44 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
11:49 | স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |