Moodle-Learning-Management-System/C2/Installing-Moodle-on-Local-Server/Assamese
Time | Narration |
00:01 | Installing Moodle on Local Server স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি Moodle দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ শিকিম |
00:15 | Moodle ইনষ্ট’ল কৰিবলৈ, আপোনাৰ এটা চিষ্টেম থাকিব লাগিব যি সমৰ্থন কৰে:
Apache 2.x (বা উচ্চ সংস্কৰণ), |
00:23 | MariaDB 5.5.30 (বা যিকোনো উচ্চ সংস্কৰণ) আৰু PHP 5.4.4 +(বা যিকোনো উচ্চ সংস্কৰণ) |
00:36 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:
উবুন্তো লিনাক্স OS 16.04 |
00:44 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা |
00:53 | Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
00:59 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
01:03 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
01:11 | আপুনি আৰম্ভ কৰাৰ আগতে ইন্তাৰনেট সংযোগ থকাক নিশ্বিত কৰক |
01:16 | লগতে এই চিৰিজত আগৰ সংগত টিউট’ৰিয়েলচ চাওঁক ।
আৰু, নিশ্বিত কৰক যে পূৰ্বে প্ৰয়োজনীয়খিনি পোৱা গৈছে আৰু দেতাবেচ সঠিককৈ চেতাপ হৈছে |
01:27 | আমাৰ XAMPP চলি থাকিব লাগিব আৰু আমাৰ moodle-st ইউজাৰনেমৰ সৈতে দেতাবেচ এটা চেতাপ হৈ থাকিব লাগিব |
01:37 | প্ৰথমে, মই ওৱেব ব্ৰাউজাৰলৈ যাম আৰু XAMPP আৰম্ভ কৰিম |
01:42 | address bar ত, লিখক: http colon double slash 127 dot 0 dot 0 dot 1 আৰু এন্টাৰ টিপক |
01:56 | স্ক্ৰিণৰ শীৰ্ষত সোঁফালে মেনুত, PHPinfo ক্লিক কৰক |
02:02 | এতিয়া, Ctrl + F কীচ টিপক আৰু DOCUMENT underscore ROOT ৰ বাবে চাৰ্চ কৰক |
02:10 | ইয়াক Apache Environment টেবলত পোৱা যাব |
02:14 | DOCUMENT underscore ROOT ৰ মানটো হয়তো slash opt slash lampp slash htdocs বা slash var slash www হ’ব |
02:30 | মোৰ মেচিনত, ই হয় slash opt slash lampp slash htdocs |
02:37 | এই পাথৰ ন’ত এটা বনাওঁক । আমি ইয়াত Moodle ইনষ্ট’ল কৰিম |
02:43 | আহক এতিয়া Moodle দাউনল’দ কৰিবলৈ আৰম্ভ কৰো ।
Moodle ৰ অফিচিয়েল ওৱেবচাইতলৈ যাওঁক যি হৈছে moodle.org |
02:53 | ওপৰৰ মেনুত Downloads লিংকত ক্লিক কৰক । আৰু তেতিয়া, সৰ্বশেষ ৰিলিজ বুটাম MOODLE 3.3+ ক্লিক কৰক |
03:04 | এই টিউট’ৰিয়েল ৰেকৰ্দ কৰাৰ সময়ত, সৰ্বশেষ স্থিতিশীল Moodle সংস্কৰণ হৈছে 3.3 । আপুনি চেষ্টা কৰাৰ সময়ত ই বেলেগ হ’ব পাৰে |
03:15 | Download zip বুটামত ক্লিক কৰক । ই আমাৰ মেচিনত Moodle দাউনল’দ কৰিবলৈ আৰম্ভ কৰিব |
03:22 | মই ইতিমধ্যে এই ফাইলটো দাউনল’দ কৰিলো আৰু ই মোৰ Downloads ফ’ল্দাৰত আছে । গতিকে মই এই ষ্টেপক এৰিম |
03:30 | Ctrl + Alt + T কীচ একেলগে টিপি টাৰ্মিনেল খোলক |
03:36 | টাৰ্মিনেলত, মই দাইৰেক্তৰিটো Downloads লৈ সলাম |
03:40 | তাক কৰিবলৈ, কমান্দটো লিখক: cd space Downloads আৰু এন্টাৰ টিপক |
03:48 | আপুনি পাথটো লিখিব লাগিব য’ত আপোনাৰ চিষ্টেমত Moodle দাউনল’দ কৰিছে |
03:53 | আপুনি সেই দাইৰেক্তৰি পালে, ls লিখিব আৰু এন্টাৰ টিপিব তাত থকা ফাইলচ তালিকাভুক্ত কৰিবলৈ |
04:01 | এইটো মোৰ Moodle ইনষ্ট’লেচন ফাইল । ইয়াৰ নাম হৈছে moodle hyphen latest hyphen 33 dot zip |
04:11 | যদি দাউনল’দৰ সময়ত আপুনি ইয়াক কিবা অন্য নাম দিছে, তেন্তে সেই ফাইলক আপোনাৰ ফ’ল্দাৰত বিচাৰক |
04:19 | পাছত, আমি moodle ফ’ল্দাৰত এই zip ফাইলৰ কন্তেন্তক এক্সত্ৰেক্ত কৰিব লাগিব |
04:26 | command prompt ত, লিখক: sudo space unzip space moodle hyphen latest hyphen 33 dot zip space hyphen d space slash opt slash lampp slash htdocs slash । এতিয়া এন্টাৰ টিপক |
04:51 | আহক Ctrl + L টিপি টাৰ্মিনেল খালি কৰো |
04:56 | এতিয়া লিখক: cd space slash opt slash lampp slash htdocs আৰু এন্টাৰ টিপক |
05:06 | এই দাইৰেক্তৰিত থকা ফাইলচ তালিকাভুক্ত কৰিবলৈ, ls লিখক আৰু এন্টাৰ টিপক |
05:12 | আপুনি দেখিছে যে moodle নামৰ নতুন ফ’ল্দাৰ এটা বনিছে |
05:18 | আহক moodle ফ’ল্দাৰৰ মালিক আৰু গ্ৰোপ সদস্যলৈ read, write আৰু execute permissions দিওঁ |
05:27 | গতিকে, লিখক: sudo space chmod space 777 space moodle slash আৰু এন্টাৰ টিপক |
05:39 | যদি সুধে administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক |
05:45 | এতিয়া ব্ৰাউজাৰলৈ যাওঁক আৰু লিখক: http colon double slash 127.0.0.1 slash moodle বা http colon double slash localhost slash moodle |
06:06 | মই ইয়াত মোৰ localhost IP লিখিছো |
06:10 | এই IP আচলতে moodle ইনষ্ট’ল হৈ থকা মেচিনৰ IP হ’ব লাগিব । মন কৰিব moodle হৈছে ফ’ল্দাৰটো য’ত আমি আগতে এক্সত্ৰেক্ত কৰিছিলো |
06:23 | এন্টাৰ টিপক আৰু আপুনি Moodle ইনষ্ট’লেচন পৃষ্ঠা দেখিব |
06:29 | দিফল্টভাবে, আমি এক নম্বৰ ষ্টেপত আছো, যি হৈছে, Configuration । মন কৰিব: Moodle বহুতো ভাষাত ইনষ্ট’ল কৰিব পাৰি |
06:40 | কিন্তু আমি নিজক মাত্ৰ English ভাসাতেই সীমিত কৰিম । গতিকে, ইয়াত English বাচক । Language দ্ৰপদাউনৰ তলত Next বুটামত ক্লিক কৰক |
06:52 | পাছৰটো হৈছে Paths পৃষ্ঠা । ইয়াতেই Web address, Moodle directory আৰু Data directory সূচীত কৰা হয় |
07:02 | Web address হৈছে Moodle এবাৰ ইনষ্ট’ল হ’লে এক্সেচ কৰিবলৈ আমাক লগা URL |
07:08 | এইটো হৈছে একেটা URL যাক আমি ওপৰত এন্টাৰ কৰিছিলো যি ইয়াত দৰ্শিত হৈছে |
07:14 | Moodle directory হৈছে ফ’ল্দাৰ য’ত সকলো Moodle ক’দ উপলদ্ধ |
07:20 | মন কৰিব ইয়াত, Web address আৰু Moodle directory দুয়োটা হৈছে এদিত কৰিব নোৱাৰা ফিল্দ । ইয়াক আমি সলাব নোৱাৰো |
07:31 | পাছৰটো হৈছে Data directory । এইটো হৈছে ফ’ল্দাৰ য’ত শিক্ষক আৰু ষ্টুদেন্তৰ দ্বাৰা আপল’দ কৰা সকলো ফাইল কন্তেন্ত জমা হ’ব |
07:42 | এই ফ’ল্দাৰত read আৰু write permission থাকিব লাগিব । গতিকে, ফাইলচ ইয়াত জমা কৰিব পাৰি |
07:50 | তথাপি, নিৰাপত্তাৰ কাৰণে ওৱেবত ইয়াক পোনপটিয়াকৈ এক্সেচ কৰিব নালাগে |
07:57 | গতিকে, ইয়াক ইনষ্ট’লেচন ফ’ল্দাৰৰ বাহিৰত ৰাখিব লাগে |
08:03 | lampp ফ’ল্দাৰৰ ভিতৰত থকা moodledata হৈছে দিফল্ট data directory যাক installer এ বনাবলৈ চেষ্টা কৰে |
08:11 | তথাপি, ইয়াত ফ’ল্দাৰ এটা বনাবলৈ ইয়াৰ পাৰমিচন নাথাকে । গতিকে, আমি এই ফ’ল্দাৰক মেনুৱেলি বনাব লাগিব আৰু ইয়াক প্ৰয়োজনীয় পাৰমিচন দিব লাগিব |
08:23 | terminal উইন্দ’লৈ যাওঁক । prompt ত, লিখক: sudo space mkdir space slash opt slash lampp slash moodledata আৰু এন্টাৰ টিপক |
08:41 | এতিয়া, লিখক: sudo space chmod space 777 space slash opt slash lampp slash moodledata আৰু এন্টাৰ টিপক |
08:57 | এতিয়া ব্ৰাউজাৰলৈ ঘূৰি যাওঁক আৰু Next বুটামত ক্লিক কৰক |
09:02 | ইয়াৰ পাছত database configuration পৃষ্ঠা আহে । দ্ৰপদাউনৰ পৰা MariaDB বাচক আৰু Next বুটামত ক্লিক কৰক |
09:13 | Database Host Name হিচাবে localhost লিখক |
09:18 | এতিয়া, আমি database name, username আৰু password ভৰাব লাগিব ।
এইবোৰ আমি আগতে phpMyAdmin ত বনাইছিলো |
09:30 | মই ভৰাম moodle-st database name হিচাবে |
09:36 | তেতিয়া moodle-st database username হিচাবে |
09:41 | আৰু, moodle-st মোৰ database password হিচাবে |
09:46 | Table Prefix আৰু আন ফিল্দক তেনেদৰেই এৰক আৰু Next ত ক্লিক কৰক |
09:54 | আমি এটা terms and conditions পৃষ্ঠা দেখিছো |
09:59 | এই ষ্টেপত আপুনি লাইচেঞ্চ এগ্ৰিমেন্ত পঢ়িব লাগিব আৰু একেটালৈ সন্মত হ’ব লাগিব । টেকস্ত পঢ়ক আৰু তেতিয়া Continue ক্লিক কৰক |
10:10 | পাছত আমি Server Checks পৃষ্ঠা দেখিছো । তললৈ স্ক্ৰ’ল কৰক বাৰ্তাটো চাবলৈ Your server environment meets all minimum requirements |
10:23 | আপুনি দেখুৱা ধৰণে অন্য এৰ’ৰ পাব পাৰে: সমাধানৰ বাবে এই টিউট’ৰিয়েলৰ Additional reading material লিংক চাওঁক |
10:33 | Continue ক্লিক কৰক |
10:36 | এই ষ্টেপে আপোনাৰ ইন্টাৰনেট স্পিদৰ ওপৰত নিৰ্ভৰ কৰি কিছু সময় ল’ব পাৰে ।
আপুনি এটা এৰ’ৰ বাৰ্তা পাব পাৰে Site is being upgraded, please retry later যদি আপুনি পৃষ্ঠাটো refresh কৰে |
10:50 | তেনেক্ষেত্ৰত, কিছু সময়ৰ পাছত ৰিফ্ৰেচ কৰক |
10:54 | Continue ক্লিক কৰক যেতিয়া আপুনি ইনষ্ট’লেচনৰ বাবে সফলতা বাৰ্তা এটা পায় |
11:00 | পাছৰ পৃষ্ঠা হৈছে administrator configuration |
11:05 | ইউজাৰনেমটো ভৰাওঁক যি আপুনি Moodle Administrative পৃষ্ঠাটোৰ বাবে বিচাৰে । মই ইউজাৰনেম admin হিচাবে ভৰাম |
11:15 | এতিয়া Moodle Administrator ৰ বাবে পাচৱৰ্দ এটা দিয়ক ।
ইয়াত দেখুৱা ধৰণে পাচৱৰ্দে এই নিয়মক অনুসৰণ কৰিব লাগিব |
11:26 | পাচৱৰ্দ এন্টাৰ কৰিবলৈ, Click to enter text লিংকত ক্লিক কৰক |
11:32 | মই মোৰ admin password হিচাবে Spokentutorial1@ এন্টাৰ কৰিম । পাচৱৰ্দ প্ৰকাশ কৰিবলৈ Unmask আইকণত ক্লিক কৰক |
11:43 | ভবিষ্যতত ব্যৱ্হাৰৰ বাবে আপুনি বনোৱা username আৰু password লিখি ৰাখক |
11:49 | Email address হৈছে এটা বাধ্যতামূলক ফিল্দ ।
মই ইয়াত priyankaspokentutorial@gmail.com এন্টাৰ কৰিম |
11:59 | Select a country দ্ৰপ-দাউনত, India বাচক ।
টাইমজ’ন হিচাবে Asia/Kolkata বাচক |
12:08 | আমি বাকী সকলো ফিল্দকে সিহঁতৰ দিফল্ট মানৰ সৈতে এৰিম |
12:13 | তললৈ স্ক্ৰ’ল কৰক আৰু Update Profile বুটামত ক্লিক কৰক |
12:18 | মনত ৰাখিব যে Moodle হৈছে এটা ৰিচৌৰ্চ কনজিউম কৰা চফতৱেৰ । প্ৰতিটো ষ্টেপ সম্পূৰ্ণ হ’বলৈ সময় ল’ব পাৰে |
12:27 | পাছৰ পৃষ্ঠাটো ল’দ হ’বলৈ অপেক্ষা কৰক আৰু পৃষ্ঠাটো বন্ধ বা refresh নকৰিব |
12:34 | পাছৰ স্ক্ৰিণ হৈছে Front page settings ৰ বাবে । মানুহে আমাৰ moodle site টো ভিজিত কৰিলে এই পৃষ্ঠাটো দেখিব |
12:45 | Full Site Name হিচাবে Digital India LMS এন্টাৰ কৰক |
12:50 | Short name for site হিচাবে পুনৰ Digital India LMS এন্টাৰ কৰক ।
নেভিগেচন বাৰত moodle site টোৰ নাম হিচাবে এইটো দৰ্শিত হ’ব |
13:03 | এতিয়াৰ বাবে, আহক Front Page Summary খালি ৰাখো ।
টাইমজ’ন Asia/Kolkata হিচাবে বাচক |
13:11 | পাছৰ দ্ৰপদাউন হৈছে Self Registration । যদি Self Registration সক্ৰিয় হয়, তেন্তে নতুন ইউজাৰে তেওঁলোকক নিজেই পঞ্জীয়্ণ কৰিব পাৰে |
13:23 | দ্ৰপদাউনৰ পৰা Disable বাচক । পাছৰটো হৈছে টেকস্ত বক্স no-reply address |
13:31 | এই ফিল্দত দিফল্ট মান হৈছে noreply@localhost ।
যিহেতু এইটো এটা বৈধ email ID নহয়, ইয়াক noreply@localhost.com লৈ সলাওঁক |
13:46 | এই ইমেইল ID From এদ্ৰেচ হিচাবে দেখাব, যেতিয়া Moodle ৰ দেখাবৰ বাবে কোনো ইমেইল ID নাথাকে |
13:55 | উদাহৰণস্বৰূপে, যদি মই মোৰ এদ্ৰেচক private হিচাবে ৰাখিব বিচাৰো, মোৰ ফালৰ পৰা পঠোৱা সকলো মেইলত এই ইমেইল ID থাকিব ।
শেষত, Save Changes বুটামত ক্লিক কৰক |
14:10 | আমি এতিয়া Moodle ব্যৱ্হাৰ কৰিবলৈ সাজু ।
আপুনি ইয়াত নতুন চাইতৰ সন্মুখৰ পৃষ্ঠাটো চাব পাৰে |
14:17 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
14:23 | এই টিউট’ৰিয়েলত, আমি শিকিলো: moodle.org ৰ পৰা Moodle দাউনল’দ কৰিবলৈ আৰু ল’কেল চাৰ্ভাৰত Moodle ইনষ্ট’ল কৰিবলৈ |
14:33 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
14:41 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
14:51 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?
অনুগ্ৰহ কৰি http://forums.spoken-tutorial.org চাওঁক |
15:00 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
15:10 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে |
15:15 | অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
15:21 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
15:31 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
15:45 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |