Health-and-Nutrition/C2/Breast-conditions/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | স্তনপান কৰোৱা মাকসকলৰ স্তনৰ অৱস্থাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি স্তন কঠিন হোৱা আৰু স্তনৰ পোৰণিৰ বিষয়ে শিকিম |
00:13 | আহক স্তন কঠিন হোৱাৰ সৈতে আৰম্ভ কৰো |
00:17 | স্তন কঠিন হোৱা সাধাৰণতে প্ৰসৱৰ পাছত ৩ৰ পৰা ৫ দিনৰ ভিতৰত হয় |
00:23 | ই দুয়োটা স্তনত একেলগে হয় |
00:28 | মাকে স্তন কঠিন হোৱাক স্তন ভৰি থকাৰ লগত হতভম্ব হ’ব নালাগে |
00:33 | সেইবাবে, এতিয়া আমি স্তন কঠিন হোৱা আৰু স্তন ভৰি থকাৰ মাজৰ পাৰ্থক্যক আলোচনা কৰিম |
00:40 | স্তন কঠিন হওঁতে, ই মজবুত, উখলিত আৰু বেদনাদায়কভাবে গাখীৰৰে ভৰি থাকে |
00:46 | ই জিলিকি থাকে আৰু ওপৰত বিস্তৃতভাবে শিৰাসমূহ দেখা যায় |
00:52 | মাকৰ জ্বৰ উঠিব পাৰে যি ২৪ ঘন্টাতকৈওঁ বেছি সময় থাকিব পাৰে আৰু শিশুটোৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সমস্যা হয় |
01:01 | য’ত, ভৰি থকা স্তন স্বাভাৱিক হয় |
01:04 | ভৰি থকা স্তন দেখিবলৈ ডাঙৰ হয় কিন্তু সি জিলিকি নাথাকে |
01:10 | ভৰি থকা স্তন বেদনাদায়ক নহয় আৰু ইয়াৰ বাবে জ্বৰ নুঠে |
01:17 | এতিয়া, আহক স্তনপান কৰোৱা মাকসকলৰ স্তন কঠিন হোৱাৰ কাৰণসমূহ আলোচনা কৰো |
01:23 | স্তন কঠিন হোৱা নিম্ন কাৰণসমূহৰ বাবে হ’ব পাৰে- |
01:27 | যদি মাকে প্ৰসৱৰ পাছত শিশুটোক সোনকালে স্তনপান নকৰায় |
01:32 | মাকে শিশুটোক কেইবাবাৰো স্তনপান নকৰালে |
01:36 | স্তনপানৰ সময়ত শিশুটো মাকৰ স্তনৰ লগত সঠিককৈ যুক্ত নহ’লে আৰু |
01:42 | মাকে হঠাতে স্তনপান কৰোৱা বন্ধ কৰিলে |
01:47 | এতিয়া আহক স্তন কঠিন হোৱাক কেনেকৈ চিকিৎসা কৰা হয় আলোচনা কৰো |
01:51 | প্ৰথমে- মাকক তেওঁৰ হাতদুটা চাফা পানীৰে ধুবলৈ কওঁক |
01:56 | পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক যাতে তেওঁ শিশুটোক চাব, গুন্ধিব আৰু চুব পাৰে |
02:03 | যদি শিশুটো অতি ব্যস্ত হয়, মাকে শিশুৰ তাৱেলখন গুন্ধিব পাৰে |
02:08 | তাৰ পাছত, মাকে পানী এগিলাচ খাব লাগে |
02:12 | পাছত, স্তনত তিতা গৰম কাপোৰ ৫ৰ পৰা ১০ মিনিটলৈকে ৰাখিব লাগে বা |
02:18 | মাকে লগতে গৰম পানীৰে গা ধুব পাৰে |
02:21 | ই স্তনৰ গাখীৰ বাহিৰ ওলাবলৈ সহায় কৰিব |
02:24 | তাৰ পাছত, স্বাস্থ্য কৰ্মীয়ে মাকক আৰাম কৰিবলৈ ক’ব লাগিব যিহেতু অধিক অৱ্সাদে লেত-দাউন ৰিফ্লেক্সক প্ৰভাবিত কৰিব আৰু |
02:33 | গাখীৰ বাহিৰলৈ নোলাব |
02:36 | এতিয়া, স্বাস্থ্য কৰ্মীয়ে বা যিকোনো পৰিয়ালৰ সদশ্যই মাকৰ ডিঙি আৰু পিঠিৰ ওপৰফালে মালিচ কৰিব লাগিব |
02:43 | ই স্তনৰ গাখীৰ বাহিৰ ওলাবলৈ সহায় কৰিব |
02:46 | যিহেতু, স্নায়ু সৰবৰাহ পিঠিৰ ওপৰফালে আৰু স্তনলৈ একে হয় |
02:52 | পাছত, মাকে তেওঁৰ স্তনটো গোলাকাৰ গতিত লাহেকৈ মালিচ কৰিবলৈ আৰম্ভ কৰিব লাগে |
02:57 | মালিচ কৰিলে তেওঁ আৰাম পাব আৰু লেত-দাউন ৰিফ্লেক্স উন্নত হ’ব |
03:03 | এই সকলোবোৰে অক্সিত’চিন ওলাবলৈ সহায় কৰিব |
03:07 | ই অক্সিত’চিন ৰিফ্লেক্স বা লেত দাউন ৰিফ্লেক্স হিচাবে জনা যায় |
03:12 | অক্সিত’চিন হৈছে এবিধ হৰম’ন যি স্তনৰ গাখীৰ ওলাবলৈ সহায় কৰে |
03:17 | পাছত, মাকে নিজে কিছু পৰিমাণৰ গাখীৰ উলিয়াব লাগিব এৰিঅ’লাটো কোমল কৰিবলৈ |
03:23 | ই শিশুটোক স্তনৰ লগত সঠিককৈ যুক্ত হ’বলৈ সহায় কৰিব |
03:27 | স্তনৰ গাখীৰ নিজে হাতেৰে উলিয়াওঁতে, মাকে এৰিঅ’লাটোত হেচিব লাগিব |
03:33 | নিজে হাতেৰে গাখীৰ উলিওৱাৰ পাছত, মাকে এৰিঅ’লাটো শিশুৰ মুখত দিব লাগিব, যিহেতু শিশু এটাৰ বাবে নিজে যুক্ত হোৱাটো কষ্টকৰ হ’ব |
03:43 | দুয়োফালৰ পৰা স্তনপান কৰাবলৈ চেষ্টা কৰিব |
03:46 | স্তনপানৰ মাজত, মাকে স্তনৰ ওপৰত ৫- ১০ মিনিটৰ বাবে ঠাণ্ডা কাপোৰ ৰাখিব লাগে বা, |
03:54 | মাকে স্তনৰ ওপৰত ঠাণ্ডা বন্ধাকবিৰ পাত ৰাখিব পাৰে |
03:58 | তেওঁ এই বন্ধাকবিৰ পাতবিলাক ফ্ৰিজত বা মাটি কলহত জমা ৰাখিব পাৰে |
04:04 | ই স্তনত কোমলতা আৰু ফুলি উঠা কমোৱাত সহায় কৰে |
04:09 | পাছত মাকে কেইবাবাৰো স্তনপান কৰাব লাগে |
04:13 | এতিয়া, আহক স্তন কঠিন হোৱাক ৰোধ কৰিবলৈ শিকো |
04:17 | প্ৰথমে, শিশু এটাৰ ভোকলগাৰ সংকেতসমূহ বুজিবলৈ চেষ্টা কৰো যেনে কলকলোৱা, |
04:25 | ৰুতিং ৰিফ্লেক্স বঢ়া- |
04:28 | ৰুতিং ৰিফ্লেক্সত, শিশুটোৱে তাৰ গাল বা মুখত চোৱা যিকোনো বস্তুৰ ফালে মুৰটো ঘূৰায় |
04:36 | আঙুলিসমূহ চুপে |
04:39 | শেষৰ পৰ্যায়ত, শিশুটোৱে কান্দিবলৈ ধৰে |
04:43 | শিশুটোক স্তনপান কৰাব যেতিয়াই সি ভোকলগাৰ আগতীয়া সংকেতসমূহ দেখুৱাই আৰু শিশুটোৱে কন্দালৈকে নৰ’ব |
04:50 | শিশুটোৱে সঠিককৈ যুক্ত হোৱাক আৰু ভালদৰে স্তনপান কৰাক নিশ্বিত কৰক |
04:55 | মনত ৰাখিব, এটা স্তন সম্পূৰ্ণকৈ খালি কৰক আনটো স্তনলৈ নিয়াৰ আগতে |
05:02 | পাছত, আহক আন এটা স্তনৰ অৱস্থা শিকো যাক মাষ্টাইতিচ বুলি কোৱা হয় |
05:08 | এইটো এটা অৱস্থা য’ত স্তনৰ অংশ এটা ৰঙা, উখলিত আৰু কঠিন হৈ পৰে |
05:14 | মাকে বহুত বিষ, জ্বৰ আৰু বেমাৰ অনুভৱ কৰে |
05:18 | বহুতো মাকৰ প্ৰথম ৬ সপ্তাহত মাষ্টাইতিচ হয় |
05:22 | কিন্তু, ই স্তনপানৰ কালত যিকোনো সময়ত হ’ব পাৰে |
05:27 | ইয়াক কেতিয়াবা স্তন কঠিন হোৱাৰ লগত হতভম্ব হোৱা হয় |
05:31 | তথাপি, স্তন কঠিন হোৱাই গোটেই স্তনটোক বা প্ৰায়ে দুয়োটা স্তনক প্ৰভাবিত কৰে |
05:37 | আনহাতে মাষ্টাইতিচে স্তনৰ অংশ এটাক আৰু প্ৰায়ে মাত্ৰ এটা স্তনক প্ৰভাবিত কৰে |
05:44 | মাষ্টাইতিচ এটা কঠিন হোৱা স্তনত বা বন্ধ নলিৰ নিম্ন অৱস্থাত উৎপন্ন হ’ব পাৰে |
05:51 | এতিয়া, আমি বন্ধ নলিৰ চিকিৎসা নকৰিলে কেনেকৈ মাষ্টাইতিচ উৎপন্ন হ’ব পাৰে তাক আলোচনা কৰিম |
05:59 | বন্ধ নলি হৈছে এটা অৱস্থা যি স্তন এটাৰ অংশ এটাৰ পৰা গাখীৰ নুলিয়ালে হয় |
06:04 | এই নলিটো প্ৰায়ে ডাঠ গাখীৰৰে বন্ধ হোৱা স্তনৰ অংশ হয় |
06:11 | ইয়াৰ দ্বাৰা পিণ্ড গঠন হয় । এই পিণ্ড কোমল হয় আৰু ওপৰৰ চালখন প্ৰায়ে ৰঙচুৱা হয় |
06:20 | বন্ধ নলি আৰু স্তন কঠিন হোৱাই গাখীৰৰ প্ৰবাহ ৰখাই |
06:24 | বন্ধ নলি আৰু স্তন কঠিন হোৱাত যেতিয়া গাখীৰ স্তন এটাৰ অংশ এটাত ৰৈ থাকে, ইয়াক ষ্টাচিচ বুলি কোৱা হয় |
06:32 | যদি এই ষ্টাচিচ আতৰোৱা নহয়, ই স্তনৰ কলাত জ্বলা-পোৰা কৰিব পাৰে । ইয়াক অসংক্ৰমণকাৰী মাষ্টাইতিচ বুলি কোৱা হয় |
06:42 | কিন্তু, কেতিয়াবা স্তনত বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হয় আৰু ইয়াক সংক্ৰমক মাষ্টাইতিচ বুলি কোৱা হয় |
06:51 | নিম্ন অৱস্থাসমূহত, বেক্টেৰিয়া ফাটৰদ্বাৰা সহজেই সোমাব: |
06:56 | যদি স্তনটোত ফাটমেলা থাকে, মাষ্টাইতিচৰ চিকিৎসা কৰা নহয় বা দেৰিকৈ চিকিৎসা কৰা হয় |
07:06 | মন কৰিব যে স্তন ফুলি উঠাটো হৈছে চিকিৎসা নকৰা মাষ্টাইতিচৰ ফল |
07:11 | এতিয়া, আহক মাষ্টাইতিচৰ কাৰণসমূহ আলোচনা কৰো |
07:15 | মাষ্টাইতিচৰ সৰ্বপ্ৰথম কাৰণটো হৈছে কেইবাবাৰো স্তনপান নকৰোৱাটো |
07:21 | যদি স্তনপান কৰোৱা মাক এগৰাকি কৰ্মৰত মহিলা হয় তেন্তে কেইবাবাৰো স্তনপান কৰোৱাটো প্ৰত্যাহ্বানপূৰ্ণ হয় |
07:27 | কেইবাবাৰো স্তনপান নকৰোৱাৰ আন কাৰণ মাকৰ বা শিশু এটাৰ বেমাৰ হ’ব পাৰে |
07:33 | দ্বিতীয়টো হৈছে স্তনাগ্ৰৰ পৰা স্তনপান । স্তনাগ্ৰৰ পৰা স্তনপানত, শিশুটোৱে স্তনটো সম্পূৰ্ণকৈ খালি নকৰিব |
07:40 | তৃতীয়টো হৈছে প্ৰয়োজনতকৈ অধিক গাখীৰ বনা |
07:43 | চতুৰ্থটো হৈছে দ্ৰুত দুগ্ধপান য’ত শিশুটোৱে স্তনৰ গাখীৰৰ সলনি আন খাদ্য খায় |
07:50 | পঞ্চমটো হৈছে টান কাপোৰ- যদি মাকে টান কাপোৰ ব্যৱ্হাৰ কৰে, বিশেষকৈ ৰাতি মাকে যদি এটা টান ব্ৰা পিন্ধে, ই স্তনত হেচা দিব পাৰে আৰু দুগ্ধ নলিসমূহ বন্ধ কৰিব পাৰে |
08:03 | ষষ্ঠটো হৈছে মাতৃসংক্ৰান্ত অৱসাদ - যদি মাকৰ যিকোনো অৱ্সাদপূৰ্ণ অৱস্থা হয়, ই লেত-দাউন ৰিফ্লেক্সক প্ৰভাবিত কৰিব |
08:12 | সপ্তমটো হৈছে স্তনাগ্ৰৰ ফাটমেলা- ইয়াৰ দ্বাৰা বেক্টেৰিয়া স্তনৰ কলাত সোমাব পাৰে আৰু মাষ্টাইতিচ হ’ব পাৰে |
08:22 | আহক মাষ্টাইতিচৰ চিকিৎসা চাওঁ |
08:26 | প্ৰথমে কাৰণটো চিনাক্ত কৰিবলৈ চেষ্টা কৰক আৰু পাছত চিকিৎসা আৰম্ভ কৰক |
08:31 | মাকে স্তনপানৰ আগতে গৰম সেক ল’ব লাগে |
08:35 | বা গৰম পানীৰে গা ধুব লাগে |
08:37 | তেওঁ প্ৰভাবিত স্তনটোৰ পৰা প্ৰথমে স্তনপান আৰম্ভ কৰিব লাগে |
08:42 | যদি বিষ বেছি হয় বা লেত-দাউন ৰিফ্লেক্সক প্ৰভাবিত কৰিছে তেন্তে প্ৰভাবিত নোহোৱা স্তনটোৰ পৰা আৰম্ভ কৰক |
08:50 | মনত ৰাখিব, কেইবাবাৰো স্তনপান কৰোৱাটো দৰকাৰ |
08:55 | যদি উন্মুক্ত ঘা স্তনাগ্ৰত বা এৰিঅ’লাত নাই তেন্তে মাকে প্ৰভাবিত ফালৰ পৰা স্তনপান কৰাব পাৰে |
09:04 | মনত ৰাখিব, যেতিয়া মাকে শিশু এটাক মাষ্টাইতিচ থকা স্তন এটাৰ পৰা স্তনপান কৰায়- |
09:09 | তেওঁ শিশুটোক সংক্ৰমণৰ লক্ষণৰ বাবে মন কৰিব লাগে যিহেতু শিশুটোৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে |
09:17 | যিহেতু প্ৰভাবিত হোৱা স্তনটোৰ গাখীৰত বহুতো ক্ষতিকাৰক বেক্টেৰিয়া থাকিব |
09:24 | স্তনটো মালিচ কৰিলে গাখীৰৰ প্ৰবাহ উন্নত হ’ব পাৰে |
09:28 | প্ৰভাবিত অংশৰ পৰা স্তনাগ্ৰৰ ফালে লাহেকৈ মালিচ কৰিব লাগে |
09:34 | আৰু, মাকে যথেষ্ট আৰাম কৰিব লাগে |
09:37 | যদি লক্ষণসমূহ তীব্ৰ হয় তেন্তে তেওঁ ডাক্তৰক দেখুৱাব লাগে |
09:40 | স্তন ফুলিলে ফুলা অংশত অস্ত্ৰোপচাৰৰ দ্বাৰা নিষ্কাশন কৰিব আৰু জীবাণুৰোধক ল’ব লাগিব |
09:47 | ইয়াৰ উপৰিওঁ, মাকে বিশেষকৈ শৰীৰটো আৰাম কৰিবলৈ আৰু গভীৰভাবে উশাহ ল’বলৈ চেষ্টা কৰিব লাগিব |
09:55 | আনন্দদায়ক সংগীত শুনক আৰু তেওঁৰ শিশুটোৰ বিষয়ে ভাবক লেত-দাউন ৰিফ্লেক্সক আৰম্ভ কৰাত সহায়ৰ বাবে |
10:04 | মনত ৰাখিব, মাষ্টাইতিচ প্ৰতিৰোধ কৰিবলৈ, সঠিককৈ যুক্ত হোৱা দৰকাৰ |
10:09 | ই বন্ধ নলি ত্যাগ কৰিব আৰু শিশুটোৱে যথেষ্ট গাখীৰ পাব |
10:14 | এই সকলো স্তনৰ অৱস্থাক প্ৰতিৰোধ কৰাৰ ছাবি হৈছে - সঠিককৈ যুক্ত হোৱা আৰু শিশু এটাৰ স্থিতি আৰু কেইবাবাৰো স্তনপান কৰোৱা |
10:24 | ইয়াৰ দ্বাৰা আমি এই স্তনপান কৰোৱা মাকসকলৰ স্তনৰ অৱস্থাৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি |
10:31 | এই টিউট’ৰিয়েলটোত, আমি স্তন কঠিন হোৱা আৰু মাষ্টাইতিচৰ বিষয়ে শিকিলো |
10:37 | এই টিউট’ৰিয়েলটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে অবদান দিছে |
10:43 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:56 | এই টিউট’ৰিয়েলটোক WHEELS গ্ল’বেল ফাউন্দেচনে এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে |
11:03 | এই টিউট’ৰিয়েলটো “মা আৰু শিশু পোষণ প্ৰকল্পৰ” এটা অংশ হয় |
11:07 | এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা আৰু ডাঁ তাৰু জিন্দাল, MS ধাত্ৰীবিদ্যা আৰু স্ত্ৰীৰোগবিদ্যা |
11:20 | IIT বম্বেৰ পৰা পুষ্টিবিজ্ঞানী ৰজনী চাৱন্ত, এনিমেতৰ আৰ্থি আনবালাগানে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |