Health-and-Nutrition/C2/Physical-methods-to-increase-the-amount-of-breastmilk/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:02 | স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শাৰিৰীক পদ্ধতিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন শাৰিৰীক পদ্ধতিসমূহ ব্যৱ্হাৰ কৰি স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শিকিম |
00:17 | আহক প্ৰথমে কংগাৰু মাদাৰ কেয়াৰৰ সৈতে আৰম্ভ কৰো |
00:20 | এই পদ্ধতিটোত, শিশুটোক যেতিয়ালৈকে সম্ভৱ কাপোৰ নিপিন্ধাকৈ মাকৰ শৰীৰৰ ওচৰত ৰাখিব লাগে |
00:27 | মন কৰিব যে কংগাৰু মাদাৰ কেয়াৰৰ প্ৰণালিটো একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
00:34 | পাছত, আমি লেত দাউন ৰিফ্লেক্স বা অক্সিত’চিন ৰিফ্লেক্সক উন্নত কৰিবলৈ শিকিম । তাৰ আগতে, আমি জানিব লাগিব যে অক্সিত’চিন কি হয় ? |
00:44 | অক্সিত’চিন হৈছে এবিধ হৰম’ন যি লেত দাউন ৰিফ্লেক্সক উৎসাহিত কৰে যাৰবাবে শিশুটোৰ বিষয়ে ভাবিলেই গাখীৰ উলায় |
00:54 | সেইবাবে, গাখীৰ বাহিৰ উলিয়াবলৈ, প্ৰথমে মাকে আৰাম কৰিব লাগিব আৰু পাছত শান্ত শিশুটোক চাব লাগে |
01:01 | তেওঁ লগতে শিশুটোৰ নোধোৱা কাপোৰ গুন্ধিব পাৰে আৰু মনত আনন্দ দিয়া সংগীতো শুনিব পাৰে |
01:09 | অথবা, গাখীৰ বাহিৰ উলিয়াবলৈ সহায় কৰা আন পদ্ধতিসমূহ হৈছে- গৰম পানীৰ সেক, |
01:16 | পিঠিৰ ওপৰফালৰ মালিচ আৰু স্তনৰ মালিচ |
01:20 | আহক চাওঁ গৰম পানীৰ সেক কেনেকৈ দিয়া হয় |
01:24 | মাকে গৰম পানীৰে গা ধুব লাগে বা তেওঁৰ স্তনত গৰম কাপোৰ এখন ৰাখিব লাগে |
01:30 | এই দুয়োটা পদ্ধতিয়ে স্তনত গাখীৰৰ প্ৰবাহত সহায় কৰিব আৰু গাখীৰ বাহিৰলৈ ওলাব |
01:36 | পাছত, আহক মালিচ কৰাৰ বিষয়ে শিকো |
01:40 | পিঠিৰ ওপৰফাল আৰু ডিঙিৰ মালিচে গাখীৰ মুক্তভাবে প্ৰবাহত সহায় কৰিব, যিহেতু একেদাল স্নায়ু পিঠিৰ ওপৰফাললৈ আৰু স্তনলৈ যায় |
01:49 | স্তনপানৰ আগতে স্তন মালিচ কৰিলে দুগ্ধ নলিসমূহ খোলে |
01:53 | গতিকে, গাখীৰ মুক্তভাবে প্ৰবাহিত হ’ব আৰু স্তনটো সম্পূৰ্ণভাবে খালি হ’ব, যাৰবাবে গাখীৰ অধিক উৎপাদন হ’ব |
02:01 | স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাৰ আন এটা পদ্ধতি হৈছে শিশুটোক সঠিককৈ স্তনৰ লগত যুক্ত হ’বলৈ উৎসাহিত কৰা |
02:09 | আহক তাক কেনেকৈ কৰা হয় চাওঁ |
02:12 | স্তনাগ্ৰটো শিশুটোৰ ওপৰৰ উঠত ঘ্হাওঁক । ই শিশুটোক মুখখন বহলকৈ মেলিবলৈ আৰু সঠিককৈ স্তনৰ লগত যুক্ত হ’বলৈ সহায় কৰিব আৰু শিশুটোক যথেষ্ট গাখীৰ দিব |
02:24 | স্তনপান কৰাওঁতে নিশ্বিত কৰক- |
02:27 | মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰক সমৰ্থন কৰিব লাগে, |
02:30 | শিশুটোৰ পেটে মাকৰ পেটটোক চুব লাগে, |
02:34 | শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে, |
02:39 | শিশুটোৰ নাক মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে, |
02:43 | থুতৰিটো আগৰফালে আনিব লাগে আৰু মাকৰ স্তনটোত হেচিব লাগে, তলৰ উঠখন বাহিৰফালে বেকা হ’ব লাগে |
02:50 | নিশ্বিত কৰক যে- শিশুটোৱে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ লয় যাতে, ওপৰৰ এৰিঅ’লাটো তলৰ এৰিঅ’লাটোতকৈ বেছিকৈ দেখাপোৱা যায় |
03:01 | মন কৰিব, স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা |
03:05 | পাছত, আহক আন এটা শাৰিৰীক পদ্ধতি চাওঁ যি হৈছে লাহেকৈ স্তনটো টিপা |
03:12 | তাক কৰিবলৈ, স্তনপানৰ সময়ত লাহেকৈ স্তনটো ধৰি টিপক |
03:17 | দুগ্ধ নলিসমূহত লাহেকৈ চাপ পৰিলে অধিক গাখীৰ উলাবলৈ সহায় কৰে |
03:22 | ই শিশুটোৰ প্ৰতিটো চোপনত অধিক গাখীৰ উলাবলৈ সহায় কৰিব |
03:27 | স্তনটো লাহেকৈ টিপাৰ বিষয়ে একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
03:33 | এটা জৰুৰী কথা হৈছে, ৰাতিৰ সময়ত স্তনপান কৰোৱাটো দৰকাৰ । আহক বুজো কিয় ? |
03:41 | ৰাতিৰ সময়ত স্তনৰ গাখীৰত প্ৰ’লেক্টিন হ’ৰমন বেছি পৰিমাণে থাকে |
03:46 | যেতিয়া শিশুটোৱে ৰাতিৰ সময়ত অধিক স্তনপান কৰে, ই স্তনপানৰ সময়ত গাখীৰৰ পৰিমাণক উন্নত কৰে, যি শিশুটোৰ বৃদ্ধিত সহায় কৰে |
03:56 | স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাৰ আন এটা গুৰূত্বপূৰ্ণ ফেক্টৰ হৈছে কেইবাবাৰো স্তনপান কৰা |
04:04 | শিশুটোক ২৪ ঘন্টাৰ ভিতৰত অতিকমেও ১০-১২ বাৰ স্তনপান কৰাব লাগে । আৰু, লগতে ৰাতিৰ সময়ত অতিকমেও ২-৩ বাৰ স্তনপান কৰোৱাটো দৰকাৰ |
04:15 | শিশুটোক ভোকত নাৰাখিব |
04:17 | ভোকলগাৰ আগতীয়া সংকেতসমূহ চাব লাগে যেনে শিশুটোৱে বাহু আৰু ভৰি লৰোৱা |
04:24 | শিশুটোৱে তাৰ গালত চোৱা যিকোনো বস্তুৰ ফালে ঘূৰে আৰু তাৰ মুখখন মেলে |
04:30 | মনত ৰাখিব, শিশুটোৱে কান্দিবলৈ ধৰাটো হৈছে ভোকলগাৰ শেহতীয়া সংকেত । সেইবাবে, শিশুটোক ভোকলগাৰ আগতীয়া সংকেতসমূহত স্তনপান কৰাব |
04:39 | লগতে, পাছ্ফালৰ গাখীৰ উলিওৱাটো দৰকাৰ । পাছ্ফালৰ গাখীৰ হৈছে স্তনটোৰ পিছৰ অংশত জমা হৈ থকা গাখীৰ |
04:49 | ই চৰ্বিৰে গঠিত হয় । ই ঘনত্বত ডাঠ হয় |
04:53 | সেইবাবে, মাকে এটা স্তন সম্পূৰ্ণকৈ খালি হোৱাটো নিশ্বিত কৰিব লাগে আৰু তেতিয়া আনটো স্তন দিব লাগে |
05:00 | এতিয়া, আহক শিশুটোক স্তনপান কৰোৱাৰ পাছত স্তনৰ পৰা গাখীৰ উলিওৱাৰ বিষয়ে আলোচনা কৰো |
05:06 | ই হৈছে মাকে নিজৰ হাতেৰে গাখীৰ উলিওৱাটো |
05:11 | তাক কৰিবলৈ, মাকে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ স্তনটোৰ এৰিঅ’লা আৰু তাৰ বাহিৰৰ ভাগত ৰাখে |
05:19 | পাছত লাহেকৈ এৰিঅ’লাটো বুকুখনৰ ভিতৰৰ ফালে হেচে আৰু এৰে |
05:26 | ইয়াক শিশুটোৱে সম্পূৰ্ণকৈ গাখীৰ খালেওঁ কৰিব লাগে |
05:31 | দুবাৰ স্তনপান কৰোৱাৰ মাজতো মাকে গাখীৰ উলিওৱা উচিত |
05:35 | কেইবাবাৰো গাখীৰ উলিয়ালে স্তনৰ গাখীৰৰ পৰিমাণ উন্নত হ’ব |
05:40 | নিম্নখিনি সদায় মনত ৰাখিব: কৃত্ৰিম স্তনাগ্ৰ আৰু বটলৰ গাখীৰ ব্যৱ্হাৰ নকৰিব যিহেতু ই মাকৰ গাখীৰ কমাব |
05:50 | গৰু বা ছাগলিৰ গাখীৰ বা বটলৰ গাখীৰ নুখুৱাব |
05:54 | স্তনাগ্ৰৰ ঢাকনি ব্যৱ্হাৰ নকৰিব যিহেতু ই শিশুটোৰ বাবে বিশৃঙ্খলতা সৃষ্টি কৰিব |
05:59 | মনত ৰাখিব, ভোকলগাৰ আগতীয়া সংকেতসমূহ দেখিলেই শিশুটোক স্তনপান কৰাব |
06:06 | স্বাস্থ্য কৰ্মীয়ে সঠিককৈ যুক্ত হোৱাৰ কৌশলৰ বিষয়ে শিকাই মাকৰ আত্মবিশ্বাস বঢ়াব লাগে |
06:12 | দৈনিক শিশুটোৰ ওজন নিৰীক্ষণ কৰক নিশ্বিত কৰিবলৈ যে শিশুটোৰ ওজন যাতে প্ৰতিদিনে ২৫ ৰ পৰা ৩০ গ্ৰাম বাঢ়ে |
06:21 | ইয়াৰ দ্বাৰা আমি এই স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ শাৰিৰীক পদ্ধতিসমূহৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |