Linux/C2/Ubuntu-Desktop-16.04/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ আৰু উবুন্তো লিনাক্স দেস্কট’প 16.04 ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত আমি শিকিম উবুন্তো লিনাক্স দেস্কট’পৰ বিষয়ে gnome পৰিবেশত |
00:17 | আৰু উবুন্তো দেস্কট’পত কিছু কমন এপ্লিকেচনচ |
00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই উবুন্তো লিনাক্স 16.04 OS ব্যৱ্হাৰ কৰিছো |
00:29 | উবুন্তো দেস্কট’প দেখিবলৈ এনেকুৱা হয় |
00:33 | আপুনি ল’ঞ্চাৰক স্ক্ৰিণৰ বাওঁহাতৰ ফালে দেখিব |
00:37 | আমি ল’ঞ্চাৰক কেনেকৈ লুকুৱাব পাৰো? |
00:40 | তাক কৰিবলৈ, বাওঁফালে ল’ঞ্চাৰলৈ যাওঁক । চিষ্টেম চেতিংগচ আইকনত ক্লিক কৰক |
00:47 | চিষ্টেম চেতিংগচ উইন্দ’ত, এপিয়াৰেঞ্চত ক্লিক কৰক |
00:51 | এপিয়াৰেঞ্চ উইন্দ’ত, Behavior টেবত ক্লিক কৰক |
00:56 | ইয়াত, Auto-hide দ ল’ঞ্চাৰক ON প’জিচনলৈ নিয়ক |
01:01 | এতিয়া, ল’ঞ্চাৰ লুকাই থাকিব |
01:04 | যদি ল’ঞ্চাৰ লুকাই থাকে, ইয়াত দেখুৱাৰ দৰে, তেন্তে আমি ইয়াক পুনৰ দৰ্শিত কৰিব পাৰো |
01:10 | তাক কৰিবলৈ, কাৰ্চৰ দাল স্ক্ৰিণৰ একেবাৰে বাওঁফালে নিয়ক |
01:15 | ল’ঞ্চাৰ দৰ্শিত হ’ব |
01:18 | কাৰ্চৰ দাল আতৰ কৰক আৰু ল’ঞ্চাৰ পুনৰ লুকাই থাকিব |
01:23 | এপিয়াৰেঞ্চ উইন্দ’লৈ ঘূৰি আহক আৰু Auto-hide দ ল’ঞ্চাৰক OFF প’জিচনলৈ নিয়ক |
01:30 | এই উইন্দ’ক বন্ধ কৰক ওপৰত বাওঁফালে থকা সৰু X আইকনত ক্লিক কৰি |
01:37 | মন কৰিব, দিফল্টভাবে ল’ঞ্চাৰত কিছু আইকনচ থাকে |
01:42 | ল’ঞ্চাৰৰ একেবাৰে ওপৰত, আপুনি দাচ হ’ম আইকন দেখিছে |
01:47 | দাচ হ’ম হৈছে এটা ইন্তাৰফেচ যি উবুন্তো লিনাক্সত স্ক্ৰিণ এখনত সকলো এপ্লিকেচনচৰ এক্সেচ দিয়ে |
01:55 | দাচ হ’ম খুলিবলৈ, ইয়াত ক্লিক কৰক |
01:59 | ওপৰত স্পষ্টভাবে, আপুনি চাৰ্চ বাৰ ফিল্দ দেখিব |
02:04 | এতিয়া, আমি নিৰ্দিষ্ট এপ্লিকেচন এটা কেনেকৈ বিচাৰিম? মাত্ৰ এপ্লিকেচনৰ নামটো লিখক যাক আপুনি বিচাৰিছে আৰু আপুনি ইয়াক লগে লগে পাব । ই তেনেই সহজ! |
02:16 | আহক কেলকুলেতৰ এপ্লিকেচনটো বিচাৰিবলৈ চেষ্টা কৰো |
02:20 | গতিকে, চাৰ্চ বাৰ ফিল্দত, লিখক C a l c |
02:26 | সকলো এপ্লিকেচনচ যাৰ নামত c a l c আছে, লিষ্টেদ হ’ব |
02:32 | ইয়াত মন কৰিব - LibreOffice Calc আৰু কেলকুলেতৰ দুয়োটা লিষ্টেদ হৈছে |
02:37 | কেলকুলেতৰ আইকনত ক্লিক কৰক । কেলকুলেতৰ এপ্লিকেচন এতিয়া স্ক্ৰিণত খুলিছে |
02:45 | কেলকুলেতৰে এৰিথমেতিক, চাইন্তিফিক বা ফাইনেনচিয়েল গণনাত সহায় কৰে |
02:52 | আহক কিছু সৰল গণনা চেষ্টা কৰো |
02:55 | লিখক 5 asterix 8 আৰু ইকুৱেল তু চিহ্নত ক্লিক কৰক |
03:02 | ইকুৱেল তু চিহ্নত ক্লিক কৰাৰ পৰিবৰ্তে, আপুনি কীবৰ্দত এন্টাৰ কী টিপিব পাৰে |
03:09 | উত্তৰটো কেলকুলেতৰত দৰ্শিত হৈছে |
03:13 | এনেদৰেই, আমি কেলকুলেতৰ এপ্লিকেচন ব্যৱ্হাৰ কৰি সকলো ধৰণৰ গণনা কৰিব পাৰো |
03:20 | এতিয়া উইন্দ’ৰ ওপৰত বাওঁফালে থকা এই সৰু X আইকনত ক্লিক কৰি কেলকুলেতৰ বন্ধ কৰক |
03:28 | আহক উবুন্তো লিনাক্স OS ত থকা কিছু অন্য দৰকাৰী এপ্লিকেচনচৰ সৈতে পৰিচয় হওঁ |
03:34 | তাৰ বাবে, আমি দাচ হ’মলৈ ঘূৰি যাম |
03:38 | চাৰ্চ বাৰত, আহক লিখো gedit । gedit হৈছে উবুন্তো লিনাক্স OS ত দিফল্ট টেকস্ত এদিতৰ |
03:48 | টেকস্ত এদিতৰ আইকন তলত আহিছে । আহক ইয়াক খুলিবলৈ তাত ক্লিক কৰো |
03:55 | আপুনি বৰ্তমান স্ক্ৰিণত যি দেখিছে, সি হৈছে gedit টেকস্ত এদিতৰ উইন্দ’ |
04:00 | আহক মই ইয়াত কিছু টেকস্ত লিখো । যেনে, লিখক "Hello World" |
04:07 | ফাইলটো ছেভ কৰিবলৈ, কীবৰ্দত একেলগে Ctrl আৰু S কীচ টিপক |
04:14 | নতুবা, আমি ক্লিক কৰিব পাৰো ফাইল আৰু পাছত ছেভ |
04:20 | এতিয়া, এটা দাইল’গ বক্স আহিছে “Save as” নামৰ । ই সুধিছে এটা ফাইলনেম আৰু ল’কেচনৰ বাবে য’ত ফাইলটো ছেভ হ’ব |
04:31 | গতিকে আহক নামটো "Hello.txt" হিচাবে লিখো |
04:36 | .txt হৈছে টেকস্ত ফাইল এটাৰ দিফল্ট এক্সতেনচন |
04:41 | আৰু ল’কেচনৰ বাবে, আহক দেস্কট’প বাচো । আৰু তলত ছেভ বুটামত ক্লিক কৰক |
04:49 | আহক এতিয়া উইন্দ’ৰ ওপৰত বাওঁফালে থকা এই সৰু X আইকনত ক্লিক কৰি এই gedit উইন্দ’ বন্ধ কৰো |
04:57 | দেস্কট’পত আমি Hello.txt ফাইলটো দেখিছো । ই বুজায় যে আমাৰ টেকস্ত ফাইল সফলভাবে ছেভ হ’ল |
05:05 | মই ফাইলটো খুলিম তাত দুবাৰ-ক্লিক কৰি |
05:09 | চাওঁক আমাৰ টেকস্ত ফাইল লিখা আখৰৰ সৈতে খুলিছে |
05:14 | ইন্টাৰনেতত gedit টেকস্ত এদিতৰৰ বিষয়ে বহুতো তথ্য আছে |
05:19 | এই ওৱেবচাইতত লগতে এই বিষয়ে কিছু স্প’কেন টিউট’ৰিয়েলচ উপলদ্ধ |
05:25 | আহক এই টেকস্ত এদিতৰ বন্ধ কৰো আৰু অন্য এটা এপ্লিকেচন চাওঁ যি হৈছে টাৰ্মিনেল |
05:32 | গতিকে আহক দাচ হ’মলৈ পুনৰ এবাৰ যাওঁ । এতিয়া চাৰ্চ বাৰ ফিল্দত টাৰ্মিনেল শব্দটো লিখক |
05:41 | টাৰ্মিনেল আইকনত ক্লিক কৰক, যি তলত আহিছে |
05:45 | টাৰ্মিনেল উইন্দ’ স্ক্ৰিণত খুলিছে । মন কৰিব: টাৰ্মিনেল খুলিবলৈ চৰ্তকাত হৈছে Ctrl+Alt+T কীচ |
05:55 | টাৰ্মিনেলক লগতে কমান্দ লাইন বুলি কোৱা হয় । কাৰণ আপুনি ইয়াৰ পৰা কম্পিউটাৰক কমান্দ কৰিব পাৰে |
06:02 | আচলতে ই GUI তকৈ অধিক শক্তিশালী হয় |
06:06 | মই টাৰ্মিনেল উইন্দ’লৈ ঘূৰি যাওঁ |
06:09 | এতিয়া আহক এটা সৰল কমান্দ লিখো টাৰ্মিনেলৰ অনুভৱ এটা পাবলৈ । লিখক 'ls' আৰু এন্টাৰ টিপক |
06:18 | আপুনি বৰ্তমান দাইৰেক্তৰীৰ সকলো ফাইলচ আৰু ফ’ল্দাৰচৰ তালিকা এখন দেখিছে |
06:23 | ইয়াত, ই ফাইলচ আৰু ফ’ল্দাৰচ হ’ম ফ’ল্দাৰৰ পৰা দৰ্শিত কৰিছে |
06:28 | আমি এই টিউট’ৰিয়েলটোত পাছত হ’ম ফ’ল্দাৰ কি হয় চাম |
06:33 | আমি এতিয়া টাৰ্মিনেলৰ সৈতে আৰু সময় নকটাওঁ |
06:37 | টাৰ্মিনেল বন্ধ কৰক উইন্দ’ৰ ওপৰত বাওঁফালে থকা সৰু X আইকনত ক্লিক কৰি |
06:43 | টাৰ্মিনেল কমান্দসমূহক এই ওৱেবচাইতৰ লিনাক্স স্প’কেন টিউট’ৰিয়েল চিৰিজত ভালদৰে বৰ্ণনা কৰা হৈছে |
06:49 | এতিয়া, আহক অন্য এটা এপ্লিকেচনলৈ যাওঁ যিহৈছে ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ |
06:55 | পুনৰ এবাৰ, দাচ হ’ম খোলক । চাৰ্চ বাৰত লিখক ফায়াৰফক্স |
07:01 | ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ আইকনত ক্লিক কৰক |
07:05 | ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ ব্যৱহৃত হয় world wide web এক্সেচ কৰিবলৈ । এতিয়া আমি দেখিছো যে ফায়াৰফক্স ব্ৰাউজাৰ খুলিছে |
07:15 | আহক স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতলৈ যাওঁ । তাৰ বাবে, এদ্ৰেচ বাৰত ক্লিক কৰক বা কীবৰ্দত F6 টিপক |
07:24 | এতিয়া আহক লিখো "spoken-tutorial.org" আৰু এন্টাৰ টিপক |
07:31 | যদি আপোনাৰ ইন্টাৰনেত কানেক্তিভিতি আছে, তেন্তে ফায়াৰফক্সে প্ৰদত্ত ওৱেবচাইতলৈ সংযোগ কৰিব |
07:37 | স্প’কেন টিউট’ৰিয়েল হ’মপেজ ব্ৰাউজাৰত খুলিছে |
07:41 | আহক ইয়াক বন্ধ কৰো আগতে দৰ্শোৱা ধৰণে, আৰু পাছৰ এপ্লিকেচনটোলৈ যাওঁ |
07:47 | গতিকে, আহক পুনৰ এবাৰ দাচ হ’মলৈ যাওঁ আৰু চাৰ্চ বাৰত লিখক অফিচ |
07:53 | আপুনি বিভিন্ন LibreOffice উপাদান দেখিব যেনে Calc, Impress, Writer আৰু Draw |
08:01 | LibreOffice হৈছে উবুন্তো লিনাক্স OS ত দিফল্ট অফিচ এপ্লিকেচন |
08:07 | এই সকলো উপাদানৰ বাবে উৎকৃষ্ট টিউট’ৰিয়েলচ স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতত উপলদ্ধ |
08:13 | এতিয়া আহক ভিদিঅ’ অপচনক চাওঁ |
08:17 | চাৰ্চ বাৰত লিখক ভিদিঅ’ |
08:20 | দৰ্শিত হোৱা তালিকাত, আমাৰ এটা এপ্লিকেচন আছে ভিদিঅ’চ নামৰ |
08:25 | ভিদিঅ’চ ব্যৱহৃত হয় ভিদিঅ’চ আৰু গান প্লে কৰিবলৈ । দিফল্টভাবে, ই মাত্ৰ অপেন ফৰ্মেত ভিদিঅ’ ফাইলচহে প্লে কৰে |
08:34 | গতিকে মই চেম্প’ল ফাইল এটা মোৰ পেন-দ্ৰাইভৰ পৰা প্লে কৰিম |
08:38 | এতিয়া মই মোৰ পেন-দ্ৰাইভটো মেচিনত usb slot এটাত ভৰাইছো । পেন-দ্ৰাইভ ফ’ল্দাৰ স্বয়ংক্ৰিয়ভাবে খুলিছে |
08:47 | যদি ই নুখুলে, আমি ইয়াক ল’ঞ্চাৰৰ পৰা এক্সেচ কৰিব পাৰো |
08:52 | ল’ঞ্চাৰত পেন-দ্ৰাইভ আইকনটো বিচাৰক |
08:56 | যদি আমি ইয়াত ক্লিক কৰো, ই পেন-দ্ৰাইভত উপলদ্ধ ফাইলচ আৰু ফ’ল্দাৰচ দেখুৱায় |
09:02 | এতিয়া মই big buck bunny.ogv চিনেমা ফাইলটো প্লে কৰিবলৈ বাচিম |
09:08 | এইটো মোৰ ফাইলটো । মই ইয়াত দুবাৰ-ক্লিক কৰিম খুলিবলৈ |
09:14 | ই দিফল্টভাবে ভিদিঅ’চ ত খুলে |
09:17 | আহক চিনেমা প্লে কৰাক বন্ধ কৰো |
09:20 | এতিয়া আহক Ctrl, Windows আৰু D কীচ টিপো দেস্কট’পলৈ যাবলৈ |
09:26 | এতিয়া আহক এই দেস্কট’পত অন্য কিছু দৰকাৰী বস্তু চাওঁ |
09:31 | মন কৰিব ফ’ল্দাৰ আইকন ল’ঞ্চাৰত অৱস্থিত । ইয়াত ক্লিক কৰো |
09:37 | হ’ম ফ’ল্দাৰ খুলিছে |
09:39 | উবুন্তো লিনাক্সত প্ৰতিটো ইউজাৰৰ এটা বিশিষ্ট হ’ম ফ’ল্দাৰ থাকে |
09:44 | আমি ক’ব পাৰো যে হ’ম ফ’ল্দাৰ হৈছে আমাৰ ঘৰ, য’ত আমি আমাৰ ফাইলচ আৰু ফ’ল্দাৰচ জমা ৰাখিব পাৰো । আমি অনুমতি নিদিয়ালেকে, আনে তাক চাব নোৱাৰে |
09:56 | ফাইল পাৰমিচনচৰ বিষয়ে অধিক তথ্য লিনাক্স স্প’কেন টিউট’ৰিয়েল চিৰিজত উপলদ্ধ |
10:03 | আহক ঘূৰি যাওঁ । আমাৰ হ’ম ফ’ল্দাৰত, আমি অন্য ফ’ল্দাৰচ দেখিব পাৰো যেনে দেস্কট’প, দ’কোমেন্তচ, দাউনল’দচ, ইত্যাদি |
10:14 | লিনাক্সত প্ৰতিটো বস্তু হৈছে এটা ফাইল । আহক দেস্কট’প ফ’ল্দাৰ খুলো ইয়াত দুবাৰ-ক্লিক কৰি |
10:21 | ইয়াত, আমি দেখিছো একেটা ফাইল "hello.txt" যি আমি টেকস্ত এদিতৰৰ পৰা ছেভ কৰিছিলো |
10:28 | গতিকে এই ফ’ল্দাৰটো আৰু দেস্কট’প একেই হয় |
10:32 | মই এতিয়া এই ফ’ল্দাৰটো বন্ধ কৰো । এয়াই সকলো এই টিউট’ৰিয়েলৰ বাবে । আহক মূলভাব চাওঁ |
10:39 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, উবুন্তো দেস্কট’প, ল’ঞ্চাৰ আৰু ইয়াত উপলদ্ধ কিছু আইকনচৰ বিষয়ে |
10:49 | কিছু কমন এপ্লিকেচনচ যেনে কেলকুলেতৰ, টেকস্ত এদিতৰ, টাৰ্মিনেল, ফায়াৰফক্স ওৱেব ব্ৰাউজাৰ, ভিদিঅ’চ আৰু LibreOffice Suite উপাদানসমূহ আৰু হ’ম ফ’ল্দাৰ |
11:04 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:12 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:25 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক |
11:30 | মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
11:40 | স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে । অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
11:50 | ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
11:59 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:11 | এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |