Linux-Old/C2/Ubuntu-Software-Center/Assamese
From Script | Spoken-Tutorial
Revision as of 17:49, 6 September 2018 by Nancyvarkey (Talk | contribs)
Time | Narration |
---|---|
00:00 | উবুণ্টু চফট্ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম। |
00:04 | এই টিউটৰিয়েলত আমি শিকিম— উবুণ্টু চফট্ৱেৰ কেনেকৈ, |
00:09 | উবুণ্টু অপাৰেটিং চিচটেমত চফট্ৱেৰ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰা হয়। |
00:16 | উবুণ্টু চফট্ৱেৰ চেণ্টাৰনো কি? |
00:18 | ই হৈছে উবুণ্টু অপাৰেটিং চিচটেমত চফট্ৱেৰ পৰিচালনা কৰা এটা আহিলা। |
00:23 | ইয়াক চফট্ৱেৰ সন্ধান, ডাউনলোড, ইনষ্টল, আপডেট বা আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। |
00:30 | উবুণ্টু চফট্ৱেৰ চেণ্টাৰে প্ৰতিটো চফট্ৱেৰৰ পৰ্যালোচনা আৰু ৰেটিংও প্ৰদৰ্শন কৰে। |
00:36 | ইয়াৰ ফলত ব্যৱহাৰ কৰাৰ আগতেই চফট্ৱেৰটোৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰে। |
00:41 | ই চফট্ৱেৰটোৰ এক ক্ৰমিক বুৰঞ্জীও সংৰক্ষণ কৰে। |
00:45 | এই স্পকেন টিউটৰিয়েলত আমি উবুণ্টু ভাৰ্চন 11.10-অত উবুণ্টু চফট্ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰিছোঁ। |
00:52 | এই টিউটৰিয়েল শিকি যাবৰ বাবে |
00:54 | আপুনি ইণ্টাৰনেটৰ সৈতে যুক্ত হৈ থকাটো প্ৰয়োজনীয়। |
00:56 | আপুনি চিচটেম এডমিনিষ্ট্ৰেটৰ হোৱাটো অথবা আপোনাৰ চফট্ৱেৰ ইনষ্টল কৰিবলৈ এডমিনিষ্ট্ৰেটৰ ৰাইট থকাটো প্ৰয়োজনীয়। |
01:04 | আপোনাৰ Launcher-অত থকা উবুণ্টু চফট্ৱেৰ চেণ্টাৰ আইকনত ক্লিক কৰক। |
01:08 | ই উবুণ্টু চফট্ৱেৰ চেণ্টাৰ উইণ্ড’ খোল খুৱায়। |
01:12 | উইণ্ড’খনৰ ওপৰৰ বাওঁফালে All Software, Installed আৰু History বাটন দেখা পোৱা যায়। |
01:19 | ওপৰৰ সোঁকোণত Search ঘৰটো দেখা যায়। |
01:23 | উবুণ্টু চফট্ৱেৰ চেণ্টাৰ উইণ্ড’খন দুটা পেনেলত বিভক্ত হৈ থাকে। |
01:28 | বাওঁফালৰ পেনেলখনে চফট্ৱেৰৰ কেটেগৰী তালিকা প্ৰদৰ্শন কৰে। |
01:33 | সোঁফালৰ পেনেলখনে What’s New আৰু Top Rated প্ৰদৰ্শন কৰে। |
01:38 | What’s New পেনেলখনে নতুনকৈ প্ৰকাশ কৰা চফট্ৱেৰৰ তালিকা দেখুৱায়। |
01:42 | Top Rated পেনেলখনে ব্যৱহাৰকীৰৰ পৰা বেছি ৰেটিং পোৱা আৰু সঘনাই ডাউনলোড হোৱা চফট্ৱেৰৰ তালিকা প্ৰদৰ্শন কৰে। |
01:51 | আহক, আমি কেটেগৰী ভিত্তিত চফট্ৱেৰ বিচাৰি চাওঁ। |
01:55 | বাওঁফালৰ পেনেলৰ Internet-অত ক্লিক কৰক। |
01:58 | ইণ্টাৰনেট চফট্ৱেৰৰ আৰু ইণ্টাৰনেট কেটেগৰীৰ বেছি ৰেটিং পোৱা চফট্ৱেৰৰ এখন তালিকা প্ৰদৰ্শিত হয়। |
02:05 | লক্ষ্য কৰক যে কিছুমান চফট্ৱেৰ এটা বৃত্তৰ ভিতৰত এটা শুদ্ধ চিনেৰে প্ৰদৰ্শিত হৈছে। |
02:10 | ই এই কথা সূচায়ছে যে সেই চফট্ৱেৰটো ইতিমধ্যেই আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে। |
02:15 | ইণ্টাৰনেট কেটেগৰীৰ অধিক চফট্ৱেৰ চাবলৈ All আইকনত ক্লিক কৰক। |
02:21 | ইণ্টাৰনেট কেটেগৰীৰ সকলো চফট্ৱেৰ উইণ্ড’খনত প্ৰদৰ্শিত হয়। |
02:26 | আপুনি চফট্ৱেৰবিলাক ‘নাম হিচাপে’, ‘বেছি ৰেটিং পোৱা হিচাপে’ অথবা ‘নতুনবিলাক প্ৰথমতে হিচাপে’ও সজাব পাৰে। |
02:32 | ওপৰৰ সোঁকোণত থকা ড্ৰপ-ডাউনত ক্লিক কৰোঁ আহক। |
02:36 | তালিকাখনৰ পৰা By Top Rated নিৰ্বাচন কৰক। |
02:40 | ইণ্টাৰনেট চফট্ৱেৰবিলাক ৰেটিঙৰ ক্ৰম অনুযায়ী সজ্জিত হৈছে। |
02:45 | আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্ৱেৰৰ সম্পূৰ্ণ তালিকা চাবলৈ |
02:50 | Installed বাটনত ক্লিক কৰক |
02:53 | চফট্ৱেৰৰ কেটেগৰী প্ৰদৰ্শিত হয়। |
02:56 | Sound and Video-অৰ সন্মুখত থকা সৰু তিনিকোণীয়া বাটনত ক্লিক কৰক। |
03:02 | চাউণ্ড আৰু ভিডিঅ’ৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্ৱেৰৰ তালিকা প্ৰদৰ্শিত হয়। |
03:08 | এতিয়া All Software-অত ক্লিক কৰোঁ আৰু ড্ৰপ-ডাউনখনৰ পৰা Provided by Ubuntu নিৰ্বাচন কৰোঁ। |
03:14 | উবুণ্টুৱে যোগান ধৰা সকলোবোৰ চফট্ৱেৰৰ তালিকা দেখা যায়। |
03:19 | এতিয়া, আহক আমি VLC Media Player চফট্ৱেৰটো ইনষ্টল কৰোঁ। |
03:24 | ওপৰৰ সোঁফালে থকা Search বাকচত VLC বুলি টাইপ কৰক। |
03:29 | VLC Media Player প্ৰদৰ্শিত হয়। |
03:33 | এতিয়া Install-অত ক্লিক কৰক। |
03:35 | অথেণ্টিকেশ্যন ডায়লগ বাকচটো ওলায়। |
03:38 | আপোনৰ চিচটেমৰ পাছৱৰ্ড ভৰাওক। |
03:42 | Authenticate-অত ক্লিক কৰক। |
03:44 | বাৰডাল লক্ষ্য কৰক, ই দেখুৱাইছে যে VLC ইনষ্টল হৈ আছে। |
03:50 | ইনষ্টল কৰিবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইনষ্টলেশ্যনে কিছু সময় ল’ব পাৰে। |
03:57 | ওপৰত থকা বাটনেও ইনষ্টলেশ্যনৰ প্ৰগতি দৰ্শায়। |
04:02 | ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অন্যান্য চফট্ৱেৰ একচেচ কৰিব পাৰে। |
04:07 | VLC ইনষ্টল হৈ যোৱাৰ পিছত VLC-ৰ কাষত এটা সৰু শুদ্ধ চিন দেখা পোৱা যায়। |
04:13 | সোঁকাষে Remove বাটনটো প্ৰদৰ্শিত হয়। |
04:17 | আপুনি যদি VLC আনইনষ্টল কৰিব বিচাৰে, তেনেহ’লে Remove বাটনত সাধাৰণভাৱে ক্লিক কৰক। |
04:23 | একেধৰণেই, অন্যান্য চফট্ৱেৰ আপুনি বিচাৰিব আৰু ইনষ্টল কৰিব পাৰে। |
04:29 | এতিয়া, আহক আমি History চাওঁ। |
04:31 | ই আমি কৰা সকলোবোৰ সাল-সলনি, যেনে— ইনষ্টলেশ্যন, |
04:37 | আপডেট আৰু চফট্ৱেৰ গুচাই পেলোৱা আদি চাবলৈ দিয়ে। |
04:40 | History-ত ক্লিক কৰক। History ডায়লগ বাকচটো ওলায়। |
04:45 | আপুনি আপোনাৰ হিষ্টৰী All Changes, Installation, Updates আৰু Removals হিচাপে চাব পাৰে। |
04:51 | All Changes-অত ক্লিক কৰক। |
04:53 | সকলোবোৰ সাল-সলনি অৰ্থাৎ ইনষ্টলেশ্যন, আপডেট আৰু ৰিমুভেলচৰ এখন তালিকা প্ৰদৰ্শিত হয়। |
05:01 | আপুনি ইনষ্টল হৈ থকা চফট্ৱেৰ নিয়মিতভাৱে আপডেটো কৰিব পাৰে। |
05:07 | উবুণ্টু আৰু উবুণ্টু চফট্ৱেৰ চেণ্টাৰ সম্পৰ্কীয় অধিক তথ্য উবুণ্টু ৱেবচাইটত পাব।<Pause> |
05:17 | উবুণ্টু চফট্ৱেৰ চেণ্টাৰ সম্পৰ্কীয় টিউটৰিয়েলৰ ইয়াতে সামৰণি পৰিছে। |
05:21 | এই টিউটৰিয়েলত আমি উবুণ্টু চফট্ৱেৰ চেণ্টাৰ কেনেকৈ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে শিকিলো। |
05:26 | উবুণ্টু অপাৰেটিং চিচটেমত চফট্ৱেৰ কেনেকৈ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰা হয়, সেই বিষয়েও শিকিলো। |
05:36 | এইখিনিতে আপোনাৰ বাবে কৰিবলগীয়া কাম— |
05:39 | উবুণ্টু চফট্ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰি Thunderbird ডাউনলোড আৰু ইনষ্টল কৰক। |
05:46 | এই লিংকত থকা ভিডিঅ’টো চাওক— |
05:49 | ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
05:52 | If you do not have good bandwidth, you can download and watch it আপোনাৰ বেণ্ডৱাইথ ভাল নহ’লে আপুনি সেইটো ডাউনলোড কৰিও চাব পাৰে। |
05:57 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটোৱে |
05:59 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে, |
06:02 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। |
06:06 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
06:12 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06:17 | ইয়াত National Mission on Education through ICT, MHRD, Government of India -ই সহায়তা আগবঢ়াইছে। |
06:24 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
06:28 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
06:35 | এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |