Xfig/C2/Feedback-control-diagram/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | এক্সফিগ ব্যবহাৰ কৰি ফিডবেক ডায়েগ্ৰাম সৃষ্টি কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম। |
00:07 | ব্লক ডায়েগ্ৰাম সৃষ্টিৰ কথন প্ৰশিক্ষণত, আমি ইয়াত দেখুওৱা ডায়েগ্ৰাম সৃষ্টি কৰিছিলো। |
00:14 | আমি ইয়াক ব্লকছ প্ৰশিক্ষণ হিচাপে উল্লেখ কৰিম। |
00:18 | বৰ্তমানৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি ব্লক প্ৰশিক্ষণত নিপুণতা লাভ কৰি লওক। |
00:22 | এই প্ৰশিক্ষণত, এই পৃষ্ঠাটোত দেওুওৱা ধৰণৰ ব্লক ডায়েগ্ৰাম কেনেকৈ প্ৰস্তুত কৰে, সেই বিষয়ে ব্যাখ্যা কৰিম। |
00:31 | মই Xfig version 3.2, patch level 5 ব্যৱহাৰ কৰিম। |
00:37 | আমি ব্লকচ প্ৰশিক্ষণত তৈয়াৰ কৰা block.fig-ৰে এই প্ৰশিক্ষণ আৰম্ভ কৰিম। |
00:43 | আমি Xfig-অলৈ যাওঁ ব’লক। |
00:47 | এতিয়া ফাইলটো বাছনি কৰোঁ আৰু খোলোঁ। |
00:52 | আমি এণ্ট্ৰি বাকচটোত “Block” লিখি এণ্টাৰ টিপি দিব পাৰোঁ বা block.fig-অত দুবাৰ ক্লিক কৰিও ইয়াক খুলিব পাৰোঁ। |
01:04 | File-অত 'চেভ এজ’ বিকল্পটো ব্যৱহাৰ কৰি আমাৰ এই ফিগাৰটোক ফিডবেক হিচাপে চেভ কৰিম। |
01:24 | আমি এতিয়া feedback.fig ফাইলটো পালো। |
01:28 | আমি ‘grids’-অত ক্লিক কৰি গ্ৰিড্বোৰ পাতি ল’ম। |
01:34 | কেনভাচখন ওপৰলৈ বা তললৈ নিবলৈ সোঁফালে থকা স্ক্ৰলবাৰডাল ব্যৱহাৰ কৰিব পাৰি। |
01:41 | প্ৰতিটো মাউচ-বাটনৰ ভূমিকা সোঁহাতৰ ওপৰফালে দেখুওৱা হৈছে। |
01:46 | এই ভূমিকা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব। |
01:49 | এই বিষয়ে বৰ্ণনা কৰিবলৈ মই মাউচটো থিয় স্ক্ৰলবাৰডাললৈ নিম। |
01:55 | বাওঁফালৰ বাটনটোৰ পাছতে থকা মন্তব্যটো লক্ষ্য কৰক। |
01:59 | মই এইটো দেখুৱাবৰ বাবে মাউচটো লৰচৰ কৰিব নোৱাৰোঁ। কাৰণ, যদি মই কাৰচৰডাল স্ক্ৰলবাৰৰ পৰা লৰচৰ কৰোঁ, তেনেহ’লে বাটনকেইটাৰ কাম সলনি হ’ব। |
02:08 | বাওঁ বাটনটোৱে কেনভাচখন ওপৰলৈ নিয়ে আৰু সোঁ বাটনটোৱে তললৈ নিয়ে। |
02:17 | বাওঁ আৰু সোঁ বাটন ক্লিক কৰাৰ পৰিৱৰ্তে আমি মাজৰ বাটনটো ক্লিক কৰি ধৰি ৰাখি কেনভাচখন ওপৰলৈ বা তললৈ নিব পাৰোঁ। |
02:31 | একেদৰেই, ওপৰত থকা স্ক্ৰলবাৰডাল ব্যৱহাৰ কৰি আপুনি কেনভাচখন সোঁফাললৈ বা বাওঁফাললৈ নিব পাৰে। |
02:44 | মই এতিয়া মাজৰ বাটনটো ক্লিক কৰি ধৰি ৰাখি কেনভাচখন মাজলৈ টানি অনাৰ দ্বাৰা বাকচটো মাজলৈ আনিম। |
02:57 | মই যেতিয়া মাউচটো এৰি দিম, বক্সটো মাজলৈ স্থানান্তৰিত হ’ব। |
03:03 | ব্লকটোৰ পৰা আৰম্ভ কৰি আমি ফিডবেকৰ ডায়েগ্ৰামটো প্ৰস্তুত কৰোঁ আহক। |
03:08 | এই বাকচটো কপি কৰোঁ আহক। |
03:13 | বাকচটোত ক্লিক কৰি বাছনি কৰক। |
03:16 | মাউচটো নতুন ঠাইখিনিলৈ নিয়ক আৰু ক্লিক কৰক। |
03:27 | এতিয়া আমি কিবা অলপ লিখোঁ আহক। |
03:29 | বাওঁফালৰ পেনেলত T-ৰে নিৰ্দেশিত টেক্সটবক্সটোত ক্লিক কৰক। |
03:37 | লেখাৰ আকাৰটো বাছি লওঁ আহক। |
03:43 | মাউচটো ভেলুবক্সলৈ নিয়ক আৰু 16 ভৰ্তি কৰক। |
03:51 | Set-অত ক্লিক কৰক। |
03:53 | এট্ৰিবিউটচ পেনেলত থকা Text Just বাটনটোত ক্লিক কৰোঁ আহক। |
04:02 | চেণ্টাৰ এলাইনমেণ্ট বাছনি কৰোঁ। |
04:05 | প্ৰথম বাকচটোৰ মাজত ক্লিক কৰোঁ। |
04:11 | দুখিত, মই সঠিক অৱস্থিতিটো বাছনি কৰা নাছিলো। |
04:15 | কাৰচৰডাল আঁতৰাই নিবলৈ মই এটা বেলেগ ঠাইত ক্লিক কৰিম। |
04:19 | তাৰপিছত মই সঠিক ঠাইত ক্লিক কৰিম। |
04:27 | এতিয়া আমি “Control” বুলি টাইপ কৰিম আৰু মাউচত ক্লিক কৰিম। |
04:35 | এতিয়া আমি কাঁড়চিনেৰে সৈতে আৰু কেইটামান শাৰী ভৰ্তি কৰিম। |
04:40 | এতিয়া polyline বাটনটো বাছক। |
04:43 | এতিয়া এট্ৰিবিউটচ পেনেলৰ পৰা Arrow Mode বাটনটো বাছনি কৰক আৰু দ্বিতীয় অপশ্যনটো নিৰ্বাচন কৰক। |
04:53 | এতিয়া Arrow Type বাটনটোত আৰু এডাল কাঁড়ৰ মূৰত ক্লিক কৰোঁ আহক। |
05:00 | য’ৰ পৰা লাইনডাল আমি আৰম্ভ হোৱা বিচাৰোঁ, সেই পইণ্টত ক্লিক কৰোঁ আহক। |
05:08 | য’ত আমি লাইনডাল শেষ হোৱা বিচাৰোঁ, সেই পইণ্টলৈ মাউচটো লৈ যাওঁ আহক। |
05:14 | এতিয়া আমি তাত মাউচৰ মাজৰ বাটনটোৰে ক্লিক কৰিম। |
05:20 | এডাল কাঁড়েৰে সৈতে এডাল লাইন তৈয়াৰ হ’ল। |
05:25 | মই এটা বৃত্ত দিব বিচাৰোঁ। |
05:27 | বাওঁফালৰ পেনেলত থকা circle on the left বাছনি কৰোঁ আহক। |
05:33 | আমি এইটো প্ৰথম বাকচটোৰ বাওঁফালে স্থাপন কৰিম। |
05:37 | মাউচত ক্লিক কৰক। মই মাউচটো টানি নিয়াৰ লগে লগে বৃত্তটো ডাঙৰ হ’বলৈ ধৰে। |
05:47 | সঠিক আকাৰ পোৱাৰ লগে লগে মাউচ বাটন এৰি দিম। |
05:54 | অস্, মই বিচৰাতকৈ বৃত্তটো ডাঙৰ হ’ল। |
05:57 | ওপৰত থকা edit বাটন ব্যৱহাৰ কৰি মই এই কাৰ্যটো নোহোৱা কৰিব পাৰোঁ। |
06:02 | বাওঁফালৰ পেনেলত থকা Delete বাটন ব্যৱহাৰ কৰি আমি এই বস্তুটো মচি পেলাবও পাৰোঁ। |
06:10 | এতিয়া সেইটো কৰোঁ আহক। |
06:14 | Cross hairs-অৰ সৈতে এটা জঁকা ওলাই আহিব। |
06:18 | সকলোবোৰ বস্তুৰ সকলো ‘কি পইণ্ট’ও ওলাব। |
06:22 | বৃত্তটো নিৰ্দেশ কৰা কি পইণ্টলৈ ক্ৰছ-হেয়াৰটো লৈ যাওক আৰু ক্লিক কৰক। |
06:32 | ভুল বস্তু মচ খাই গলেও চিন্তা কৰাৰ প্ৰয়োজন নাই। |
06:35 | আপুনি এইটো নোহোৱা কৰিব পাৰে। edit বাটনত ক্লিক কৰক, ধৰি ৰাখক, Undo-লৈ যাওক আৰু মাউচ বাটন এৰি দিয়ক। |
06:44 | যদি কিছু বস্তু ওচৰা-ওচৰিকৈ থাকে, সেইবিলাক বাছনি কৰোঁতে আপোনাৰ অসুবিধা হ’ব পাৰে। |
06:49 | এই সমস্যা আপুনি zoom ব্যৱস্থাৰ দ্বাৰা দূৰ কৰিব পাৰে। |
06:55 | ওপৰৰ বাওঁফালে থকা View বাটনত ক্লিক কৰক, ধৰি ৰাখক আৰু zoom বিকল্পবোৰৰ পৰা এটা নিৰ্বাচন কৰক। |
07:00 | মই Zoom to fit the canvas নিৰ্বাচন কৰিম। |
07:04 | এতিয়া বস্তুবোৰ চিনাক্ত কৰিবলৈ সহজ হৈ পৰিল। |
07:08 | এতিয়া মই বৃত্তটো ডিলিট কৰিম। |
07:12 | এতিয়া আনজুম কৰিম। |
07:20 | স্ক্ৰল বাটন ব্যৱহাৰ কৰি ডায়েগ্ৰামটো মাজলৈ লৈ যাম। |
07:35 | মই delete প্ৰতীকটো সক্ৰিয় হৈ থকাটো নিবিচাৰোঁ, কিয়নো ভুলতে মই কিবা মচি পেলাব পাৰোঁ। |
07:41 | অন্য যিকোনো এটা বাটন নিৰ্বাচন কৰি মই এইটো সলনি কৰিব পাৰোঁ। |
07:44 | এতিয়া বাওঁফালৰ বৃত্তটো বাছনি কৰোঁ। |
07:47 | বৃত্তটো আকৌ আকোঁ |
08:00 | এই লাইনডালৰ পৰা অন্য এডাল লাইন মই আঁকিব বিচাৰোঁ। |
08:04 | ইয়াৰ কাৰণে, প্ৰথমে লাইনডালত এটা ডট দিম। |
08:07 | বাওঁফালৰ পেনেলত থকা library-ত ক্লিক কৰক। |
08:11 | Library-টো কিতাপৰ এটা থাকেৰে বুজুওৱা হৈছে। |
08:15 | এখন ডায়লগ উইণ্ড’ খোল খায়। |
08:17 | Library-ৰ পিছতে দেখা যায়— None Loaded। |
08:20 | ক্লিক কৰি ধৰি থাকোঁ আহক। |
08:22 | উপলব্ধ সকলোবোৰ library-ৰ এখন তালিকা ওলাই আহে। |
08:25 | Logic library-লৈ মাউচ লৈ যাওক আৰু তাত মাউচ এৰি দিয়ক। |
08:31 | দুবাৰ ক্লিক কৰি small dot-টো বাছনি কৰিম। |
08:36 | ডায়লগ উইণ্ড’ বন্ধ হৈ যাব। |
08:38 | আমি বাছনি কৰা সৰু ডটৰ সৈতে এটা cross hairs দেখিবলৈ পাইছোঁ। |
08:42 | ক্লিক কৰি ডটটো লাইনডালত থওঁ আহক। |
08:51 | কাৰচৰ আৰু সৰু ডটটো আকৌ এবাৰ ওলাব আৰু আমি যে ইয়াক অন্য কোনো ঠাইতো থ’ব পাৰোঁ, সেই বিষয়ে পৰামৰ্শ দিব। |
08:57 | আমি অন্য কোনো ঠাইতে ডটটো থ’ব নিবিচাৰোঁ। |
09:00 | গতিকে মাউচৰ সোঁফালৰ বাটনটো টিপি ইয়াক বন্ধ কৰোঁ আহক। |
09:05 | সোঁফালৰ বাটনে ‘আনডু’ কাৰ্য কৰে। |
09:08 | এই ক্ষেত্ৰত, ডট নিৰ্বাচন কৰাটো নোহোৱা হৈ গ’ল। |
09:10 | ডটটোৰ পৰা বৃত্তটোলৈ এডাল লাইন আকোঁ আহক। |
09:15 | Polyline বাছনি কৰোঁ আহক। |
09:18 | লক্ষ্য কৰক যে আগতে বাছনি কৰা arrow mode আৰু arrow type ই মনত ৰাখিছে। |
09:24 | Xfig-এ এটা চেচনৰ ভিতৰত পেৰামিটাৰ ভেলুসমূহ মনত ৰাখে। |
09:28 | ডটটোত ক্লিক কৰক। |
09:34 | মাউচটো তললৈ নিয়ক আৰু ক্লিক কৰক। |
09:41 | এতিয়া বৃত্তটোৰ তল পোৱালৈকে মাউচটো বাওঁফালে ঘূৰাই নিয়ক। ক্লিক কৰক। |
09:47 | বৃত্তটোলৈ মাউচ লৈ যাওক আৰু এতিয়া মাউচৰ মাজৰ বাটনটোত ক্লিক কৰক। |
09:54 | কপি কৰাৰ জৰিয়তে বৃত্তটোৰ বাওঁফালে অন্য এডাল লাইন আকোঁ আহক। |
10:08 | এতিয়া Xfig-অৰ ওপৰৰ বাওঁকোণত থকা File বাটন ব্যৱহাৰ কৰি আৰু Save বাছনি কৰি এই ফিগাৰটো চেভ কৰোঁ আহক। |
10:19 | এতিয়া ফাইলটো এক্সপৰ্ট কৰোঁ আহক। |
10:22 | File বাটনত পুনৰ ক্লিক কৰোঁ আৰু Export বাছনি কৰোঁ। |
10:30 | Language বাছনি কৰি PDF নিৰ্বাচন কৰোঁ। |
10:36 | আমি feedback.pdf নামৰ ফাইলটো পালো। |
10:43 | Open feedback.pdf কমাণ্ড ব্যৱহাৰ কৰি এই ফাইলটো খোলো আহক। |
10:56 | এতিয়া আমি বিচৰা ব্লক ডায়েগ্ৰামটো পালো। |
11:00 | আমি আমাৰ লক্ষ্য পূৰণ কৰিলো। |
11:04 | আপোনাৰ বাবে কৰণীয় কাৰ্য আছে— |
11:08 | বেলেগ বেলেগ ধৰণৰ অবজেক্টেৰে ব্লকবোৰ সলনি কৰক। |
11:13 | Operations, such as, rotate আৰু flip প্ৰয়োগ কৰাৰ চেষ্টা কৰক। |
11:19 | এডিটৰত feedback.fig ফাইলটো চাওক আৰু বিভিন্ন উপাদানবোৰ চিনাক্ত কৰক। |
11:25 | Library ব্যৱহাৰ কৰি সম্পূৰ্ণ বেলেগ ব্লক ডায়েগ্ৰাম তৈয়াৰ কৰক। |
11:32 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
11:44 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ৱেবচাইটত পোৱা যাব। |
11:53 | আমি আপোনাৰ সহযোগিতা আৰু লগতে পৰামৰ্শ কামনা কৰিছোঁ। |
11:57 | মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো।। যোগদানৰ বাবে ধন্যবাদ। |