LibreOffice-Suite-Base/C2/Create-reports/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:03 | এই ট্যুটৰিয়েলত আমি শিকিম, কেনেকৈ |
| 00:07 | এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, কেনেকৈ ৰিপৰ্ট ফিল্ড নিৰ্বাচন কৰা হয়, লেবেল দিয়া হয় আৰু চৰ্টিং কৰা হয়। |
| 00:12 | ৰিপৰ্ট লেআউট চিলেক্ট কৰক আৰু ৰিপৰ্ট টাইপ ষ্টেটিক বা ডাইনামিক হিচাপে নিৰ্বাচন কৰক। |
| 00:19 | ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক। |
| 00:27 | এই লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো। |
| 00:36 | সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে। |
| 00:42 | আগৰ ট্যুটৰিয়েলত আমি ফৰ্ম আৰু কুৱেৰি কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে শিকিলো। |
| 00:48 | এটা ৰিপৰ্ট কেনেকৈ তৈয়াৰ কৰা হয়, সেই বিষয়ে শিকাৰ আগতে ৰিপৰ্টনো কি, সেই বিষয়ে শিকা যাওক। |
| 00:56 | ৰিপৰ্ট হৈছে কুৱেৰিৰ নিচিনাকৈ ডাটাবেছৰ পৰা তথ্য আহৰণ কৰাৰ এটা অন্যতম পদ্ধতি। |
| 01:05 | আমি ইয়াত লেআউট, লুক আৰু ফিল সালসলনি কৰিব পাৰোঁ যাতে ই পঢ়িবলৈ আৰু কাগজত প্ৰিণ্ট কৰিবলৈ সুবিধাজনক হয়। |
| 01:14 | ডাটাবেছৰ টেবুল বা কুৱেৰিৰ পৰা ৰিপৰ্ট জেনেৰেট কৰিব পাৰি। |
| 01:21 | তাত টেবুল বা কুৱেৰিৰ সকলোবোৰ ফিল্ড থাকিব পাৰে অথবা নিৰ্বাচিত ফিল্ডৰ এটা মাত্ৰ গ্ৰুপ থাকিব পাৰে। |
| 01:32 | ৰিপৰ্ট দুই প্ৰকাৰৰ— ষ্টেটিক আৰু ডাইনামিক। |
| 01:38 | যেতিয়া এটা ষ্টেটিক ৰিপৰ্ট চাবৰ বাবে খোলা হয়, |
| 01:42 | ই সকলো সময়তে ৰিপৰ্টটো তৈয়াৰ কৰা সময়ত থকা তথ্যসমূহ প্ৰদৰ্শন কৰে। |
| 01:48 | ইয়াক স্নেপশ্বট বুলিও জনা যায়। |
| 01:52 | কিন্তু এটা ডাইনামিক ৰিপৰ্টে যেতিয়াই ইয়াক খোলা যায় তেতিয়াই ডাটাবেছৰ পৰা শেহতীয়া তথ্যসমূহ প্ৰদৰ্শন কৰে। |
| 02:00 | ঠিক আছে, এতিয়া এটা সৰল ৰিপৰ্ট তৈয়াৰ কৰা যাওক। |
| 02:05 | লাইব্ৰেৰী ডাটাবেছটোৰ |
| 02:08 | বাওঁ পেনেলৰ Reports আইকনত ক্লিক কৰক। |
| 02:12 | সোঁ পেনেলৰ Use Wizard to create report ইয়াত ক্লিক কৰক। |
| 02:18 | এইটো হৈছে ৰিপৰ্ট তৈয়াৰ কৰাৰ সহজ আৰু দ্ৰুত অপশ্যন। |
| 02:24 | এতিয়া আমি এখন নতুন উইণ্ড’ দেখা পাইছোঁ, যাক Report Builder উইণ্ড’ বুলিও কোৱা হয়। |
| 02:31 | বাওঁফালে আমি ৬টা ধাপ থকা উইজাৰ্ড এখনো দেখা পাইছোঁ। |
| 02:39 | ইয়াৰ আগৰ ট্যুটৰিয়েলত আমি তৈয়াৰ কৰা এটা কুৱেৰিক ভিত্তি কৰি এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আমি উইজাৰ্ডখনৰ মাজেৰে আগবাঢ়িম। |
| 02:47 | কুৱেৰিটো হৈছে History of books issued to the Library members। |
| 02:51 | আমি ১ নম্বৰ ধাপ অৰ্থাৎ Field Selection-অত আছোঁ। |
| 02:56 | ইয়াত আমি ৰিপৰ্ট ডাটাৰ চ’ৰ্চটো নিৰ্দিষ্ট কৰি দিম— এখন টেবুল অথবা এটা কুৱেৰি। |
| 03:05 | ওপৰত থকা ড্ৰপডাউন লিষ্টৰ পৰা আমাৰ কুৱেৰি হিচাপে ‘History of books issued to the Library members’ নিৰ্বাচন কৰা যাওক। |
| 03:14 | এতিয়া আমি বাওঁফালে কুৱেৰিটোত থকা ফিল্ডবিলাকৰ এখন তালিকা দেখা পাইছোঁ। |
| 03:21 | আমি ৰিপৰ্টটোত সকলোবোৰ ফিল্ড বিচাৰোঁ, গতিকে আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটনত ক্লিক কৰি দিম। |
| 03:30 | এতিয়া পৰৱৰ্তী ধাপলৈ যাবলৈ Next বাটনত ক্লিক কৰক। |
| 03:35 | ২ নম্বৰ ধাপ: Labelling Fields। |
| 03:39 | ছবিখনত দেখুওৱাৰ দৰে লেবেল টেক্সট বক্সত বৰ্ণনাত্মক লেবেল টাইপ কৰক। |
| 03:50 | ঠিক আছে, এতিয়া আমি Next বাটনত ক্লিক কৰোঁ। |
| 03:55 | এতিয়া আমি ৩ নম্বৰ ধাপত— Grouping। |
| 03:59 | যেতিয়া কিছুমান নিৰ্বাচিত ফিল্ডৰ আধাৰত ডাটাবিলাক গ্ৰুপ কৰিব লগা হয়, তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। |
| 04:05 | উদাহৰণ স্বৰূপে, আমাৰ ৰিপৰ্টত আমি কিতাপৰ নামবোৰেৰে ডাটা গ্ৰুপ কৰিব পাৰোঁ। |
| 04:12 | এইটো কৰিলে ৰিপৰ্টত আমি কিতাপৰ নাম আৰু তাৰপিছত কিতাপখন ইছ্যু কৰা সদস্যসকলৰ নাম দেখা পাম। |
| 04:22 | তাৰপিছত পৰৱৰ্তী কিতাপৰ নাম দেখা পাম আৰু এইদৰে ই গৈ থাকিব। |
| 04:27 | এতিয়াৰ বাবে আমি আমাৰ ৰিপৰ্ট সৰল কৰি ৰাখিম। |
| 04:31 | গতিকে আমি সাধাৰণভাৱে Next বাটনত ক্লিক কৰিম। |
| 04:36 | এতিয়া আমি ৪ নম্বৰ ধাপ- Sorting Options-অত উপনীত হ’লো। |
| 04:41 | ডাটাসমূহ সময়ানুক্ৰমিকভাৱে সজোৱা যাওক, |
| 04:46 | আৰু তাৰপিছত কিতাপৰ নাম অনুযায়ী এচেণ্ডিং ক্ৰমত সজাওক। |
| 04:52 | ইয়াৰ বাবে আমি ড্ৰপডাউন বক্সৰ Sort-অত ক্লিক কৰিম। |
| 04:58 | আৰু তাৰপিছত Issue Date-অত ক্লিক কৰিম। |
| 05:03 | তাৰপিছত আমি দ্বিতীয়টো ড্ৰপডাউন বক্সত ক্লিক কৰিম। |
| 05:08 | তাৰপিছত Book Title-অত ক্লিক কৰিম। |
| 05:12 | এতিয়া Next বাটনত ক্লিক কৰা যাওক। |
| 05:16 | ঠিক আছে। এতিয়া ৫ নম্বৰ ধাপ— Choose Layout। |
| 05:20 | ইয়াত আমি ৰিপৰ্টৰ লুক আৰু ফিল সাল-সলনি কৰিব পাৰোঁ। |
| 05:25 | আমি ‘Columnar, single-column’ layout list ইয়াত ক্লিক কৰোঁ আহক। |
| 05:31 | লক্ষ্য কৰক যে বেকগ্ৰাউণ্ডৰ Report Builder ৰিফ্ৰেছ হৈ গৈছে। |
| 05:36 | ইয়ে সকলোবোৰ লেবেল বাওঁফালে আৰু সম্পৰ্কিত ফিল্ডবিলাক সোঁফালে দেখুৱাইছে। |
| 05:43 | এতিয়া আমি ‘Columnar, two columns’-অত ক্লিক কৰিম। |
| 05:48 | দুটা কলমৰ লেআউট দেখুৱাই তলফালে থকা উইণ্ডখন আকৌ ৰিফ্ৰেছ হৈ গৈছে। |
| 05:54 | এইধৰণে বেছ উইজাৰ্ডে আগবঢ়োৱা লেআউটৰ পৰা আমি যিকোনো এটা বাছি ল’ব পাৰোঁ। |
| 06:02 | আমাৰ প্ৰয়োজন অনুসৰি পিছত ইয়াক সাল-সলনিও কৰিব পাৰোঁ। |
| 06:07 | এতিয়াৰ বাবে আমি প্ৰথম আইটেম Tabular ইয়াত ক্লিক কৰিম। |
| 06:12 | আৰু Next বাটনত ক্লিক কৰিম। |
| 06:16 | ঠিক আছে, অন্তিমটো ধাপ— Creat Report। |
| 06:20 | ইয়াত ‘Books Issued to Members: Report History’ বুলি আমি আমাৰ ৰিপৰ্ট এটা বৰ্ণানাত্মক নাম দিম। |
| 06:30 | ডাটাবেছৰ পৰা সদায়েই শেহতীয়া ডাটা প্ৰদৰ্শন কৰিব পৰাকৈ এতিয়া আমি আমাৰ ৰিপৰ্টটো সজাম। |
| 06:38 | ইয়াৰ বাবে ‘Dynamic Report’ অপশ্যনত ক্লিক কৰক, |
| 06:45 | যিহেতু যেতিয়াই আমি ৰিপৰ্টটো চাবৰ বাবে খুলিম, তেতিয়াই শেহতীয়া ডাটা চাব বিচাৰিম। |
| 06:52 | ঠিক আছে, আমাৰ ৰিপৰ্ট তৈয়াৰ কৰা শেষ হৈছে। Creat Report Now অপশ্যনত ক্লিক কৰা যাওক। |
| 06:59 | আৰু শেষত Finish বাটনত ক্লিক কৰক। |
| 07:05 | এতিয়া আমি এখন নতুন উইণ্ড’ দেখা পাম আৰু এইটোৱেই হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা ৰিপৰ্ট। |
| 07:12 | লক্ষ্য কৰক যে ইয়াত ফিল্ড লেবেল একেবাৰে ওপৰত ব’ল্ড ফণ্টত আছে আৰু প্ৰকৃত ডাটা এটা টেবুলাৰ (tabular) ফেশ্যনত আছে। |
| 07:24 | আৰু লক্ষ্য কৰক যে ই ইছ্যু কৰা তাৰিখ অনুসৰি এছেণ্ডিং ক্ৰম অৰ্থাৎ সময়ানুক্ৰমিকভাৱে সজ্জিত হৈ আছে আৰু তাৰপিছত এছেণ্ডিং ক্ৰমত কিতাপৰ নাম সজ্জিত হৈ আছে। |
| 07:38 | এইদৰে আমি লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সময়ানুক্ৰমিক ৰিপৰ্ট তৈয়াৰ কৰিলো। |
| 07:46 | পৰৱৰ্তী টিউটৰিয়েলত ৰিপৰ্ট কেনেকৈ সাল-সলনি কৰা হয়, সেই বিষয়ে শিকিম। |
| 07:52 | আপোনাৰ বাবে এছাইনমেণ্ট: |
| 07:54 | প্ৰকাশক অনুসৰি গ্ৰুপ কৰি লাইব্ৰেৰীৰ সকলো কিতাপৰ এটা ৰিপৰ্ট তৈয়াৰ কৰক। |
| 08:01 | প্ৰকাশক আৰু কিতাপৰ নাম— দুয়োটাই এছেণ্ডিং ক্ৰমত থাকিব লাগিব। |
| 08:07 | Columnar, Single-column layout ব্যৱহাৰ কৰক। |
| 08:11 | ইয়াতে লিবাৰ অফিচ বেছত Reports সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে। |
| 08:17 | সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ: |
| 08:21 | এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, ৰিপৰ্টৰ ফিল্ডবিলাক নিৰ্বাচন, লেবেলিং আৰু চৰ্টিং কৰা হয় |
| 08:25 | ৰিপৰ্ট লেআউট বাছনি কৰা হয়, আৰু ষ্টেটিক বা ডাইনেমিক হিচাপে ৰিপৰ্টৰ ধৰণ বাছনি কৰা হয় |
| 08:31 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
| 08:42 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। |
| 08:48 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
| 08:51 | এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে. আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ। |