Geogebra/C3/Spreadsheet-View-Advanced/Assamese

From Script | Spoken-Tutorial
Revision as of 12:36, 6 August 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুগণ।
00:01 স্প্রেডশীট ভিউ অ্যাডভান্সডৰ উপৰত জীয়োজেব্রাৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো।
00:05 যদি আপোনি প্ৰথমবাৰ জীয়োজেব্রাৰ বাবে স্প্রেডশীট ব্যবহাৰ কৰিছে, তেনেহলে দয়া কৰি স্প্রেডশীট ভিউ মৌলিক(Basics) টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইট চাওক।
00:15 এই টিউটোৰিয়েলত আমি স্প্রেডশীট ভিউ ব্যবহাৰ কৰিম।
00:19 এটা স্লাইডাৰ ব্যবহাৰ কৰি ফাংশন বৰাবৰ আঁকিয়া, এটা বিন্দুৰ X আৰু Y স্থানাঙ্ক নথিভুক্ত(Record) কৰাৰ বাবে।
00:24 নম্বৰৰ নমুনা চিনাত্ত বাবে তথ্যৰ ব্যবহাৰ কৰা আৰু ফাংশন গ্রাফ সম্পর্কে ভবিষ্যবাণী কৰা।
00:29 জীয়োজেব্রাৰ সৈতে কাম আৰম্ভ কৰিবলৈ, আমি নতুন লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40 ব্যবহাৰ কৰিছো।
00:40 এতিয়া জীয়োজেব্রা উইন্ডোত।
00:43 স্প্রেডশীট দৃশ্যমান কৰাৰ বাবে view মেনু বিকল্পত যাওক আৰু spreadsheet view বিকল্প ছেক কৰক।
00:52 এতিয়া আমি ইয়াত xValue নামৰ এটা স্লাইডাৰ তৈয়াৰ কৰো। আমি সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰিম আৰু increment ক 1ৰে পৰিবর্তন কৰো।
01:07 xValue ক সর্বনিম্ন মানৰ ফালে স্থানান্তৰ কৰক।
01:12 এটা বিন্দু A আঁকক। বিন্দুৰ উপৰত ৰাইট ক্লিক কৰি আৰু object properties নির্বাচন কৰি বিন্দু Aৰ স্থানাঙ্কক X স্থানাঙ্কৰ বাবে xValue আৰু Y স্থানাঙ্কৰ বাবে xValueৰ তিনি গুনলৈ পৰিবর্তন কৰক।
01:36 ইয়াত আমি ৰেখাৰ ঢাল নির্ধাৰণ কৰিছো যি এই বিন্দুৰ দ্বাৰা 3 পর্যন্ত আঁকা হব। কীবোর্ডত ট্যাব টিপক, লগতে শো ট্রেস (show trace) নির্বাচন কৰক।
01:50 আৰু close টিপক। স্প্রেডশীট ভিউক স্হানান্ত কৰা যাওক যাতে আমি কলম A আৰু B দেখিব পাৰো।
02:02 এতিয়া ইয়াত প্ৰথম টুল তৃতীয় বিকল্পত record to spreadsheet বিকল্প নির্বাচন কৰো।
02:10 বিন্দু A নির্বাচন কৰক। যদি এইটো অঙ্কন প্যাডৰ পৰা দৃশ্যমান নহয় দয়া কৰি এইটোক বীজগণিত ভিউ (Algebra View) পৰা নির্বাচন কৰক। আৰু তাৰপিছত স্লাইডাৰ xValue ক সর্বনিম্ন পৰা সর্বাধিক লৈ যাওক।
02:23 লক্ষয় কৰক যে, বিন্দু Aৰ X স্থানাঙ্কক স্প্রেডশীটৰ কলম Aত আঁকা হৈছে আৰু বিন্দু Aৰ Y স্থানাঙ্কক কলাম Bত আঁকা হৈছে।
02:34 এবাৰ এই পাঠ প্ৰস্তুত হৈ যোৱাত আপোনি ছাত্ৰক স্প্রেডশীট ভিউত ভিসুয়েল ট্রেস বা তথ্য চাই ফাংশনৰ পূর্বাভাস কৰিবলৈ জিজ্ঞাসা কৰিব পাৰে।
02:44 পূর্বাভাস কৰা ফাংশনক ইনপুট বাৰত f(x) = 3 x হিসাবে ইনপুট কৰিব পাৰে। জীয়োজেব্রাত টাইম্সৰ বাবে আমি স্পেস ব্যবহাৰ কৰিব পাৰো, আৰু enter টিপক।
03:05 যদি পূর্বানুমান সঠিক হয় তেনেহলে সকলো অঙ্কিত বিন্দু ৰেখাৰ উপৰত হব যি ইনপুট আছিল বা ফাংশন যি ইনপুট আছিল।
03:15 সংক্ষেপে…
03:18 আমি এটা স্লাইডাৰ 'xValue' তৈয়াৰ কৰিছো। আমি (xValue, 3 xValue) স্থানাঙ্কৰ সৈতে এটা বিন্দু Aক তৈয়াৰ কৰিছো।
03:27 আমি 'Record to Spreadsheet' বিকল্পক বিভিন্ন xValuesৰ ​​বাবে বিন্দু Aৰ X আৰু Y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ ব্যবহাৰ কৰিছো।
03:34 আমি নম্বৰ নমুনা অধ্যয়ন কৰি এটা ইনপুট ফাংশনৰ পূর্বানুমান কৰিছো।
03:40 এতিয়া পাঠৰ দ্বিতীয় অংশত। প্ৰথমে বিন্দু Aৰ পৰা ট্রেস অতৰুৱাও।
03:53 এতিয়া Y প্ৰতিচ্ছেদ(intercept) পৰামিতাৰ যোগ কৰো।
03:56 অন্য এটা স্লাইডাৰ তৈয়াৰ কৰক আৰু ইয়াক b নাম দি , সর্বনিম্ন আৰু সর্বোচ্চ ডিফল্ট মান ত্যাগ কৰি আৰু increment ক 1লৈ পৰিবর্তন কৰি, আৰু applyত টিপক।
04:10 ইয়াৰ পিছত মুভ টুল ব্যবহাৰ কৰি আমি bৰ মান স্হানান্তৰ কৰিম, আৰু bৰ মান 2 পর্যন্তলৈ স্হানান্তৰ কৰিম, xValueক সর্বনিম্ন মানৰ ফালে পৰিবর্তন কৰক।
04:24 তাৰপিছত বিন্দু A-ত ৰাইট ক্লিক কৰক। object properties নির্বাচন কৰক, y স্থানাঙ্কক 3 xValue + b লৈ পৰিবর্তন কৰক, কীবোৰ্ডত ট্যাব টিপক।
04:40 show trace on ছেক কৰক। তাৰপিছত স্প্রেডশীট ভিউক স্হানান্ত কৰক যাতে আপোনি কলম C আৰু D দেখিব পাৰে।
04:50 আপোনাৰ কার্সাৰ কক্ষ(সেল)C1ৰ উপৰত ৰাখক, আকৌ এবাৰ record to spreadsheet বিকল্পটো ব্যবহাৰ কৰক। প্ৰথমে বিন্দু A নির্বাচন কৰক যি আপোনি ট্রেস কৰিব বিছাৰে আৰু তাৰপিছত xValueক সর্বনিম্ন পৰা সর্বোচ্চলৈ লৈ যাওক।
05:06 আপোনি দেখিব পাৰে যে বিন্দু Aৰ x স্থানাঙ্ক স্প্রেডশীটৰ কলম C ত আৰু বিন্দু Aৰ y স্থানাঙ্ক কলাম D ত আঁকা হৈছে।
05:17 এই তথ্যৰ পৰা আপোনি ছাত্ৰক জিজ্ঞাসা কৰিব পাৰে যে নমুনা সম্পর্কে বুঝক আৰু ফাংশনৰ পূর্বানুমান কৰক।
05:22 এই পদ্ধতি bৰ বিভিন্ন মানৰ বাবে পুনৰাবৃত্তি কৰক। পূর্বঅনুমানিত ফাংশনক ইনপুট বাৰত ইনপুট কৰিব পাৰে।
05:29 যিহেতু আমাৰ উচৰত ইতিমধ্যেই f(x)আছে আমি g(x)= 3 x + b ব্যবহাৰ কৰিম, ইয়াত 'b'ৰ মান হল 2। আৰু এন্টাৰ টিপক।
05:51 সংক্ষেপে, আমি b নামৰ অন্য এটা স্লাইডাৰ তৈয়াৰ কৰিছো, বিন্দু Aৰ স্থানাঙ্কক xValue আৰু y স্থানাঙ্কৰ বাবে 3 xValue + b লৈ পৰিবর্তন কৰিছো।
06:02 বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'b'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো।
06:11 আমি এটা ইনপুট ফাংশন f(x) = 3 x + bৰ পূর্বানুমান কৰিছো। ইয়াত আমি মাত্ৰ ফাংশন g(x)ক কল কৰিছো।
06:23 এতিয়া নির্দেশিত কাম।
06:25 নির্দেশিত কামত স্লাইডাৰ 'xValue' আৰু 'a'ক তৈয়াৰ কৰি দ্বিঘাতীয় ফাংশন ট্রেস কৰা নিহিত।
06:33 x স্থানাঙ্কৰ বাবে xValue আৰু y স্থানাঙ্কৰ বাবে xValue^ 2ৰ সৈতে এটা বিন্দু A আঁকক।
06:43 বিন্দু Aৰ বিভিন্ন 'xValue' আৰু 'a'ৰ মানৰ বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো।
06:51 আৰু পূর্বানুমান কৰিবলৈ আৰু ফাংশন f(x)= a x^2ক ইনপুট কৰক। নির্দেশিত কামত অাগলৈ, আমি এটা দ্বিঘাত(quadratic ) সমীকৰণ a x^2 + bx + 3 ট্রেস কৰিম।
07:05 আমি অন্য আৰেকটি স্লাইডাৰ 'b' তৈয়াৰ কৰিছো। স্থানাঙ্ক xValue, a xValue^2 + b xValue + 3তৰ সৈতে y স্থানাঙ্কতৰ বাবে এটা বিন্দু A আঁকক।
07:18 বিন্দু Aৰ বিভিন্ন 'a' আৰু 'b'ৰ মিলোৱা মানৰ (value combinations) বাবে x আৰু y স্থানাঙ্কক নথিভুক্ত কৰিবলৈ Record to Spreadsheet বিকল্পটো ব্যবহাৰ কৰিছো।
07:26 পূর্বানুমান কৰক আৰু ফাংশন f(x) = a x^2 + b x + 3 ক ইনপুট কৰক ।
07:32 আমি ইতিমধ্যে এই জীয়োজেব্রা ফাইল নির্মিত কৰি ৰাখিছো। এই ক্ষেত্রত আমি trace on নির্বাচন কৰো, এইটো ইতিমধ্যে নির্বাচিত আছে।
07:43 আমি x ৰ মানক সর্বনিম্নলৈ পৰিবর্তন কৰিম, আৰু record to spreadsheet ব্যবহাৰ কৰিম, বিন্দু A নির্বাচন কৰক আৰু xValue স্লাইডাৰক স্হানান্তৰ কৰক।
08:05 আমি পুর্বানুমানিত ফাংশন f(x) = 2 x^2 + 2 x + 3 ক ইনপুট কৰিব পাৰো যাক আমি ধ্রুবক মানৰ নিচিনা সেট কৰাৰ বাবে ব্যবহাৰ কৰিছো।
08:28 এই অধিবৃত্ত(parabola) সৈতে ট্রেসবোৰ লক্ষ্য কৰক।
08:36 এই ওয়েবসাইটত উপলব্ধ ভিডিওটো চাওক, এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপত বিবৰণ কৰে। যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে।
08:47 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাও আয়োজন কৰে। যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। আৰো বিস্তাৰিত জনাৰ বাবে এই ই-মেল এড্রেসত যোগাযোগ কৰক।
09:02 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRDৰ National Mission on Education দ্বাৰা সমর্থিত। আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
09:16 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi