Geogebra/C2/Introduction-to-Geogebra/Assamese

From Script | Spoken-Tutorial
Revision as of 12:23, 6 August 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুসকল। জীয়োজেব্রাৰ পৰিচয়ৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম জনাইছো। এই টিউটোৰিয়েলত আমি আপোনাক জীয়োজেব্রাৰ সৈতে আৰম্ভ কৰাৰ বাবে মূলসূত্রৰ পৰিচয় কৰাম।
00:09 জীয়োজেব্রা কি? এইটো এটা মুক্ত গাণিতিক সফ্টওয়্যাৰ আৰু www.geogebra.org ৰ পৰা এইটো ডাউনলোড কৰা যায়।
00:17 এইটো কম্পিউটাৰ সাহায্যে শিকাৰ বাবে উপযোগী কাৰণ এইটো ইন্টাৰেক্টিভ(interactive) আৰু আপোনি জ্যামিতিক চিত্রৰ বীজগাণিতিক ৰাশি (এক্সপ্রেশন) দেখিব পাৰে।
00:25 এইটো জ্যামিতি, বীজগণিত তথা ক্যালকুলাস-ক সংযুক্ত কৰে। সেয়ে আপোনি জ্যামিতিক পৰিসংখ্যান গঠন কৰিব পাৰে, সমীকৰণ প্ৰবেশ কৰিব পাৰে, আৰু ভেৰিয়েবলস, ভেক্টৰস ইত্যাদিৰ সৈতে কাম কৰিব পাৰে।
00:35 জীয়োজেব্রাৰ সৈতে আৰম্ভ কৰিবলৈ, আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 10.04 LTS আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো।
00:47 যদি আপোনি ইতিমধ্যে জীয়োজেব্রা স্থাপন কৰি ৰাখিছে তেনেহলে উবুন্টু মেনু আইটেমলৈ যাওক, অ্যাপ্লিকেশন, শিক্ষা (এডুকেশন) বা বিজ্ঞান (সাইন্স) আৰু জীয়োজেব্রা আবেদন (অ্যাপ্লিকেশন)ত টিপক।
00:58 যদি আপোনি জীয়োজেব্রা স্থাপন কৰা নাই তেনেহলে জীয়োজেব্রা স্থাপন কৰাৰ বাবে আপোনি সিস্টেম, এডমিনিসট্রেশন, সাইনেপ্টিক প্যাকেজ ম্যানেজাৰলৈ যাওক।
01:08 এতিয়া জীয়োজেব্রা উইন্ডো অন্বেষণ কৰো। এই টিউটোৰিয়েলত আমি সংক্ষেপে মেনু বাৰ, টুল বাৰ আৰু টুল ভিউ, গ্রাফিক্স ভিউ আৰু বীজগণিত ভিউ, ইনপুট বাৰ তথা কমান্ডস ব্যাখ্যা কৰিম।
01:20 এটা জীয়োজেব্রা উইন্ডো এনেধৰনৰ দেখাত হয়।

এইটোত যিকোনো উইন্ডো ভিত্তিক আবেদন (অ্যাপ্লিকেশন) থাকে, যেনে এটা আদর্শ তালিকা (standard menu) বাৰ।

01:28 টুল বাৰ জীয়োজেব্রাৰ কম্পাস বাক্সৰ নিচিনা হয়।
01:32 টুল ভিউয়ে কয় যে কোনোটো টুল নির্বাচিত হৈছে আৰু ব্যবহাৰ কৰাৰ বাবে প্ৰস্তুত আছে।
01:36 গ্রাফিক ভিউ হল জীয়োজেব্রাৰ অঙ্কন প্যাড(drawing pad)। আপোনি এই প্যাডৰ উপৰত জ্যামিতিক চিত্ৰ গঠন কৰিব পাৰে।
01:42 এইটো 'এলজেব্রা ভিউ'। আপোনি এই উইন্ডোত অঙ্কন প্যাডৰ উপৰত সকলো জ্যামিতিক চিত্ৰ গঠনৰ বীজগাণিতিক এক্সপ্রেশন দেখিব পাৰে।
01:50 'ইনপুট বাৰ'এ আপোনাক বীজগাণিতিক সমীকৰণ(algebra equations) প্ৰবেশ কৰাৰ অনুমতি দিয়ে যি অঙ্কন প্যাড আৰু লগতে এলজেব্রা ভিউত দৃশ্যমান হব।
01:59 ইনপুট বাৰত জীয়োজেব্রা দ্বাৰা সমর্থিত কমান্ড এই ড্ৰপ ডাউন তালিকাত আছে।
02:05 অঙ্কন প্যাড জীয়োজেব্রাত সর্বদা দৃশ্যমান আৰু এইটো বন্ধ কৰা নাযায়।
02:10 ভিউত গৈ আৰু গ্রিড বিকল্পৰ উপৰত পৰীক্ষা কৰি আপোনি অঙ্কন প্যাডত গ্রিড ব্যবহাৰ কৰিব পাৰে।
02:17 একেইভাবে যদি আপোনি এইটোক চাব নিবিচাৰে তেনেহলে অক্ষক(Axes) আন চেক কৰিব পাৰে। এই টিউটোৰিয়েলৰ বাবে আমি অক্ষ(Axes) আৰু গ্রিড দৃশ্যমান ৰাখিম।
02:25 যদি আপোনি বীজগণিত (এলজেব্রা) ভিউ অথবা ইনপুট বাৰক বন্ধ কৰিব বিচাৰে তেনেহলে আপোনি ভিউত গৈ সেই বিকল্পক আন চেক কৰি এইটো কৰিব পাৰে। এই টিউটোৰিয়েলৰ পৰা ইনপুট বাৰ অতৰুৱাই দিয়া যাওক।
02:38 এতিয়া টুল বাৰ আৰু কম্পাস বাক্স সম্পর্কে আৰু বিস্তাৰিত ভাবে চাম। টুল ব্যবহাৰ কৰাৰ বাবে যি কোনো এটা আইটেমৰ উপৰত টিপক।
02:47 লক্ষ্য কৰক যেতিয়া আপোনি এইটোত টিপিব তেতিয়া এটা গাঢ় নীলা ৰঙৰ সীমা আইটেমটোৰ চাৰিউপাশে প্ৰদর্শিত হব, ইয়াৰ মানে এইটো নির্বাচিত হৈছে আৰু টুল ভিউত ইয়াৰ নাম আৰু কিভাবে ইয়াক ব্যবহাৰ কৰে তাৰ এটা ইঙ্গিতও প্ৰদর্শিত হব।
02:59 মুভ অঙ্কন প্যাড টুল আইটেমৰ সোফালে আছে। এইটোৰ উপৰত টিপক আৰু তাৰপিছত আঁকাৰ( drawing) প্যাডত টিপক। বাও মাউস বাটন টিপি ৰাখক আৰু অঙ্কন প্যাডক আকাঙ্খিত জাগালৈ লৈ যাওক।
03:13 যদি আমি কম্পাস বাক্সত পেন্সিল দি আৰম্ভ কৰো, জ্যামিতিত আমি এটা বিন্দু পেন্সিল দি আঁকিব পাৰো।
03:19 পেন্সিল টুল ইয়াতে আছে। যদি আপোনি টুলৰ কোণত থকা এটা সৰু ৰঙা ত্রিভুজত টিপে তেনেলে আপোনি সমস্ত পেন্সিল বা বিন্দু সৰঞ্জামবোৰ(point tools) দেখিব পাৰিব।
03:29 একেইভাবে টুল আইটেমসৰ পিছৰ সেট ৰেখাৰ বাবে। ইয়াত উল্লম্ব বা perpendicular lines, বাইসেক্টাৰস বা চতুর্ভুজ, পলিগন বা বহুভুজ, আৰু বৃত্ত(Perpendicular lines and Bisectors, Polygons, circles) ইত্যাদি আছে।
03:42 এই টিউটোৰিয়েলত আমি চাম বিন্দু, ৰেখাংশ (line segments,), সমান্তৰাল ৰেখা(parallel lines) আৰু উল্লম্ব ৰেখা(perpendicular lines) তৈয়াৰ কৰা,  বস্তুক পৰিমাপ কৰা,বস্তুৰ বৈশিষ্ট্যাবলী পৰিবর্তন আৰু ফাইল সংৰক্ষণ কৰা।
04:01 এতিয়া কিছু বিন্দু আঁকো। নিউ পয়েন্ট বিকল্প নির্বাচন কৰক, অঙ্কন প্যাডত যিকোনো স্থানত টিপক। আপোনি নতুন বিন্দু পাব।
04:12 মন কৰক যে, বিন্দু অঙ্কন প্যাড আৰু বীজগণিত (এলজেব্রা) ভিউ উভয়ৰ উপৰত প্ৰদর্শিত হৈছে।
04:19 সমস্ত টুল আইটেম অঙ্কন প্যাডৰ উপৰত অকাখিনিক জীয়োজেব্রাত অবজেক্টস বোলা হয়।
04:24 বিন্দু A আৰু B হল ফ্রী অবজেক্টস, কাৰণ সিহত অঙ্কন প্যাডৰ অন্যান্য বস্তুৰ উপৰত নির্ভৰশীল নহয়।
04:32 segment between two pointsত গৈ বিন্দু A আৰু B ব্যবহাৰ কৰি আপোনি এটা ৰেখাংশ আহৰণ কৰিব পাৰে বা অঙ্কন প্যাডৰ উপৰত কোনো এজাগাত টিপক আৰু আপোনি দুটা নতুন বিন্দু আৰু এই দুটা বিন্দুত এটা ৰেখাংশ পাব।
04:51 একেইভাবে এটা বিন্দু আৰু তাৰপিছত ৰেখাক চাই কৰি আপোনি এটা উল্লম্ব ৰেখা টানিব পাৰে আৰু আপোনি বিন্দু D পৰা এটা উল্লম্ব ৰেখা পাব যি ৰেখাংশ CD এৰ উপৰত উল্লম্ব হব।
05:10 এটা সমান্তৰাল ৰেখা, ইয়াত যি কোনো এটা বিন্দুত ক্লিক কৰিম আৰু AB নির্বাচন কৰিম। আমি বিন্দু Eৰ পৰা ABৰ উপৰত এটা সমান্তৰাল ৰেখা পাম।
05:25 যদি এতিয়া আপোনি ইয়াত এই টুলত যায় আপোনি দুটা বস্তুৰ ছেদবিন্দু অর্থাত পইন্ট অফ ইন্টাৰসেক্সন বিছাৰিব পাৰে আৰু intersect two objects ত টিপক।
05:32 যেতিয়া আপোনি মাউসক প্ৰতিচ্ছেদ অর্থাত ইন্টাৰসেক্সনত লৈ যায় তেতিয়া  উভয় বস্তু লক্ষণীয হব, সেই সময়ত ক্লিক কৰাত আপোনি দুটা বস্তুৰ প্ৰতিচ্ছেদ পাব।
05:44 দূৰত্ব পৰিমাপ কৰাৰ বাবে সো ফালে চতুর্থ টুল বাৰত টিপক আৰু Distance or length tool নির্বাচন কৰক।
05:52 আপোনি ইয়াত DFত টিপি, দুটা বিন্দু নির্বাচন কৰি বিন্দুবোৰৰ মাঝৰ দূৰত্ব পৰিমাপ কৰিব পাৰে অথবা আপোনি এটা সম্পূর্ণ ৰেখাংশ নির্বাচন কৰিব পাৰে।
06:02 উল্লেখ্য, যে গ্রিডত কোনো ইউনিট নাই। আমি এককৰ নাম সম্পর্কে বিস্তাৰিত ভাবে আৰু উন্নত বিষয়ত জানিম।
06:12 তাৰ আগত আপোনি প্ৰতিটো আইটেমৰ ৰঙ আৰু লেবেলৰ মতে বৈশিষ্ট্যাবলী পৰিবর্তন কৰিব পাৰে।
06:19 যদি আপোনি কোনো বস্তুৰ ছবি আঁকিব নিবিছাৰে , তেনেহলে ইয়াত অ্যাৰো কি ব্যবহাৰ কৰক। সেয়ে আপোনি যেতিয়া এইটো ব্যবহাৰ কৰে এইটোৱে অঙ্কন প্যাডত কোনো বস্তু নেনাকে।
06:30 বস্তুৰ বৈশিষ্ট্যাবলী পৰিবর্তন কৰাৰ বাবে মাউসক বস্তুৰ উপৰত অগ্ৰসৰ কৰক, যেতিয়া এইটো লক্ষণীয হব ৰাইট ক্লিক কৰক আৰু object propertiesত টিপক।
06:41 এতিয়া কিছু মৌলিক বৈশিষ্ট্য সম্পর্কে চোৱা যাওক আৰু বিস্তাৰিত বর্ণনা আৰু উন্নত বিষয়ত জানিম।
06:48 নাম পৰিবর্তন কৰাৰ বাবে এটা নতুন নাম লিখক। আপোনি এটা ক্যাপশন(শিৰোনাম)ও লিখিব পাৰে। আপোনি বস্তু প্ৰদর্শন কৰা অথবা নকৰাৰ চয়ন কৰিব পাৰে।
07:02 আপোনি লেবেলক প্ৰদর্শন নকৰাৰ চয়ন কৰিব পাৰে অথবা ইয়াৰ পৰায়ে কোনো এটা বিকল্পক প্ৰদর্শন কৰিব পাৰে। ক্যাপশন (শিৰোনাম) ক অন ৰাখি।
07:11 কালাৰ ট্যাবত আপোনি ৰেখাৰ ৰঙ পৰিবর্তন কৰিব পাৰে।
07:14 শৈলী (style) ট্যাবত আপোনি ঘনত্ব(thickness ) পৰিবর্তন কৰিব পাৰে আৰু আপোনি শৈলী পৰিবর্তন কৰিব পাৰে।
07:19 আপোনি যেতিয়া এইটোক বন্ধ কৰে আপোনি ৰেখাৰ নতুন চেহাৰা দেখিব।
07:25 `বাও ফালৰ টুল আইটেম অর্থাত মুভ টুল আইটেম অধ্যাপনাৰ (শিকোৱাৰ) বাবে অত্যন্ত উপযোগী কাৰণ এজন পাঠকে গতিশীল আৰু ইন্টাৰেক্টিভ কৰি তোলে।
07:34 সমস্ত Free Objects স্থানান্তৰিত হব পাৰে।
07:38 যেতিয়া ফ্রী অবজেক্ট স্থানান্তৰিত হয, বস্তুবোৰ তাৰ বৈশিষ্ট্য সংৰক্ষিত ৰাখি Free Objects ৰ(মুক্ত বস্তু)সমস্ত নির্ভৰশীল বস্তুবোৰ (Dependent Objects) স্থানান্তৰিত হব।
07:45 উদাহৰণস্বৰুপে যদি আমি বিন্দু A অথবা B স্থানান্তৰিত কৰো, তেনেহলে আপোনি লক্ষ্য কৰিব যে নিজস্ব প্যাৰালাল প্ৰপাৰটিজ বজায় ৰাখি সমান্তৰাল ৰেখাও স্থানান্তৰিত হয়।
07:57 ফাইলক সংৰক্ষিত কৰাৰ বাবে file আইটেমটো নির্বাচন কৰক, তাৰপিছত save as নির্বাচন কৰক। ফোল্ডাৰক নির্বাচন কৰক, আমি জীয়োজেব্রা ডকুমেন্টসলৈ যাম। ফাইলৰ নাম লিখক আৰু saveত টিপক।
08:20 উল্লেখ্য যে, নাম উপৰৰ প্যানেলত প্ৰদর্শিত হয় আৰু এইটো সকলো জীয়োজেব্রা ফাইলৰ নিচিনা .Ggb ফাইল হিসাবে সংৰক্ষিত হয়।
08:28 এতিয়া এটা ফাইলক খোলাৰ বাবে file, openত টিপক আৰু খোলাৰ বাবে যি কোনো ফাইল নির্বাচন কৰক।
08:38 অবশেষত নির্দেশিত কাম।
08:44 নির্দেশিত কামত segment between two points টুলৰ ব্যবহাৰ কৰি এটা আয়তক্ষেত্ৰ আঁকক , ইয়াৰ সৈতে আৰম্ভ কৰক।
08:53 তাৰপিছত সমান্তৰাল( Parallel Line) আৰু উল্লম্ব ৰেখাৰ(Perpendicular Line) ব্যবহাৰ কৰক। Intersect two objects আৰু distance অথবা length টুল ব্যবহাৰ কৰক।
09:00 অবশেষত আপোনি যি আয়তক্ষেত্ৰ নির্মান কৰিছে তাত মুভ টুল ব্যবহাৰ কৰি পৰীক্ষা কৰক, আৰু  ফ্রী অবজেক্টস(মুক্ত বস্তুবোৰ)স্থানান্তৰিত কৰক।
09:07 আমি ইয়াত ইতিমধ্যেই এই নির্দেশিত কাম কৰি ৰাখিছো। আমি ৰেখাংশ ABৰ পৰা আৰম্ভ কৰিছো আৰু আয়তক্ষেত্ৰ ABED নির্মিত কৰিছো।
09:20 এতিয়া আমি যদি মুভ টুল আইটেমত টিপি আৰু ফ্রী অবজেক্টবোৰ স্থানান্তৰিত কৰো, লক্ষ্য কৰক যদি সঠিক ভাবে নির্মিত কৰা হৈ আছে তেনেহলে যি কোনো অবস্থাতেই আয়তক্ষেত্ৰ ABED এটা আয়তক্ষেত্ৰই হৈ থাকিব।
09:37 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ।
09:43 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
09:48 আৰু আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত পাব পাৰে।
09:53 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi