LibreOffice-Suite-Base/C4/Database-Design-Primary-Key-and-Relationships/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | LibreOffice বেসৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম | |
00:04 | এই টিউটোৰিয়েলটো ডাটাবেজ নকশা সংক্রান্ত পূর্ববর্তী টিউটোৰিয়েলৰ পিছৰ অংশ | |
00:10 | আৰু ইয়াত নিম্নলিখিত বিষয়বোৰ সম্পর্কে আলোচনা কৰিম : |
00:13 | তথ্য উপাদানবোৰ কলমলৈ পৰিবর্তন কৰা । |
00:17 | প্রধান কী (primary keys) নির্দিষ্ট কৰা । |
00:20 | টেবোল সম্পর্কবোৰ(table relationships) স্থাপন কৰা । |
00:23 | শেষৰ টিউটোৰিয়েলত, আমি এটা সহজ গ্রন্থাগাৰ অ্যাপ্লিকেশনৰ বাবে ডাটাবেস গঠন প্রক্রিয়াটো আৰম্ভ কৰিছিলো । |
00:30 | আমি প্রথমে গ্রন্থাগাৰ ডাটাবেস নির্মাণৰ উদ্দেশ্য নির্ধাৰন কৰিছিলো । |
00:36 | তাৰপিছত আমি গ্রন্থাগাৰ সম্পর্কে তথ্য বিছৰা আৰ সংগঠিত কৰা প্রক্রিয়াটো চলাম আৰু |
00:44 | আমি সকলো তথ্যক টেবোললৈ বিভক্ত কৰিছিলো । |
00:49 | আৰু সেয়ে, আমাৰ গ্রন্থাগাৰ ডাটাবেসত আমি চাৰিটা টেবোল চিহ্নিত কৰিছো: Books, Authors, Publications আৰু Members |
01:00 | এতিয়া এইবাৰ আমি পৰবর্তী ধাপলৈ যাও : যি তথ্য উপাদানবোৰক কলমলৈ পৰিবৰ্তন কৰা । |
01:07 | ইয়াত, আমি প্রতিটো টেবোলত ৰাখিবলগীয়া তথ্য উপাদানবোৰক, সিদ্ধান্ত কৰিম । |
01:13 | আমি আগতে চিহ্নিত কৰা, প্রতিটো তথ্য উপাদান, এটা ক্ষেত্র হৈ যায় আৰু টেবোলত কলম হিসাবে প্রদর্শিত হব । |
01:23 | পর্দাৰ ছবিত যেনে দেখাইছে, Books টেবোলত ৫ টা কলম আছে, যিবোৰক ক্ষেত্র(fields) বোলা হয় । |
01:31 | সেয়ে ইয়াৰ প্রত্যেক সাৰি বা ৰেকর্ডত এখন কিতাপৰ সম্পর্কে তথ্য ইয়াৰ বিভিন্ন কলমত আছে । |
01:40 | একেইভাবে, Authors টেবোলত প্রত্যেকটো ৰেকর্ডত মাত্র এজন লেখকৰ সম্পর্কে তথ্য আছে । |
01:49 | পাবলিশার্সস টেবোলত প্রতিটো ৰেকর্ডত মাত্র এজন প্রকাশকৰ সম্পর্কে তথ্য আছে। |
01:58 | এতিয়া, আমি আমাৰ প্রয়োজন অনুযায়ী কলমবোৰ আৰু পৰিমার্জন(refine) কৰিব পাৰিম । |
02:04 | উদাহৰণস্বৰুপে, আপোনি লেখকৰ নাম First Name আৰু Last Nameত বিভক্ত কৰিব পাৰিব, যাতে সেই কলম অনুযায়ী বিছাৰিবলৈ (search কৰিবলৈ) সহজ হৈ যায় । |
02:17 | টেবোলত গণনাৰ ফলাফল পৃথক কলম হিসাবে সংৰক্ষণ কৰাৰ প্রয়োজন নাই । |
02:24 | আপোনি যেতিয়াই ফলাফল দেখিব বিছাৰে, বেসে তেতিয়াই সেই গণনা কৰিব পাৰিব । |
02:31 | এতিয়া যিহেতু আমাৰ টেবোল আৰু কলমৰ সম্পর্কে স্পষ্ট ধাৰণা হৈ গৈছে, এতিয়া শিকা যাওক কিভাবে প্রধান কি নির্দিষ্ট কৰা যায় । |
02:41 | প্রধান কী সম্পর্কে আলোচনা কৰা যাওক । |
02:44 | প্রতিটো টেবোলত এটা কলম বা কলমৰ সেট অবশ্যই অন্তর্ভুক্ত কৰা উচিত, যি প্রতিটো সাৰিক বিশিস্টভাবে সিনাক্ত কৰে | |
02:54 | এই কলম বা কলমবোৰৰ সেটক টেবোলৰ প্রধান কী বুলি বোলা হয় | |
03:00 | এইটো সাধাৰনতে এটা অনন্য সনাক্তকাৰী সংখ্যা হয়, যেনে এটা কিতাপৰ ID অথবা কোনো লেখকৰ আইডি | |
03:08 | এই প্রধান কী ক্ষেত্র ব্যবহাৰ কৰি, আমি খুব দ্রুত একাধিক টেবোলৰ পৰা সম্পর্কিত তথ্য যুক্ত কৰিব পাৰো আৰু তথ্যবোৰক একেলগে আনিব পাৰো | |
03:21 | আৰু লগতে, প্রধান কী-ত কোনো মান পুনৰাবৃত্তি হব নোৱাৰিব | |
03:26 | উদাহৰণস্বৰুপে, আপোনি প্রধান কী হিসাবে, মানুহৰ নাম ব্যবহাৰ কৰিব নোৱাৰিব, কাৰণ নামবোৰ বিশিস্টতা(unique) নহয় | |
03:34 | একেই টেবোলত একেই নামৰ দুজন মানুহ থাকিব পাৰে | |
03:40 | আৰু লগতে, এটা প্রধান কীত সদায়ে কোনো মান থাকিব পাৰে | |
03:45 | যদি এইটো খালি বা Null হয়, তেনেহলে আমি এইটোক কোনো প্রাথমিক কী হিসাবে গণ্য কৰিব নোৱাৰো | |
03:52 | এটা প্রধান কী কলমক সদায়ে কোনো এটা মান থাকিবলৈ অবশ্যই থাকা সুনিশ্চিত কৰিব, আমি সেই কলমৰ তথ্য প্রকাৰ 'AutoNumber' নির্দিষ্ট কৰিব পাৰো, যাৰ মান বেসে স্বয়ংক্রিয়ভাবে উৎপন্ন কৰে | |
04:09 | পর্দাত দেখোৱা ছবিৰ দৰে, আপোনি সেইভাবে টেবোলৰ বাবে প্রধান কী নির্দিষ্ট কৰিব পাৰিব: |
04:20 | Books টেবোলৰ বাবে BookId |
04:24 | Authors টেবোলৰ বাবে AuthorId |
04:28 | Publishers টেবোলৰ বাবে PublishersId |
04:33 | একেইভাবে, যদিও ইয়াত দেখোৱা নাই, Members টেবোলৰ বাবে প্রধান কী MemberId হব |
04:42 | অবশেষত, আমি টেবোলত প্রধান কী নির্দিষ্ট কৰি Entity Integrity বজায় ৰাখিছো । |
04:52 | Entity Integrityএ নিশ্চিত কৰে যে টেবোলত কোনো সদৃশ ৰেকর্ড নাই । |
05:00 | এইটোয়ে আৰু নিশ্চিত কৰে যে, যি ক্ষেত্রৱে টেবোলত প্রত্যেকটো ৰেকর্ডক বিশিস্ট ভাবে সিনাক্ত কৰে সেইটো unique বা অনন্য হয় আৰু নিস্তেজ নহয় । |
05:10 | এতিয়া যি তিনটা টেবোলত প্রধান কী আছে, আমি সম্পর্ক স্থাপন কৰি টেবোল-বোৰক সংযুক্ত কৰিব পাৰো । |
05:20 | যিহেতু আমি বেসত সম্পর্ক স্থাপন কৰিব পাৰো, এইটোক এটা ৰিলেশনেল ডাটাবেজ ম্যানেজমেন্ট সিস্টেম বা সংক্ষেপে কবলৈ গলে RDBMS বোলা হয় । |
05:32 | সম্পর্ক কিছো ধৰনৰ আছে । এতিয়া সেইবোৰ আলোচনা কৰা যাওক । |
05:37 | প্রথমে জানা যাওক One-to-Many বা একৰ-পৰা-অনেক সম্পর্কটো কি । |
05:43 | এতিয়া চিত্ৰত দেখোৱাৰ দৰে Books আৰু Authors টেবোল দুটাক চাওক । |
05:49 | এখন কিতাপ এজন লেখকৰ দ্বাৰা লিখিত হয় বুলি ধৰা হওক । |
05:55 | এনেকোৱাও হয়, যেতিয়া কোনো দুজন বা বিভিন্ন মানুহে এখন কিতাপক(co-author) সহলেখক কৰা । |
06:02 | কিন্তু আমি আমাৰ উদাহৰনক মাত্ৰ এজনেই লেখকৰ দ্ৱাৰা এখনেই কিতাপক আলোচনালৈ সীমিত ৰাখিম | |
06:10 | আমাৰ উদাহৰণত, এজন লেখকে অনেক কিতাপ লিখিব পাৰিব | |
06:17 | সেয়ে Authors টেবোলত থাকা এজন লেখকৰ বাবে, Books টেবোলত সেই লেখকৰ দ্বাৰা লিখিত অনেক কিতাপ থাকিব পাৰে | |
06:28 | এইটো এটা one-to-many কাৰনে সম্পর্ক | |
06:32 | আৰু এইটোক গ্রন্থাগাৰ (Library) ডাটাবেসত উপস্থাপন কৰিব পাৰিম, |
06:36 | আমি Authors টেবোলত প্রধান কী অর্থাত Author Id -ক লৈ আৰু Books টেবোলত যোগ কৰক | |
06:46 | সেয়ে, Books টেবোলত, Author Id হল ফৰেন কী (Foreign key) | |
06:53 | একেইভাবে, পাবলিশার্স টেবোলত প্রধান কী অর্থাত Publisher Id ক Books টেবোলত যোগ কৰি সেইটো Books টেবোলত ফৰেন কী হৈ যায় | |
07:06 | সেয়ে কলম বা একাধিক কলমবোৰ ভাগ কৰাত, আমি ডাটাবেসত one-to-many সম্পর্ক উপস্থাপনা কৰিব পাৰিম | |
07:17 | আৰু ফৰেন কি ব্যবহাৰ কৰি টেবোলবোৰৰ সম্পর্ক( table relationships) স্থাপন কৰা যাব পাৰে | |
07:23 | |
07:34 | ফলস্বৰুপে আমি Referential integrityক প্ৰেৰন কৰো | |
07:39 | অর্থাত, এটা টেবোলত প্রতিটো ফৰেন কীৰ মান, সম্পর্কিত টেবোলত, কোনো এটা প্রধান কী মানৰ সৈতে সমান হব | |
07:50 | তাৰপিছত, যনা যাওক, Many-to-Many সম্পর্ক কী বোঝায় | |
07:56 | এতিয়া টেবোল নকশালৈ(table design) উভতি যোৱা যাওক | |
07:59 | এখন কিতাপ গ্রন্থাগাৰৰ অনেক সদস্যক দিব পৰা যয়, (ইয়াত আমি ধৰি লৈছো, কিতাপৰ অনেকবোৰ কপি গ্রন্থাগাৰত উপলব্ধ আছে )|
|
08:09 | একেইভাবে এজন সদস্যয়ে অনেকবোৰ কিতাপ নিব পাৰে (ইয়াতও ধৰি লৈছো, কিতাপবোৰ উপলব্ধ আছে ) |
08:17 | সেয়ে ইয়াত, আমাৰ উচৰত একাধিক কিতাপবোৰক একাধিক সদস্যলৈ দিয়া এটা উদাহৰণ আছে | |
08:25 | যি Many-to-many সম্পর্ক বোঝায় | |
08:29 | সেয়ে আমি আমাৰ ডাটাবেসত এই many-to-many সম্পর্ক উপস্থাপন কৰিব পাৰো |
08:35 | এটা তৃতীয় টেবোল, BooksIssued টেবোল, যাক এটা Junction (সন্ধি) টেবোল বোলা হয়, তৈয়াৰ কৰি | |
08:45 | আৰু ইয়াত, আমি, Books আৰু Members এই দুটা টেবোলৰ পৰা প্রধান কীক BooksIssued টেবোললৈ, যোগ কৰিম | |
08:57 | ফলস্বৰুপে, BooksIssued টেবোলে, সদস্যবোৰক দিয়া প্রতিটো কিতাপৰ তথ্য ৰাখে | |
09:05 | সেয়ে, এটা তৃতীয় junction (সন্ধি) টেবোল তৈয়াৰ কৰি, আমি many-to-many সম্পর্ক উপস্থাপন কৰিব পাৰো | |
09:13 | আৰু অবশেষত One-to-one সম্পর্ক আলোচনা কৰা যাওক | |
09:18 | কেতিয়াবা, কিছু বৈশিষ্ট্য বা কলম মাত্র কিছু নির্দিষ্ট তথ্য সাপেক্ষ হয়, আৰু সেয়ে কলমবোৰত খুব কমেই মান থাকে | |
09:30 | যেনে ধৰক, মাত্র এজন লেখকৰ উচৰত ওয়েবসাইটৰ ঠিকানা আছে আৰু অন্যবোৰৰ উচৰত নাই | |
09:38 | আৰু সেই Authors টেবোলত নতুন ওয়েবসাইট কলম অধিকাংশই খালি থকাত, ডিস্ক এৰ অনেক স্থান নষ্ট হব | |
09:47 | সেয়ে আমি এই কলম-টোক এটা প্রাসঙ্গিক(supplemental) টেবোলত স্থানান্তৰিত কৰিব পাৰিম, যাৰ প্রাথমিক কী হব একেই author আইডি | |
09:58 | প্রাসঙ্গিক টেবোলত প্রত্যেকটো ৰেকৰ্ডে প্রধান টেবোলত ঠিক এটা ৰেকর্ডলৈ অনুৰুপ কৰিব | |
10:06 | যি One-to-one সম্পর্কক বোঝায় | |
10:10 | সেয়ে তাত, আমি ডাটাবেসত সম্পর্ক স্থাপন কৰিবলৈ শিকিছো | |
10:15 | ইয়াতেই, LibreOffice বেসত ডাটাবেস নকশা সংক্রান্ত টিউটোৰিয়েলৰ দ্বিতীয় ভাগ সমাপ্ত হল | |
10:23 | সংক্ষেপে, আমি ডাটাবেস নকশা সম্পর্কে এই নিম্নলিখিত বিষয়বোৰ আলোচনা কৰিছো : |
10:28 | তথ্য অংশবোৰক কলমত পৰিবর্তন কৰা | |
10:32 | প্রধান কী নির্দিষ্ট কৰা | |
10:34 | টেবোলত সম্পর্ক স্থাপন কৰা | |
10:38 | স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher প্রকল্পৰ অংশবিশেষ যি ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত । |
10:48 | এই প্রকল্পটো http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় । |
10:54 | এই সম্পর্কে আৰু তথ্য নিম্নলিখিত লিঙ্কৰ পৰা পোৱা যাব । |
10:58 | এই টিউটোৰিয়েল ত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । |