PHP-and-MySQL/C2/Loops-Do-While-Statement/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল(do-while) লোপ(loop)টো শিকিম |
00:05 | ইয়াক লগতে দু-হোৱাইল(do-while) ষ্টেতমেন্ত(statement) বুলিওঁ কোৱা হয় । আপুনি ইয়াক এটা লোপ(loop) বা এটা ষ্টেতমেন্ত(statement) বুলি ক’ব পাৰে |
00:12 | মূলটো হোৱাইল(while) লোপ(loop)ৰ সৈতে একে যদিওঁ চৰ্ত(condition)টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ(loop)টোৰ শেষত পৰীক্ষা কৰা হয় |
00:20 | আমাৰ বাবে দু (do) আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক(block) আৰু শেষত হোৱাইল(while) আছে । তাৰপাছত ইয়াত এটা চৰ্ত(condition) আছে । গতিকে, এইটো হৈছে চৰ্তটো(condition) |
00:29 | এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ(echo) হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল(while) লোপ(loop)টোত কৰিছো |
00:41 | এতিয়া চৰ্ত(condition)টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম(name) নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ(loop)টো শেষ হ’ব |
01:00 | মই আৰম্ভ কৰিবলৈ num(নাম) = 1 লিখিম |
01:04 | তাৰপাছত মই লিখিম "my name is Alex" (মাই নেম ইজ এলেক্স) |
01:09 | মই বিচৰা লোপ(loop)টোৰ চৰ্ত(condition)টো হৈছে - while(হোৱাইল) the(দ) name(নেম) = Alex(এলেক্স) |
01:15 | যেতিয়ালৈকে name(নেম)=Alex(এলেক্স) হ’ব, ই লোপ(loop) হ’ব । গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত(specific condition) ক’ব লাগিব - নেম(name)টো বিলি("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ(loop)টো আৰু নচলিব কাৰণ নেম(name)টো এলেক্স("Alex")ৰ সমান নহয় |
01:31 | এতিয়া, আমি দু (do) লোপ(loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত(if statement) সংলগ্ন কৰিম । মনত ৰাখিব : আপুনি থ’ব পাৰিব
আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই । যেতিয়ালৈকে আপোনাৰ ক’ডে(code) কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব |
01:55 | এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু(do) |
01:57 | প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ(echo) কৰিম |
02:00 | শাৰীটো ব্ৰেক(break) কৰিবলৈ আপুনি তাক এটা সৰু HTML code(ক’ড)ৰ সৈতে কনকাটিনেত(concatenate) কৰিব পাৰে |
02:05 | ইয়াত মই num(নাম)++ লিখিম যিটো num(নাম) +1ৰ দৰে একেই |
02:14 | তাৰপাছত মোৰ ইফ(if) ষ্টেতমেন্ত(statement)- যদি নাম(num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ(echo) নহয় |
02:26 | মই নামটো বিলি("Billy")লৈ সলাব বিচাৰিছো |
02:30 | মই সংক্ষিপ্তবৃত্তি কৰো । মনত ৰাখিব,মই ইয়াত মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড(code) আছে যি ইফ(if) ষ্টেতমেন্ত(statement)টোৰ পাছৰ ব্লক(block)টোত কাৰ্যকৰী হব লাগিব |
02:42 | গতিকে মোক মাত্ৰ এশাৰী ক‘ড(code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ |
02:46 | গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো |
02:51 | এইটো মোৰ নাম্বাৰ(number ) ভেৰিয়েবল, ই বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ(echo) হ’ব পাৰে |
02:57 | মই মোৰ নামটো এলেক্স("Alex")লৈ স্থাপিত কৰিছো |
03:00 | আমি আমাৰ দু(do) আৰম্ভ কৰো |
03:02 | নামটো এতিয়াওঁ এলেক্স("Alex") আছে |
03:04 | তাত কোনো চৰ্ত(condition)নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব |
03;07 | গতিকে আমি সংখ্যাটো ইকৌ (echo ) কৰিম যিটো হৈছে 1 |
03:10 | আমি ইয়াক 1ৰে বৰ্দ্ধিত কৰিম যিটো 2 ৰ সমান হ’ব |
03:14 | এতিয়া,আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক |
03:26 | এইটো নহয় । গতিকে এইটো এৰক । ই name(নেম) = Alex(এলেক্স) বুলি ক’ব । আৰু তাৰপাছত ওপৰলৈ ঘূৰি যাব |
03:34 | এইটো এতিয়াও 2 হৈ থাকিব । যি বুজায় যে লোপ(loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে |
03:41 | ই 2 ইকৌ(echo) কৰিব |
03:43 | ই এক যোগ কৰিব আৰু 3 ক’ব |
03:46 | আৰু তাৰপাছত ই ক’ব : 3 টো 10 তকৈ ডাঙৰ বা সমান হয়নে ? |
03:51 | নহ্য়,এইটো নহ্য় |
03:52 | গতিকে,নেম(name)টো বিলি("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড(code)টোৰ বাকী অংশৰ সৈতে চলিব |
03:58 | নামটো এতিয়াওঁ এলেক্স ("Alex") হৈ আছে |
04:00 | গতিকে,লোপ(loop)টো চলি থাকিব । এই ক্ষেত্ৰ্ত ই 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ(echo) হ’ব |
04:09 | এতিয়া নাম(num)টো 10 হ’ব |
04:11 | ইফ(if) চৰ্তটো ট্ৰু(True) হ’ব |
04:13 | নেম(name)টো বিলিলৈ("Billy")স্থাপিত হ’ব আৰু হোৱাইল(while)চৰ্তটোত ই এলেক্স("Alex")ৰ সমান নহয় । গতিকে হোৱাইল(while) লোপ(loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড(code)টো চলি থাকিব |
04:25 | গতিকে, আহক এই ক’ড(code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো । তাত টিপক |
04:31 | ঠিক আছে, আমি 1, 2, 3 ৰ পৰা 9লৈ সকলো বিলাক পালো |
04:35 | নিশ্বিতভাবে, আমাৰ চৰ্ত(condition) সম্পূৰ্ণ হৈছে । আমাৰ নেম(name)টো বিলি("Billy")লৈ সলনি হৈছে । আমাৰ নাম(name)টো এতিয়া এলেক্স("Alex")ৰ সমান নহয় |
04:43 | গতিকে, আমাৰ লোপ(loop)টো ইয়াত বন্ধ হৈছে |
04:45 | এতিয়া ইফ(if)টো 11 লৈ সলাওঁক বা আপুনি নাম(num)টো 0 লৈ সলাব পাৰে |
04:50 | এতিয়া ই কাম নকৰিব আৰু আপুনি চাব পাৰে কিয় |
04:54 | আমি 0 ৰ পৰা 9 লৈ পালো |
04:57 | কাৰণটো হৈছে আপোনাৰ আৰম্ভনী সংখ্যাটো |
05:02 | ই যি কৰিব সেইটো হৈছে,মই আগতে কোৱাৰ দৰে,ই বৰ্তমান সংখ্যাটো ইকৌ(echo) কৰিব, তাৰপাছত ইয়াক এটা 1 ৰ বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত(if statement)টোত ইয়াক তুলনা কৰিব |
05:13 | গতিকে, আপুনি তুলনা কৰিছে যিটো আপুনি চাব নোৱাৰে |
05:16 | যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ(loop)টো শেষ কৰিব |
05:23 | আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ,এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা |
05:27 | যদি আমি ইয়াক ৰিফ্ৰেচ(refresh) কৰো,এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো |
05:31 | এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ(do-while loop) । যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ(do-while loop) টো হোৱাইল(while)লোপ(loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে |
05:44 | গতিকে, ইয়াক অভ্যাস কৰক, চেষ্টা কৰক আৰু কিছুমান মান দিয়ক । লগতে, মই এইমাত্ৰ নিৰ্মাণ কৰা প্ৰোগ্ৰামটো পুনৰ গঠন কৰিবলৈ চেষ্টা কৰক |
05:52 | অতি সোনকালেই লোপচ(loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক |
05:56 | মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |