LibreOffice-Suite-Base/C2/Enter-and-update-data-in-a-form/Assamese
From Script | Spoken-Tutorial
Visual Cues | Narration |
---|---|
00:02 | লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম। |
00:06 | এই ট্যুটৰিয়েলত আমি শিকিম, |
00:09 | এখন ফৰ্মত কেনেকৈ ডাটা ভৰ্তি আৰু আপডেট কৰা হয়। |
00:12 | আগৰ টিউটৰিয়েলত এখন ফৰ্মত কেনেকৈ ফৰ্ম কণ্ট্ৰল যোগ দিয়া হয়, সেই বিষয়ে শিকিছিলো। |
00:19 | এই টিউটৰিয়েলত ফৰ্ম ব্যৱহাৰ কৰি কেনেকৈ ডাটা ভৰ্তি আৰু আপডেট কৰা হয়, সেই বিষয়ে শিকিম। |
00:27 | তাৰ আগতে, আমাৰ ফৰ্মৰ ডিজাইনত মাথোঁ তিনিটা সাল-সলনি কৰি লওঁ আহক। |
00:36 | প্ৰথমতে লিবাৰঅফিছ বেছ প্ৰগ্ৰামটো খুলি লোৱা যাওক, এইটো এতিয়াও খোলা হোৱা নাই। |
00:51 | আৰু আমাৰ লাইব্ৰেৰী ডাটাবেছটো |
00:54 | ফাইল মেনুৰ অধীনত থকা Open-অত ক্লিক কৰি খোলক। |
00:58 | এতিয়া আমি লাইব্ৰেৰী ডাটাবেছত উপস্থিত হ’লো। |
01:02 | আৰু এতিয়া আমি 'Books Issued to Members' ফৰ্মখন খুলিম। |
01:07 | ইয়াৰ বাবে বাওঁ পেনেলৰ Forms আইকনত ক্লিক কৰক আৰু তাৰপিছত সোঁ পেনেলৰ 'Books Issued to Members' ফৰ্মত ৰাইট ক্লিক কৰক। |
01:20 | আৰু তাৰপিছত Edit-অত ক্লিক কৰক। |
01:24 | এতিয়া আমি ফৰ্ম ডিজাইন উইণ্ড’ত উপস্থিত হ’লো। |
01:28 | ইয়াত প্ৰথমতে ফৰ্মখনৰ ৰিচাইজ কৰা যাওক যাতে ইয়াক সৰু আৰু সংক্ষিপ্ত দেখা যায়। |
01:36 | ইয়াৰ বাবে আমি ফৰ্ম উইণ্ড’খনৰ উচ্চতা আৰু প্ৰস্থ কম কৰিম। |
01:43 | ফৰ্ম উইণ্ড’খনৰ ওপৰত আৰু কাষত ক্লিক, ড্ৰেগ আৰু ড্ৰপিঙৰ জৰিয়তে আমি এইটো কৰিম। |
01:51 | ইয়াৰ পিছত আমাৰ ফৰ্মখনৰ হেডিঙৰ ফণ্ট সলনি কৰা যাওক। |
01:57 | ওপৰত থকা Formatting টুলবাৰৰ পৰা ফণ্ট Arial Black আৰু আকাৰ 12 কৰা যাওক। |
02:12 | শেষত, ফৰ্ম কণ্ট্ৰলৰ Tab Order মন কৰক। |
02:19 | ইয়ে আমাক কীব’ৰ্ডৰ টেব কী ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট ক্ৰমত ফৰ্ম কণ্ট্ৰলবিলাক নেভিগেট কৰাত সহায় কৰে। |
02:29 | উদাহৰণ হিচাপে, ধৰক, ওপৰৰ পৰা তললৈ। |
02:33 | ইয়াক টেব অৰ্ডাৰ (tab order) বুলি কোৱা হয়। |
02:37 | এতিয়া, বেছে ফৰ্মৰ ওপৰৰ পৰা তললৈ ফৰ্ম কণ্ট্ৰলবিলাকৰ টেব অৰ্ডাৰ স্বয়ংক্ৰিয়ভাৱে সজাই দিয়ে। |
02:47 | কিন্তু যিহেতু আমি কেইবাটাও টেক্সট্ বক্স গুচাই পেলালো আৰু দুটা নতুন লিষ্ট বক্স আৰু চাৰিটা বাটন যোগ কৰিলো, গতিকে আমি টেব অৰ্ডাৰটো খেলিমেলিকৈ পাম। |
03:00 | গতিকে, ইয়াক আমি এতিয়া সজাই ল’ম। |
03:05 | সাধাৰণতে উইণ্ডখনৰ তলৰফালে থকা Form Design টুলবাৰৰ আইকনবিলাক আমি তন্নতন্নকৈ চাম, |
03:16 | আৰু Activation order বুলি টুলটিপ (tooltip) প্ৰদৰ্শন কৰা আইকনটো বিচাৰি উলিয়াম। |
03:25 | এই আইকনটোত ক্লিক কৰিম। |
03:29 | এতিয়া আমি Tab Order শিৰোনামেৰে এখন সৰু পপআপ উইণ্ড’ দেখা পাইছোঁ। |
03:38 | এই ফৰ্ম কণ্ট্ৰলবিলাক সজাবৰ কাৰণে আমি হয় ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰিব পাৰোঁ |
03:46 | অথবা আমি Move up আৰু Move down বাটন ব্যৱহাৰ কৰিব পাৰোঁ। |
03:52 | ইয়াত দেখুওৱা ছবিখনৰ দৰে টেব অৰ্ডাৰ সজাওঁ আহক। <pause> |
04:04 | এয়া কৰা হৈ গ’ল, গতিকে এইখিনি চেভ কৰিবৰ বাবে OK বাটনত ক্লিক কৰিম। |
04:12 | ঠিক আছে, এতিয়া Contron S টিপি আমাৰ ফৰ্মখন চেভ কৰিম। |
04:19 | আৰু তাৰপিছত ফৰ্ম উইণ্ড’খন বন্ধ কৰিম। |
04:24 | আমি আমাৰ ফৰ্ম ডিজাইন সম্পূৰ্ণ কৰিলো। |
04:29 | এতিয়া আমাৰ ফৰ্মখন পৰীক্ষা কৰিম। |
04:33 | মূল বেছ উইণ্ড’ত 'Books Issued to Members' নামৰ ফৰ্মখন ডবল ক্লিক কৰি মুকলি কৰোঁ। |
04:42 | এতিয়া ফৰ্মখন ডাটা এণ্ট্ৰি ম’ডত খোল ফাইছে। |
04:47 | হেডিংটো লক্ষ্য কৰক, ইয়াত কোৱা হৈছে— 'Form to track Books issued to Members' |
04:54 | আৰু ইয়াত আমি booksIds আৰু memberIds-অৰ পৰিৱৰ্তে কিতাপৰ নাম আৰু সদস্যৰ নামবিলাক দেখা পাইছোঁ। |
05:03 | ইয়াৰ উপৰি এইটো হৈছে BooksIssued টেবুলৰ প্ৰথম ৰেকৰ্ড, য’ত আমি দেখা পাইছোঁ যে কিতাপৰ নামৰ বিপৰীতে An Autobiography-টো হাইলাইট কৰি দেখুওৱা হৈছে। |
05:15 | আৰু সদস্যৰ নামৰ বিপৰীতে Nisha Sharma-টো হাইলাইট কৰি দেখুওৱা হৈছে। |
05:21 | আৰু আমি ফিল্ডবিলাকৰ পৰৱৰ্তীখিনিও দেখা পাইছোঁ। |
05:25 | এতিয়া আমি তলফালে থকা Form Navigation টুলবাৰ আইকন ব্যৱহাৰ কৰি সকলোখিনি ৰেকৰ্ড তন্নতন্নকৈ চাব পাৰোঁ। |
05:45 | দ্বিতীয়টো ৰেকৰ্ডলৈ যোৱা যাওক। |
05:49 | ইয়াত আমি দেখা পাওঁ যে সদস্য Jacob Robin-এ Macbeth নামৰ কিতাপখন নিছে, আৰু ধৰা হওক যে তেওঁ কিতাপখন ঘূৰাই দিব বিচাৰিছে। |
06:01 | গতিকে এই ৰেকৰ্ডত সেই তথ্যটো আপডেট কৰা হওক। |
06:07 | ইয়াৰ বাবে, আমি ঘূৰাই দিয়াৰ প্ৰকৃত তাৰিখটো টাইপ কৰিম, উদাহৰণ হিচাপে 7/7/11 |
06:17 | আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰিম। |
06:21 | এই তথ্যখিনি চেভ কৰিবলৈ আমি দি থোৱা Save Record বাটনটো টিপি দিম। |
06:30 | লক্ষ্য কৰক যে বাটনটো ধোঁৱা বৰণীয়া হৈ আছে, ইয়াৰ অৰ্থ হ’ল ইয়াক ব্যৱহাৰৰ বাবে নিষ্ক্ৰিয় হৈ আছে। |
06:38 | কিন্তু যেতিয়া আমি ৰেকৰ্ডটো পুনৰ সম্পাদনা কৰিম, তেতিয়া বাটনটো পুনৰ সক্ৰিয় হৈ উঠিব। |
06:45 | ঠিক আছে, এতিয়া Undo changes বাটনটো পৰীক্ষা কৰিম। |
06:50 | ইয়াৰ বাবে, ৰেকৰ্ড সম্পাদনা কৰিবৰ কাৰণে Conquest of Self বোলা কিতাপৰ শিৰোনামত ক্লিক কৰিম আৰু তাৰ পিছত Actual Return Date ফিল্ডত 5/7/11 টাইপ কৰিম। |
07:06 | লক্ষ্য কৰক যে Save record বাটন আৰু Undo changes বাটন দুয়োটাই ব্যৱহাৰ কৰিব পৰাকৈ সক্ৰিয় হৈ উঠিছে। |
07:15 | এতিয়া আমি Undo changes বাটনত ক্লিক কৰক আৰু কি ঘটিছে মন কৰক। |
07:22 | আমি শেহতীয়াকৈ কৰা সাল-সলনি নোহোৱা হৈ গৈছে। লক্ষ্য কৰক যে Conquest of Self-অৰ পৰিৱৰ্তে Mecbeth হাইলাইটেড হৈ উঠিছে আৰু Actual return date- 7/7/11 হৈছে। |
07:37 | এতিয়া আমি Delete Record বাটনত ক্লিক কৰিম, ইয়াৰ অৰ্থ হ’ল আমি এই দ্বিতীয়টো ৰেকৰ্ড ডিলিট কৰিবলৈ চেষ্টা কৰিম। |
07:47 | ডিলিট কৰাৰ ক্ষেত্ৰত বেছ যথেষ্ট সাৱধানী, গতিকে ই আমাক সজাগ কৰি এটা কনফাৰমেশ্যন বিচাৰে। |
07:55 | এতিয়াৰ বাবে আমি আগবাঢ়ি যাম আৰু Yes বাটনত ক্লিক কৰিম। |
08:02 | আমি দেখা পাইছোঁ যে ৰেকৰ্ডটো ডিলিট হৈ গৈছে; স্ক্ৰীনৰ পৰা ই নোহোৱা হৈছে আৰু তাৰ ঠাইত আমি পৰৱৰ্তী ৰেকৰ্ডটো দেখা পাইছোঁ। |
08:13 | এতিয়া, ফৰ্মৰ শেষৰ New Record বোলা বাটনটোত ক্লিক কৰি এটা নতুন ৰেকৰ্ড যোগ কৰিম। |
08:22 | কিছুমান ভেল্যু (values) টাইপ কৰা যাওক। |
08:26 | যিহেতু IssueId-টো এটা নিজে জেনেৰেট হোৱা ফিল্ড, গতিকে আমি ইয়াক এৰাই যাম। |
08:33 | আৰু ইয়াত ছবিখনত দেখুওৱাৰ দৰে ডাটা যোগ কৰিম। |
08:42 | ভৰ্তি কৰা তথ্য চেভ কৰিবলৈ Save Record বাটনত ক্লিক কৰক। |
08:47 | আমি এয়া সম্পূৰ্ণ কৰিলো। |
08:48 | ডাটা ভৰ্তি কৰি আৰু আপডেট কৰি আমি ফৰ্মখন পৰীক্ষা কৰিলো। |
08:54 | আপোনাৰ বাবে এটা এচাইনমেণ্ট:
সদস্যসকলৰ তথ্য প্ৰদৰ্শন কৰাবলৈ এখন ফৰ্ম ডিজাইন কৰক। |
09:00 | ফৰ্মখন দেখাত সৰু কৰি ৰাখক। |
09:03 | ফণ্ট ব’ল্ড কৰক। |
09:07 | Save আৰু New Record বাটন যোগ দিয়ক। |
09:10 | ইয়াতে আমাৰ লিবাৰঅফিছ বেছত ফৰ্ম ডাটা সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে। |
09:17 | সাৰাংশ হিচাপে, আমি শিকিলো: |
09:20 | ফৰ্মত ডাটা কেনেকৈ ভৰ্তি আৰু আপডেট কৰা হয়। |
09:23 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ. ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
|
09:34 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
09:44 | এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ। |