LibreOffice-Suite-Impress/C4/Presentation-Notes/Assamese
From Script | Spoken-Tutorial
Resources for recording
Visual Cue | Narration |
00.00 | লিবাৰঅফিছ ইমপ্ৰেছত প্ৰেজেণ্টেশ্যন নোটছ্ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ। |
00.06 | এই টিউটৰিয়েলত আমি নোটছৰ বিষয়ে আৰু সেইবোৰ কেনেকৈ প্ৰিণ্ট কৰিব পাৰি, সেই বিষয়ে শিকিম। |
00.12 | নোটছ্ দুটা উদ্দেশ্যত ব্যৱহাৰ কৰা হয়— |
00.14 | শ্লাইডত দৰ্শকৰ বাবে অতিৰিক্ত সমল বা প্ৰসংগ হিচাপে
|
00.20 | আৰু দৰ্শকৰ সন্মুখত শ্লাইড প্ৰদৰ্শন কৰি থকা সময়ত প্ৰদৰ্শকজনক প্ৰাসংগিক টোকাৰে সহায় কৰিবলৈ। |
00.27 | Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক। |
00.33 | বাওঁফালে থকা শ্লাইডচ্ পেনৰ পৰা Overview নামৰ শ্লাইডখন বাছনি কৰক। |
00.38 | কথাখিনি এই ধৰণে সলনি কৰক— |
00.40 | To achieve 30% shift to OpenSource software within 1 year |
00.46 | To achieve 95% shift to OpenSource Software within 5 years |
00.53 | পৃষ্ঠাটোত কিছুমান টোকা যোগ কৰা যাওক যাতে যেতিয়া ইয়াক প্ৰিণ্ট কৰা যায়, পঢ়ুৱৈয়ে কিছুমান প্ৰাসংগিক সমল ইয়াত পায়। |
01.01 | নোটছ সম্পাদনা কৰিবলৈ Notes টেবত ক্লিক কৰক। |
01.04 | এটা Notes টেক্সট্ বক্স শ্লাইডৰ তলফালে প্ৰদৰ্শিত হয়। ইয়াত আমি আমাৰ টোকা টাইপ কৰিব পাৰোঁ। |
01.12 | Click to Add Notes-অত ক্লিক কৰক। |
01.15 | লক্ষ্য কৰক যে এই বক্সটো আপুনি সম্পাদনা কৰিব পাৰে। |
01.19 | এই টেক্সট্ বক্সত টাইপ কৰক: |
01.22 | Management would like to explore cost saving from shifting to Open Source Software |
01.28 | Open source software has now become a viable option to proprietary software. |
01.35 | Open source software will free the company from arbitrary software updates of proprietary software. <Pause> |
01.46 | আমি আমাৰ প্ৰথমটো নোট তৈয়াৰ কৰিলো। |
01.49 | এতিয়া নোটছৰ টেক্সট্ কেনেকৈ ফৰমেট কৰিব পাৰি সেই বিষয়ে শিকা যাওক। |
01.54 | টেক্সট্খিনি চিলেক্ট কৰক। |
01.56 | ইমপ্ৰেছ উইণ্ড’ৰ ওপৰৰ বাওঁ কোণত থকা Font Type ড্ৰপ ডাউনত ক্লিক কৰক আৰু TlwgMono চিলেক্ট কৰক। |
02.05 | ইয়াৰ পিছত Font size ড্ৰপ ডাউনৰ পৰা 18 চিলেক্ট কৰক। |
02.10 | একেটা টাস্ক বাৰতে থকা বুলেট আইকনত ক্লিক কৰক। টেক্সট্খিনি এতিয়া বুলেট পইণ্ট যুক্ত হৈ পৰিল। |
02.18 | সকলোবোৰ নোটছ্ এটা ষ্টেণ্ডাৰ্ড ফৰমেটত সজাবলৈ এটা Notes Master কেনেকৈ তৈয়াৰ কৰে, সেই বিষয়ে শিকা যাওক। |
02.25 | মেইন মেনুৰ পৰা ভিউত ক্লিক কৰক আৰু তাৰপিছত মাষ্টাৰত ক্লিক কৰক। এতিয়া নোটছ্ মাষ্টাৰত ক্লিক কৰক। |
02.33 | নোটছ্ মাষ্টাৰ ভিউ ওলাই আহে। |
02.36 | লক্ষ্য কৰক যে দুখন শ্লাইড প্ৰদৰ্শিত হৈছে। |
02.40 | ইয়াৰ অৰ্থ এয়ে যে প্ৰেজেণ্টেশ্যনত ব্যৱহাৰ কৰা প্ৰত্যেকখন মাষ্টাৰ শ্লাইডৰ বাবে এখনকৈ নোটছ মাষ্টাৰ থাকে। |
02.47 | নোটছ্ মাষ্টাৰ শ্লাইড এখন টেমপ্লেটৰ দৰে। |
02.51 | ইয়াত আপুনি ফৰমেটিং প্ৰিফাৰেঞ্চ চেট কৰিব পাৰে, যিবোৰ পিছত প্ৰেজেণ্টেশ্যনৰ সকলোবোৰ নোটছত প্ৰয়োগ কৰা হয়। |
02.58 | শ্লাইডছ্ পেনৰ পৰা প্ৰথমখন শ্লাইড চিলেক্ট কৰক। |
03.01 | নোটছ্ প্লেচ হ’ল্ডাৰত ক্লিক কৰক আৰু ইয়াত থকা টেক্সট্খিনি চিলেক্ট কৰক। |
03.08 | ইমপ্ৰেছ উইণ্ড’ৰ ওপৰৰ বাওঁ কোণত থকা Font size ড্ৰপ ডাউনত ক্লিক কৰক আৰু 32 চিলেক্ট কৰক। |
03.16 | মেইন মেনুৰ পৰা Format আৰু Character-অত ক্লিক কৰক। |
03.21 | কেৰেক্টাৰ ডায়লগ বক্স ওলাই আহে। |
03.24 | ফণ্ট এফেক্টচ্ টেবত ক্লিক কৰক। |
03.28 | ফণ্ট কালাৰ ড্ৰপ ডাউনত ক্লিক কৰি Red চিলেক্ট কৰক। অ’কেত ক্লিক কৰক। |
03.35 | নোটছত এটা ল’গ’ যোগ দিয়া যাওক। |
03.38 | এটা ত্ৰিভূজ যোগ দিওঁ আহক। |
03.40 | ড্ৰয়িং টুলবাৰৰ পৰা বেছিক চেপত ক্লিক কৰক আৰু Isosceles Triangle চিলেক্ট কৰক। |
03.48 | নোটছ টেক্সট্ বক্সৰ ওপৰৰ বাওঁ কোণত ত্ৰিভুজটো ভৰাওক। |
03.53 | ত্ৰিভুজটো চিলেক্ট কৰক আৰু ৰাইট ক্লিক কৰি কনটেক্সট্ মেনু উলিয়াওক। Area-ত ক্লিক কৰক। |
03.59 | এৰিয়া ডায়লগ বক্স ওলাই আহে। |
04.02 | এৰিয়া টেবত ক্লিক কৰক। |
04.05 | ফিল ড্ৰপ ডাউনত ক্লিক কৰক আৰু কালাৰত ক্লিক কৰক। এতিয়া Blue 7 বাছনি কৰক। |
04.12 | তৈয়াৰ কৰা সকলোবোৰ নোটছৰ বাবে এই ফৰমেটিং আৰু ল’গ’টো ডিফল্ট হ’ব। |
04.18 | অ’কেত ক্লিক কৰক। |
04.20 | মষ্টাৰ ভিউ টুলবাৰত ক্ল’জ মাষ্টাৰ ভিউত ক্লিক কৰক। |
04.25 | মেইন পেনত নোটছ্ টেবত ক্লিক কৰক। |
04.29 | বাওঁফালৰ শ্লাইডছ পেনৰ পৰা অভাৰভিউ নামৰ শ্লাইডখন বাছনি কৰক। |
04.35 | লক্ষ্য কৰক, নোটছবিলাক মাষ্টাৰ নোটছত চেট কৰা ধৰণে ফৰমেট হৈছে। |
04.42 | এতিয়া নোটছ্ প্লেচ হ’ল্ডাৰ আৰু শ্লাইড প্লেচ হ’ল্ডাৰ কেনেকৈ ৰি-চাইজ কৰা যায়, সেই বিষয়ে শিকা যাওক। |
04.48 | শ্লাইড প্লেচ হ’ল্ডাৰ চিলেক্ট কৰক, লেফট্ মাউচ বাটন টিপি ধৰি ইয়াক স্ক্ৰীনৰ ওপৰলৈ লৈ যাওক। |
04.56 | ইয়ে নোটছ্ প্লেচ হ’ল্ডাৰ ৰি-চাইজ কৰিবলৈ অধিক ঠাই উলিয়াই দিয়ে। |
05.02 | এতিয়া নোটছ্ টেক্সট্ প্লেচ হ’ল্ডাৰৰ সীমাৰেখাত ক্লিক কৰক। |
05.06 | লেফট্ মাউচ বাটন টিপি ধৰি ৰাখি ইয়াৰ আকাৰ বঢ়াবলৈ ওপৰলৈ ড্ৰেগ কৰক। |
05.13 | আমাক লগা ধৰণে প্লেচ হ’ল্ডাৰ ৰি-চাইজ কৰিবলৈ আমি শিকিলো। |
05.18 | এতিয়া নোটছ কেনেকৈ প্ৰিণ্ট কৰা হয়, সেই বিষয়ে শিকা যাওক। |
05.22 | মেইন নেুৰ পৰা ফাইলত ক্লিক কৰক আৰু প্ৰিণ্ট চিলেক্ট কৰক। |
05.27 | প্ৰিণ্ট ডায়লগ বক্স ওলাই আহে। |
05.30 | প্ৰিণ্টাৰৰ তালিকাৰ পৰা আপোনাৰ চিষ্টেমৰ সৈতে যুক্ত হৈ থকা প্ৰিণ্টাৰ চিলেক্ট কৰক। |
05.35 | নাম্বাৰ অৱ কপিজ ফিল্ডত 2 ভৰ্তি কৰক। |
05.40 | প্ৰপাৰটিজত ক্লিক কৰক আৰু অৰিয়েণ্টেচনৰ অধীনত লেণ্ডস্কেপ চিলেক্ট কৰক। অ’কেত ক্লিক কৰক। |
05.48 | প্ৰিণ্ট ডকুমেণ্টৰ অধীনত ড্ৰপ ডাউন মেনুৰ পৰা নোটছ্ চিলেক্ট কৰক। |
05.53 | এতিয়া লিবাৰঅফিচ ইমপ্ৰেছ টেব চিলেক্ট কৰক। |
05.58 | কনটেণ্টৰ অধীনত |
06.00 | শ্লাইড নেম বক্সত চ্চেক (check) দিয়ক। |
06.02 | ডেট এণ্ড টাইম বক্সত চ্চেক (check) দিয়ক। |
06.05 | অৰিজিনেল কালাৰ বক্সত চ্চেক (check) দিয়ক। |
06.08 | প্ৰিণ্টত ক্লিক কৰক। |
06.11 | যদি আপোনাৰ প্ৰিণ্টাৰ চেটিং শুদ্ধকৈ কনফিগাৰ কৰা আছে, তেনেহ’লে শ্লাইড প্ৰিণ্ট হ’বলৈ আৰম্ভ কৰিব। |
06.18 | এইখিনিতে এই টিউটৰিয়েলৰ অন্ত পৰিছে। |
06.21 | এই টিউটৰিয়েলত আমি নোটছৰ বিষয়ে আৰু নোটছ কেনেকৈ প্ৰিণ্ট কৰা হয়, সেই বিষয়ে শিকিলো।
|
06.27 | আপোনাৰ বাবে এটা এছাইনমেণ্ট। |
06.30 | এটা নতুন প্ৰেজেণ্টেশ্যন খোলক, |
06.32 | নোটছ্ প্লেচ হ’ল্ডাৰত বিষয়বস্তু যোগ দিয়ক আৰু |
06.36 | এটা ত্ৰিভুজ যোগ দিয়ক।
সমকোণ চতুর্ভুজ |
06.38 | ফণ্টৰ আকাৰ 36 আৰু ৰং নীলা কৰক। |
06.44 | ত্ৰিভুজৰ ৰং সেউজীয়া দিয়ক |
06.48 | শ্লাইড টেক্সট্ হ’ল্ডাৰৰ আনুপাতিক কৰি নোটছ্ প্লেচ হ’ল্ডাৰৰ আকাৰ এডজাষ্ট কৰক। |
06.54 | পোৰট্ৰেইট ফৰমেটত ক’লা-বগা কৰি নোটছ প্ৰিণ্ট কৰক। |
06.59 | আপুনি ৫ কপি নোটছ্ প্ৰিণ্ট কৰিব লাগিব। |
07.03 | এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
07.09 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07.13 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। |
07.22 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
07.28 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
07.41 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro লিংকত পোৱা যাব। |
07.51 | এই টিউটৰিয়েল আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদান কৰাৰ বাবে ধন্যবাদ। |