Health-and-Nutrition/C2/Pre-pregnancy-Nutrition/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | গৰ্ভধাৰণৰ আগৰ পুষ্টিৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম প্ৰজননৰ বয়্স আৰু গৰ্ভধাৰণৰ আগৰ সময়ত প্ৰয়োজন হোৱা পুষ্টিগত পদাৰ্থসমূহৰ বিষয়ে |
00:14 | আহক প্ৰথমে আমি প্ৰটিনৰ সৈতে আৰম্ভ কৰো |
00:17 | প্ৰটিন প্ৰয়োজন হয় মাংসপেশীৰ কলাৰ বৃদ্ধি আৰু ৰক্ষণাবেক্ষণৰ বাবে |
00:22 | ই দৰকাৰী হয় কোষৰ মেৰামতি আৰু হাড়ৰ বিকাশ আৰু লগতে জোৰাবিলাকৰ বাবে |
00:27 | ই সহায় কৰে প্ৰতিৰক্ষাক উন্নত কৰোতে আৰু এটা সুস্থ লিভাৰ বাহাল ৰাখিবলৈ আৰু লগতে শক্তি প্ৰদান কৰে |
00:34 | প্ৰটিনে ৰসায়ন প্ৰস্তুত কৰে যি সহায় কৰে- হজম হোৱাত, শৰীৰত বিষাক্ত পদাৰ্থৰ বিযোজনত, |
00:41 | তেজৰ শৰ্কৰা বাহাল ৰখাত আৰু মগজুলৈ আৰু মগজুৰ পৰা সংকেত কঢ়িওঁৱাত |
00:47 | প্ৰটিনৰ অভাৱৰ বাবে হয় - ভ্ৰুণৰ বিকাশ কম হয় ইয়াৰ বয়সৰ বাবে, |
00:52 | কম উচ্চতা, স্মৃতি আৰু অংগসঞ্চালক দক্ষতা হয় শিশুটোত, লগতে সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনাৰ সৈতে |
01:00 | প্ৰাপ্তবয়স্কত, ইয়াৰ বাবে হয় - ছালৰ কোচখোৱা,
চুলি সৰা, |
01:05 | ক্লান্তি আৰু দুর্বলতা, |
01:08 | সঘনাই সংক্ৰমণ হোৱা আৰু মাংসপেশী কমা |
01:11 | আনএটা প্ৰটিন যাক কোৱা হয় কেৰাটিন এটা দৰকাৰী অংশ হয় চুলি, নখ আৰু ছালৰ |
01:18 | আচৰ্য্যজনকভাবে, প্ৰটিন বিভিন্ন পদাৰ্থৰে গঠিত হয় যাক কোৱা হয় এমিন’ এচিদচ |
01:24 | সৰ্বমুঠ ২২ টা এমিন’ এচিদচ আছে যাৰ ভিতৰত ৯টা এমিন’ এচিদচ খাদ্যৰ পৰা লোৱা হয় |
01:33 | আহক এতিয়া আমি দুই প্ৰকাৰৰ প্ৰটিন চাওঁ যি হৈছে - সম্পূৰ্ণ প্ৰটিন আৰু অসম্পূৰ্ণ প্ৰটিন |
01:41 | আগতে উল্লেখ কৰা সকলো ৯টা এমিন’ এচিদচ পোৱা যায় জীৱ-জন্তুৰ প্ৰটিনত |
01:46 | সেইবাবে জীৱ-জন্তুৰ প্ৰটিনক কোৱা হয় সম্পূৰ্ণ প্ৰটিন |
01:51 | আনহাতে, উদ্ভিদত পোৱা প্ৰটিনত, এই প্ৰয়োজনীয় ৯টা এমিন’ এচিদচৰ কিছু কম পৰিমাণে থাকে |
02:00 | উদাহৰণস্বৰূপে, খাদ্যশস্যত কম পোৱা যায় লাইচিন য’ত ডালিত কম থাকে মেথিঅনাইন |
02:07 | সেইবাবে বিভিন্ন উদ্ভিদৰ প্ৰটিনক একেলগে মিশ্ৰিত ভাবে গ্ৰহণ কৰাটো দৰকাৰ |
02:13 | উদাহৰণস্বৰূপে, খাদ্যশস্য আৰু ডালিক মিশ্ৰিত ভাবে গ্ৰহণ কৰিব লাগে যিহেতু সিহঁত দুয়োটাই পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় এমিন’ এচিদচ প্ৰদান কৰিব |
02:23 | এতিয়া আমি আনএটা দৰকাৰী পুষ্টিকৰ পদাৰ্থৰ বিষয়ে শিকিম যিহৈছে চৰ্বী |
02:28 | খাদ্যৰ পৰা পোৱা ভাল চৰ্বীসমূহ দৰকাৰী হয় ভাল স্বাস্থ্যৰ বাবে |
02:32 | কিছুমান চৰ্বীক শৰীৰে উৎপন্ন কৰিব নোৱাৰে, যেনে অমেগা 3 ফেটি এচিদ । গতিকে সিহঁতক খাদ্যৰ পৰা ল’ব লাগে |
02:40 | এই চৰ্বীসমূহে হৃদযন্ত্ৰৰ স্বাস্থ্য বাহাল ৰাখে, |
02:42 | শৰীৰত প্ৰদাহ কম কৰে আৰু সহায় কৰিব পাৰে গৰ্ভৱতী হোৱাৰ সম্ভাৱনাক উন্নত কৰোতে |
02:48 |
সিহঁতে লগতে শিশুৰ অকালপক্কভাবে জন্ম হোৱাৰ বিপদক কমায় আৰু শিশুটোৰ বুদ্ধিমত্তা বৃদ্ধি কৰে |
02:56 | প্ৰটিন আৰু চৰ্বীৰ বিষয়ে শিকাৰ পাছত, আমি এতিয়া ভিটামিন-A ৰ বিষয়ে শিকিম |
03:01 | ভিটামিন-A এ সহায় কৰে সুস্থ চকু বাহাল ৰখাত । ই কোষৰ বৃদ্ধিক নিয়ন্ত্ৰণ কৰে, |
03:07 | গৰ্ভধাৰণৰ সম্ভাৱনাক বৃদ্ধি কৰে আৰু গৰ্ভধাৰণৰ আগৰ সময়ত প্ৰতিৰক্ষাক উন্নত কৰে |
03:14 | ভিটামিন-A ৰ দৰে, সম্পূৰ্ণ ভিটামিন B-কম্প্লেক্সে এটা গুৰূত্বপূৰ্ণ ভূমিকা লয় জীৱনৰ সকলো অৱস্থাতে মহিলাৰ শক্তি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত |
03:24 | সকলো B-ভিটামিনৰ মাজত, আমি প্ৰথমে চাম ভিটামিন B-6 যিহৈছে পাইৰিড’ক্সিন |
03:31 | ভিটামিন B6- পাইৰিড’ক্সিন প্ৰয়োজন হয় স্নায়বিক তন্ত্ৰৰ কাম কৰিবৰ বাবে অৰ্থাৎ মগজুৰ বিকাশক উন্নত কৰোতে |
03:39 | লগতে, ই হয়তো গৰ্ভধাৰণৰ লগত সংগত বমি বমি ভাবৰ পৰা মুক্ত কৰিব পাৰে |
03:44 | আন এটা পুষ্টিকৰ পদাৰ্থ হৈছে, ভিটামিন B12 যিয়ে ফ’লেত আৰু ক’লাইনৰ সৈতে এনিমিয়া আৰু স্নায়বিক টিউবৰ অপূর্ণতাক প্ৰতিৰোধ কৰোতে সহায় কৰে |
03:54 | স্নায়বিক টিউবৰ অপূর্ণতা হৈছে জন্মৰ অপূর্ণতা যিয়ে শিশুটোৰ ৰাজহাড় আৰু মধ্য স্নায়বিক তন্ত্ৰক প্ৰভাবিত কৰে যি গৰ্ভধাৰণৰ প্ৰথম মাহতে গঠিত হয় |
04:04 | মন কৰিব যে স্নায়বিক টিউব এটা হৈছে ভ্ৰুণটোৰ এটা অংশ যি মগজু আৰু ৰাজহাড়লৈ বিকশিত হয় |
04:11 | গতিকে, গৰ্ভৱতী হোৱাৰ আগতে শৰীৰত পৰ্যাপ্ত পৰিমাণে ফ’লেত, ভিটামিন-B12 আৰু ক’লাইন থকাটো দৰকাৰ |
04:20 | ভিটামিন-B12 ৰ অভাবত লগতে এনিমিয়া, বন্ধ্যাত্ব আৰু গৰ্ভপাত হ’ব পাৰে |
04:27 | এতিয়া, আমি আন এটা দৰকাৰী পুষ্টিকৰ পদাৰ্থৰ বিষয়ে শিকিম যিহৈছে ফ’লেত |
04:31 | ফ’লেত যাক লগতে জনা যায় ভিটামিন-B9 হিচাবে, শৰীৰক সহায় কৰে সুস্থ নতুন কোষ বনাবলৈ |
04:38 | এই কোষসমূহে অক্সিজেনক হাওঁফাওঁৰ পৰা শৰীৰৰ সকলো অংশলৈ প্ৰবাহিত কৰে |
04:43 | গৰ্ভৱতী মাকসমূহৰ ফ’লেতৰ অভাৱত এনিমিয়া আৰু মগজু আৰু ৰাজহাড়ৰ অপূর্ণতা হ’ব পাৰে যাক কোৱা হয় স্নায়বিক টিউবৰ অপূর্ণতা |
04:52 | মন কৰিব যে স্নায়বিক টিউবৰ অপূর্ণতাক একেটা টিউট’ৰিয়েলত আগতে ব্যাখ্যা কৰা হৈছে |
04:58 | আমি এতিয়া আইৰনৰ ভূমিকাৰ বিষয়ে শিকিম ।
আইৰন প্ৰয়োজন হয় তেজত হিম’গ্লবিন গঠন কৰিবলৈ আৰু ভ্ৰুণৰ বৃদ্ধিৰ বাবে |
05:07 | গৰ্ভাৱস্থাত হিম’গ্লবিনৰ পৰিমাণ কম হ’লে হ’ব পাৰে - গৰ্ভাৱস্থাৰ সময়ত উচ্চ ৰক্ত চাপ, |
05:13 | সময়ৰ আগতে প্ৰসব, |
05:15 | কম জন্ম ওজনৰ শিশু আৰু গৰ্ভপাত |
05:18 | ইয়াৰ উপৰিও, হিম’গ্লবিনে সহায় কৰে অক্সিজেনক আন কলা আৰু কোষসমূহলৈ প্ৰবাহিত কৰোতে |
05:25 | হিম’গ্লবিন বা আইৰনৰ পৰিমাণ কম হ’লে এনিমিয়া হয় |
05:30 | তাৰউপৰিওঁ, আইৰনৰ পৰিমাণ মহিলাৰ ক্ষেত্ৰত কম হ’ব পাৰে - মাহেকীয়া ঋতুস্ৰাবৰ বাবে, |
05:36 | কৃমি সংক্ৰমণ, |
05:38 | খাদ্যত ফিতিক এচিদ আৰু অক্সালেতচ থকাৰ বাবে কম পৰিমাণে আইৰন থাকে আৰু শোষণ হয় |
05:45 | ফিতিক এচিদ আৰু অক্সালেতচ কমাবলৈ আৰু পুষ্টিকৰ পদাৰ্থৰ শোষণ বঢ়াবলৈ - |
05:52 | ৰন্ধাৰ আগৰ পদ্ধতিসমূহ ব্যৱ্হাৰ কৰক যেনে - তিওঁৱা, অংকুৰিত কৰা, ভজা আৰু কিম্বন |
06:00 | আইৰনৰ অভাৱত হোৱা এনিমিয়াৰ সংকেতসমূহ হৈছে -
ক্লান্তি আৰু শক্তি কমি যোৱা, |
06:06 | উশাহ চুটি হোৱা,
হৃদস্পন্দন বৃদ্ধি হোৱা |
06:10 | আৰু হালধীয়া ছাল |
06:11 | মনত ৰাখিব, আইৰনৰ লগত সদায় প্ৰচুৰ পৰিমাণে ভিটামিন-C থকা খাদ্য খাব যিহেতু ই আইৰন শোষণ কৰোতে সহায় কৰিব |
06:19 | ভিটামিন-C এ লগতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সংক্ৰমণক কমায় |
06:25 | পাছত, আমি কেলচিয়াম আৰু ভিটামিন D ৰ গুৰূত্বক শিকিম |
06:30 | কেলচিয়াম গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় যিহেতু ই হাড়ৰ বিকাশত সহায় কৰে |
06:35 | ভ্ৰুণটোক কেলচিয়াম প্ৰয়োজন হয় হাড় আৰু দাতৰ বিকাশৰ বাবে |
06:39 | কেলচিয়ামৰ পৰিমাণ কম হ’লে হাড় দুৰ্বল হ’ব পাৰে |
06:43 | তথাপি, মনত ৰাখিব যে- ভিটামিন-D প্ৰয়োজন হয় শৰীৰত কেলচিয়াম শোষণ কৰিবলৈ |
06:50 | ভিটামিন-D প্ৰাপ্ত কৰাৰ উৎকৃষ্ট পদ্ধতিটো হৈছে 11.00 am পৰা 3.00 pm ৰ ভিতৰত ১৫ ৰ পৰা ২০ মিনিটৰ বাবে ৰ’দ লোৱাটো |
06:59 | পাছত, আমি ক’লাইনৰ বিষয়ে শিকিম |
07:02 | ক’লাইন দৰকাৰী হয় শিশুটোৰ মগজুৰ বিকাশৰ বাবে যিহেতু ই স্মৃতি আৰু মনোযোগ বৃদ্ধি কৰে |
07:09 | ক’লাইনৰ অভাৱত হয়- প্ৰাপ্তবয়স্কত ফেটি লিভাৰ, |
07:13 | গৰ্ভপাত আৰু ভ্ৰুণত স্নায়বিক টিউবৰ অপূর্ণতা যাক এই টিউট’ৰিয়েলৰ আগতে উল্লেখ কৰা হৈছে |
07:20 | আহক আগবাঢ়ো আৰু জিংকৰ গুৰূত্বক শিকো |
07:24 | জিংক দৰকাৰ হয় প্ৰতিৰোধ আৰু কোষৰ বৃদ্ধিৰ বাবে । ই সহায় কৰে শৰীৰত জিণগত সামগ্ৰী আৰু প্ৰটিন বনাওঁতে |
07:31 | ই ঘাঁ ভাল হওঁতে সহায় কৰে । লগতে, ই মহিলাৰ ক্ষেত্ৰত অৱ্দান যোগায় ডিম্বস্ফোটন আৰু জননক্ষমতাত |
07:37 | আৰু ই দৰকাৰ হয় ভ্ৰুণটোৰ বৃদ্ধিৰ বাবে |
07:40 | মন কৰিব যে খাদ্যত জিংকৰ পৰিমাণ কম হ’লে - সোৱাদ আৰু গন্ধ লোৱাৰ জ্ঞানক প্ৰভাবিত কৰিব পাৰে, |
07:46 | অমৰাৰ বৃদ্ধিত পলম কৰে যি হৈছে মাকৰ পৰা ভ্ৰুণটোলৈ পুষ্টিকৰ পদাৰ্থসমূহ প্ৰবাহিত কৰা নলী |
07:53 | জিংকৰ পৰিমাণ কম হ’লে লগতে ভ্ৰুণৰ বৃদ্ধিক প্ৰভাবিত কৰে আৰু ফলত কম জন্ম ওজনৰ শিশু হয় |
08:00 | আনএটা গুৰূত্বপূর্ণ পুষ্টিকৰ পদাৰ্থ যি আমি চাম সি হৈছে আয়’দিন |
08:05 | আয়’দিন শৰীৰক প্ৰয়োজন হয় থাইৰয়্দ হৰম’নৰ স্বাভাবিক লেভেলক বাহাল ৰাখিবলৈ যি উৎপন্ন হয় থাইৰয়্দ গ্ৰন্থিৰ পৰা |
08:13 | মাকৰ আয়’দিনৰ অভাব হ’লে শিশুটোৰ গৰ্ভপাত হোৱাৰ আৰু মৃতসন্তান প্ৰসব হোৱাৰ সম্ভাৱনা বাঢ়ি যায় |
08:21 | ইয়াৰ বাবে লগতে হ’ব পাৰে - জন্মগত বিকৃতি, কম জন্মৰ ওজন, অৱৰূদ্ধ বিকাশ আৰু মানসিক প্রতিবন্ধকতা শিশুটোত |
08:30 | মেগনেচিয়াম হৈছে আন এটা পুষ্টিকৰ পদাৰ্থ যি স্নায়বিক তন্ত্ৰক শান্ত কৰিবলৈ সহায় কৰে |
08:35 | ই ক্ৰেম্পচ আৰু মাইগ্রেন মূৰৰ বিষক প্ৰতিৰোধ কৰে মূলত মগজুত থকা ৰক্ত নলীসমূহক আৰাম দি |
08:41 | ই লগতে বাহাল ৰাখে সুস্থ ৰক্ত চাপ আৰু হৃদযন্ত্ৰৰ স্পন্দনক |
08:45 | ই সহায় কৰে জিনগত উপাদানৰ সৃষ্টিত আৰু হাড়ৰ বিকাশক বঢ়াই |
08:51 | এটা সুস্থ গৰ্ভাৱস্থাৰ বাবে এটা সুস্থ পুষ্টিকৰ পদাৰ্থৰ উপৰিওঁ, এলকহলক ত্যাগ কৰাতো দৰকাৰ যিহেতু ইয়াৰ বাবে গৰ্ভপাত বা দুর্বল ভ্রূণ হ’ব পাৰে |
09:00 | ত্যাগ কৰিবলগীয়া আন বস্তুসমূহ হৈছে - তম্বাকু, |
09:03 | চিগাৰেত,
ড্ৰাগচ, |
09:06 | নিজে লোৱা ঔষধ, চেনিৰ অত্যাধিক ব্যৱ্হাৰ, চাহ আৰু কফি, জাংক ফুদ আৰু মিঠাযুক্ত পানীয় |
09:15 | যিহেতু এই বস্তুসমূহে প্ৰভাবিত কৰিব পাৰে জন্মদায়ক স্বাস্থ্যক আৰু গৰ্ভাৱস্থাত বিৰূপ প্ৰভাব পেলাব পাৰে |
09:20 | মন কৰিব যে এইটো লগতে দৰকাৰী হয় গৰ্ভৱতী হোৱাৰ আগতে ওজন বাহাল ৰখাটো |
09:25 | কম ওজনৰ মহিলাই জন্ম দিয়ে সৰু শিশুক বা সময়ৰ আগতে জন্ম হোৱা শিশুক যি জন্ম হয় গৰ্ভাৱস্থাৰ ৭ ৰ পৰা ৮ মাহৰ সময়তে |
09:34 | তেনে শিশুসমূহৰ অকালপক্কভাবে মৃত্যু হোৱাৰ সম্ভাৱনা অত্যাধিক হয় |
09:38 | তথাপি, আনহাতে, বেছি ওজনৰ মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাৰ মধুমেহ আৰু ৰক্ত চাপ হোৱাৰ সম্ভাৱনা অত্যাধিক হয় |
09:45 | লগতে, ইয়াৰ বাবে নবজাতকৰ জটিলতা হ’ব পাৰে |
09:49 | সেইবাবে গৰ্ভৱতী হোৱাৰ আগতে মহিলা এগৰাকীয়ে স্বাস্থ্যসেৱা প্ৰদানকাৰী এজনৰ পৰামৰ্শ ল’ব লাগে এটা সুস্থ ওজন বাহাল ৰাখিবলৈ |
09:55 | ইয়াৰ লগতে, এটা সুস্থ, পৰ্যাপ্ত পৰিমাণৰ খাদ্য গ্ৰহণ কৰাটোওঁ অতিশয় দৰকাৰ য’ত নিৰামিষ আৰু/বা আমিষ খাদ্য থাকে |
10:05 | মনত ৰাখিব যে সকলো আমিষ খাদ্যত প্ৰচুৰ পৰিমাণে থাকে - প্ৰটিন, অমেগা 3 ফেটি এচিদচ, ভিটামিন-B12, ভিটামিন B-9, জিংক, আইৰন, কেলচিয়াম, ক’লাইন আৰু ভিটামিন-D |
10:18 | জীৱ-জন্তুৰ পৰা পোৱা খাদ্য, উদ্ভিদৰ পৰা পোৱা খাদ্য, ডালি, মিলেত, খাদ্যশস্য, বাদাম আৰু বীজৰ সৈতে গঠিত হওঁতে সহায় কৰিব - |
10:30 | ৰোগ প্ৰতিৰোধ ক্ষমতা, মাংসপেশী, হাড়, |
10:33 | লিভাৰ, চুলি, ছাল, চকু আৰু মগজু |
10:36 | এইবোৰৰ উপৰিওঁ, গাখীৰৰ বস্তুৱে লগতে শিশুটোৰ হাড় আৰু দাতৰ গঠণত অৰিহনা যোগায় |
10:43 | অথবা, পাতথকা পাচলি আৰু বীজত লগতে প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে আৰু শিশুটোৰ হাড় আৰু দাতৰ গঠণত সহায় কৰে |
10:52 | পাতথকা পাচলিৰ দৰে, ফল-মুলতো লগতে প্ৰচুৰ পৰিমাণে ভিটামিন-C থাকে আৰু ই সহায় কৰে -
ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰোতে, আইৰন শোষণত আৰু সংক্ৰমণক প্ৰতিৰোধ কৰোতে |
11:04 | মহিলাৰ জননক্ষমতাৰ বাবে আৰু শিশুটোৰ বৃদ্ধিৰ বাবে, আন আমিষ খাদ্যসমূহৰ লগতে বিনচ, বাদাম আৰু বীজসমূহো গ্ৰহণ কৰিব লাগে |
11:14 | বিভিন্ন আমিষ খাদ্যসমূহ যেনে মাছ, ডিম আৰু গাখীৰৰ বস্তুৱে সহায় কৰে স্বাভাৱিক থাইৰয়্দ হৰম’ন বাহাল ৰাখোতে,
বৃদ্ধিক উন্নত কৰে আৰু শাৰীৰিক অপূৰ্ণতাক প্ৰতিৰোধ কৰে |
11:27 | বাদাম আৰু বীজত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে আৰু প্ৰয়োজনীয় হয় স্নায়বিক তন্ত্ৰই কাম কৰিবলৈ আৰু ভৰিৰ ক্ৰেম্পচ প্ৰতিৰোধ কৰে |
11:35 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা
সংযোগ কৰাৰ বাবে ধন্যবাদ |