Health-and-Nutrition/C2/Breast-crawl/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | স্তন ক্ৰলৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : স্তন ক্ৰল কি হয়, |
00:10 | স্তন ক্ৰলৰ প্ৰণালি আৰু |
00:13 | স্তন ক্ৰলৰ গুৰূত্ব |
00:18 | আহক প্ৰথমে বুজো, স্তন ক্ৰল কি হয় ? |
00:23 | শিশু এটা স্বাভাবিকভাবে স্তনপান কৰাৰ স্বভাৱৰ সৈতে জন্ম হয় |
00:28 | প্ৰসৱৰ পাছত সোনকালে, তাক মাকৰ খালি পেটৰ ওপৰত থ’লে সি মাকৰ স্তনক বিচাৰিব পাৰে আৰু স্তনপান আৰম্ভ কৰিব পাৰে |
00:40 | এই গোটেই প্ৰণালিটোক স্তন ক্ৰল বোলা হয় |
00:46 | এইটো মন কৰিব লাগে যে স্তন ক্ৰল পূৰ্ণভাবে কৰিব পাৰি, সুস্থিৰ শিশুসকলক যি স্বাভাৱিক প্ৰসৱ বা চিজাৰিয়ান প্ৰসৱৰ দ্বাৰা জন্ম হয় |
00:58 | আৰু যোনে জন্মৰ লগে লগেই ভালদৰে কান্দিছে |
01:03 | কম ওজনৰ সৈতে জন্ম হোৱা অস্থিৰ শিশুসকলক স্তন ক্ৰল কৰা নহয় যিহেতু তেওঁলোক ৰূদ্ধশ্বাসৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিব পাৰে |
01:15 | এতিয়া, আমি স্তন ক্ৰলৰ প্ৰণালিটো আৰু পাছত ইয়াৰ গুৰূত্বক শিকিম |
01:22 | প্ৰথমে, প্ৰসৱ কোঠাৰ তাপমাত্ৰা ২৬ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত হোৱাক নিশ্বিত কৰক |
01:29 | পাছৰটো হৈছে শিশুটোক মাকৰ খালি পেটত থৈ চাফা কৰা |
01:35 | হাত দুটাৰ বাহিৰে গোটেই শৰীৰটোক চাফা সুকান কাপোৰ এখনেৰে চাফা কৰক |
01:42 | মনত ৰাখিব, শিশুটোৰ হাত দুটা ভিজাকৈ ৰাখক |
01:46 | চাফা কৰোতে তাৰ ছালত থকা প্ৰতিৰক্ষামূলক বগা প্ৰলেপক আতৰ নকৰিব |
01:53 | ই শিশুটোক ৰক্ষা কৰে যদি বতৰ ঠাণ্ডা হয় |
01:56 | শিশুটোক চাফা কৰাৰ পাছত ভিজা কাপোৰখন আতৰাওঁক |
02:01 | শিশুটোক শুকোৱাৰ পাছত, জন্ম তত্ত্বাবধায়কজনে নাভিৰ স্পন্দনক চাব লাগে |
02:08 | ই স্পন্দিত হোৱা বন্ধ হ’লে, তেওঁ নাভিটোক কাটিব লাগে |
02:13 | পাছত, শিশুটোক মাকৰ খালি পেটৰ ওপৰত পুনৰ এনেকৈ থওঁক যাতে তাৰ পেটে মাকৰ পেটটোক চুৱে |
02:22 | তাইৰ মুৰটো মাকৰ নোধোৱা স্তনদুটাৰ মাজত থ’ব লাগে |
02:26 | তাইৰ মুখখন মাকৰ স্তনৰ তলত থাকিব লাগে |
02:30 | এতিয়া শিশুটো স্তন ক্ৰলৰ বাবে সঠিক অৱস্থাত আছে |
02:37 | যিহেতু নবজাত শিশু এটাৰ বাবে আগলৈ যোৱাটো অতি স্বাভাবিক, তাই সহজে মাকৰ স্তনৰ ফালে আগলৈ চুচৰিব পাৰে |
02:46 | কৰিবলগা পাছৰ কামটো হৈছে- শিশু আৰু মাকক একেলগে চাফা সুকান কাপোৰ এখনেৰে ঢাকি দিয়া যাতে তেওঁলোক গৰম হৈ থাকে |
02:54 | শিশুটোৰ মুৰত টুপি এটা পিন্ধাওঁক |
02:57 | মন কৰিব- আমি পৰবৰ্তী চিত্ৰসমূহত টুপি আৰু কাপোৰ দেখুওঁৱা নাই |
03:04 | ই স্তন ক্ৰলৰ সময়ত আমাক শিশুটোৰ অৱস্থানক লক্ষ্য কৰিবলৈ সহায় কৰিব |
03:10 | শিশুটোক কাপোৰেৰে ঢকাৰ পাছত, মাকে শিশুৰ পিঠিখনক তেওঁৰ হাতেৰে সমৰ্থন কৰিব লাগিব |
03:18 | আহক শিশু এটাৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰো যি স্তন ক্ৰলত সহায় কৰে |
03:24 | প্ৰসৱৰ পাছত শিশুটো অতি সতৰ্ক আৰু প্ৰবৃত্তিগত হয় |
03:29 | তাইৰ চাফা নকৰা হাতৰ গোন্ধই তাইক লেলাউতি আহিবলে অনুপ্ৰেৰণা দিয়ে |
03:35 | লগতে, শিশুটোৱে তাইৰ সীমিত দৰ্শনৰে, মাকৰ মুখ আৰু এৰিঅ’লাটো চাব পাৰে |
03:43 | এৰিঅ’লা হৈছে স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো |
03:47 | অবশেষত, শিশুটোৱে তাইৰ হাত আৰু ভৰি ব্যৱ্হাৰ কৰি আগবাঢ়িবলৈ আৰম্ভ কৰে । তাই লাহে লাহে মাকৰ স্তনৰ ফালে চুচৰে |
03:57 | তথাপি, কিছুমান শিশুৱে লগে লগেই চুচৰিবলৈ আৰম্ভ কৰে আৰু কিছুৱে সময় লয় |
04:04 | স্তনটো ঢুকি পালে, শিশুটোৱে প্ৰথমে তাইৰ হাতেৰে স্তনটো খামুচি ধৰিবলে চেষ্টা কৰে |
04:12 | এই অৱস্থাত শিশুটো আৰু মাকক আমনি নকৰিব যেতিয়ালৈকে তাই প্ৰথমবাৰ স্তনপান নকৰে |
04:20 | এই প্ৰক্ৰিয়াৰ সময়ত জন্ম তত্ত্বাবধায়ক আৰু মাক দুয়োৰে ধৈৰ্য থাকিব লাগিব |
04:27 | প্ৰথমবাৰ স্তনপান কৰোতে মাকৰ স্তনটো ঢুকি পাবলৈ শিশু এটাই ৩০-৬০ মিনিট সময় ল’ব পাৰে |
04:35 | স্তনপান আৰম্ভ কৰোতে, শিশুৱে তাৰ মুখখন বহলকৈ মেলিব আৰু মাকৰ স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব |
04:45 | স্তনপান সমাপ্ত হোৱাৰ পাছত, শিশুটোক একে অৱস্থাতে প্ৰায় এঘন্টামান থাকিবলৈ দিব |
04:52 | তেনে কৰিলে, মাক আৰু শিশুৰ মাজৰ বন্ধন উন্নত কৰাত সহায় হয় |
04:58 | তথাপি, যদি মাকে কিবা দৰব লৈছে তেন্তে অনুগ্ৰহ কৰি ডাক্তৰৰ পৰামৰ্শ লওঁক |
05:05 | কেতিয়াবা এনেকুৱা হয় যে প্ৰসৱৰ পাছত, মাকক প্ৰসৱ কক্ষৰ পৰা আন এটা কোঠালৈ নিব লাগিব |
05:13 | তেনেক্ষেত্ৰত, মাকক আন এটা কোঠালৈ নিয়াৰ পাছত, তৎক্ষণাত শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়ক আগতে আলোচনা কৰাৰ দৰে শিশুটোক মাকৰ পেটৰ ওপৰত থৈ |
05:29 | এতিয়া আহক চিজাৰিয়ান চেকচনৰ দ্বাৰা জন্ম হোৱা শিশুৰ বাবে স্তন ক্ৰল আলোচনা কৰো |
05:35 | তাক কৰিবলৈ, শিশুক মাকৰ পেটৰ সলনি বুকুত এনেদৰে থ’ব লাগিব যাতে- শিশুটোৰ ভৰিদুটা মাকৰ মুৰৰ ফালে থাকে |
05:47 | বুকু আৰু পেট মাকৰ কান্ধত আৰু মুখখন স্তনত থাকিব লাগিব |
05:54 | অপাৰেচন থিয়েতাৰত শিশুটোক যিমান পাৰে স্তনপান কৰিবলৈ দিয়ক |
05:59 | মনত ৰাখিব, প্ৰসৱৰ পাছত তৎক্ষণাত, শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়াটো হৈছে অতি দৰকাৰী আন যিকোনো নবজাতকৰ যত্নতকৈ |
06:09 | মন কৰিব স্তন ক্ৰল সম্পূৰ্ণ হোৱাৰ পাছতহে, প্ৰসৱৰ পাছৰ নবজাতক যত্নক দিব লাগে |
06:17 | এতিয়া, আহক নবজাতক শিশুৰ বাবে স্তন ক্ৰলৰ গুৰূত্বক আলোচনা কৰো |
06:23 | স্তন ক্ৰলে শিশুটোক সক্ষম কৰে কৌলৌষ্ট্ৰম বোলা মাকৰ প্ৰথম গাখীৰ পাবলৈ |
06:29 | ই হালধীয়া ৰঙৰ হয় আৰু ঘনত্বত ডাঠ হয় |
06:33 | মন কৰিব প্ৰসৱৰ পাছত, শিশুটোৱে লোৱা কৌলৌষ্ট্ৰমৰ পৰিমাণ, প্ৰতিবাৰ স্তনপানৰ সময়ত, লাহে লাহে বাঢ়িব |
06:43 | শিশুটোৱে ল’ব - ৫ মিলিলিটাৰ প্ৰথম দিনা, |
06:47 | ১০ মিলিলিটাৰ দ্বিতীয় দিনা, |
06:50 | ২৫ মিলিলিটাৰ তৃতীয় দিনা, |
06:53 | ৪০ মিলিলিটাৰ চতুৰ্থ দিনা আৰু ৫৫ মিলিলিটাৰ পঞ্চম দিনা প্ৰতিবাৰ স্তনপানৰ সময়ত প্ৰতিটো স্তনৰ পৰা |
07:05 | ই নবজাতক শিশু এটাৰ বাবে যথেষ্ট |
07:09 | সেইবাবে শিশুটোক কৌলৌষ্ট্ৰমৰ সলনি আন একোকে খুৱাব নালাগে |
07:15 | কৌলৌষ্ট্ৰমক শিশু এটাৰ বাবে প্ৰথম টিকাকৰণ হিচাপে বিবেচিত কৰা হয় আৰু ইয়াত সংক্ৰমণৰ সৈতে যুজিব পৰা প্ৰ’টিন থাকে যি শিশু এটাৰ নিৰাপত্তাক বঢ়ায় |
07:27 | মাকৰ প্ৰসৱৰ পাছত ই হৈছে শিশু এটাৰ বাবে শক্তিৰ প্ৰথম উৎস |
07:33 | কৌলৌষ্ট্ৰমে লগতে তেজৰ নিম্ন গ্লোক’জ লেভেলকো প্ৰতিবোধ কৰে |
07:37 | ই শিশু এটাৰ অন্য শাৰিৰীক প্ৰক্ৰিয়াক বাহাল ৰখাত সহায় কৰে |
07:42 | ই সুস্থ মগজুৰ বিকাশক সমৰ্থন কৰে |
07:46 | ই শিশুটোক তাইৰ প্ৰথম মলত্যাগত সহায় কৰে |
07:50 | স্তন ক্ৰলে লগতে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়াৰ বাবে শিশুটোক গৰম ৰাখে |
07:57 | শিশুৱে মাকৰ স্তনৰ লগত গভীৰভাবে যুক্ত হ’বলৈ নিজে শিকে |
08:04 | স্তন ক্ৰলে মাকৰ সুস্থ বেক্টেৰিয়া শিশুটোলৈ পঠিয়ায় |
08:08 | এই বেক্টেৰিয়া শিশুটোৰ অন্ত্ৰত সোমায় আৰু সংক্ৰমণক যুজে |
08:13 | সৰ্বশেষত ই শিশুটোৰ নিৰাপত্তাক বঢ়ায় |
08:18 | স্তন ক্ৰলে লগতে মৰমৰ এটা অনুভূতি আৰু শিশু এটালৈ সুৰক্ষা প্ৰদান কৰে আৰু মাক আৰু শিশুৰ মাজৰ বন্ধনক আৰম্ভ কৰে |
08:29 | স্তন ক্ৰলৰ উপকাৰিতা লগতে মাকেওঁ পায় |
08:34 | শিশু এটাৰ ভৰিৰ চলাফুৰাই মাকৰ জৰায়ুত হেচা দিয়ে । এই হেচাই জৰায়ু সংকোচনত আৰু জৰায়ুৰ নাড়ি আতৰোৱাত সহায় কৰে |
08:45 | স্তনপান আৰম্ভ হোৱাই মাকৰ শৰীৰত অক্সিত’চিন বৃদ্ধি কৰে |
08:51 | অক্সিত’চিন বৃদ্ধিয়ে জৰায়ুৰ নাড়ি আতৰোৱাতো সহায় কৰে |
08:56 | তেনেদৰে, স্তন ক্ৰলে তেজ যোৱাক কমায় আৰু মাকৰ ৰক্তহীনতাক প্ৰতিৰোধ কৰে |
09:03 | ৰক্তহীনতা হৈছে এটা অৱস্থা য’ত লোহিত ৰক্ত কণিকাৰ সংখ্যা কমে |
09:08 | ইয়াৰ দ্বাৰা মাকৰ অৱসাদ আৰু দুৰ্বলতা হ’ব পাৰে |
09:13 | সেইবাবে, স্তন ক্ৰল হৈছে মাক আৰু শিশু দুয়োৰে বাবে এটা অতিকৈ উপকাৰি প্ৰাকৃতিক প্ৰক্ৰিয়া |
09:21 | ইয়াৰ দ্বাৰা আমি এই স্তন ক্ৰল টিউট’ৰিয়েলটোৰ শেষ পালোহি |
09:26 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো : স্তন ক্ৰল কি হয়, |
09:30 | স্তন ক্ৰলৰ প্ৰণালি আৰু স্তন ক্ৰলৰ গুৰূত্ব |
09:37 | এই টিউট’ৰিয়েলটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে অবদান দিছে |
09:43 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
09:49 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
09:54 | এই টিউট’ৰিয়েলটোক WHEELS গ্ল’বেল ফাউন্দেচনে এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে |
10:01 | এই টিউট’ৰিয়েলটো “মা আৰু শিশু পোষণ প্ৰকল্পৰ” এটা অংশ হয় । এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে- ডাঁ ৰুপল দালাল, MD শিশুৰোগ চিকিৎসা |
10:12 | IIT বম্বেৰ পৰা পুষ্টিবিজ্ঞানী ৰজনী চাৱন্ত, এনিমেতৰ আৰ্থি আনবালাগানে আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |