Inkscape/C3/Design-a-visiting-card/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | Inkscape ব্যবহাৰ কৰি Design a Visiting card ইয়াৰ টিউটোৰিয়েলত স্বাগতম। |
| 00:05 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:08 | ভিজিটিং কার্ডৰ বাবে সেটিংস। |
| 00:10 | ভিজিটিং কার্ড ডিজাইনিং কৰা। |
| 00:12 | ভিজিটিং কার্ডৰ একাধিক কপি প্রিন্ট কৰাৰ সেটিংস। |
| 00:16 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,
উবুন্টু লিনাক্স 12.04 OS Inkscape সংস্কৰণ 0.48.4 |
| 00:26 | Inkscape খুলো। |
| 00:28 | File ত যাওক। Document properties ত টিপক। |
| 00:34 | Default units ক Inches আৰু Default Orientation ক Landscape ত সলাওক। |
| 00:41 | এতিয়া ভিসিটিং কার্ড ডিসাইন কৰা আৰম্ভ কৰো। |
| 00:45 | সেয়ে Rectangle টুল ব্যবহাৰ কৰি এটা আয়তক্ষেত্র আঁকো। |
| 00:49 | Selector টুলত টিপক। |
| 00:51 | Tool controls বাৰত প্রস্থ 3.5 ত আৰু উচ্চতা 2 ত সলাওক। |
| 01:00 | এইটোক ক্যানভাসৰ উপৰত বাঁওফালৰ অংশত অতৰুৱাওক। |
| 01:05 | ৰঙ গাঢ় সেউজীয়ালৈ সলাওক। |
| 01:08 | এতিয়া এটা প্যাটার্ন ডিসাইন কৰো। |
| 01:10 | Bezier টুল নির্বাচন কৰি আৰু এটা তৰঙ্গায়িত ৰেখা আঁকো। |
| 01:14 | Object মেনুত যাওক। Fill and Stroke খুলক। |
| 01:19 | স্ট্রোকৰ ৰঙ হালধীয়ালৈ সলাওক। |
| 01:23 | এতিয়া তৰঙ্গায়িত ৰেখাৰ তলত এটা সৰল ৰেখা আঁকক। |
| 01:26 | উভয় লাইন নির্বাচন কৰক। Extensions মেনুত যাওক। |
| 01:30 | প্রথমে Generate from path আৰু তাৰপিছত Interpolate ত টিপক। |
| 01:35 | চাওক যদি Exponent ভ্যালু 0 হয়। |
| 01:38 | Interpolation steps ইয়াৰ ভ্যালু 30 ত সলাওক। |
| 01:42 | Apply বোতামত টিপক আৰু তাৰপিছত Close বোতামত। |
| 01:46 | লক্ষ্য কৰক যে Interpolation এফেক্ট ইয়াতে প্রযুক্ত। |
| 01:50 | এতিয়া Interpolate ডিসাইনত কিছু উজ্জল এফেক্ট প্রদান কৰো। ডিসাইন নির্বাচন কৰক। |
| 01:55 | Filters মেনুত যাওক। Shadows and Glows ত টিপক আৰু তাৰপিছত Glow ত। |
| 02:02 | লক্ষ্য কৰক যে উজ্জল এফেক্ট ডিসাইনত প্রয়োগ কৰা হৈছে। |
| 02:06 | এতিয়া Spoken Tutorial লোগো ইম্পোর্ট কৰো। |
| 02:10 | আমি এইটো আমাৰ Documents ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
| 02:13 | লোগো আপোনাক কোড ফাইল লিঙ্কত দিয়া হৈছে। |
| 02:17 | File ত যাওক আৰু Import ত টিপক। |
| 02:23 | লোগোৰ আকাৰ সলাওক আৰু ইয়াৰ উপৰত বাঁফালৰ অংশত ৰাখক। |
| 02:27 | আমি ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা ভিসিটিং কার্ড কপি কৰ। |
| 02:34 | এই ফাইলটা আপোনাক কোড ফাইল লিঙ্কৰ পৰা দিয়া হৈছে। |
| 02:38 | ফন্টৰ আকাৰ 12 ত আৰু টেক্সটৰ ৰঙ বগালৈ সলাওক। |
| 02:43 | Spoken Tutorial শব্দ নির্বাচন কৰক। |
| 02:45 | ফন্টৰ আকাৰ 16 ত সলনি কৰি এইটোক bold কৰক। |
| 02:50 | এতিয়া Spoken Tutorial ইয়াৰ বাবে ভিসিটিং কার্ড প্রস্তুত। |
| 02:55 | ইয়াৰ পিছত আমি ভিসিটিং কার্ডৰ বাবে একাধিক কপি তৈয়াৰ কৰা শিকিম। |
| 02:59 | আমি এটা cloning মেথড দ্বাৰা কৰিবলৈ পাৰো। |
| 03:03 | এইটো কৰিবলৈ, আমাৰ সকলো এলিমেন্ট একত্রিত কৰিব লাগিব। |
| 03:06 | সকলো এলিমেন্ট নির্বাচন কৰিবলৈ Ctrl + A আৰু তাৰ একত্রিত কৰিবলৈ Ctrl + G টিপক। |
| 03:13 | এতিয়া, Edit মেনুত যাওক। |
| 03:15 | Clone ত টিপক আৰু তাৰপিছত Create Tiled Clones ত টিপক। |
| 03:20 | Create Tiled Clones ডায়ালগ বাক্স খোলে। |
| 03:23 | Symmetry ট্যাবৰ তলত ৰো ইয়াৰ সংখ্যা 4 আৰু কলমৰ সংখ্যা 3 ত সলাওক। |
| 03:30 | এতিয়া Create বোতামত টিপক। |
| 03:33 | আৰু তাৰপিছত ডায়ালগ বাক্স বন্ধ কৰক। |
| 03:35 | লক্ষ্য কৰক যে ভিসিটিং কার্ডৰ একাধিক কপি ক্যানভাসত দেখায়। |
| 03:40 | এইভাবে, আমি ভিসিটিং কার্ডৰ একাধিক কপি প্রিন্ট কৰিবলৈ পাৰো। |
| 03:44 | উপৰত বাঁওফালে ভিসিটিং কার্ডৰ উপৰত লক্ষ্য কৰক। |
| 03:48 | এইটোত টিপক আৰু এইটোক তাৰ স্থানৰ পৰা অতৰুৱাওক। |
| 03:50 | এইটো এটা অতিৰিক্ত কপি হোৱা এতিয়া এই কার্ড মুছি দিয়ক। |
| 03:54 | ইয়াতে কিছু পৰিবর্তন অন্তর্ভুক্ত কৰা থাকিলে কি কৰিম? |
| 03:59 | আমাৰ কি ভিজিটিং কার্ডৰ প্রতিটা কপি পৰিবর্তন কৰিব লাগিব? |
| 04:02 | নহয়। আমি মাত্র আসল ভিসিটিং কার্ডত সংশোধন কৰিব লাগিব। |
| 04:07 | একেই জিনিস কপিত প্রতিফলিত হব। |
| 04:10 | এইটোক চেষ্টা কৰো। আসল কার্ডৰ Spoken Tutorial শব্দত দুইবাৰ টিপি ইয়াৰ ৰঙ বাদামী ত সলাওক। |
| 04:18 | লক্ষ্য কৰক যে পৰিবর্তন সকলো ভিসিটিং কার্ডৰ কপিত প্রতিফলিত হয়। |
| 04:24 | এতিয়া ফাইলটা সংৰক্ষণ কৰো। |
| 04:26 | SVG ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক। আমি ফাইল সংৰক্ষণ কৰাৰ স্থান হিসাবে Desktop নির্বাচন কৰিম। |
| 04:35 | আমি ফাইলৰ নাম হিসাবে ST-visiting-card লিখিম আৰু Save ত টিপিব। |
| 04:43 | ইয়াৰ পিছত আমি PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰিম। |
| 04:48 | আৰু এবাৰ, File ত যাওক আৰু Save As ত টিপক। |
| 04:53 | এক্সটেনশন PDF ত সলাওক আৰু Save ত টিপক। |
| 04:57 | ৰেজল্যুশন 300 ত সলাওক আৰু OK ত টিপক। |
| 05:01 | এতিয়া ডেস্কটপত যাও। |
| 05:03 | ইয়াতে এইটো আমাৰ সংৰক্ষণ কৰা ফাইল। এইটোক খুলো। |
| 05:08 | ইয়াতে আমাৰ তৈয়াৰ কৰা ভিসিটিং কার্ড আছে। |
| 05:11 | সংক্ষিপ্তকৰণ কৰো। |
| 05:13 | এই টিউটোৰিয়েলত আমি শিকিছো:
ভিজিটিং কার্ডৰ বাবে সেটিংস। ভিজিটিং কার্ড ডিজাইনিং। ভিজিটিং কার্ডৰ একাধিক কপি প্রিন্ট কৰাৰ সেটিংস। |
| 05:23 | ইয়াতে আপোনাৰ বাবে নির্দেশিত কাম আছে। |
| 05:26 | এটা ভিজিটিং কার্ড তৈয়াৰ কৰক
আপানৰ নাম। আপোনাৰ ইনস্টিটাউট / সংগঠনৰ নাম। আপোনাৰ ইনস্টিটাউট / সংগঠনৰ লোগো। আপোনাৰ ইনস্টিটাউট / সংগঠনৰ ওয়েবসাইটৰ ঠিকানা। |
| 05:38 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। |
| 05:44 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 05:51 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
| 05:54 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
| 05:59 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 06:03 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |