PHP-and-MySQL/C2/Loops-For-Statement/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | ফৰ(for) লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ(code) ব্লক(block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত(condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো(initialization) আৰু শেষত বৰ্দ্ধিতকৰণ(increment)টোৰ সৈতে |
00:18 | গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ(increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ(loop) হ’ব |
00:38 | গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল(complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল;ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত(compact) |
00:43 | এতিয়া আমি for(ফৰ) লিখিম |
00:53 | গতিকে,ইয়াত আপুনি ক’ড(code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক(block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে |
01:03 | গতিকে,মই ইয়াত ইকৌ(echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ(echo) কৰিলো |
01:13 | ইয়াত, আমি num =1 লিখিম,'= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন(setting) কৰিছো |
01:22 | তাৰপাছত আমাৰ এটা চৰ্ত (condition)আছে । উদাহৰণ স্বৰূপে, হোৱাইল(while) num <= to 10 |
01:31 | তাৰপাছত, আমাৰ বৰ্দ্ধিত(increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ(loop )টো সম্পূৰ্ণ হৈছে |
01:37 | গতিকে, আমি লিখিম for (ফৰ)আৰু আমাৰ ভেৰিয়েবল num=1 |
01:47 | তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ(loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++আছে |
01:52 | আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী(useful) |
01:55 | আৰু আমি এইটো ইয়াত দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই |
01:59 | ইয়াক এই বন্ধনী(parentheses)ৰ ভিতৰত দিক্লেয়াৰ(declare) কৰিব পাৰি |
02:02 | ঠিক আছে, মই শাৰী-অন্তকাৰক(line-break)টো পাহৰিলো |
02:07 | মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক(line-break)যোগ কৰিম |
02:10 | ৰিফ্ৰেচ(Refresh) |
02:12 | আপুনি আগবাঢ়ক |
02:17 | আপুনি আপোনাৰ লোপ(loop)টো দহবাৰ(ten times) পালে |
02:25 | আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ(loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান(less than or equal) হয় |
02:28 | তাৰপাছত লোপটো(loop) ভংগ(break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত(script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত(continue) কৰিব পাৰিব |
02:36 | এইটো অলপ বেছি জটিল(complex) কিন্তু যেতিয়া আপুনি মূলসূত্র(basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব |
02:37 | দৰ্শন কৰাৰ বাবে ধন্যবাদ |