LibreOffice Suite Base/C2/Add-List-Box-form-control-to-a-form/Assamese
From Script | Spoken-Tutorial
Visual Cues |
|
00:03 | লিবাৰ অফিচ বেইছৰ এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাৰলোকক স্বাগতম. |
00:06 | এই টিউট’ৰিয়েলত আমি ফৰ্ম এখনৰলৈ এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিম| |
00:14 | ইয়াৰ পূৰ্ব টিউট’ৰিয়েলত আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি এখন ফৰ্ম ম’ডিফাই কৰা শিকিলো| |
00:20 | আমি ইয়াৰ পূৰ্ব টিউট’ৰিয়েলত ফৰ্মখনৰ এই চিত্ৰটোও দেখিলো যেতিয়া আমি ইয়াক সৄষ্টি আৰু ম’ডিফাই কৰিবলৈ আৰম্ভ কৰিছিলো| |
00:33 | আৰু আমি আমাৰ ডিজাইনৰ কাম সমাপ্ত কৰাত ফৰ্ম খন এই ধৰণৰ দেখা যাব| |
00:45 | ইয়াত লক্ষয় কৰক যে আমি বুকচ ইছ্যুড টেইবলত প্ৰথম ৰেকৰ্ডটো দেখা পাইছো| |
00:52 | আৰু লগতে আমি বুক আই ডিৰ আৰু মেমবাৰ আইদিৰ সলনি ৰিয়েল বুক টাইটল আৰু মেম্বাৰ নেইমচ-ৰ সৈতে লিষ্ট বক্সবিলাক দেখা পাইছো| |
01:01 | ইয়াত এটা ৰেকৰ্ড ছেভ কৰা, সালসলনিবোৰ আনডু কৰা ইত্যাদি কাম কৰিবলৈ তলত কিছুমান পুশ বাটন আছে| |
01:11 | সেয়ে এই টিউট’ৰিয়েলত আমি আমাৰ ফৰ্মত এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিম| |
01:20 | যদি ই ইতিমধ্যে খোলা হৈ থকা নাই তেন্তে আমি প্ৰথমে লিবাৰ অফিচ বেইছ প্ৰোগ্ৰাম খোলো আহক| |
01:32 | আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছ খোলো| |
01:35 | যদিহে বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি লাইব্ৰেৰী ডেটাবেইছটো ফাইল মেন্যুত থকা অপেনত ক্লিক কৰিও খোলিব পাৰো| |
01:45 | বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব পাৰে |
01:50 | এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো| |
01:54 | আমি পূৰ্ব টিউট’ৰিয়েলত তৈয়াৰ কৰা “Books Issued to Members” ফৰ্মখন খোলা যাওক| |
02:01 | সেইটো কৰিবলৈ আমি বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো
|
02:07 | আৰু সো পেনেলত থকা “Books Issued to Members” ফৰ্মখনত সো ক্লিক কৰক আৰু তাৰ পাছত এদিটত ক্লিক কৰক| |
02:17 | আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ড’খনত আছো| |
02:21 | আমি প্ৰথমে ’Book Title’ লেবেলটো বিবেচনা কৰি চাও,আহক| |
02:25 | মন কৰক যে ইয়াত টেক্সট বক্সটোয়ে কেৱল বুকআইডি নাম্বাৰচ হে দেখোৱাব যিটো আমাৰ চকুৰ বাবে অনুকূল নহয়| |
02:34 | আমাৰ বাবে বুক টাইটলবোৰ অধিক উপযোগী হয়| |
02:37 | গতিকে, এই সকলোবোৰ টাইটল প্ৰদৰ্শন কৰিবলৈ বেইছ এ কিছুমান উপায় দিছে, তাৰে এটা উপায় হৈছে লিষ্ট বক্স ফৰ্ম কন্ট্ৰলৰ ব্যৱহাৰ কৰি |
02:49 | কেনেকৈ হয় চাও| |
02:51 | এইটোৰ বাবে, প্ৰথমে বুক টাইটল লেবেলটোৰ কাষত থকা টেক্সট বক্সটো অতৰুৱা যাওক| |
02:59 | আমি এইটো টেক্সট বক্সত ক্লিক কৰি কৰিব পাৰো যিয়ে ইয়াক প্রচলিত সেউজীয়া বক্সৰ সৈতে বাচনি কৰিব| |
03:09 | আৰু তাৰ পাছত সো ক্লিক কৰি আৰু তলত থকা ’Cut’ত ক্লিক কৰি| |
03:16 | এইয়া আমি টেক্সট বক্সটো আতৰাই দিলো |
03:20 | এতিয়া আমি ইয়াত লিষ্ট বক্স ফৰ্ম কন্ট্ৰল স্থাপন কৰিম| |
03:26 | ফৰ্ম কন্ট্ৰলচ টুলবাৰত এইটো একচেচ কৰিব পাৰি |
03:31 | আমি ভিউ মেন্যু বয়ৱহাৰ কৰি আৰু ফৰ্ম কন্ট্ৰলচত ক্লিক কৰি ইয়াক প্ৰদৰ্শন কৰিব পাৰো| |
03:39 | মন কৰক যে বেইছ এ আমাক বহুতো ফৰ্ম কন্ট্ৰলচৰ যোগান দিয়ে আৰু টুল টিপচবোৰ পঢ়িবলৈ আমি কাৰচাৰদাল এই আইকন বিলাকৰ উপৰত ৰাখো |
04:01 | আহক আমি আমাৰ লিষ্ট বক্স আইকনটো বিচাৰি উলিয়াও| |
04:05 | ইয়াত আছে,এই আইকনটোত মাত্ৰ এবাৰ ক্লিক কৰো আহক| |
04:11 | আৰু আমি মাউছ পইন্টাৰটো ফৰ্মলৈ লৈ যাও, মন কৰক যে ই এটা সৰু প্লাছ ছিম্বললৈ পৰিবর্তন হৈছে| |
04:21 | এতিয়া আমি আমাৰ ফৰ্মত লিষ্ট বক্স ফৰ্ম কন্ট্ৰলটো ড্ৰ’ কৰিব পাৰিম| |
04:26 | ইয়াৰ বাবে, আমি আমাৰ ফৰ্মত ইয়াক মাত্ৰ ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰিম |
04:34 | ইয়াক আমি আগতে য’ৰ পৰা টেক্সট বক্সটো অতৰাইছিলো তাত ৰখা যাওক| |
04:39 | মন কৰক যে ’List Box Wizard’ নামৰ এটা নতুন ৱিজাৰ্ড ফৰ্মচ ডিজাইন ৱিণ্ড’খনৰ উপৰত খোলা খাইছে |
04:48 | এতিয়া এই ৱিজাৰ্ডটোৱে আমাক লিষ্ট বক্সক বুক টাইটেল লেবেলৰ সৈতে সংযোগ কৰিবলৈ সহায় কৰিব| |
04:56 | সেইটো কেনেকৈ কৰা হয় চাও আহক| |
04:58 | এই ৱিজাৰ্ডত, প্ৰথমে আমি সেই টেইবল খন বাচি লও য’ৰ পৰা আমি বুক টাইটেল বোৰ পাব পৰো| |
05:07 | আমি লিষ্টৰ পৰা বুক টেইবল খন বাচি লম আৰু নেক্সট বাটনত ক্লিক কৰিম| |
05:15 | এতিয়া, এই ৱিণ্ড’খনত লিষ্ট বক্সত দেখুওৱাব লগীয়া ফিল্ড বাচি লব লাগিব| |
05:24 | আৰু আমি জানো যে টাইটল ফিল্ডএ বুক টাইটলবোৰ সংৰক্ষণ কৰে| |
05:29 | গতিকে আমি পাচৰ পদক্ষেপটোলৈ য়াও| |
05:32 | এই অন্তিম ৱিণ্ড’খনতেই যি আমি মেজিকটো কৰিম| |
05:36 | আমি টেবোল আৰু সম্পৰ্কিত ফিল্ডবিলাকক সংযোগ কৰিম| |
05:41 | ফিল্ড নেইমলৈ চাওক| বুক ইছ্যুড টেইবল-ত বাওফালে থকা ’Fields in the Value table’ হৈছে ফিল্ড| |
05:52 | আৰু সোঁফলে থকা ’Fields in the list table’ হৈছে বুকচ টেইবলৰ ফিল্ড| |
05:59 | আমি জানো যে বুক আইডি হৈছে বুকচ টেইবলৰ কী ফিল্ড আৰু ইয়াক বুক ইছ্যুড টেবোলত প্ৰতিনিধিত্ব কৰিছে| |
06:10 | গতিকে আমি বাওফালৰ লিষ্টত থকা বুকআইডিত ক্লিক কৰিম যিয়ে "Field from the value table' বোলি কয় |
06:20 | পিছত আমি সোঁফলে থকা বুকআইডিত ক্লিক কৰিম যি 'Field from the list table’ বুলি কয় |
06:29 | ৱিজাৰ্ডটো বন্ধ কৰিবলৈ ফিনিশ্ব বাটনটোত ক্লিক কৰক| |
06:34 | এইয়া আমি সমপৰ্কিত টেইবলচ আৰু ফিল্ডচবোৰ সংযোগ কৰিলো| |
06:40 | এতিয়া বেইছে সকলো বুক টাইটলবোৰ স্বয়ংক্রিয়ভাবে এই লিষ্ট বক্সত প্ৰদৰ্শন কৰিব| |
06:46 | এতিয়া আমি এই ফৰ্ম খন সংৰক্ষন কৰো| |
06:49 | আৰু এই ৱিণ্ড’ খন বন্ধ কৰক |
06:51 | বেইছৰ পৰৱৰ্তী টিউট’ৰিয়েলৰ অংশত আমি আমাৰ ফৰ্মত বাকী ফৰ্ম কন্ট্ৰলবিলাক যোগ কৰা অব্যাহত ৰাখিম| |
07:00 | আমাৰ কাম শেষ হোৱাত আমাৰ ফৰ্ম খন এনে ধৰণে দেখাত হব| |
07:06 | ইয়াতে এটা কাৰ্য আছে| |
07:08 | আনফ্ৰেন্ডলি মেম্বাৰ আই ডি-ৰ সলনি মেম্বাৰ নেইম অন্তৰ্ভূক্ত কৰিবলৈ দ্বিতীয় লিষ্ট বক্স যোগ কৰক| |
07:17 | লিষ্ট বক্সটোৰ অৱস্থানকলৈ চিন্তা নকৰিব| মাত্ৰ ইয়াক মেম্বাৰ নেইম লেবেলৰ বাওফালে ড্ৰ কৰক| |
07:27 | আমি ইয়াক আমাৰ পৰৱৰ্তী টিউট’ৰিয়েলত মেম্বাৰ নেইম লেবেলখনত সঠিকভাৱে অৱস্থান কৰিম| |
07:34 | এইখিনিতে আমাৰ লিবাৰ অফিচ বেইছত লিষ্ট বক্স কন্ট্ৰল বিষয়ক স্প’কেন টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
07:40 | চমুৱাই কবলৈ হ’লে আমি শিকিলো: এখন ফৰ্মত লিষ্ট বক্স কন্ট্ৰল যোগ কৰা শিকিলো| |
07:47 | স্প’কেন টিউট’ৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ| ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত| |
07:58 | এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে| |
08:04 | অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. |
08:08 | এইয়া এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে আৰু এইয়া হৈছে মৌচুমী মেধে আই আই টি বম্বেৰ পৰা| |
08:16 | অংশ গ্ৰহণৰ বাবে ধন্যবাদ| |