Thunderbird/C2/How-to-Use-Thunderbird/Assamese
From Script | Spoken-Tutorial
Revision as of 12:01, 25 June 2014 by Pratik kamble (Talk | contribs)
Time | Narration |
---|---|
00:00 | থাণ্ডাৰবাৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। |
00:05 | এই শিক্ষণত আমি শিকিম, কেনেকৈ: |
00:07 | লঞ্চাৰত থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট যোগ দিয়া হয় |
00:10 | মেচেজ কেনেকৈ টেগ কৰা হয়,
Quick Filter Sort আৰু Thread Messages-অৰ বিষয়ে |
00:17 | আমি আৰু শিকিম: |
00:18 | কেনেকৈ Save As কৰা হয় আৰু মেচেজ কেনেকৈ প্ৰিণ্ট কৰা হয় |
00:21 | ফাইল কেনেকৈ এটাশ্ব কৰা হয় |
00:22 | মেচেজ কেনেকৈ আৰ্কাইভ কৰা হয় |
00.24 | কেনেকৈ একটিভিটি মেনেজাৰ চোৱা হয় |
00:27 | ইয়াত আমি Ubuntu 12.04-অত Mozilla Thunderbird 13.0.1 ব্যৱহাৰ কৰিছোঁ। |
00:36 | যিহেতু আমি সঘনে থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰোঁ, ইয়াৰ বাবে এটা শ্বৰ্টকাট আইকন তৈয়াৰ কৰি লওঁ আহক। |
00:43 | থাণ্ডাৰবাৰ্ড শ্বৰ্টকাট আইকনটো ড্ৰেগ আৰু ড্ৰপ কৰি লঞ্চাৰত দিওঁ। |
00:49 | প্ৰথমতে Dash Home-অত ক্লিক কৰক। |
00:52 | প্ৰদৰ্শিত হোৱা Search-অৰ ঘৰত Thunderbird টাইপ কৰক। |
00:57 | Search ঘৰৰ অধীনত থাণ্ডাৰবাৰ্ড আইকনটো দেখা পোৱা যায়। |
01:01 | ইয়াক চিলেক্ট কৰক, মাউচৰ বাওঁ বুটামত দিয়া হেঁচাটো এৰি নিদিব। |
01:06 | এতিয়া, ড্ৰেগ আৰু ড্ৰপ কৰি আইকনটো লঞ্চাৰত দিয়ক |
01:09 | আৰু মাউচৰ বাওঁ বুটামত দিয়া হেঁচা এৰি দিয়ক। |
01:12 | ইয়াক বন্ধ কৰিবলৈ Dash home-অত ক্লিক কৰক। |
01:14 | লঞ্চাৰৰ থাণ্ডাৰবাৰ্ড আইকনত ক্লিক কৰক। |
01:19 | থাণ্ডাৰবাৰ্ড উইণ্ড খোল খায়। |
01:23 | STUSERONE at gmail dot com আইডিৰ অধীনৰ Inbox-অত ক্লিক কৰক। |
01:29 | লক্ষ্য কৰক যে কিছুমান মেচেজ ডাঠ হৈ আছে। |
01:32 | এইবিলাক এতিয়াও নপঢ়া মেচেজ। |
01:35 | Get Mail আইকনত ক্লিক কৰি Get All New Messages নিৰ্বাচন কৰক। |
01:41 | আমি জিমেইল একাউণ্টৰ মেচেজসমূহ পালো। |
01:45 | ধৰা হওক, আমি প্ৰেৰক অনুযায়ী এই মেচেজবোৰ সজাব বিচাৰোঁ। |
01:49 | ইয়াৰ বাবে, column heading Form-অত ক্লিক কৰক। |
01:52 | মেচেজবোৰ এতিয়া বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল। |
01:57 | Form-অত আকৌ এবাৰ ক্লিক কৰোঁ। |
02:01 | এতিয়া মেচেজবোৰ উলোটা বৰ্ণানুক্ৰমিকভাৱে সজ্জিত হ’ল! |
02:06 | এতিয়া, আহক বিষয় অনুযায়ী সজাও। |
02:09 | সাধাৰণভাৱে Subject-অত ক্লিক কৰক। |
02:12 | মেচেজবোৰ এতিয়া বিষয় অনুযায়ী সজ্জিত হ’ল! |
02:16 | এই শিক্ষণ সাময়িকভাৱে স্থগিত ৰাখি এই কামটো কৰিবলৈ চেষ্টা কৰক। |
02:20 | মেচেজ পোৱাৰ তাৰিখ অনুযায়ী মেচেজবোৰ সজাওক। |
02:24 | আপুনি মেচেজবোৰ টেগ কৰিবও পাৰে। |
02:26 | এই ধৰণে আপুনি পুনৰ খুলিব বিচৰা মেচেজবোৰ সহজে চিনাক্ত কৰিব পাৰে। |
02:32 | একেধৰণৰ মেচেজ একগোট কৰিবৰ বাবেও আপুনি টেগ ব্যৱহাৰ কৰিব পাৰে। |
02:37 | ধৰা হওক, আপুনি এটা মেইল Important হিচাপে টেগ কৰিব বিচাৰে। |
02:40 | ইনবক্সত ক্লিক কৰক আৰু প্ৰথমটো মেইল বাছনি কৰক। |
02:44 | টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু Important নিৰ্বাচন কৰক। |
02:51 | লক্ষ্য কৰক যে মেইলটো ৰঙা ৰঙত প্ৰদৰ্শিত হৈছে। |
02:54 | তলৰ পেনেলখনত চাওক। |
02:57 | মেইলটো Important বুলি টেগ হৈছে। |
03:00 | টেগ গুচাবৰ বাবে প্ৰথমতে মেইলটো নিৰ্বাচন কৰক। |
03:04 | টুলবাৰৰ Tag আইকনত ক্লিক কৰক আৰু তাৰ পিছত Important-অত আকৌ ক্লিক কৰক। |
03:09 | এইবাৰ আহক, ইনবক্সৰ প্ৰথম মেইলটো Important বুলি আৰু দ্বিতীয় মেইলটো Work বুলি টেগ কৰোঁ। |
03:17 | ধৰা হওক, আমি সোঁফালৰ সূচীখনত কেৱল টেগ কৰা মেইলহে চাব বিচাৰোঁ। |
03:22 | এইটো কৰা সম্ভৱ হ’ব নে? |
03:25 | মেচেজ খৰতকীয়াকৈ বাছিব আৰু চাবৰ বাবে Quick Filter টুলবাৰ ব্যৱহাৰ কৰিব পাৰে। |
03:31 | টেগ কৰা মেচেজ চাবৰ বাবে Quick Filter টুলবাৰৰ Tagged আইকনত ক্লিক কৰক। |
03:37 | কেৱল আমি টেগ কৰা মেচেজবোৰহে ওলাইছে! |
03:42 | আকৌ Tagged আইকনত ক্লিক কৰোঁ আহক। |
03:45 | এতিয়া আমি সকলোবোৰ মেইল চাব পাৰোঁ! |
03:49 | এতিয়া মেচেজ থ্ৰেডৰ বিষয়ে শিকোঁ আহক। |
03:52 | মেচেজ থ্ৰেড কি? পৰস্পৰ সম্পৰ্কিত বাৰ্তা কিছুমান যেতিয়া |
03:57 | এটা ক্ৰমত বা এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া তাক মেচেজ থ্ৰেড বুলি কোৱা হয়। |
04:02 | পাৰস্পৰিক সম্পৰ্কিত বাৰ্তাসমূহ এটা অনুক্ৰমত সম্পূৰ্ণ কথোপকথন হিচাপে চাবলৈ আমি মেচেজ থ্ৰেড ব্যৱহাৰ কৰোঁ। |
04:10 | সেয়া কেনেকৈ কৰা হয়, সেই বিষয়ে শিকোঁ আহক। |
04:14 | ইনবক্সৰ বাওঁফালৰ চুকত থকা Click to display message threads আইকনত ক্লিক কৰক। |
04:21 | মেইলবিলাক এটা কথোপকথন হিচাপে প্ৰদৰ্শিত হৈছে। |
04:24 | গোটেই কথোপকথনটো চাবলৈ নিৰ্দিষ্ট কথোপকথনটোৰ কাষত থকা থ্ৰেডিং প্ৰতীকটোত ক্লিক কৰক। |
04:33 | গোটেই কথোপকথনটো বাৰ্তা চোৱা সূচীখনত দেখা পোৱা গৈছে। |
04:38 | থ্ৰেড ভিউৰ পৰা ওলাই আহিবলৈ, Thread আইকনত আকৌ ক্লিক কৰক। |
04:45 | এতিয়া আমি, ফল্ডাৰত কেনেকৈ মেইল এটা সাঁচি থোৱা হয় আৰু তাৰ পিছত ছপা কৰা হয়, সেই বিষয়ে শিকিম। |
04:50 | এই শিক্ষণৰ বাবে: |
04:53 | ডেস্কটপত আমি এটা ফল্ডাৰ তৈয়াৰ কৰিলো |
04:56 | আৰু ইয়াক Saved Mails বুলি নামকৰণ কৰিলো। |
05:00 | এতিয়া আমি প্ৰথম মেইলটো নিৰ্বাচন আৰু চেভ কৰোঁ আহক। |
05:04 | মেইলটোত দুবাৰ ক্লিক কৰক। |
05:06 | মেইলটো অন্য এটা টেবত খোল খায়। |
05:09 | টুলবাৰৰ File তাৰপিছত Save As আৰু File-অত ক্লিক কৰক। |
05:15 | Save Message As ডায়লগ বাকচটো খোল খায়। |
05:19 | ব্ৰাউজ কৰি ডেস্কটপলৈ যাওক আৰু Saved Mails ফল্ডাৰটো নিৰ্বাচন কৰক। Save-অত ক্লিক কৰক। |
05:26 | মেচেজটো ফল্ডাৰটোত চেভ হৈ যাব। |
05:29 | এতিয়া Saved Mails ফল্ডাৰলৈ যাওঁ। |
05:33 | দুবাৰ ক্লিক কৰি ফল্ডাৰটো খোলক। |
05:35 | মেইলটো এটা টেক্সট ফাইল হিচাপে Gedit-অত খোল খায়। |
05:40 | এতিয়া ফাইলটো বন্ধ কৰি ইয়াৰ পৰা ওলাই যাওঁ। |
05:42 | আপুনি টেমপ্লেট হিচাপেও মেচেজটো চেভ কৰিব পাৰে। |
05:46 | টুলবাৰৰ File, Save As আৰু Templates-অত ক্লিক কৰক। |
05:52 | মেচেজটো থাণ্ডাৰবাৰ্ডৰ Templates ফল্ডাৰত চেভ হৈছে। |
05:56 | থাণ্ডাৰবাৰ্ডৰ বাওঁফালৰ সূচীত থকা Templates ফল্ডাৰত ক্লিক কৰক। |
06:01 | মেইলটো নিৰ্বাচন কৰি তাত দুবাৰ ক্লিক কৰক। |
06:04 | মেইলটো এটা সুকীয়া টেবত খোল খায় আৰু To ঠিকনাৰ ঘৰত প্ৰকৃত মেইলটোত থকা যোগাযোগৰ ঠিকনা ভৰ্তি হৈ থাকে। |
06:13 | আপুনি এতিয়া এই মেইলটোৰ যোগাযোগৰ ঠিকনা সালসলনি কৰিব পাৰে, ঠিকনা যোগ বা বিয়োগ কৰি প্ৰেৰণ কৰিব পাৰে। |
06:20 | Subject-অৰ ঘৰত 1 সংখ্যাটো লিখক। |
06:23 | এই টেমপ্লেটটো বন্ধ কৰিবলৈ টেবৰ ওপৰৰ বাওঁফালে থকা X আইকনত ক্লিক কৰক। |
06:29 | Save Message ডায়লগ বাকচটো ওলাই আহে। Don’t Save-অত ক্লিক কৰক। |
06:36 | এতিয়া এটা বাৰ্তা ছপা কৰোঁ আহক। |
06:39 | ইনবক্সত ক্লিক কৰক আৰু সোঁফালৰ সূচীত থকা দ্বিতীয়টো মেইল নিৰ্বাচন কৰক আৰু দুবাৰ ক্লিক কৰক। |
06:46 | মেইলটো এটা নতুন টেবত খোল খায়। |
06:50 | Main মেনুৰ File-অলৈ যাওক আৰু তাৰ পিছত Print নিৰ্বাচন কৰক। |
06:55 | Print ডায়লগ বাকচটো ওলাই আহে। |
06:58 | আমি এই মেইলটো এ-ফ’ৰ কাগজত থিয়কৈ দুটা কপি ছপা কৰিম। |
07:08 | Page Setup টেবত ক্লিক কৰক। |
07:11 | Paper Size-অৰ ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি A4 নিৰ্বাচন কৰক। |
07:16 | Orientation ঘৰত থকা ড্ৰপ-ডাউন তালিকাত ক্লিক কৰি Portrait নিৰ্বাচন কৰক? |
07:22 | এতিয়া General টেবত ক্লিক কৰক। |
07:25 | Copies-অৰ ঘৰত 2 ভৰাওক। এতিয়া Print-অত ক্লিক কৰক। |
07:31 | যদি আপোনাৰ প্ৰিণ্টাৰ ঠিকে-ঠাকে সজ্জিত হৈ আছে, তেনেহ’লে মেইলটো এতিয়া ছপা হ’বলৈ আৰম্ভ কৰিব। |
07:38 | Print ডায়লগ বাকচটো বন্ধ কৰিবলৈ Cancel-অত ক্লিক কৰোঁ। Mail টেবটোও বন্ধ কৰোঁ আহক। |
07:46 | এতিয়া এটা ভিডিঅ’ এটাশ্বমেণ্ট হিচাপে য়াহু একাউণ্টলৈ পঠাওঁ আহক। |
07:51 | আহক, এতিয়া নতুন বাৰ্তা লিখোঁ। |
07:54 | মেনুবাৰৰ Write-অত ক্লিক কৰক। New Message উইণ্ড’ খোল ফায়। |
08:00 | To-ৰ ঘৰত য়াহু আইডিৰ প্ৰথম আখৰটো অৰ্থাৎ S টাইপ কৰক। |
08:06 | লক্ষ্য কৰক যে য়াহু মেইল আইডিটো নিজেনিজেই ভৰ্তি হৈ গৈছে। |
08:11 | Subject-অৰ ঘৰত Video Attachment বুলি টাইপ কৰক। |
08:16 | টুলবাৰৰ Attach-অত ক্লিক কৰক। Attach Files ডায়লগ বাকচটো খোল খায়। |
08:23 | ডেস্কটপত থকা What is a Spoken Tutorial.rar ফাইলটো নিৰ্বাচন কৰক। Open-অত ক্লিক কৰক। |
08:34 | ফাইলটো এটাশ্বমেণ্ট হিচাপে যোগ হ’ব আৰু সেইটো ওপৰৰ সোঁফালৰ কোণত দেখা যাব। এতিয়া Send-অত ক্লিক কৰক। |
08:44 | এতিয়া য়াহু একাউণ্টত লগিন কৰোঁ। |
08:56 | এটাশ্বমেণ্টৰ সৈতে মেচেজটো আমি পালো। |
08:59 | য়াহু একাউণ্টটো বন্ধ কৰোঁ |
09:03 | এনেকুৱা হ’ব পাৰে যে আমাৰ এটা দৰকাৰী মেচেজ পিছতো প্ৰয়োজন হ’ব পাৰে, |
09:07 | কিন্তু ইনবক্সত বহুতো মেইল থকাৰ বাবে ই সান-মিহলি হৈ থাকিব। |
09:12 | থাণ্ডাৰবাৰ্ডে তেনেকুৱা মেচেজ আৰ্কাইভ কৰাৰ সুবিধা দিয়ে। |
09:16 | প্ৰথমে আমি আৰ্কাইভৰ চেটিং পৰীক্ষা কৰিব লাগিব। |
09:20 | বাওঁফালৰ সূচীত থকা STUSERONE gmail একাউণ্টত ক্লিক কৰক। |
09:25 | সোঁফালৰ সূচীৰ Accounts-অৰ অধীনত থকা View Settings for this account-অত ক্লিক কৰক। |
09:31 | Account Settings ডায়লগ বাকচ ওলাই আহে। |
09:35 | বাওঁফালৰ সূচীৰ STUSERONE gmail একাউণ্টত ক্লিক কৰক আৰু তাৰপিছত Copies and Folders-অত ক্লিক কৰক। |
09:43 | Message Archive বিকল্পটো এতিয়া সক্ৰিয় হ’ল। |
09:48 | এই বিকল্পটোৱে মেচেজ কোনটো ফল্ডাৰত আৰ্ভাইভ কৰিব সেইটো সিদ্ধান্ত কৰে। |
09:53 | যদি বিকল্পটো সক্ৰিয় হোৱা নাই, তেনেহ’লে: |
09:57 | Keep message archives in box-অত শুদ্ধ চিন দিয়ক |
10:01 | STUSERONE at gmail.com-অৰ বাবে Archives Folder অপশ্যনটো নিৰ্বাচন কৰক। OK-ত ক্লিক কৰক। |
10:10 | এতিয়া, STUSERONE Gmail একাউণ্টৰ ইনবক্সত ক্লিক কৰক। |
10:15 | তৃতীয় মেচেজটো আৰ্কাইভ কৰোঁ আহক। |
10:19 | সোঁফালৰ সূচীৰ পৰা মেচেজটো নিৰ্বাচন কৰক। |
10:21 | কনটেক্সট মেনুৰ বাবে ইয়াত সোঁ-ক্লিক কৰক আৰু Archive নিৰ্বাচন কৰক। |
10:27 | STUSERONE Gmail একাউণ্টৰ Archive ফল্ডাৰলৈ মেচেজটো গুচি গৈছে। |
10:36 | ইয়াক আৰু ইনবক্সত দেখিবলৈ পোৱা নাযায়। |
10:39 | থাণ্ডাৰবাৰ্ড ব্যৱহাৰ কৰি আমি কৰা কামখিনি যদি চাব বিচাৰোঁ, তাৰ উপায় কি? |
10:44 | খুব সহজ! থাণ্ডাৰবাৰ্ডত কৰা কামবোৰ Activity Manager-এ প্ৰদৰ্শন কৰে। |
10:52 | Main মেনুৰ Tool-অত ক্লিক কৰি Activity Manager-অত ক্লিক কৰক। |
10:57 | Activity Manager ডায়লগ বাকচ ওলাই আহে। |
11:01 | আপুনি এতিয়া মেইল সংক্ৰান্তীয় সকলোবোৰ কাৰ্যকলাপৰ তালিকা চাব পাৰে! |
11:05 | Activity Manager ডায়লগ বাকচটো বন্ধ কৰোঁ আহক। |
11:09 | থাণ্ডাৰবাৰ্ড উইণ্ড’ৰ বাওঁফালৰ কোণত থকা ৰঙা বৰণীয়া পূৰণচিনত ক্লিক কৰি এতিয়া থাণ্ডাৰবাৰ্ড বন্ধ কৰোঁ। |
11:16 | এই শিক্ষণত আমি শিকিলো: |
11:20 | লঞ্চাৰত কেনেকৈ থাণ্ডাৰবাৰ্ড আইকন যোগ দিয়া হয় |
11;23 | মেচেজ কেনেকৈ টেগ কৰা হয়; কুইক ফিল্টাৰ, চৰ্ট আৰু থ্ৰেড মেচেজৰ বিষয়ে। |
11:28 | আমি আৰু শিকিলো: |
11:30 | চেভ এজ আৰু প্ৰিণ্ট মেচেজ, ফাইল এটাশ্ব |
11:34 | মেচেজ আৰ্কাইভ আৰু একটিভিটি মেনেজাৰৰ বিষয়ে। |
11:38 | এতিয়া আপোনাৰ বাবে কাম। |
11:41 | থাণ্ডাৰবাৰ্ডত লগিন কৰক। |
11:44 | এটা মেচেজ থ্ৰেড চাওক।
এটা মেচেজ চেভ কৰক আৰু প্ৰিণ্ট কৰক। |
11:48 | এটা মেইল নিৰ্বাচন কৰক, কনটেক্সট মেনু পাবৰ বাবে তাত সোঁ-ক্লিক কৰক। |
11:53 | তাত থকা সকলোবোৰ অপশ্যন চাওক। |
11:56 | Activity Manager ডায়লগ বাকচটো চাওক। |
12:00 | থাণ্ডাৰবাৰ্ডৰ পৰা লগআউট কৰক। |
12:03 | আকৌ লগিন কৰি Activity Manager ডায়লগ বাকচ পৰীক্ষা কৰক। |
12:07 | তলৰ সংযোগত থকা ভিডিঅ’টো চাওক: |
12:10 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। |
12:13 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
12:18 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
12:20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
12:23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
12:27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
12:33 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
12:37 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
12:45 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12:56 | এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ. |