LibreOffice-Suite-Base/C2/Introduction/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:00 | নম্সকাৰ দৰ্শক সকল. LibreOffice Base-এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জানাইছো | |
00:04 | এই টিউটোৰিয়েলত শিকিম LibreOffice কি? |
00:09 | বেস ব্যবহাৰৰ বাবে অবশ্য পূৰণীয় শর্ত | |
00:12 | আপোনি Base ক লৈ কি কি কৰিবলৈ পাৰিব? |
00:14 | Relational Database-সংক্রান্ত প্রাথমিক ধাৰণা, নতুন Database তৈয়াৰ কৰা, Table তৈয়াৰ কৰা | |
00:20 | LibreOffice Base হল LibreOffice সংকলন-এৰ ফ্রন্ট এন্ড | |
00:26 | বেস Microsoft Access- এৰ সমতুল্য | |
00:30 | বেস এটা বিনামূল্য আৰু ওপেন সোর্স সফ্টওয়্যাৰ, সেয়ে এইটোক বিনামূল্য ব্যবহাৰ আৰু বিতৰণ কৰা যায় | |
00:37 | বেস ব্যবহাৰৰ বাবে জৰুৰি পূর্বশর্ত বোৰ চোৱা যাওক| |
00:41 | মাইক্রোসফ্ট উইন্ডোস সিস্টেমৰ ক্ষেত্রত আমাক লাগিব, |
00:45 | মাইক্রোসফ্ট উইন্ডোস ২০০০ (সার্ভিস প্যাক ৪ বা উচ্চতৰ), XP(এক্ষপী) Vista(বিস্টা), বা উইন্ডোস ৭; Pentium-এৰ সৈতে সামঞ্জ স্যপূর্ণ PC, হার্ড ডিস্কত 1.5 Gb খালি জাগা | |
01:02 | উবুন্টু লিনাক্সৰ বাবে আমাক লাগিব, |
01:06 | লিনাক্স কার্নেল সংস্কৰণ 2.6.18 বা উচ্চতৰ; পেন্টিয়াম -এৰ সৈতে সামঞ্জ স্যপূর্ণ পিসি | |
01:13 | উইন্ডোজ আৰু Linux উভয়ৰ বাবেই আমাক 256 MB RAM এৰ প্রয়োজন, (512 MB RAM হলে ভাল হয়) | |
01:24 | সিস্টেমৰ সম্পূর্ণ আবশ্যক বৈশিষ্ট্যবোৰ জনাৰ বাবে LibreOffice ওয়েবসাইটলৈ যাওক | |
01:30 | আপোনি জাভা ৰানটাইম এনভায়ৰনমেন্ট ইনস্টল কৰিবলৈ লাগিব, যিটো আপোনি নিম্নলিখিত লিঙ্কৰ পৰা ডাউনলোড কৰিবলৈ পাৰিব | |
01:38 | কেন্দ্রত 'Free Java Download' নামৰ ৰঙা বাটনত ক্লিক কৰক | |
01:44 | এবাৰ ফাইলটো ডাউনলোড হৈ গৈলে, তাৰ উপৰত ডবল ক্লিক কৰক আৰু ইনস্টলৰ বাবে নির্দেশাবলী অনুসৰণ কৰক | |
01:52 | আহক এতিয়া LibreOffice বেস ইনস্টলেশনৰ উপৰত আলোচনা কৰা যাওক| |
01:56 | যদি অাপোনাৰ আগৰে পৰাই LibreOffice ছোট সম্পূর্ণ ইনস্টলেশন বিকল্পৰ সৈতে ইনস্টলেশন কৰা হৈ আছে, |
02:03 | তেনেহলে আপোনি পর্দাৰ বাওফালে তলৰ অংশত স্টার্ট মেনুত ক্লিক কৰি LibreOffice বেসত যাব পাৰিব | |
02:12 | প্রথমে ALL প্রোগ্রামস ত ক্লিক কৰক, তাৰপিছত LibreOffice সংকলন-এৰ উপৰত ক্লিক কৰক | |
02:21 | যদি আপোনি LibreOffice সংকলন ইনস্টল কৰি থোৱা নাই, |
02:24 | তেনেহলে আপোনি অফিসিয়েল ওয়েবসাইটলৈ যাওক আৰু 'Download LibreOffice' নামৰ সেউজীয়া ক্ষেত্রত ক্লিক কৰি বেস ইনস্টল কৰক | |
02:37 | বিস্তাৰিত নির্দেশাবলী LibreOffice সংকলন এৰ প্রথম টিউটোৰিয়েলত পোৱা যাব | |
02:43 | মনত ৰাখিব, 'Base' ইনস্টল কৰাৰ সময়ত, 'Complete' বিকল্পটো নির্বাচন কৰিব | |
02:50 | ঠিক আছে, এইবাৰ পিছৰ বিষয়লৈ যোৱা যাওক| |
02:54 | LibreOffice বেসত আপোনি কি কি কৰিবলৈ পাৰিব ? |
02:57 | বেসত আপোনি তথ্যক সংগঠিত ভাবে সংৰক্ষণ কৰিবলৈ পাৰিব | |
03:02 | তথ্য লিখি আৰু ফর্ম ব্যবহাৰ কৰি তথ্য দেখিব পাৰিব | |
03:08 | প্রশ্নৰ মাধ্যমেৰে আৰু ডিজাইনেৰে তথ্য উদ্ধাৰ কৰা আৰু |
03:12 | ভাল ৰিপোর্ট বনাবলৈ পাৰিব যি ছপাৰ বাবে প্রস্তুত থাকিব । |
03:17 | বেসে আপোনাক ডাটাবেস পৰিচালনা কৰিবলৈ সাহায্য কৰিব | |
03:21 | আপোনি হয়তো জানে, ডাটাবেস হল তথ্য, ফর্ম, প্রশ্ন আৰু ৰিপোর্টৰ এটা দল | |
03:29 | উদাহৰণস্বৰুপে, গ্রাহক তথ্য ডেটাবেস পৰিচালনা কৰিবলৈ বেসৰ ব্যবহাৰ কৰা যাব পাৰে, |
03:36 | বিক্রিৰ আদেশ আৰু চালান-সংক্রান্ত তথ্য ৰাখিব, ছাত্রৰ নম্বৰৰ ডেটাবেস বজায় ৰাখিব বা গ্রন্থাগাৰৰ ডাটাবেস নির্মাণ কৰিবলৈ | |
03:47 | আহক এতিয়া ডাটাবেস-সম্পর্কে কিছু প্রাথমিক ধাৰণা কৰা যাওক| |
03:51 | এটা ডাটাবেসৰ তথ্য টেবোলত সংগঠিত আৰু সংৰক্ষিত কৰা থাকে | |
03:56 | তথ্যবোৰ টেবোলৰ সাৰি আৰু কলমত ভাগে ভাগে থাকে | |
04:03 | এনেধৰনৰ এটা ডাটাবেসক ৰিলেশনেল ডাটাবেস নামেৰেও পৰিচিত হয় কাৰণ তাত এটা টেবোলৰ সৈতে অান টেবোলত এটা কলামৰ লগতে সম্পর্কযুক্ত থাকে | |
04:15 | গ্রন্থাগাৰ-এৰ বাবে সহজ ডাটাবেসক লৈ আলোচনা কৰক | |
04:20 | এটা গ্রন্থাগাৰ কিতাপৰ সংকলন হব পাৰে, |
04:23 | আৰু কিতাপবোৰ গ্রন্থাগাৰ-এৰ সদস্যকক দিব পাৰে | |
04:28 | এটা কিতাপৰ শিৰোনাম, লেখক, প্রকাশক, প্রকাশনৰ বছৰ আৰু মূল্য থাকিব পাৰে | |
04:37 | এইবোৰকে attributes বা বৈশিষ্ট্য বোলা হয় | |
04:42 | একেইভাবে, এটা গ্রন্থাগাৰ-এৰ সদস্যৰ নাম, ফোন নম্বৰ আৰু ঠিকানা থাকে, |
04:48 | আৰু গ্রন্থা গাৰত মাত্র সদস্যকেই কিতাপ দিয়া হয় | |
04:54 | এতিয়া দেখা যাওক, কিভাবে সাৰি আৰু কলমত তথ্য সংৰক্ষণ কৰা যাব পাৰে | |
05:02 | প্রতিটো কিতাপৰ সম্পর্কিত তথ্য বুকস টেবোলত সংৰক্ষিত কৰা যাব পাৰে | |
05:08 | কিতাপৰ বৈশিষ্ট্যবোৰ কলম হব যেনে কিতাপৰ শিৰোনাম, লেখক, প্রকাশক, প্রকাশনাৰ বছৰ আৰু মূল্য | |
05:19 | প্রতিটো কিতাপ বেলেগ ভাবে সিনাক্ত কৰাৰ বাবে, এটা কলম BookId যোগ কৰক | |
05:27 | এইভাবে, আমি একেই শিৰোনামৰ দুটা সম্পূর্ণ বেলেগ কিতাপ ইয়াত ৰাখিব পাৰি | |
05:33 | একেইভাবে, এটা Members টেবোলত যেনে নাম আৰু ফোন-এৰ কলম থাকিব পাৰে | |
05:40 | আৰু প্রতিটো সদস্যক বেলেগ ভাবে সিনাক্ত কৰাৰ বাবে MemberId কলম থাকিব । |
05:47 | আৰু আমি BooksIssued নামৰ তৃতীয় টেবোলত কোন কোন সদস্যক কিতাপ দিয়া হৈছে, সেই তথ্য ৰাখিব পাৰি | |
05:56 | এই টেবোলত তথ্য হিসাবে থাকিব - সদস্যক দিয়া কিতাপ, সদস্য, কিতাপ দিয়াৰ তাৰিখ, কিতাপ উভতি দিয়াৰ তাৰিখ, উভতাৰ আসল তাৰিখ আৰু কিতাপ দিয়া হৈছে কি নাই | |
06:09 | এই টেবোল-বোৰৰ তথ্য সংযুক্ত কৰাৰ বাবে আমি টেবোল বোৰৰ সম্পর্ক স্থাপন কৰিবলৈ পাৰো | |
06:16 | এতিয়া ই আমাক 'Relational Database' ক পৰিচালনা কৰিবলৈ সাহায্য কৰিব | |
06:22 | ৰিলেশনেল ডাটাবেস-এৰ উপৰত বিস্তাৰিত জানাৰ বাবে spokentutorial.org ওয়েবসাইট -এৰ অন্যান্য টিউটোৰিয়েলবোৰ চাওক | |
06:35 | ঠিক আছে, এতিয়া বেসতপ্ রথম এটা ডাটাবেস "Library" তৈয়াৰ কৰা যাওক| |
06:43 | এটা নতুন ডাটাবেস তৈয়াৰ কৰাৰ বাবে প্রথমে বেস প্রোগ্রাম খোলক | |
06:50 | তাৰপিছত উইন্ডোজ-এৰ পর্দাৰ তলৰ বাওফালে উপস্থিত স্টার্ট মেনুত ক্লিক কৰক, তাৰপিছত All প্রোগ্রামস -এৰ উপৰত, তাৰপিছত LibreOffice suite আৰু LibreOffice বেসত ক্লিক কৰক | |
07:08 | ডাটাবেস উইজার্ড নামৰ এটা পপ আপ উইন্ডো প্রর্দশিত হৈছে | |
07:13 | এটা নতুন ডাটাবেস তৈয়াৰ কৰিবলৈ Next বাটনত ক্লিক কৰক | |
07:19 | পিছৰ উইন্ডোত Finish বাটনত ক্লিক কৰক | |
07:23 | এইটো Save As উইন্ডো প্রর্দশিত কৰিব | |
07:27 | যিহেতু আমি এটা গ্রন্থাগাৰৰ ডাটাবেস নির্মাণ কৰিছো, সেই ফাইল-এৰ নামৰ টেক্সট বাক্সত লিখক "Library", |
07:35 | আৰু তাৰপিছত Save বোতামত ক্লিক কৰক | |
07:39 | এতিয়া আমি ডেটাবেসত আছো | |
07:42 | ইয়াৰ পিছত, তথ্য সংৰক্ষণ কৰাৰ বাবে টেবোল তৈয়াৰ কৰক | |
07:46 | এটা নতুন টেবোল তৈয়াৰৰ বাবে, বাওফালৰ ডাটাবেস তালিকাযত Tables আইকনৰ উপৰত ক্লিক কৰক | |
07:54 | সোফালে Tasks তালিকাত ' 'Create Table in Design View ত ক্লিক কৰক, এইটো অন্য এটা উইন্ডো প্রর্দশিত কৰিব | |
08:05 | ইয়াত ফীল্ড নেম বা ক্ষেত্রবোৰৰ নামৰ প্রথম কলম হিসাবে 'BookId' লিখক | |
08:13 | ট্যাব কি ব্যবহাৰ কৰি Field Type বা ক্ষেত্র প্রকাৰ কলামলৈ যাওক | |
08:18 | যিহেতু BookId প্রতিটো কিতাপৰ বাবে বেলেগ হব, সেই ড্রপডাউন তালিকাৰ পৰা Field Type বা ক্ষেত্র প্রকাৰ হিসাবে Integer নির্বাচন কৰক | |
08:32 | তলৰ বিভাগত ফীল্ড Properties পৰিবর্তন কৰক | |
08:36 | AutoValue ক No পৰা Yes লৈ পৰিবর্তন কৰক | |
08:41 | এই ক্ষেত্রটোৱে এতিয়া প্রতিটো কিতাপক বেলেগ ভাবে সিনাক্ত কৰিব | |
08:46 | অন্য কথাত, এই ক্ষেত্রটোক প্রাইমাৰি কি বা প্রধান কি বোলা হয় | |
08:52 | BookId ক্ষেত্রৰ বাওফালে হালধীয়া কি চিহ্নটো লক্ষ্য কৰক | |
08:58 | দেখা যাওক, কিভাবে আমি ক্ষেত্র নামবোৰৰ বাবে ক্ষেত্র প্রকাৰ বাছে নিব পাৰি | |
09:05 | ফীল্ড Types বা ক্ষেত্র প্রকাৰ Text, integer, numerical, decimal বা তাৰিখ হব পাৰে | |
09:13 | যি ক্ষেত্রত সাধাৰণ তথ্য আছে তাত টেক্সট ব্যবহাৰ কৰক, যেনে নাম, শিৰোনাম, ঠিকনাৰ ক্ষেত্র | |
09:22 | যি ক্ষেত্রত মাত্র সংখ্যা উপস্থিত থাকিব পাৰে তাত integer, numerical, decimal ব্যবহাৰ কৰক | |
09:30 | উদাহৰণস্বৰুপে, দাম সম্পর্কিত ক্ষেত্রৰ বাবে numeric ব্যবহাৰ কৰক আৰু বছৰৰ বাবে integer ব্যবহাৰ কৰক | |
09:39 | আহক, এতিয়া বাকি ক্ষেত্রবোৰ তৈয়াৰ কৰা যাওক| |
09:43 | Title, ক্ষেত্র প্রকাৰ (Field type) Text, Author |
09:52 | ক্ষেত্র প্রকাৰ (Field type) Text, Published Year |
09:59 | ক্ষেত্র প্রকাৰ (Field type) Integer |
10:05 | Publisher |
10:09 | ক্ষেত্র প্রকাৰ (Field type) Text |
10:11 | Price |
10:14 | ক্ষেত্র প্রকাৰ (Field type) Numeric |
10:18 | Length ক ৫লৈ আৰু Decimal places ২লৈ পৰিবর্তন কৰক | |
10:25 | উদাহৰণস্বৰুপে, Format বাটনত ক্লিক কৰক | |
10:29 | এইটোৱে Field Format window প্রর্দশিত কৰিব | |
10:33 | কেটেগৰী তালিকাৰ পৰা Currency আৰু ফৰম্যাট তালিকাৰ পৰা INR নির্বাচন কৰক | |
10:42 | 1234.00 টকা পছন্দ কৰক যত দুই দশমিক স্থান আছে | |
10:54 | উল্লেখ্য, দুই দশমিক স্থানক লৈ মোট দৈর্ঘ্য পাঁচ হৈছে | |
11:02 | OK বাটনৰ উপৰত ক্লিক কৰক । এতিয়া আমি সকলো বুকস টেবোলৰ বাবে সকলো কলম তৈয়াৰ কৰি ৰাখিছো | |
11:11 | এতিয়া টেবোলটো সেভ কৰক | |
11:14 | File মেনুত Save আইকনত ক্লিক কৰক | |
11:20 | টেবোলৰ নাম টেক্সট বাক্সত 'Books' লিখক | |
11:25 | লক্ষ্য কৰক, ডাটাবেস ‘Library’ যত সংৰক্ষিত হৈছে, এইটোও সেই একেই স্থানত সেভ হৈছে কাৰণ টেবোলটো ডাটাবেসৰই এটা অংশ । |
11:36 | এইবাৰ OK বাটনৰ উপৰত ক্লিক কৰক | |
11:39 | পিছৰ টিউটোৰিয়েলত, আমি বুকস টেবোলত তথ্য যোগ কৰা আৰুা টেবোলৰ নতুন দুট মেম্বার্স আৰু Books Issued টেবোল বনাম |****** |
11:50 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো | |
11:54 | সংক্ষেপে, আমি নিম্নলিখিতবোৰ শিকিছো: |
11:58 | LibreOffice বেস কি? |
12:01 | বেস ব্যবহাৰৰ বাবে অবশ্য পূৰণীয় শর্ত । |
12:03 | আপোনি বেসত কি কি কৰিবলৈ পাৰিব? ৰিলেশনেল ডাটাবেস-সংক্রান্ত প্রাথমিক ধাৰণা | |
12:08 | এটা নতুন ডাটাবেস তৈয়াৰ কৰা, এটা টেবোল তৈয়াৰ কৰা | |
12:13 | বেস সংক্রান্ত পৰবর্তী টিউটোৰিয়েল হল Tables and Relationships. |
12:18 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশ বিশেষ | |
12:24 | এইটো ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত | |
12:32 | এই প্রকল্পটি http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় | |
12:38 | এই বিষয়ে বিস্তাৰিত তথ্য নিম্নলিখিত লিঙ্ক পৰা পোৱাযাবে | |
12:44 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |