LibreOffice-Suite-Base/C4/Database-Maintenance/Assamese
From Script | Spoken-Tutorial
LibreOffice-Suite-Base/C4/Database-Maintenance/English-timed
Time | Assamese |
00:00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম। |
00:04 | এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়। |
00:19 | ডাটাবেছ মেইনটেনান্স |
00:21 | ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব। |
00:31 | ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম। |
00:41 | বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক। |
00:48 | এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল। |
00:55 | আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো। |
01:03 | পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল। |
01:11 | গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো। |
01:16 | ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো |
01:21 | আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো। |
01:28 | এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো। |
01:39 | টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব। |
01:47 | অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ। |
01:54 | উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ। |
02:08 | ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি। |
02:19 | নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ |
02:28 | একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব। |
02:39 | আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব। |
02:45 | উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক। |
02:53 | ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে। |
02:58 | এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব। |
03:09 | ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে— |
03:15 | ALTER TABLE Members ADD Address TEXT, ADD City TEXT |
03:22 | অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে। |
03:30 | এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব। |
03:36 | টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক। |
03:47 | স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক। |
03:52 | ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক। |
03:59 | কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়। |
04:08 | ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে। |
04:17 | আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে। |
04:26 | কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে। |
04:36 | কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ। |
04:45 | এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে। |
04:53 | একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ। |
05:00 | কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে। |
05:04 | আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়। |
05:11 | সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে। |
05:24 | ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে। |
05:35 | বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে। |
05:42 | ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম। |
05:49 | লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো |
06:01 | আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক— |
06:07 | CHECKPOINT DEFRAG |
06:10 | এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়। |
06:19 | ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে। |
06:27 | আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ। |
06:33 | SHUTDOWN COMPACT. |
06:36 | এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে। |
06:43 | ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক। |
06:54 | শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক। বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে। |
07:02 | আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে— |
07;06 | কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন। |
07:14 | লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে। |
07:20 | কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা। |
07:26 | বেকআপ লোৱাটো খুবেই সৰল। |
07:30 | আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে |
07:34 | আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে। |
07:47 | গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক |
07:57 | আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক। |
08:08 | এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা |
08:17 | ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে। |
08:24 | আমি কিমান সঘনাই বেকআপ ল’ব লাগে? |
08:28 | এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে। |
08:37 | ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ। |
08:42 | আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ। |
08:49 | ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ |
08:58 | এইখিনিতে এটা এচাইনমেণ্ট: |
09:00 | এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক। |
09:08 | দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক। |
09:13 | মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক। |
09;23 | তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক। |
09:27 | শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক। |
09:38 | এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে। |
09:45 | সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ: |
09:48 | ডাটাবেছ মেইনটেইন কৰা হয় |
09:50 | ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয় |
09:54 | ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় |
09:56 | আৰু বেকআপ লোৱা হয়। |
09:58 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10:03 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
10:10 | এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। |
10:15 | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব। |
10:20 | এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ। |