Difference between revisions of "LibreOffice-Suite-Writer/C2/Viewing-and-printing-a-text-document/Assamese"
From Script | Spoken-Tutorial
(Created page with ''''Resources for recording''' Viewing and Printing Text Document {| border=1 || Time || …') |
|||
Line 309: | Line 309: | ||
||08:19 | ||08:19 | ||
||এতিয়া ‘print’ বুটামত ক্লিক কৰক . | ||এতিয়া ‘print’ বুটামত ক্লিক কৰক . | ||
− | |||
|- | |- | ||
||8:22 | ||8:22 | ||
||ইয়াৰ উপৰি আপুনি আপোনাৰ pdf ডকুমেণ্ট এটাও ছপাই ল’ব পাৰে. | ||ইয়াৰ উপৰি আপুনি আপোনাৰ pdf ডকুমেণ্ট এটাও ছপাই ল’ব পাৰে. | ||
− | |||
|- | |- | ||
Line 402: | Line 400: | ||
|- | |- | ||
||10:16 | ||10:16 | ||
− | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ | + | ||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
|- | |- |
Revision as of 17:22, 21 September 2013
Resources for recording Viewing and Printing Text Document
Time | Narration |
00:00 | LibreOffice Writer-অৰ প্ৰিণ্টিং এণ্ড ভিৱিং ডকুমেণ্টচ সম্পৰ্কীয় কথন শিক্ষণলৈ আপোনাক স্বাগতম . |
00:06 | এই শিক্ষণত আমি শিকিম: |
00:10 | ডকুমেণ্ট কেনেকৈ চোৱা হয়. |
00:12 | ডকুমেণ্ট কেনেকৈ প্ৰিণ্ট কৰা হয়. |
00:13 | আমি ইয়াত উবুণ্টু লিনাক্স 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু LibreOffice Suit Version 3.34 ব্যৱহাৰ কৰিছোঁ. |
00:24 | তেন্তে LibreOffice Writer-অৰ বিভিন্ন ভিৱিং অপশ্যনৰ বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰা যাওক. |
00:31 | ৰাইটাৰত সাধাৰণতে বহুলভাৱে ব্যৱহৃত দুই প্ৰকাৰৰ ভিৱিং অপশ্যন আছে. |
00:36 | সেইবোৰ হৈছে— “Print Layout” and “Web Layout”. |
00:39 | প্ৰিণ্ট লেআউটে লেখাখিনি কেনেকৈ, কি আকাৰে ছপা হৈ ওলাব, সেইটো প্ৰদৰ্শন কৰে. |
00:45 | আৰু ৱেব লেআউটে লেখা এটা ৱেব ব্ৰাউজাৰত যিদৰে ওলায়, সেই ধৰণে প্ৰদৰ্শন কৰে. |
00:50 | যেতিয়া আপুনি HTML ডকুমেণ্ট এটা তৈয়াৰ কৰিব খোজে, একেদৰে সেই ডকুমেণ্টটো সম্পূৰ্ণ স্ক্ৰীন ম’ডত মাজত সাল-সলনি কৰিবৰ বাবে চাব বিচাৰে তেতিয়া ই প্ৰয়োজনীয়. |
01:00 | Print Layout অপশ্যনলৈ যাবলৈ View অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত Print Layour অপশ্যনত ক্লিক কৰক. |
01:08 | Web Layour অপশ্যনলৈ যাবৰ বাবে মেনুবাৰত থকা View-ত ক্লিক কৰক আৰু তাৰ পিছত Web Layout-অত ক্লিক কৰক. |
01:19 | এই বিকল্পবোৰৰ বাহিৰেও, কোনো এজনে লেখাখিনি সম্পৰ্ণ স্ক্ৰীন ম’ডতো চাব পাৰে. |
01:26 | মেনুবাৰত থকা View অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত Full Screen-অত ক্লিক কৰক. |
01:32 | লেখাবোৰ সাল-সলনি কৰিবৰ কাৰণে, একেদৰে প্ৰজেক্টৰ এটা প্ৰদৰ্শন কাৰ্যকৰী কৰিবৰ বাবে সম্পূৰ্ণ স্ক্ৰীন ম’ডটো প্ৰয়োজনীয়. |
01:39 | সম্পূৰ্ণ স্ক্ৰীন ম’ডৰ পৰা ওলাই আহিবলৈ কিব’ৰ্ডৰ ESCAPE বুটামটো টিপিব লাগিব. |
01:44 | আমি দেখিম যে লেখাটোৱে সম্পূৰ্ণ স্ক্ৰীন ম’ডটো ত্যাগ কৰিছে. |
01:49 | এতিয়া View মেনুৰ Print Layout-অত ক্লিক কৰোঁ আহক. |
01:53 | আৰু আগবঢ়াৰ আগতে, আমি Insert>> Manual Break আৰু Page Break অপশ্যন ব্যৱহাৰ কৰি এটা নতুন পাঠ/ পৃষ্ঠা সংলগ্ন কৰি লওঁ আহক. |
02:04 | তাৰ পিছত OK-ত ক্লিক কৰক |
02:06 | আমি ইয়াৰ বিষয়ে অন্য এটা প্ৰশিক্ষণত আৰু বেছিকৈ শিকিম. |
02:11 | লেখাখিনি চোৱাৰ অন্য এটা বিকল্প হ’ল— “zoom”. |
02:17 | Menu বাৰত থকা “view”-ত ক্লিক কৰক আৰু তাৰ পিছত “zoom”-অত ক্লিক কৰক. |
02:22 | এতিয়া ‘zoom and view layout’ নামৰ এটা ডায়লগ বাকচ ওলাই অহা দেখিবলৈ পাব . |
02:27 | ইয়াৰ শিৰোনামকেইটা হ’ল— ‘zoom factor’ আৰু ‘view layout’. |
02:34 | ‘zoom factor’-এ বৰ্তমানৰ লেখাটো আৰু তাৰ পিছত তেনেকুৱা ধৰণৰ অন্য লেখাবোৰো কেনেকৈ প্ৰদৰ্শিত হ’ব সেইখিনি উপাদান নিৰ্ধাৰণ কৰে. |
02:43 | ইয়াৰ প্ৰয়োজনীয় বিকল্পবোৰ আমি এটা এটাকৈ আলোচনা কৰিম. |
02:48 | ‘Optimal’ অপশ্যনটোত ক্লিক কৰিলে লেখাটোৰ সৰ্বশ্ৰেষ্ঠ অৱয়বটো দেখা যাব.
|
02:55 | ‘Fit width and height’ আকৃতিটোৱে লেখাখিনিক পৃষ্ঠাটোৰ সম্পূৰ্ণ প্ৰস্থ আৰু উচ্চতা অনুযায়ী প্ৰদৰ্শন কৰে. |
03:05 | কোনো এটা লেখাৰ সৰহ সংখ্যক পৃষ্ঠাৰ সাল-সলনিকৰণ আৰু প্ৰদৰ্শন ই অতি সহজ কৰি তোলে. |
03:11 | পিছৰটো বিকল্প হৈছে ‘Fit to width’। ই প্ৰস্থ অনুযায়ী পৃষ্ঠাটো প্ৰদৰ্শন কৰে. |
03:17 | পৃষ্ঠাটোৰ প্ৰকৃত অৱয়ৱটো 100% প্ৰদৰ্শনে দাঙি ধৰে. |
03:23 | তাৰ পিছতে আছে আটাইতকৈ প্ৰয়োজনীয় প্ৰদৰ্শিত বিকল্প— ‘variable’. |
03:28 | Variable-অত আপুনি লেখাটো যি হিচাপতে চাব বিচাৰে, সেই অনুপাতে ডাঙৰ-সৰু উপাদানবোৰ বহুৱাই ল’ব পাৰে. |
03:35 | উদাহৰণ স্বৰূপে, আমি ‘variable’-অৰ কাষত থকা ঠাইখিনিত 75% লিখিলো আৰু তাৰ পিছত ‘ok’-ত ক্লিক কৰিলো. |
03:43 | এইদৰে লেখাখিনি চাবৰ বাবে আৰু সাল-সলনি কৰিবৰ বাবে আপোনাৰ প্ৰয়োজন আৰু সুবিধা অনুসৰি সৰু-ডাঙৰ কৰা উপাদানবোৰ বহুৱাই ল’ব পাৰে. |
03:51 | ডায়লগ বাকচটোত থকা অন্য এটা বৈশিষ্ট্য হ’ল— ‘view layout’ |
03:56 | ‘View layout’ বিকল্পটো মাত্ৰ লেখনিৰ বাবেহে. |
03:59 | এটা লেখা বিভিন্ন view layout সজ্জাত সৰু-ডাঙৰ কৰা ৰাশিবোৰ হ্ৰাস-বৃদ্ধি কৰিলে তাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে, সেইটো চাবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়. |
04:07 | ইয়াৰ অন্য কিছুমান বিকল্প ‘automatic’ আৰু ‘single page’ আছে, যিবোৰ পৃষ্ঠাবোৰ ক্ৰমান্বয়ে এটাৰ কাষত আনটো আৰু এটাৰ তলত আনটো প্ৰদৰ্শন কৰিবৰ কাৰণে ব্যৱহাৰ হয়. |
04:18 | উদাহৰণ স্বৰূপে, যদি আমি ‘zoom factor’ বিকল্পটো অন্তৰ্গত ‘fit width and height’ বিকল্পটো নিৰ্বাচন কৰোঁ, তাৰ পিছত ‘view layout’-অৰ অন্তৰ্গত ‘single page’-অত ক্লিক কৰোঁ আৰু অৱশেষত ‘ok’-ত ক্লিক কৰোঁ, তেতিয়া পৃষ্ঠাবোৰ এটাৰ তলত আনটোকৈ থকা দেখিবলৈ পাম. |
04:36 | এতিয়া ‘automatic’ অপশ্যনত ক্লিক কৰক আৰু তাৰ পিছত ‘ok’ বুটামত ক্লিক কৰক. |
04:42 | দেখা পাব যে পৃষ্ঠাবোৰ এটাৰ কাষত আনটোকৈ প্ৰদৰ্শিত হৈছে. |
04:48 | ৰাইটাৰৰ ষ্টেটাচবাৰত থকা নিয়ন্ত্ৰক তিনিটাইয়ো আমাৰ লেখাখিনি সৰু-ডাঙৰ তথা প্ৰদৰ্শিত অৱয়বকেইটা সাল-সলনি কৰিবলৈ অনুমতি দিয়ে. |
04:56 | View layout আইকনবোৰ বাওঁফালৰ পৰা সোঁফাললৈ এনে ধৰণৰ: ‘single column mode,’, ‘view mode with pages side by side’ আৰু ‘book mode’ with two pages as in an open book |
05:11 | আমি zoom slider-ডাল সোঁফালে টানি আনিও এটা পৃষ্ঠালৈ zoom কৰিব পাৰোঁ আৰু বাওঁফালে টানি আনি বহুতো পৃষ্ঠা চাব পাৰোঁ. |
05:20 | LibreOffice Writer-অত ‘printing’-অৰ বিষয়ে শিকাৰ আগতে ‘page preview’-ৰ বিষয়ে কিছু শিকোঁ আহক. |
05:28 | ‘File’-অত ক্লিক কৰি ‘page preview’-ত ক্লিক কৰক |
05:32 | যেতিয়া আপুনি বৰ্তমানৰ পৃষ্ঠাটো page preview ম’ডত ৰাখিব, তেতিয়া পেজ প্ৰিভিউ বাৰডাল ওলাব।. |
05:38 | এইটোৱে লেখাখিনি ছপা হ’লে কেনেকুৱা আকাৰত ওলাব, সেইটো সাধাৰণতে দেখুৱায়. |
05:44 | আপুনি আমাৰ ‘resume.odt’ ফাইলটোৰ অৱয়বটো চাব পাৰে |
05:50 | প্ৰিভিউ পেজটোৰ টুলবাৰত বিভিন্ন নিয়ন্ত্ৰক বিকল্প আছে. |
05:55 | তাত থকা বিকল্পবোৰ হ’ল— ‘zoom in’, ‘zoom out’, ‘next page’, ‘previous page’ আৰু ‘print’. |
06:03 | LibreOffice Writer-অত লেখাবোৰ কেনেকৈ প্ৰদৰ্শিত কৰে, লগতে পেজ প্ৰিভিউ শিকাৰ পিছত আমি এতিয়া LibreOffice Writer-অত ‘printer’-অৰ বৈশিষ্ট্যবোৰৰ বিষয়ে শিকিম. |
06:15 | সাধাৰণ ভাষাত প্ৰিণ্টাৰ হৈছে লেখাবোৰ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এটা আউটপুট ডিভাইচ. |
06:21 | আমি এতিয়া প্ৰিণ্টাৰৰ বিভিন্ন বিকল্পবোৰলৈ কেনেকৈ যাব পাৰি তাৰ বিষয়ে চাম. |
06:26 | ‘Tools’-অত ক্লিক কৰক, তাৰ পিছত ‘options’-অত ক্লিক কৰক |
06:32 | LibreOffice Writer-অৰ কাষত কাঁড়চিনডালত ক্লিক কৰক আৰু শেষত ‘print’-অত ক্লিক কৰক. |
06:38 | পৰ্দাত বিভিন্ন বিকল্পসহ এটা ডায়লগ বাকচ ওলাব, যিবোৰ আপুনি বাছিব লাগে. |
06:43 | তেন্তে আমি স্বয়ংক্ৰিয় বিকল্পখিনি ৰাখি ‘ok’-ত ক্লিক কৰিম. |
06:49 | এতিয়া গোটেই লেখাখিনি পোনপটীয়াকৈ ছপা কৰিবলৈ টুলবাৰত থকা ‘print File directory’ আইকনটোত ক্লিক কৰক |
06:56 | ইয়াক quick printing বুলি জনা যায় . |
07:00 | আপুনি ‘print’ অপশ্যনটোৰ স্বয়ংক্ৰিয় সজ্জাটো সলনি কৰি ছপাবলগীয়া লেখাটোৰ ওপৰত আৰু অধিক নিয়ন্ত্ৰণ কৰিব পাৰে. |
07:07 | মেনুবাৰত থকা ‘file’ মেনুত ক্লিক কৰি ‘print’-অত ক্লিক কৰক. |
07:13 | পৰ্দাত ‘print’ ডায়লগ বাকচটো ওলাব. |
07:17 | আমি ইয়াত General টেবৰ ‘generic printer’ অপশ্যনটো বাছি ল’ম. |
07:22 | ‘All pages’ অপশ্যনটো গোটেই লেখাটোৰ সকলো পৃষ্ঠা ছপাবৰ বাবে. |
07:28 | নিৰ্দিষ্ট পৰিসৰৰ মাজত ছপাব বিচাৰিলে ‘pages’ অপশ্যনটো বাছি লৈ তাত থকা খালী ঠাইখিনিত পৰিসৰটো দি দিব। যেনে, আমি ‘1-3’ লিখিলো। তেতিয়া ই গোটেই ডকুমেণ্টটোৰ প্পৰথম তিনিটা পৃষ্ঠাহে ছপা কৰিব. |
07:44 | যদি আপুনি ডকুমেণ্টটোৰ কেইবাটাও কপি ছপাব বিচাৰে, তেন্তে ‘number of copies’-অৰ খালী ঠাইখিনিত সংখ্যাটো বহুৱাই দিয়ক। ধৰক, আমি ইয়াত ‘2’ লিখিলো. |
07:54 | এতিয়া ডায়লগ বাকচটোৰ ‘options’ টেবত ক্লিক কৰোঁ আহক. |
08:00 | বিভিন্ন বিকল্প থকা এখন তালিকা পৰ্দাত ওলাব, য’ৰ পৰা আপুনি ডকুমেণ্টটো ছপাবৰ বাবে বাছনি কৰিব লাগে. |
08:07 | আমি “print in reverse page order” নামৰ এটা চ্ছেক বাকচ দেখিছোঁ |
08:12 | এই অপশ্যনটোৱে সৰহ সংখ্যক আউটপুট সংগ্ৰহ কৰাটো সহজ কৰি তোলে. |
08:16 | তেন্তে চ্ছেক বাকচৰ বিপৰীতে ক্লিক কৰক. |
08:19 | এতিয়া ‘print’ বুটামত ক্লিক কৰক . |
8:22 | ইয়াৰ উপৰি আপুনি আপোনাৰ pdf ডকুমেণ্ট এটাও ছপাই ল’ব পাৰে. |
08:26 | আমি ইতিমধ্যে কেনেকৈ এটা ‘dot odt’ লেখা ‘dot pdf’ লেখালৈ পৰিৱৰ্তন কৰে সেইটো দেখিছোঁ. |
08:34 | যিহেতু আমি ইতিমধ্যে ডেস্কটপত ‘pdf’ ফাইলটো সংৰক্ষণ কৰিছোঁ, আমি ফাইলটোত দুবাৰ ক্লিক কৰিম. |
08:41 | এতিয়া ‘file’-অত ক্লিক কৰক, তাৰ পিছত ‘print’-অত ক্লিক কৰক. |
08:47 | আমি স্বয়ংক্ৰিয় সজ্জাটো ৰাখি থওঁ আৰু ‘print preview’ বুটামত ক্লিক কৰোঁ . |
08:52 | আপুনি ফাইলটোৰ অৱয়বটো পৰ্দাত দেখিব . |
08:56 | এতিয়া পৃষ্ঠাটো ছপাবৰ কাৰণে প্ৰিভিউ পেজত থকা ‘print this document’ আইকনটোত ক্লিক কৰক. |
09:04 | ইয়াতে LibreOffice Writer-কথোপকথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে |
09:09 | সংক্ষেপে, আমি শিকিলো:: |
09:11 | ডকুমেণ্ট কেনেকৈ চোৱা হয়. |
09:13 | ডকুমেণ্ট কেনেকৈ ছপা কৰা হয়. |
09:16 | বিস্তাৰিত নিৰ্দেশাৱলী |
09:18 | ৰাইটাৰত ‘This is LibreOffice Writer’ বুলি লিখক. |
09:23 | লেখাটোৰ সম্পূৰ্ণ অৱয়বটো পাবৰ কাৰণে ‘full screen’ বিকল্প ব্যৱহাৰ কৰক. |
09:29 | লেখাটোৰ ‘optimal’ আৰু ‘variable’ অৱয়ব পাবৰ কাৰণে zoom অপশ্যন ব্যৱহাৰ কৰক। ‘Variable’ ৰাশিটো 50% দিয়ক আৰু তাৰ পিছত লেখাটো চাওক |
09:41 | লেখাটোৰ পেজ প্ৰিভিউটো এবাৰ চাই লওক আৰু পৃষ্ঠাৰ সীমা থকাকৈ দুটা কপি ছপা কৰক. |
9:49 | তলৰ সংযোগত থকা ভিডিঅ’টো চাওক. |
9:52 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে. |
9:56 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে. |
10:00 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
10:06 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
10:09 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken hyphen tutorial dot org এই ঠিকনাত লিখক |
10:16 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
10:20 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
10:28 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য |
10:31 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
10:39 | আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.
মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |