Difference between revisions of "Drupal/C3/Drupal-Site-Management/Assamese"
PoojaMoolya (Talk | contribs) |
|||
Line 581: | Line 581: | ||
|- | |- | ||
− | | | + | | 15:15 |
| দ্ৰোপল ষ্টাক কনট্ৰ’ল ('''Drupal Stack Control''') উইন্দ’ৰ পৰা '''phpMyAdmin''' পৃষ্ঠাটো খোলক | | দ্ৰোপল ষ্টাক কনট্ৰ’ল ('''Drupal Stack Control''') উইন্দ’ৰ পৰা '''phpMyAdmin''' পৃষ্ঠাটো খোলক | ||
Latest revision as of 18:25, 17 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. দ্ৰোপল চাইত মেনেজমেন্টৰ ( Drupal Site Management) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম :
ৰিপ’ৰ্ট (report) চাবলৈ দ্ৰোপল (Drupal) আপদেত কৰিবলৈ ম’দিউলচ (modules) আৰু থিমচ (themes) আপদেত কৰিবলৈ আৰু পূৰণা ভাৰ্চন এটা ৰিষ্ট’ৰ কৰিবলৈ |
00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবোন্টো লিনাক্স (Ubuntu Linux) অপাৰেতিং চিষ্টেম দ্ৰোপল (Drupal) 8 আৰু ফায়াৰফক্স (Firefox) ওৱেব ব্ৰ’জাৰ আপুনি আপোনাৰ পচন্দ অনুসৰি যিকোনো ওৱেব ব্ৰ’জাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:33 | চাইত মেনেজমেন্ট কি হয়?
চাইত মেনেজমেন্ট (Site management) হৈছে : দ্ৰোপলৰ অন্তৰ্গত ক’ডক আপদেত কৰা যি হৈছে ক’ৰ (core), ম’দিউলচ (modules) আৰু থিমচ (themes) |
00:44 | এৰ’ৰসমূহক (error) নিৰীক্ষণ আৰু ঠিক কৰা
ইউজাৰচৰ আচৰণক লক্ষ্য কৰা ইত্যাদি |
00:51 | আমাৰ ওৱেবচাইত খোলো যি আমি আগতে বনাইছিলো |
00:56 | চাইত মেনেজমেন্টৰ (site management) আৰম্ভণী বিন্দুটো হৈছে ৰিপ’ৰ্টচ (Reports) মেনুখন । যদি আপোনাক আতিৰিক্ত সহায় লাগে, আপুনি লগতে হেল্প (Help) মেনুখন চাব পাৰে |
01:07 | ৰিপ’ৰ্টচত ( Reports) টিপক । আমি ৰিপ’ৰ্টচৰ তালিকা এখন দেখিছো যি আমি আমাৰ দ্ৰোপল চাইতত (Drupal site) পাব পাৰো |
01:14 | এভেইলেবল আপদেতচত ( Available Updates) টিপক |
01:17 | যদি কিহবা ৰঙা বেকগ্ৰাউন্দত আছে, সি বুজায় যে এটা চিকিউৰিতি আপদেত (security update) আছে আৰু আমি ইয়াক অতি সোনকালে আপদেত কৰা উচিত |
01:25 | যদি ই হালধীয়া হয়, তেন্তে ই এটা চিকিউৰিতি আপদেত (security update) নহয় কিন্তু এটা উন্নত ভাৰ্চন উপলদ্ধ |
01:33 | চেতিংগচ ( Settings) টেবত , আমি দ্ৰোপলক মাজে সময়ে কেনেকৈ আপদেতচৰ বাবে চাব লাগে ক’ব পাৰো |
01:40 | আমি লগতে ইয়াক আমালৈ e-mail এটা পঠাবলৈ ক’ব পাৰো, যদি আপদেতচ উপলদ্ধ হয় । এনে কৰাতো অতিশয় গুৰূত্বপূৰ্ণ |
01:50 | ৰিপ’ৰ্টচৰ (Reports) ভিতৰত, ৰিচেন্ট ল’গ মেচেজেচে আমাক দ্ৰোপলে পোৱা এৰ’ৰচৰ তালিকা এখন দিয়ে । মাজে সময়ে আমি এইবোৰ চোৱা উচিত |
02:01 | ৰিপ’ৰ্টচৰ (Reports) ভিতৰত, ষ্টেতাচ ৰিপ’ৰ্টে ( Status report) দ্ৰোপলে স্বীকৃত কৰা ইনষ্ট’লেচন বা কনফিগুৰেচন সমস্যাসমূহ দেখুৱায় |
02:10 | উদাহৰণস্বৰূপে -
মই MySQL 5.6.30ত আছো, মোৰ দ্ৰোপল ক’ৰ ষ্টেতাচ (Drupal Core status) টো আপ-তু-দেত নহয়, মোৰ দাতাবেচটো (database) আপ-তু-দেত হয়, ইত্যাদি |
02:25 | ৰিপ’ৰ্টচৰ (Reports) ভিতৰত, টপ এক্সেচ দিনাইদ এৰ’ৰচ (Top 'access denied' errors) আৰু টপ পেজ নত ফাউন্দ এৰ’ৰচ ( Top 'page not found' errors) ও লগতে গুৰূত্বপূৰ্ণ |
02:34 | এইবোৰ হৈছে আমাৰ চাইতটোৱে (site) সঠিকভাবে কাম কৰি আছেনে নাই তাক নিশ্বিত কৰিবলৈ সহজ পদ্ধতি |
02:41 | টপ চাৰ্চ ফ্ৰেজেচ (Top search phrases) এ আপোনাৰ চাইতৰ চাৰ্চ ফৰ্মচত সঘনাই ব্যৱহৃত শব্দসমূহ প্ৰদান কৰে |
02:49 | আমাৰ দ্ৰোপল ওৱেবচাইতৰ ৰিপ’ৰ্টিং চেকচনটো বুজাটো হৈছে আমাৰ চাইতটো প্ৰতিপালন কৰাৰ প্ৰথম প্ৰদক্ষেপ |
02:57 | পাছত, আহক আমি দ্ৰোপলক আপদেত কৰিবলৈ শিকো |
03:01 | এভেইলেবল আপদেতচত ( Available Updates) টিপক |
03:04 | আমি দেখিছো যে দ্ৰোপল ক’ৰৰ বৰ্তমান ভাৰ্চন হৈছে 8.1.0 আৰু পৰামৰ্শ কৰা ভাৰ্চনটো হৈছে 8.1.6 |
03:15 | এইটো হৈছে ৰেকৰ্ডিঙৰ সময়ৰ অৱস্থাটো |
03:20 | আপুনি ইয়াত বেলেগ পৰামৰ্শ কৰা ভাৰ্চন দেখিব পাৰে |
03:24 | মন কৰিব যে দ্ৰোপলে বৰ্তমান পৰামৰ্শ কৰা ভাৰ্চনটো বিচাৰি উলিয়াবলৈ আপোনাক এটা ইন্টাৰনেত সংযোগ লাগিব |
03:32 | দ্ৰোপল ক’ৰক (Drupal core) আপদেত কৰিবলৈ ক’ড ফাইলচ মেনুৱেল দাউনল’দ কৰি ইয়াক আপোনাৰ চাইতত প্ৰয়োগ কৰাৰ প্ৰয়োজন |
03:40 | আমি আপগ্ৰেদিং প্ৰক্ৰিয়াটো ক্ৰমে ক্ৰমে চাম |
03:45 | প্ৰদত্ত ক্ৰমসমূহ বিতনামি দ্ৰোপল ষ্টাকত (Bitnami Drupal stack) প্ৰয়োগ হয় |
03:50 | কিন্তু সৰহখিনি ক্ৰম আন যিকোনো দ্ৰোপল (Drupal) ইনষ্ট’লেচনত প্ৰয়োগ হয় |
03:57 | ক্ৰম নং 1:
প্ৰথমে আপোনাৰ চাইতটো (site) মেন্তেইনেঞ্চ ম’দত (Maintenance mode) থওক |
04:03 | তাৰ বাবে, কনফিগুৰেচনলৈ (Configuration) যাওঁক আৰু দেভেল’পমেন্তৰ (Development) ভিতৰত মেন্তেইনেঞ্চ ম’দত (Maintenance mode) টিপক |
04:11 | পুত চাইত ইন্তু মেন্তেইনেঞ্চ ম’দ (" e") বিকল্পটো চাওঁক |
04:16 | ছেভ কনফিগুৰেচন (Save configuration) বুটামত টিপক |
04:19 | যেতিয়া মেন্তেইনেঞ্চ মুদটো (Maintenance mode) সক্ৰিয় হয়, মাত্ৰ এদমিনিষ্ট্ৰেতৰচ (administrators)এ ল’গিন কৰিব পাৰে |
04:26 | যদিহে আপুনি ভুলতে এদমিনক (admin) ল’গদ আউত কৰিলে, আপুনি আপোনাৰ হ’মপেজৰ URL ত ল’গিন কৰিব পাৰে /userৰ সৈতে |
04:37 | আনে বাৰ্তা এটা দেখিব যে চাইতটো মেন্তেইনেঞ্চত আছে |
04:42 | ক্ৰম নং 2:
আহক আমি বৰ্তমান ভাৰ্চনটোৰ দাতাবেচটো বেক আপ লওঁ |
04:47 | আপোনাৰ বিতনামি দ্ৰোপল ষ্টাক (Bitnami Drupal Stack) কনট্ৰ’ল উইন্দ’ খোলক |
04:52 | এই কনট্ৰ’ল উইন্দ’ কেনেকৈ খোলা হয় জানিবলৈ ইনষ্ট’লেচন অফ দ্ৰোপল (Installation of Drupal) টিউট’ৰিয়েলটো চাওঁক |
05:00 | অ’পেন (Open) PhpMyAdmin বুটামত টিপক |
05:05 | আমি phpmyadmin পৃষ্ঠাটোলৈ নিৰ্দেশিত হ’লো |
05:10 | দিফল্ট ইউজাৰনেমটো হৈছে ৰোত (root) |
05:13 | দ্ৰোপল এদমিন (Drupal admin) পাচৱৰ্দ আৰু phpmyadmin পাচৱৰ্দ দুয়োটা একেই |
05:20 | গতিকে, ইউজাৰনেমটো ৰোত (root) হিচাবে লিখক আৰু আপোনাৰ দ্ৰোপল এদমিন পাচৱৰ্দ (Drupal admin password) লিখক, তাৰপাছত গৌ (Go) বুটামত টিপক |
05:29 | বেক আপ এটা ল’বলৈ, প্ৰথমে এক্সপ’ৰ্ট (Export) বুটামত টিপক ওপৰফালে |
05:36 | তাৰপাছত এক্সপ’ৰ্ট মেথ’দটো (Export method) কাষ্টম (Custom) হিচাবে নিৰ্বাচিত কৰক |
05:40 | দাতাবেচ (Database) তালিকাখনৰ ভিতৰত bitnami_drupal8 নিৰ্বাচিত কৰক |
05:45 | আউতপুত (Output) চেকচনৰ ভিতৰত, ফাইলনেম টেম্পলেত (filename template) "drupal-8.1.0" হিচাবে দিয়ক আৰু কমপ্ৰেচন (Compression) টোক gzipped হিচাবে সজাওঁক |
05:58 | ফাইলনেমটো আপোনাৰ বৰ্তমান ভাৰ্চনটোৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হ’ব পাৰে |
06:03 | অবজেক্ত ক্ৰিয়েচন অপচন (Object creation options) চেকচনৰ ভিতৰত, এদ দ্ৰপ দাতাবেচ ষ্টেতমেন্ত (Add DROP DATABASE statement) বিকল্পটোত চেক-মাৰ্ক এটা দিয়ক |
06:12 | এদ দ্ৰপ টেবল (Add DROP TABLE) বিকল্পত চেক-মাৰ্ক এটা দিয়ক |
06:16 | তললৈ যাওঁক আৰু শেষত গৌ (Go) বুটামত টিপক |
06:21 | ফাইলটো ছেভ (save) কৰিবলৈ OK বুটামত টিপক |
06:25 | আপোনাৰ দাউনল’দচ (Downloads) ফ’ল্দাৰলৈ যাওঁক আৰু "drupal-8.1.0.sql.gz" বেক আপ ফাইলটো বিচাৰক |
06:36 | ক্ৰম নং 3:
আমি সকলো চাৰ্ভাৰ বন্ধ কৰিব লাগিব |
06:42 | সকলো চলি থকা চাৰ্ভাৰ বন্ধ কৰিবলৈ, বিতনামি দ্ৰোপল ষ্টাক (Bitnami Drupal Stack) কনট্ৰ’ল উইন্দ’লৈ যাওঁক |
06:49 | মেনেজ চাৰ্ভাৰচ (Manage Servers) টেবত টিপক আৰু তাৰপাছত ষ্ট’প অল (Stop All) বুটামত টিপক |
06:56 | ক্ৰম নং 4:
ওৱেলকাম (Welcome) টেবত টিপক আৰু তাৰপাছত অপেন এপ্লিকেচন ফ’ল্দাৰ (Open Application Folder) বুটামত টিপক |
07:04 | ই ফাইল ব্ৰ’জাৰত খোল খাব |
07:07 | ফ’ল্দাৰচলৈ যাওঁক এপচ (apps), তাৰপাছত দ্ৰোপল (drupal) আৰু শেষত htdocs |
07:15 | ক্ৰম নং 5:
আমি দ্ৰোপলৰ (Drupal) বৰ্তমান ভাৰ্চনৰ বাবে ক’ডক বেক আপ কৰিবলৈ ফ’ল্দাৰ এটা বনাব লাগিব |
07:24 | এই ফ’ল্দাৰটোক বৰ্তমান ভাৰ্চন নাম্বাৰটোৰ সৈতে নাম দিয়ক |
07:29 | পাছত, বেক আপ দাতাবেচ ফাইলটো drupal-8.1.0 ফ’ল্দাৰটোলৈ নিয়ক |
07:36 | ক্ৰম নং 6:
htdocs ফ’ল্দাৰটোলৈ ঘূৰি যাওঁক |
07:42 | পাছত, ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো ফাইলচ কাত আৰু পেষ্ট কৰি drupal-8.1.0 বেক আপ ফ’ল্দাৰটোলৈ নিয়ক |
07:55 | ই দাতাবেচ আৰু ক’ড দুয়োটাকে একে ঠাইতে থ’ব |
08:00 | এইটো হৈছে ক’ৰটোৰ পূৰণা ভাৰ্চনটোৰ এটা বেক আপ ক’পি, যদিহে আপুনি ঘূৰি যাব লগা হয় |
08:07 | ক্ৰম নং 7:
আমাৰ htdocs ফ’ল্দাৰলৈ ঘূৰি যাওঁ |
08:13 | পাছত, আমি দ্ৰোপলৰ শেহতীয়া ভাৰ্চনটো দাউনল’দ কৰিব লাগিব |
08:18 | আপোনাৰ ওৱেব ব্ৰ’জাৰটো খোলক আৰু প্ৰদত্ত সংযোজনটোলৈ যাওঁক: https://www.drupal.org/project/drupal |
08:24 | Drupal 8ৰ শেহতীয়া ভাৰ্চনটো দাউনল’দ কৰক |
08:28 | এই ৰেকৰ্ডিঙৰ সময়ত, এইটো দ্ৰোপল (Drupal) ক’ৰ (core) 8.1.6 |
08:35 | আপুনি চোৱাৰ সময়ত এই ভাৰ্চনটো বেলেগ হ’ব পাৰে |
08:40 | ইয়াক খুলিবলৈ টিপক |
08:43 | দাউনল’দ কৰিবলৈ tar.gz বা জিপ (zip) ফাইলত টিপক |
08:49 | ইয়াক ছেভ (save) কৰিবলৈ OK বুটামত টিপক |
08:53 | এতিয়া, আপোনাৰ দাউনল’দচ (Downloads) ফ’ল্দাৰলৈ যাওঁক আৰু দ্ৰোপল জিপ (drupal zip) ফাইলটো আপোনাৰ htdocs ফ’ল্দাৰলৈ নিয়ক |
09:01 | দ্ৰোপল (drupal)-8.1.6.zip ফাইলটো এই টিউট’ৰিয়েলটোৰ ওৱেবপেজটোত ক’ড ফাইলচ (Code files) সংযোগত প্ৰদান কৰা হৈছে |
09:11 | যদি আপোনাৰ ইন্টাৰনেত সংযোগ নাই, অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ইয়াক ব্যৱ্হাৰ কৰক |
09:18 | ক্ৰম নং 8:
ফাইলটো আনজিপ (Unzip) কৰক । ই htdocs ফ’ল্দাৰৰ ভিতৰত drupal-8.1.6 ফ’ল্দাৰ এটা বনাব |
09:30 | ইয়াক খুলিবলৈ দুবাৰ টিপক |
09:34 | নতুন দ্ৰোপল ফ’ল্দাৰটোৰ পৰা, ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো নিয়মিত ফাইলচ htdocs ফ’ল্দাৰটোলৈ নিয়ক |
09:44 | ক্ৰম নং 9:
বিতনামি দ্ৰোপল ষ্টাক (Bitnami Drupal Stack) কনট্ৰ’ল উইন্দ’লৈ যাওঁক |
09:51 | এতিয়া, মেনেজ চাৰ্ভাৰচ (Manage Servers) টেবলৈ যাওঁক আৰু ষ্টাৰ্ট অল (Start All) বুটামত টিপি সকলো চাৰ্ভাৰ আৰম্ভ কৰক |
10:00 | ক্ৰম নং 10:
ওৱেলকাম (Welcome) টেব , গৌ তু এপ্লিকেচন (Go to Application) বুটাম আৰু এক্সেচ দ্ৰোপল (Access Drupal) সংযোগত টিপি আমাৰ চাইতটো (site) চাওঁক |
10:12 | ৰিপ’ৰ্টচ (Reports) আৰু ষ্টেতাচ ৰিপ’ৰ্ট (Status report)লৈ যাওঁক |
10:17 | ইয়াত, আমি দ্ৰোপল ভাৰ্চন নাম্বাৰটো নিশ্বিত কৰিব পাৰো আৰু এইটোৱেই হৈছে শেহতীয়াটো |
10:24 | কিন্তু আমাৰ দাতাবেচটো আউত-অফ-দেত |
10:27 | প্ৰতিবাৰে যেতিয়া এটা ক’ৰ (core), ম’দিউল (module) বা এটা থিম (theme) আপদেত কৰা হয়, দাতাবেচটোও আপদেত কৰিব লাগিব |
10:36 | ক্ৰম নং 11:
আহক আমি দাতাবেচটো আপদেত কৰিবলৈ শিকো |
10:42 | এক্সটেন্দ (Extend) মেনুলৈ যাওঁক আৰু আপদেত স্ক্ৰিপ্ত (update script) সংযোগত টিপক |
10:47 | কন্তিনিউ (Continue) বুটামত টিপক |
10:51 | ই কয় যে আমাৰ কিছু আপদেতচ আছে । আপোনাৰ বাবে, ই বেলেগ হ’ব পাৰে |
10:58 | এপ্লাই পেনদিং আপদেতচ (Apply pending updates) বুটামত টিপক |
11:04 | এতিয়া এদমিনিষ্ট্ৰেচন পেজেচ (Administration pages) সংযোগত টিপক |
11:08 | যদি কোনো এৰ’ৰচ নাই, তেন্তে আমি ক’ৰ (core)টো সফলভাবে আপদেত কৰিলো |
11:14 | ক্ৰম নং 12:
গৌ অনলাইন (Go online) সংযোগত টিপক |
11:18 | পুত চাইত ইন্তু মেন্তেইনেঞ্চ ম’দ ("Put site into maintenance mode") বিকল্পটোৰ পৰা চেক-মাৰ্কটো আতৰাওঁক |
11:25 | ছেভ কনফিগুৰেচন (Save configuration) বুটামত টিপক |
11:29 | ই সকলো ইউজাৰচৰ বাবে চাইত (site) টোক অনলাইন মুদলৈ ঘূৰাই আনিব |
11:34 | এতিয়ালৈকে আলোচনা কৰা ক্ৰমসমূহ, বিতনামি (Bitnami) ইনষ্ট’লেচনত কাম কৰে |
11:40 | যদি আপুনি অন্য পদ্ধতি ব্যৱ্হাৰ কৰিছে, বিতনামি (Bitnami) অংশসমূহৰ বাহিৰে সৰহখিনি ক্ৰম একে হ’ব |
11:48 | এতিয়া,আহক আমি থিমচ (themes) আৰু ম’দিউলচ (modules) আপদেত কৰিবলৈ শিকো |
11:53 | এইটো ক’ৰ (core) আপদেততকৈ তুলনামূলক ভাবে সহজ কাৰণ দ্ৰোপলে ইয়াক এটা বুটামৰ টিপতেই কৰিব |
12:01 | কেতিয়াবা আমাৰ কোনো ক’ৰ (core) আপদেতৰ অবিহনে মাত্ৰ ম’দিউলচ (modules) বা থিমচ (themes) আপদেত থাকে |
12:09 | ক্ৰম নং 1:
ৰিপ’ৰ্টচ (Reports) মেনু আৰু তাৰপাছত এভেইলেবল আপদেতচ (Available updates) ত টিপক |
12:15 | আপদেত (Update) টেবত টিপক |
12:19 | ইয়াত, আমি দেখিছো যে আমি কিছু থিমচ (themes) আৰু ম’দিউলচ (modules) আপদেত কৰিব লাগিব |
12:25 | সিহঁত সকলোকে নিৰ্বাচিত কৰক |
12:28 | তাৰপাছত দাউনল’দ দিজ আপদেতচ (Download these updates) বুটামত টিপক |
12:33 | পাৰফৰমিং আপদেতচ ইন মেইন্তেনেঞ্চ মুদ (performing updates in maintenance mode) ৰ বাবে চেক-বক্সটো অন থকাটো নিশ্বিত কৰক |
12:39 | আপদেতচ প্ৰয়োগ হ’বলৈ কন্তিনিউ (Continue) বুটামত টিপক |
12:43 | ই ক’ডক আপদেত কৰিব আৰু চাইত (site)টোক অনলাইন মুদ (online mode)লৈ ঘূৰাই আনিব |
12:49 | ক্ৰম নং 2:
ৰান দাতাবেচ আপদেতচ (Run database updates) সংযোগত টিপক |
12:55 | যদি আপুনি দাতাবেচটো বেক আপ লোৱা নাই, ইয়াক আমি আগতে কৰাৰ দৰে কৰক |
13:01 | কন্তিনিউ (Continue) বুটামত টিপক |
13:04 | ই দাতাবেচটো আপদেত কৰিব আমি ক’ৰ (core) আপদেতৰ বাবে কৰাৰ দৰে |
13:09 | এপ্লাই পেনদিং আপদেতচ (Apply pending updates) বুটামত টিপক |
13:14 | এদমিনিষ্ট্ৰেচন পেজেচ (Administration pages) সংযোগত টিপক |
13:18 | দ্ৰোপলে (Drupal) সাধাৰণভাবেই চাইতটোক অনলাইন মুদ (online mode)লৈ ঘূৰাই আনিব |
13:24 | যদি এনে নহয়, আপুনি পৃষ্ঠাটোৰ ওপৰত গৌ অনলাইন (Go online) বিকল্প এটা দেখিব |
13:33 | ক্ৰম নং 3:
শেষত, আহক আমি সকলোখিনি আপ তু দেত হয়নে চাওঁ |
13:39 | ৰিপ’ৰ্টচ (Reports) মেনু আৰু এভেইলেবল আপদেতচ (Available updates)ত টিপক |
13:44 | ইয়াত আমি আমাৰ দ্ৰোপল ক’ৰ (Drupal core), ম’দিউলচ (Modules) আৰু থিমচ (Themes) সকলো আপ-তু-দেত দেখিছো |
13:51 | পাছত, আহক আমি পূৰণা ভাৰ্চনটো ঘূৰাই আনিবলৈ শিকো |
13:56 | যদি আমাৰ আপদেত অসফল হয়, আপুনি নজনা কিবা কাৰণত, আমি আমাৰ পূৰণা ভাৰ্চনটোলৈ ঘূৰি যাব পাৰো |
14:05 | ইয়াৰ বাবে, আমি পূৰণা ক’ৰ (core) আৰু দাতাবেচটো পুনৰ জমা কৰিব লাগিব |
14:10 | ক্ৰম নং 1:
চাইতটো মেইন্তেনেঞ্চ মুদত (Maintenance mode) থওঁক |
14:17 | ক্ৰম নং 2:
দ্ৰোপল ষ্টাক কনট্ৰ’ল (Drupal Stack Control) উইন্দ’ৰ পৰা সকলো চাৰ্ভাৰ বন্ধ কৰক |
14:25 | ক্ৰম নং 3:
আমাৰ htdocs ফ’ল্দাৰটো খোলক |
14:30 | ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো নিয়মিত ফাইলচ drupal-8.1.6 ফ’ল্দাৰটোলৈ নিয়ক |
14:40 | htdocs ফ’ল্দাৰটোলৈ যাওঁক আৰু আগৰ ভাৰ্চন ফ’ল্দাৰটো খোলক |
14:44 | তাৰপাছত ক’ৰ (core) আৰু ভেন্দৰ (vendor) ফ’ল্দাৰ দুটা আৰু আন সকলো নিয়মিত ফাইলচ drupal-8.1.0ৰ পৰা htdocs ফ’ল্দাৰটোলৈ নিয়ক |
15:00 | ক্ৰম নং 4:
দ্ৰোপল ষ্টাক কনট্ৰ’ল (Drupal Stack Control) উইন্দ’ৰ পৰা আপাচি (Apache) আৰু MySQL চাৰ্ভাৰচ (servers) আৰম্ভ কৰক |
15:11 | ক্ৰম নং 5:
পূৰণা দাতাবেচ পুনৰ জমা হৈছে |
15:15 | দ্ৰোপল ষ্টাক কনট্ৰ’ল (Drupal Stack Control) উইন্দ’ৰ পৰা phpMyAdmin পৃষ্ঠাটো খোলক |
15:23 | ওপৰ ফালে ইম্প’ৰ্ট (Import) বুটামত টিপক |
15:27 | ব্ৰৌজ (Browse) বুটামত টিপক |
15:30 | ইয়াত, বেক আপ দাতাবেচ ফাইলটো বাচক |
15:34 | তাৰপাছত তলত গৌ (Go) বুটামত টিপক |
15:38 | ক্ৰম নং 6:
শেষৰ ক্ৰমটো হৈছে আমি পূৰণা ভাৰ্চনটোলৈ আহিলোনে নাই পৰীক্ষা কৰাতো |
15:45 | আমাৰ দ্ৰোপল চাইত (Drupal site) লৈ যাওঁ |
15:49 | ৰিপ’ৰ্টচ (Reports) মেনু আৰু ষ্টেতাচ ৰিপ’ৰ্ট (Status report)ত টিপক |
15:52 | ইয়াত আপুনি চাব পাৰে যে এতিয়া আমাৰ দ্ৰোপল (Drupal) ভাৰ্চনটো হৈছে 8.1.0 |
15:59 | মন কৰিব যে আমি মাত্ৰ ক’ৰ (core) আৰু দাতাবেচ (database)ক হে পূৰণা ভাৰ্চনটোলৈ ঘূৰাই আনিব পাৰো |
16:05 | ম’দিউলচ (modules) আৰু থিমচ (themes) সমূহ দ্ৰোপল (Drupal)ৰ দ্বাৰা আপদেত হয় |
16:10 | আমি ক্ৰম 6ত ইয়াৰ ক’পি কৰা নাছিলো, গতিকে আমি ইয়াত পূৰণা ভাৰ্চনচ নেদেখো |
16:18 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
16:22 | আহক আমি মূলভাব চাওঁ |
16:25 | এই টিউট’ৰিয়েলটোত,আমি চাইত মেনেজমেন্ত (Site management)ৰ গুৰূত্বপূৰ্ণ দৃষ্টিভঙ্গিৰ বিশয়ে শিকিলো:
ৰিপ’ৰ্টচ চোৱা আৰু বিশ্লেষণ কৰা দাতাবেচ আৰু ক’ডৰ বেক আপ লোৱা |
16:39 | দ্ৰোপল ক’ৰ (Drupal core) আপদেত কৰা
ম’দিউলচ (modules) আৰু থিমচ (themes) আপদেত কৰা আৰু বেক আপ লোৱা ভাৰ্চন এটা পুনৰ জমা কৰা |
16:49 | এই সংযোজনৰ কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় |
16:54 | অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
16:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমানপত্ৰ দিয়ে |
17:03 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
17:06 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত ভাৰত চৰকাৰৰ অৱদান |
17:22 | এই পাঠটি মৌচুম হাজৰিকা দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টী বোম্বে পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। সংযোগ কৰাৰ বাবে ধন্যবাদ |