Difference between revisions of "LibreOffice-Suite-Base/C2/Enter-and-update-data-in-a-form/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Visual Cues !Narration |- |00:02 |লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স…')
 
Line 322: Line 322:
 
|-
 
|-
 
|09:44
 
|09:44
|এই স্ক্ৰীপ্তটো আগবঢ়ালে DesiCrew Solutions-অৰ প্ৰিয়া সুৰেশে।
+
|এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।
আৰু এয়া আছিল DesiCrew solutions-অৰ Soundharya।
+
অংশগ্ৰহণৰ বাবে ধন্যবাদ।
+
  
 
|-
 
|-

Revision as of 12:47, 22 July 2014

Visual Cues Narration
00:02 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম।
00:06 এই ট্যুটৰিয়েলত আমি শিকিম,
00:09 এখন ফৰ্মত কেনেকৈ ডাটা ভৰ্তি আৰু আপডেট কৰা হয়।
00:12 আগৰ টিউটৰিয়েলত এখন ফৰ্মত কেনেকৈ ফৰ্ম কণ্ট্ৰল যোগ দিয়া হয়, সেই বিষয়ে শিকিছিলো।
00:19 এই টিউটৰিয়েলত ফৰ্ম ব্যৱহাৰ কৰি কেনেকৈ ডাটা ভৰ্তি আৰু আপডেট কৰা হয়, সেই বিষয়ে শিকিম।
00:27 তাৰ আগতে, আমাৰ ফৰ্মৰ ডিজাইনত মাথোঁ তিনিটা সাল-সলনি কৰি লওঁ আহক।
00:36 প্ৰথমতে লিবাৰঅফিছ বেছ প্ৰগ্ৰামটো খুলি লোৱা যাওক, এইটো এতিয়াও খোলা হোৱা নাই।
00:51 আৰু আমাৰ লাইব্ৰেৰী ডাটাবেছটো
00:54 ফাইল মেনুৰ অধীনত থকা Open-অত ক্লিক কৰি খোলক।
00:58 এতিয়া আমি লাইব্ৰেৰী ডাটাবেছত উপস্থিত হ’লো।
01:02 আৰু এতিয়া আমি 'Books Issued to Members' ফৰ্মখন খুলিম।
01:07 ইয়াৰ বাবে বাওঁ পেনেলৰ Forms আইকনত ক্লিক কৰক আৰু তাৰপিছত সোঁ পেনেলৰ 'Books Issued to Members' ফৰ্মত ৰাইট ক্লিক কৰক।
01:20 আৰু তাৰপিছত Edit-অত ক্লিক কৰক।
01:24 এতিয়া আমি ফৰ্ম ডিজাইন উইণ্ড’ত উপস্থিত হ’লো।
01:28 ইয়াত প্ৰথমতে ফৰ্মখনৰ ৰিচাইজ কৰা যাওক যাতে ইয়াক সৰু আৰু সংক্ষিপ্ত দেখা যায়।
01:36 ইয়াৰ বাবে আমি ফৰ্ম উইণ্ড’খনৰ উচ্চতা আৰু প্ৰস্থ কম কৰিম।
01:43 ফৰ্ম উইণ্ড’খনৰ ওপৰত আৰু কাষত ক্লিক, ড্ৰেগ আৰু ড্ৰপিঙৰ জৰিয়তে আমি এইটো কৰিম।
01:51 ইয়াৰ পিছত আমাৰ ফৰ্মখনৰ হেডিঙৰ ফণ্ট সলনি কৰা যাওক।
01:57 ওপৰত থকা Formatting টুলবাৰৰ পৰা ফণ্ট Arial Black আৰু আকাৰ 12 কৰা যাওক।
02:12 শেষত, ফৰ্ম কণ্ট্ৰলৰ Tab Order মন কৰক।
02:19 ইয়ে আমাক কীব’ৰ্ডৰ টেব কী ব্যৱহাৰ কৰি এটা নিৰ্দিষ্ট ক্ৰমত ফৰ্ম কণ্ট্ৰলবিলাক নেভিগেট কৰাত সহায় কৰে।
02:29 উদাহৰণ হিচাপে, ধৰক, ওপৰৰ পৰা তললৈ।
02:33 ইয়াক টেব অৰ্ডাৰ (tab order) বুলি কোৱা হয়।
02:37 এতিয়া, বেছে ফৰ্মৰ ওপৰৰ পৰা তললৈ ফৰ্ম কণ্ট্ৰলবিলাকৰ টেব অৰ্ডাৰ স্বয়ংক্ৰিয়ভাৱে সজাই দিয়ে।
02:47 কিন্তু যিহেতু আমি কেইবাটাও টেক্সট্ বক্স গুচাই পেলালো আৰু দুটা নতুন লিষ্ট বক্স আৰু চাৰিটা বাটন যোগ কৰিলো, গতিকে আমি টেব অৰ্ডাৰটো খেলিমেলিকৈ পাম।
03:00 গতিকে, ইয়াক আমি এতিয়া সজাই ল’ম।
03:05 সাধাৰণতে উইণ্ডখনৰ তলৰফালে থকা Form Design টুলবাৰৰ আইকনবিলাক আমি তন্নতন্নকৈ চাম,
03:16 আৰু Activation order বুলি টুলটিপ (tooltip) প্ৰদৰ্শন কৰা আইকনটো বিচাৰি উলিয়াম।
03:25 এই আইকনটোত ক্লিক কৰিম।
03:29 এতিয়া আমি Tab Order শিৰোনামেৰে এখন সৰু পপআপ উইণ্ড’ দেখা পাইছোঁ।
03:38 এই ফৰ্ম কণ্ট্ৰলবিলাক সজাবৰ কাৰণে আমি হয় ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰিব পাৰোঁ
03:46 অথবা আমি Move up আৰু Move down বাটন ব্যৱহাৰ কৰিব পাৰোঁ।
03:52 ইয়াত দেখুওৱা ছবিখনৰ দৰে টেব অৰ্ডাৰ সজাওঁ আহক। <pause>
04:04 এয়া কৰা হৈ গ’ল, গতিকে এইখিনি চেভ কৰিবৰ বাবে OK বাটনত ক্লিক কৰিম।
04:12 ঠিক আছে, এতিয়া Contron S টিপি আমাৰ ফৰ্মখন চেভ কৰিম।
04:19 আৰু তাৰপিছত ফৰ্ম উইণ্ড’খন বন্ধ কৰিম।
04:24 আমি আমাৰ ফৰ্ম ডিজাইন সম্পূৰ্ণ কৰিলো।
04:29 এতিয়া আমাৰ ফৰ্মখন পৰীক্ষা কৰিম।
04:33 মূল বেছ উইণ্ড’ত 'Books Issued to Members' নামৰ ফৰ্মখন ডবল ক্লিক কৰি মুকলি কৰোঁ।
04:42 এতিয়া ফৰ্মখন ডাটা এণ্ট্ৰি ম’ডত খোল ফাইছে।
04:47 হেডিংটো লক্ষ্য কৰক, ইয়াত কোৱা হৈছে— 'Form to track Books issued to Members'
04:54 আৰু ইয়াত আমি booksIds আৰু memberIds-অৰ পৰিৱৰ্তে কিতাপৰ নাম আৰু সদস্যৰ নামবিলাক দেখা পাইছোঁ।
05:03 ইয়াৰ উপৰি এইটো হৈছে BooksIssued টেবুলৰ প্ৰথম ৰেকৰ্ড, য’ত আমি দেখা পাইছোঁ যে কিতাপৰ নামৰ বিপৰীতে An Autobiography-টো হাইলাইট কৰি দেখুওৱা হৈছে।
05:15 আৰু সদস্যৰ নামৰ বিপৰীতে Nisha Sharma-টো হাইলাইট কৰি দেখুওৱা হৈছে।
05:21 আৰু আমি ফিল্ডবিলাকৰ পৰৱৰ্তীখিনিও দেখা পাইছোঁ।
05:25 এতিয়া আমি তলফালে থকা Form Navigation টুলবাৰ আইকন ব্যৱহাৰ কৰি সকলোখিনি ৰেকৰ্ড তন্নতন্নকৈ চাব পাৰোঁ।
05:45 দ্বিতীয়টো ৰেকৰ্ডলৈ যোৱা যাওক।
05:49 ইয়াত আমি দেখা পাওঁ যে সদস্য Jacob Robin-এ Macbeth নামৰ কিতাপখন নিছে, আৰু ধৰা হওক যে তেওঁ কিতাপখন ঘূৰাই দিব বিচাৰিছে।
06:01 গতিকে এই ৰেকৰ্ডত সেই তথ্যটো আপডেট কৰা হওক।
06:07 ইয়াৰ বাবে, আমি ঘূৰাই দিয়াৰ প্ৰকৃত তাৰিখটো টাইপ কৰিম, উদাহৰণ হিচাপে 7/7/11
06:17 আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰিম।
06:21 এই তথ্যখিনি চেভ কৰিবলৈ আমি দি থোৱা Save Record বাটনটো টিপি দিম।
06:30 লক্ষ্য কৰক যে বাটনটো ধোঁৱা বৰণীয়া হৈ আছে, ইয়াৰ অৰ্থ হ’ল ইয়াক ব্যৱহাৰৰ বাবে নিষ্ক্ৰিয় হৈ আছে।
06:38 কিন্তু যেতিয়া আমি ৰেকৰ্ডটো পুনৰ সম্পাদনা কৰিম, তেতিয়া বাটনটো পুনৰ সক্ৰিয় হৈ উঠিব।
06:45 ঠিক আছে, এতিয়া Undo changes বাটনটো পৰীক্ষা কৰিম।
06:50 ইয়াৰ বাবে, ৰেকৰ্ড সম্পাদনা কৰিবৰ কাৰণে Conquest of Self বোলা কিতাপৰ শিৰোনামত ক্লিক কৰিম আৰু তাৰ পিছত Actual Return Date ফিল্ডত 5/7/11 টাইপ কৰিম।
07:06 লক্ষ্য কৰক যে Save record বাটন আৰু Undo changes বাটন দুয়োটাই ব্যৱহাৰ কৰিব পৰাকৈ সক্ৰিয় হৈ উঠিছে।
07:15 এতিয়া আমি Undo changes বাটনত ক্লিক কৰক আৰু কি ঘটিছে মন কৰক।
07:22 আমি শেহতীয়াকৈ কৰা সাল-সলনি নোহোৱা হৈ গৈছে। লক্ষ্য কৰক যে Conquest of Self-অৰ পৰিৱৰ্তে Mecbeth হাইলাইটেড হৈ উঠিছে আৰু Actual return date- 7/7/11 হৈছে।
07:37 এতিয়া আমি Delete Record বাটনত ক্লিক কৰিম, ইয়াৰ অৰ্থ হ’ল আমি এই দ্বিতীয়টো ৰেকৰ্ড ডিলিট কৰিবলৈ চেষ্টা কৰিম।
07:47 ডিলিট কৰাৰ ক্ষেত্ৰত বেছ যথেষ্ট সাৱধানী, গতিকে ই আমাক সজাগ কৰি এটা কনফাৰমেশ্যন বিচাৰে।
07:55 এতিয়াৰ বাবে আমি আগবাঢ়ি যাম আৰু Yes বাটনত ক্লিক কৰিম।
08:02 আমি দেখা পাইছোঁ যে ৰেকৰ্ডটো ডিলিট হৈ গৈছে; স্ক্ৰীনৰ পৰা ই নোহোৱা হৈছে আৰু তাৰ ঠাইত আমি পৰৱৰ্তী ৰেকৰ্ডটো দেখা পাইছোঁ।
08:13 এতিয়া, ফৰ্মৰ শেষৰ New Record বোলা বাটনটোত ক্লিক কৰি এটা নতুন ৰেকৰ্ড যোগ কৰিম।
08:22 কিছুমান ভেল্যু (values) টাইপ কৰা যাওক।
08:26 যিহেতু IssueId-টো এটা নিজে জেনেৰেট হোৱা ফিল্ড, গতিকে আমি ইয়াক এৰাই যাম।
08:33 আৰু ইয়াত ছবিখনত দেখুওৱাৰ দৰে ডাটা যোগ কৰিম।
08:42 ভৰ্তি কৰা তথ্য চেভ কৰিবলৈ Save Record বাটনত ক্লিক কৰক।
08:47 আমি এয়া সম্পূৰ্ণ কৰিলো।
08:48 ডাটা ভৰ্তি কৰি আৰু আপডেট কৰি আমি ফৰ্মখন পৰীক্ষা কৰিলো।
08:54 আপোনাৰ বাবে এটা এচাইনমেণ্ট:

সদস্যসকলৰ তথ্য প্ৰদৰ্শন কৰাবলৈ এখন ফৰ্ম ডিজাইন কৰক।

09:00 ফৰ্মখন দেখাত সৰু কৰি ৰাখক।
09:03 ফণ্ট ব’ল্ড কৰক।
09:07 Save আৰু New Record বাটন যোগ দিয়ক।
09:10 ইয়াতে আমাৰ লিবাৰঅফিছ বেছত ফৰ্ম ডাটা সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে।
09:17 সাৰাংশ হিচাপে, আমি শিকিলো:
09:20 ফৰ্মত ডাটা কেনেকৈ ভৰ্তি আৰু আপডেট কৰা হয়।
09:23 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।


09:34 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
09:44 এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya