Difference between revisions of "Health-and-Nutrition/C2/Cradle-Hold-for-Breastfeeding/Assamese"
From Script | Spoken-Tutorial
Line 406: | Line 406: | ||
|- | |- | ||
|10:25 | |10:25 | ||
− | |ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ | + | |ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । |
+ | |||
+ | সংযোগ কৰাৰ বাবে ধন্যবাদ | ||
|- | |- | ||
|} | |} |
Latest revision as of 17:29, 31 July 2020
00:00 | স্তনপান কৰোৱাৰ ক্ৰেদল স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম- |
00:09 | মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ, |
00:15 | স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু |
00:18 | ক্ৰেদল স্থিতি কেনেকৈ কৰা হয় |
00:22 | আহক আৰম্ভ কৰো । সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায় । আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে- মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত |
00:39 | মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয় |
00:45 | শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে |
00:50 | আৰু পৰ্যাপ্ত গাখীৰ পায় |
00:54 | আহক আমি স্তনপান কৰোৱাৰ ক্ৰেদল স্থিতিৰ বিষয়ে শিকো |
00:59 | শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা চাবোন আৰু পানীৰে ধুব লাগে |
01:05 | আৰু ভালদৰে শুকোৱাই ল’ব লাগে |
01:10 | পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে |
01:15 | স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে |
01:22 | সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে |
01:27 | পাছত, আহক মাকৰ স্থিতিক আলোচনা কৰো |
01:31 | মাকে মজিয়াত বা বিচনাত ক্ৰচ-লেগ অৱস্থানত বহিব লাগে |
01:36 | বা চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে |
01:41 | যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰিদুটাই মজিয়াখন ধুকি নাপাই তেন্তে |
01:47 | তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ’ব পাৰে |
01:53 | বহি থাকোতে, তেওঁ নিশ্বিত কৰিব লাগে যে - তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়, |
02:00 | তেওঁৰ বাহুদুটা ওপৰলৈ উঠোৱা বা তললৈ নমোৱা হ’ব নালাগে |
02:05 | আৰু, এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে |
02:12 | এতিয়া, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে |
02:18 | তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে |
02:25 | সুবিধাজনকভাবে বহাৰ পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক |
02:29 | মাকে শিশুটো সেইটো বাহুৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ একে ফালে থাকে |
02:37 | শিশুটোৰ মুৰটো সেই বাহুৰ কিলাগুটিটোৰ ভিতৰৰ ভাজটোত আৰামদায়ক ভাবে থাকিব লাগে |
02:44 | একেটা বাহুৰে, মাকে শিশুটোৰ মুৰ, ডিঙি আৰু কান্ধক সমৰ্থন কৰিব লাগে |
02:51 | এই চিত্ৰখনত মাকে, তেওঁৰ শিশুটোক সোফালৰ স্তনৰ পৰা স্তনপান কৰাব |
02:56 | সেইবাবে, তেওঁ শিশুটোৰ মুৰ, ডিঙি আৰু কান্ধক সমৰ্থন কৰিবলৈ তেওঁৰ সোবাহুটো ব্যৱ্হাৰ কৰিছে আৰু |
03:05 | শিশুটোৰ মুৰটো তেওঁৰ সোফালৰ কিলাগুটিটোৰ ভিতৰৰ ভাজটোত আৰাম কৰিছে |
03:10 | যদি মাকক শিশুটো উঠাবলৈ অতিৰিক্ত সহায় লাগে, তেওঁ কোলাত শিশুটোৰ তলত গাৰু এটা ৰাখিব পাৰে |
03:19 | মনত ৰাখিব, মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে |
03:25 | ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ’ব |
03:30 | তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ধুকি পাবলৈ |
03:36 | পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো |
03:42 | শিশুটোৰ পেটটো মাকৰ শৰীৰৰদ্বাৰা অলপ হেচিব লাগে |
03:47 | তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব |
03:54 | আৰু গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব |
04:00 | পাছত, দ্বিতীয় দৰকাৰী পইন্টটো হৈছে শিশুটোৰ গোটেই শৰীৰটো কোন দিশত ধৰা হৈছে |
04:08 | আপুনি হয়তো লক্ষ্য কৰিছে যে যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে |
04:16 | কিন্তু, স্তনপান কৰাওঁতে, বহুতো মাকে প্ৰায়ে শিশুটোৰ মুৰটো কাষলৈ ঘূৰাই লয় |
04:23 | ইয়াৰদ্বাৰা স্তনপান শিশুটোৰ বাবে অস্বস্তিকৰ হ’ব |
04:28 | স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে |
04:35 | ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব |
04:41 | এতিয়া আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো |
04:46 | মাকে শিশুটোৰ মুৰ, ডিঙি আৰু কান্ধক সমৰ্থন কৰিব লাগিব |
04:51 | অন্যথা স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব |
04:58 | পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ |
05:03 | শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে |
05:07 | আৰু তেওঁৰ থুতৰি স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে |
05:12 | ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব |
05:19 | আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব |
05:26 | মন কৰিব - স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা |
05:32 | এতিয়া যিহেতু শিশুটো সঠিক স্থিতিত ৰখা হ’ল, |
05:35 | আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো |
05:39 | মুক্ত হৈ থকা হাতটোত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো ওপৰফালৰ পৰা U আকাৰত ধৰিব লাগে |
05:48 | এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ বাওঁহাতটো ব্যৱ্হাৰ কৰিব |
05:55 | বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ, কল্পনা কৰক মাকৰ সোফালৰ স্তনটো এটা ঘড়ি আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ |
06:04 | মাকে তেওঁৰ বাওঁহাতৰ বুঢ়া আঙুলিটো এই ঘড়িটোৰ ৩ নম্বৰ স্থানত থ’ব লাগিব |
06:10 | আৰু তেওঁৰ বাওঁহাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৯ নম্বৰ স্থানত থ’ব লাগিব |
06:18 | মাকৰ আঙুলিসমূহ স্তনটো ধৰি থাকোতে সদায় শিশুৰ উঠৰ দিশত হ’ব লাগে |
06:25 | কিয়? আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো |
06:30 | যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ উঠ অনুভূমিকভাবে খোল খায় |
06:35 | আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ |
06:40 | ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ দিশত থোৱা হয় |
06:46 | যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম |
06:53 | একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক । উঠদুটা ইয়াত লম্ব |
07:00 | সেইবাবে, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত লম্বকৈ থ’ব লাগে |
07:06 | ই শিশুটোক মুখত এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব |
07:13 | শিশুটোৰ উঠৰ দিশত হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে |
07:23 | পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা মাৰিবলৈ বাধা দিব |
07:34 | যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব |
07:41 | সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা মাৰিবলৈ |
07:47 | একেদৰে শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত, এই চিত্ৰখনত দেখুৱাৰ দৰে |
07:55 | এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ ডাঙৰ অংশ এটা ল’বলৈ বাধা নিদিয়ে, |
08:05 | মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব, |
08:11 | মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায় |
08:17 | আৰু স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে |
08:23 | মনত ৰাখিব - মাকৰ বুঢ়া আঙুলিটো স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ থুতৰিটো থাকে |
08:30 | আৰু তেওঁৰ দুটা আঙুলি স্তনটোৰ সেইফালে থাকিব লাগে য’ত শিশুটোৰ নাকটো থাকে |
08:36 | আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ |
08:41 | বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা ল’বলৈ সদায় ইয়াক সংকুচিত কৰো |
08:48 | একেদৰে, মাকে স্তনক ওপৰফালৰ পৰা U আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে |
08:54 | ই শিশুটোক এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব |
09:01 | কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক ওলোটা V আকাৰত সংকুচিত কৰিব নালাগে |
09:07 | V আকাৰত সংকুচিত কৰিলে স্তনত বিষ হ’ব আৰু স্তনাগ্ৰৰ পৰা স্তনপান কৰা হ’ব |
09:13 | লগতে নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয় |
09:21 | অন্যথা, স্তনাগ্ৰটো হয়তো সোফালে বা বাওঁফালে গুচি যাব |
09:27 | আৰু শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব নোৱাৰিব |
09:32 | মনত ৰাখিব, কেতিয়াওঁ স্তনটোক তললৈ হেচি শিশুটোৰ ফালে নানিব |
09:39 | সদায় শিশুটোক স্তনটোৰ ফালে আনিব |
09:43 | এতিয়া, শিশুটো ক্ৰেদল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সাজু আছে |
09:49 | শিশুটো স্তনৰ সৈতে সঠিককৈ গভীৰভাবে যুক্ত হোৱাৰ বিষয়ে একেটা চিৰিজৰ আনএটা ভিদিঅ’ত বৰ্ণনা কৰা হৈছে |
09:58 | শিশুটো এবাৰ স্তনৰ সৈতে গভীৰভাবে যুক্ত হ’লে আৰু যদি স্তনটো বেছি গধুৰ নহয় তেন্তে |
10:05 | মাকে হাতৰ পৰা স্তনটো এৰিব লাগে |
10:08 | আৰু সেই হাতটো শিশুটোৰ তলত ৰাখি সহাৰি দিব লাগে |
10:14 | এই স্থিতিত, মাকে তেওঁৰ দুয়োটা বাহু শৰীৰৰ অতি ওচৰত আনিব লাগে |
10:20 | ই তেওঁক স্তনপানৰ সময়ত আৰামত ৰাখিব |
10:25 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি ।
সংযোগ কৰাৰ বাবে ধন্যবাদ |