Difference between revisions of "Health-and-Nutrition/C2/Football-hold-for-breastfeeding/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border=1 | Time | Narration |- |00:01 |স্তনপান কৰোৱাৰ '''ফুটবল''' স্থিতিৰ '''স্প’কেন টিউট’ৰ...") |
|||
Line 422: | Line 422: | ||
|- | |- | ||
| 10:53 | | 10:53 | ||
− | | | + | | এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|} | |} |
Latest revision as of 17:36, 19 November 2020
Time | Narration |
00:01 | স্তনপান কৰোৱাৰ ফুটবল স্থিতিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰিবলৈ, |
00:15 | স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি আৰু ফুটবল স্থিতি কৰাৰ পৰ্যায়্ক্ৰমে প্ৰণালি |
00:23 | আহক আৰম্ভ কৰো |
00:24 | সম্পূৰ্ণ পৃথিৱীত, মাকসকলে নিজৰ শিশুসকলক বিভিন্ন প্ৰকাৰৰ স্থিতি ব্যৱ্হাৰ কৰি স্তনপান কৰায় |
00:31 | আগৰ টিউট’ৰিয়েল এটাত আলোচনা কৰাৰ দৰে, মাক এগৰাকি আৰু তেওঁৰ শিশুৰ বাবে স্তনপান কৰোৱাৰ সকলোতকৈ ভাল স্থিতি সেইটো হয় য’ত- |
00:41 | মাক আৰু শিশু দুয়োৰে বাবে স্তনপান আৰম্ভৰ পৰা অন্তলৈকে আৰামদায়ক হয়, |
00:48 | শিশুটো মাকৰ স্তনলৈ গভীৰভাবে যুক্ত হ’ব পাৰে আৰু পৰ্যাপ্ত গাখীৰ পায় |
00:56 | আহক আমি স্তনপান কৰোৱাৰ ফুটবল স্থিতিৰ বিষয়ে শিকো |
01:01 | ফুটবল স্থিতি বিশেষভাবে উপকাৰি হয় যদি মাকৰ চিজাৰিয়ান প্ৰসৱ হয়, |
01:08 | ডাঙৰ স্তন থাকে, |
01:10 | এটা সৰু বা সময়ৰ আগতেই জন্ম হোৱা শিশু থাকে বা |
01:14 | য্মজ শিশু থাকে |
01:15 | সদায় মনত ৰাখিব : শিশুটোক স্তনপান কৰোৱাৰ আগতে, মাকে তেওঁৰ হাতদুটা ভালদৰে ধুই শুকোৱাই ল’ব লাগে |
01:22 | পাছত তেওঁ উতলাই ঠাণ্ডা কৰা পানী এগিলাচ খাব লাগে |
01:27 | স্তনপান কৰোৱা মাকসকলে গড়হিচাবে এদিনত ৭৫০ ৰ পৰা ৮৫০ মিলিলিটাৰ গাখীৰ উৎপন্ন কৰে |
01:34 | সেইবাবে, তেওঁলোকে সদায় অধিক পানী খাব লাগে |
01:38 | পাছত, আহক মাকৰ স্থিতিক আলোচনা কৰো |
01:43 | মাকে মজিয়াত বা বিচনাত ক্ৰচ লেগ অৱস্থানত বহিব লাগে |
01:48 | বা, চকী এখনত বহি ভৰি দুটা মজিয়াত সমানে ৰাখিব লাগে |
01:51 | যদি চকীখন বেছি ওখ হয় আৰু তেওঁৰ ভৰিদুটাই মজিয়াখন ধুকি নাপাই তেন্তে তেওঁ মজিয়াত ৰখা সৰু ষ্টুল এখনত বা গাৰুত ভৰি দুটা সমানে থ’ব পাৰে |
02:02 | বহি থাকোতে, তেওঁ নিশ্বিত কৰিব লাগে যে - তেওঁৰ পিঠিখন চিধা হয় যাতে পিঠিৰ বিষ নহয়, |
02:09 | তেওঁৰ বাহুদুটা ওপৰলৈ উঠোৱা বা বেকা হ’ব নালাগে |
02:13 | আৰু, এই আৰামদায়ক স্থিতি স্তনপান সমাপ্ত হোৱালৈকে বাহাল ৰাখিব লাগে |
02:19 | মাকে স্তনপান কৰাবলগীয়া স্তনটোৰ কাষত ৩ ৰ পৰা ৪টা গাৰু ৰাখিব লাগে |
02:26 | একেবাৰে ওপৰৰ গাৰুটো আন গাৰুকেইটা আৰু মাকৰ উৰূৰ ওপৰত কোণাকুণিকৈ ৰাখিব লাগে |
02:32 | পাছত, মাকে স্তনটো বাহিৰ উলিয়াব লাগে যোনটোৰ পৰা তেওঁ শিশুটোক স্তনপান কৰাব বিচাৰে |
02:38 | তেওঁ নিশ্বিত কৰিব লাগিব যে তেওঁৰ স্তনত ব্ৰা বা ব্লাউজৰ হেচা যাতে নপৰে |
02:45 | আৰামদায়কভাবে বহাৰ পাছত, শিশুটোক মাকৰ ওচৰলৈ আনক |
02:49 | মাকে শিশুটোৰ পিঠিখন গাৰুত থ’ব লাগে |
02:53 | তেওঁ শিশুটোৰ মুৰটো সেইটো হাতেৰে ধৰিব লাগে যি স্তনপান কৰাবলগীয়া স্তনটোৰ একেফালে থাকে |
03:01 | শিশুটোৰ ভৰি দুটা মাকৰ একেটা হাতৰ কাষলতিৰ ভিতৰেদি গাৰুলৈ যাব লাগে |
03:08 | মাকে এই হাতটো আৰু শিশুটোৰ ভৰি দুটা গাৰুত আঁউজাই থ’ব লাগে |
03:13 | এই চিত্ৰখনত মাকে তেওঁৰ শিশুটোক সোফালৰ স্তনৰ পৰা স্তনপান কৰাব |
03:18 | সেইবাবে, শিশুটোৰ ভৰি দুটা মাকৰ সোফালৰ কাষলতিৰ ভিতৰেদি গৈছে |
03:23 | তেওঁ সোহাতৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ব্যৱ্হাৰ কৰিছে শিশুটোৰ মুৰৰ তলৰ অংশটো ধৰিবলৈ |
03:31 | মনত ৰাখিব, মাকে পিঠিখন বেকা কৰি স্তনটো কেতিয়াওঁ শিশুটোৰ ফালে আনিব নালাগে |
03:37 | ইয়াৰ দ্বাৰা তেওঁৰ অসহ্য লাগিব আৰু পিঠিৰ বিষ হ’ব |
03:42 | তেওঁ সদায় পিঠিখন চিধাকৈ ৰাখিব লাগে আৰু শিশুটোক উঠাই আনিব লাগে স্তনটো ধুকি পাবলৈ |
03:48 | পাছত, আহক শিশুটোৰ মুৰটো ধৰিবলৈ মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক চাওঁ |
03:56 | মাকৰ বুঢ়া আঙুলিটো এখন কাণৰ পাছফালে আৰু বাকী আঙুলিসমূহ শিশুটোৰ আনখন কাণৰ পাছফালে থাকিব লাগে |
04:03 | তেওঁ বুঢ়া আঙুলিটো বা বাকী আঙুলিসমূহ কাণৰ পাছফালৰ পৰা আতৰাই শিশুটোৰ ডিঙিলৈ নিব নালাগে |
04:09 | তেওঁৰ মণিবন্ধটো শিশুটোৰ বাহুদুটাৰ মাজত থাকিব লাগে |
04:13 | তেওঁৰ হাতে শিশুটোৰ মুৰৰ পাছফালে হেচা দিব নালাগে । ইয়াৰ দ্বাৰা শিশুটোৱে স্তনপানৰ সময়ত আৰাম পাব |
04:23 | পাছত, আহক শিশুটোৰ শৰীৰটো সঠিককৈ ৰখাৰ স্থিতি শিকো |
04:27 | শিশুটোৰ মুখখন মাকৰ মুখৰ সন্মুখত হ’ব লাগে |
04:31 | শিশুটোৰ শৰীৰে মাকৰ শৰীৰটোক অলপ হেচা দিব লাগে |
04:36 | তেওঁলোকৰ শৰীৰৰ মাজত দুৰত্ব কম হ’লে শিশুটোক স্তন ধুকি পাবলৈ কম শক্তি লাগিব |
04:41 | আৰু স্তনৰ লগত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৰ বাবে সহজ হ’ব |
04:47 | অৱস্থান নিৰ্ণয় কৰাত দ্বিতীয় পইন্তটো হৈছে শিশুটোৰ শৰীৰৰ সমতলতা |
04:51 | যেতিয়া আমি আহাৰ খাওঁ, আমাৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকে |
04:57 | একেদৰে, স্তনপান কৰাওঁতে শিশুটোৰ মুৰ, ডিঙি আৰু শৰীৰ সদায় একেদিশত থাকিব লাগে |
05:06 | ইয়াৰদ্বাৰা শিশুটোৰ বাবে গাখীৰ গিলোতে সহজ হ’ব |
05:10 | এতিয়া, আমি শিশুটোৰ শৰীৰৰ অৱস্থান নিৰ্ণয় কৰাত তৃতীয় পইন্তটোলৈ আহো |
05:16 | মাকে শিশুটোৰ সম্পূৰ্ণ শৰীৰটোক সমৰ্থন কৰিব লাগিব |
05:22 | অন্যথা, স্তনত গভীৰভাবে যুক্ত হ’বলৈ শিশুটোৱে বহুত চেষ্টা কৰিব লাগিব |
05:30 | পাছত, আহক শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি চাওঁ |
05:34 | শিশুটোৰ নাক সদায় মাকৰ স্তনাগ্ৰৰ সৈতে একে ৰেখাত থাকিব লাগে |
05:39 | আৰু তেওঁৰ থুতৰিটো স্তনটোৰ একেবাৰে ওচৰত আগৰফালে থাকিব লাগে |
05:44 | ই নিশ্বিত কৰিব যে শিশুটোৱে স্তনটোৰ সৈতে যুক্ত হওঁতে এৰিঅ’লাৰ তলৰ অংশটো মুখৰ ভিতৰত বেছিকৈ ল’ব আৰু সেইবাবে, তলৰ হনু ব্যৱ্হাৰ কৰি অধিক গাখীৰ খাব পাৰিব |
05:55 | মন কৰিব- স্তনাগ্ৰৰ চাৰিওফালৰ ক’লা অংশটো হৈছে এৰিঅ’লা |
06:00 | এতিয়া যিহেতু শিশুটো সঠিককৈ ধৰা হ’ল, আহক স্তনটো কেনেকৈ ধৰিব লাগে শিকো |
06:07 | তেওঁৰ আনটো হাতত থকা আঙুলিসমূহ ব্যৱ্হাৰ কৰি, মাকে স্তনটো কাষৰ পৰা C আকাৰত ধৰিব লাগে |
06:15 | এই চিত্ৰখনত মাকে তেওঁৰ সোফালৰ স্তনটো ধৰিবলৈ বাওঁহাতটো ব্যৱ্হাৰ কৰিব |
06:21 | বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ ৰখাৰ সঠিক স্থিতিক বুজিবলৈ- কল্পনা কৰক মাকৰ সোফালৰ স্তনটো এটা ঘড়ি আৰু স্তনাগ্ৰটো হৈছে তাৰ কেন্দ্ৰ |
06:30 | তেওঁ বাওঁহাতৰ বুঢ়া আঙুলিটো এই ঘড়িটোৰ ১২ নম্বৰ স্থানত থ’ব লাগিব |
06:35 | আৰু তেওঁৰ বাওঁহাতৰ তৰ্জনী আঙুলি আৰু মধ্য আঙুলি ৬ নম্বৰ স্থানত থ’ব লাগিব |
06:42 | আঙুলিসমূহ সদায় শিশুৰ উঠৰ দিশত হ’ব লাগে |
06:47 | কিয়? আহক ইয়াক এটা সৰল উদাহৰণৰ সৈতে বুজো |
06:52 | যেতিয়া আমি এটা বৰা পাউ বা বাৰ্গাৰ খাওঁ, আমাৰ উঠ অনুভূমিকভাবে খোল খায় |
06:58 | আমি বৰা পাউ বা বাৰ্গাৰটো অনুভূমিকভাবে ধৰো এটা ডাঙৰ কামোৰ মাৰিবলৈ |
07:03 | ইয়াত, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ উঠৰ দিশত থোৱা হয় |
07:10 | যদি আমি বৰা পাউ বা বাৰ্গাৰটো উলম্বভাবে ধৰো, আমি এটা ডাঙৰ কামোৰ মাৰিব নোৱাৰিম |
07:16 | একেদৰে, শিশুটোৰ উঠৰ দিশক লক্ষ্য কৰক |
07:21 | উঠদুটা ইয়াত অনুভূমিক |
07:24 | সেইবাবে, বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো লগতে স্তনটোত অনুভূমিকভাবে থ’ব লাগে |
07:32 | ই শিশুটোক মুখত এৰিঅ’লাটোৰ তলৰ ডাঙৰ অংশ এটা ল’বলৈ সহায় কৰিব |
07:39 | শিশুটোৰ উঠৰ দিশত হোৱাৰ উপৰিওঁ, মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহো সদায় স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত্বত থাকিব লাগে |
07:50 | পুনৰ, বৰা পাউ বা বাৰ্গাৰ এটা খাওঁতে, যদি আমি ইয়াক অতি ওচৰত ধৰো, আমাৰ আঙুলিসমূহে মুখক ডাঙৰ কামোৰ এটা মাৰিবলৈ বাধা দিব |
08:00 | যদি আমি ইয়াক বেছি দুৰত ধৰো, তেন্তে ইয়াৰ আকাৰ আমাৰ মুখত যাবলৈ সঠিক নহ’ব |
08:07 | সেইবাবে, আমি ইয়াক সঠিক দুৰত্বত ধৰো ডাঙৰ কামোৰ এটা মাৰিবলৈ |
08:13 | একেদৰে শিশুটোৰ বাবে, সঠিক দুৰত্বটো হৈছে স্তনাগ্ৰটোৰ পৰা তিনিটা আঙুলিৰ দুৰত, এই চিত্ৰখনত দেখুৱাৰ দৰে |
08:21 | এই দুৰত্বই নিশ্বিত কৰিব যে - মাকৰ আঙুলিসমূহে যাতে শিশুটোৰ মুখত এৰিঅ’লাটোৰ তলৰ অংশটো ল’বলৈ বাধা নিদিয়ে |
08:31 | মাকে মাত্ৰ স্তনাগ্ৰটো সংকুচিত নকৰে যি অতি কম গাখীৰ দিব |
08:36 | মাকে এৰিঅ’লাটোৰ তলত অৱস্থিত ডাঙৰ দুগ্ধ নলিকাসমূহ সংকুচিত কৰিব যাতে অধিক গাখীৰ উলায় |
08:42 | আৰু, স্তনৰ আকাৰটো সঠিক হ’ব যাতে শিশুটোৱে গভীৰভাবে যুক্ত হ’ব পাৰে |
08:50 | মনত ৰাখিব - মাকৰ বুঢ়া আঙুলিটো স্তনটোৰ ওপৰফালে থাকিব লাগিব |
08:55 | আৰু তেওঁৰ দুটা আঙুলি স্তনটোৰ তলৰফালে থাকিব লাগিব, এই চিত্ৰখনত দেখুৱাৰ দৰে |
09:01 | আহক বৰা পাউ বা বাৰ্গাৰৰ উদাহৰণটোলৈ ঘূৰি যাওঁ |
09:06 | বৰা পাউ বা বাৰ্গাৰটো সঠিককৈ ধৰাৰ পাছত, আমি ডাঙৰ কামোৰ এটা মাৰিবলৈ সদায় ইয়াক সংকুচিত কৰো |
09:12 | একেদৰে, মাকে স্তনক কাষৰ পৰা C আকাৰত ধৰি অলপ সংকুচিত কৰিব লাগে |
09:18 | ই শিশুটোক স্তনটোৰ ডাঙৰ অংশ এটা মুখত লোৱাত সহায় কৰিব |
09:23 | কিন্তু মনত ৰাখিব, মাকে তেওঁৰ স্তনক কেচি এখনৰ আকাৰত সংকুচিত কৰিব নালাগে |
09:30 | কেচিৰ আকাৰত সংকুচিত কৰিলে স্তনত চিকুট খাব আৰু স্তনাগ্ৰৰ পৰা স্তনপান কৰা হ’ব |
09:36 | লগতে, নিশ্বিত কৰিব যে বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহৰ দ্বাৰা স্তনত যাতে সমান সংকোচন হয় |
09:43 | অন্যথা, স্তনাগ্ৰটো হয়তো ওপৰলৈ বা তললৈ গুচি যাব আৰু শিশুটো স্তনৰ লগত গভীৰভাবে যুক্ত হ’ব নোৱাৰিব |
09:51 | কেতিয়াবা, মাকে হয়তো শিশুটোক এটা বেলেগ স্থিতিত ধৰিবলৈ পচন্দ কৰিব পাৰে |
09:56 | এই চিত্ৰখনত, শিশুটো মাকৰ সন্মুখত নাই |
10:00 | শিশুটোৰ মুৰটো স্তনটোলৈ স্তনৰ কাষৰ পৰা অনা হৈছে আৰু তলৰ পৰা নহয় |
10:07 | শিশুটোৰ উঠদুটা ইয়াত উলম্ব । সেইবাবে, মাকে তেওঁৰ আঙুলিসমূহ স্তনটোত উলম্বভাবে U আকাৰত ৰাখিব লাগিব |
10:17 | মনত ৰাখিব, যিকোনো স্তনপানৰ স্থিতিৰ বাবে স্তনটো ধৰি থকা মাকৰ বুঢ়া আঙুলি আৰু বাকী আঙুলিসমূহ সদায় শিশুটোৰ উঠৰ দিশত থাকিব লাগে |
10:28 | এতিয়া, শিশুটো ফুটবল স্থিতিত আছে আৰু স্তনপানৰ বাবে স্তনৰ সৈতে যুক্ত হ’বলৈ সাজু আছে |
10:34 | স্তনৰ সৈতে গভীৰভাবে যুক্ত হোৱাৰ সঠিক কৌশলটো একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
10:41 | শিশুটো এবাৰ স্তনৰ সৈতে সঠিককৈ যুক্ত হ’লে আৰু যদি স্তনটো বেছি ডাঙৰ আৰু গধুৰ নহয় তেন্তে মাকে হাতৰ পৰা স্তনটো এৰি সেই হাতটো মুক্ত ৰাখিব পাৰে |
10:53 | এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ |