Difference between revisions of "Health-and-Nutrition/C2/Non-vegetarian-recipes-for-pregnant-women/Assamese"
(Created page with " {| border=1 | <center>'''Time '''</center> | <center>'''Narration'''</center> |- | 00:01 | গৰ্ভৱতী মহিলাৰ বাবে আমিষ বিধি...") |
|||
Line 177: | Line 177: | ||
| গ্ৰেভিৰ বাবে, আমাক লাগিব - ½ চামোচ ধনীয়াৰ গুটি, | | গ্ৰেভিৰ বাবে, আমাক লাগিব - ½ চামোচ ধনীয়াৰ গুটি, | ||
− | + | ½ চামোচ ফেনেল গুটি, | |
|- | |- |
Latest revision as of 15:07, 21 November 2020
|
|
00:01 | গৰ্ভৱতী মহিলাৰ বাবে আমিষ বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - আমিষ খাদ্যৰ গুৰূত্ব আৰু গৰ্ভৱতী মহিলাৰ বাবে বিভিন্ন আমিষ বিধিসমূহ |
00:15 | আহক প্ৰথমে বিভিন্ন আমিষ খাদ্যৰ গুৰূত্বক শিকো |
00:20 | আমিষ খাদ্য যেনে মুৰ্গী, মাংস, মাছ, মিছামাছ, অংগৰ মাংসত প্ৰচুৰ পৰিমাণে প্ৰটিন, জিংক, ক’লাইন, আইৰন আৰু কেলচিয়াম থাকে |
00:30 | এই পুষ্টিকৰ পদাৰ্থসমূহ দৰকাৰ হয় ভ্ৰুণৰ বৃদ্ধি আৰু বিকাশত |
00:35 | সিহঁত শিশুটোৰ মগজুৰ বিকাশৰ লগত জড়িত আৰু মাকৰ স্বাস্থ্য অটুত ৰখাত সহায় কৰে |
00:41 | এই পুষ্টিকৰ পদাৰ্থসমূহ পাবলৈ, গৰ্ভধাৰণৰ সময়ত আমিষ খাদ্যসমূহ খাব লাগিব |
00:46 | এতিয়া, আমি কিছু আমিষ বিধি চাম |
00:50 | আহক আমি আমাৰ প্ৰথম বিধিটোৰে আৰম্ভ কৰো যি হৈছে “কেৰালা ষ্টাইলৰ ডিমৰ কাৰি” |
00:55 | এই বিধিৰ বাবে, আমাক লাগিব -
২টা সিজোৱা ডিম, ১টা মধ্যম আকাৰত কাটিলোৱা পিয়াজ, |
01:02 | ১টা কাটিলোৱা বিলাহী,
২ ফোটা নহৰু, |
01:06 | ½ ইঞ্চি আদাৰ টুকুৰা,
½ ঠাল কাৰি পাত, |
01:11 | ¼ চামোচ প্ৰতিটোৰে -
গৰম মচলা পাউদাৰ, |
01:14 | জালুকৰ পাউদাৰ,
কাচমিৰি ৰঙা জলকীয়াৰ পাউদাৰ, |
01:18 | হালধি পাউদাৰ,
১ চামোচ কাটিলোৱা ধনীয়া পাত, |
01:22 | ১ চামোচ তেল আৰু নিমখ সোৱাদ অনুসৰি |
01:26 | প্ৰথমে, আমি চাম সিজোৱা ডিম কেনেকৈ প্ৰস্তুত কৰা হয় |
01:29 | বাতি এটাত ১ ইঞ্চিলৈকে ঠাণ্ডা পানী ভৰাওঁক । ইয়াত ডিমদুটা থওঁক আৰু ঢাকনি এখন দিয়ক |
01:36 | উচ্চ গৰমত পানীখিনি উতলিবলৈ দিয়ক । তেতিয়া, মধ্যম গৰমত ৬ৰ পৰা ৭ মিনিটলৈকে ৰান্ধক সঠিক কঠিনভাবে সিজোৱা ডিমৰ বাবে |
01:44 | এতিয়া ডিমৰ কঠিন বাকলি গুচাওঁক আৰু অলপ সময় থওঁক |
01:48 | পাছত, কেৰাহি এটাত তেল গৰম কৰক । আদা, নহৰু, পিয়াজ আৰু কাৰি পাত দিয়ক |
01:54 | জুইটো মধ্যমলৈ নিয়ক আৰু পিয়াজ সোণালী বাদামী নোহোৱালৈকে ভাজক |
01:59 | ইয়াৰ পাছত, সকলো শুকান মচলা দিয়ক আৰু আপুনি মচলাৰ সুগন্ধ নোপোৱালৈকে ভাজক |
02:04 | তেতিয়া, কাটিথোৱা বিলাহী আৰু নিমখ দিয়ক |
02:07 | এতিয়া ১ কাপ পানী দিয়ক আৰু মিশ্ৰণক উতলিবলৈ দিয়ক |
02:12 | কিছু মিনিট নিম্ন জুইত ৰান্ধক বিলাহী উতলিবলৈ আৰম্ভ নকৰালৈকে । ইয়াৰ পাছত, ইয়াত সিজোৱা ডিমদুটা দিয়ক |
02:18 | কেৰাহিটোত ঢাকনি দিয়ক আৰু ডিমদুটা নিম্ন জুইত ১০ৰ পৰা ১৫ মিনিটৰ বাবে ৰাখক |
02:23 | জুই বন্ধ কৰক আৰু কাটিথোৱা ধনীয়া পাত দিয়ক |
02:26 | গ্ৰেভিটো লাহেকৈ লৰাব যাতে ডিমদুটা ভাঙি নাযায় । ইয়াক বাতি এটাত থৈ চাৰ্ভ কৰক |
02:32 | আগবাঢ়ো, আহক দ্বিতীয় বিধিটোৰ বিষয়ে শিকো - চিকেন চেট্টিনাদ |
02:37 | ইয়াৰ বাবে, আমাক লাগিব -
১০০ গ্ৰাম মুৰ্গীৰ বুকু, |
02:42 | ১ চামোচ তেল,
১টা ভালদৰে কাটিলোৱা ডাঙৰ পিয়াজ, |
02:46 | ১টা মধ্যম বিলাহী, |
02:48 | ১ বা ২ ঠাল কাৰি পাত আৰু
১টা তেজপাত |
02:52 | মচলা সানিবলৈ আমাক লাগিব -
¼ চামোচ হালধি পাউদাৰ, |
02:56 | ¼ চামোচ জলকীয়া পাউদাৰ, |
02:58 | ১ চামোচ আদা- নহৰুৰ পেষ্ট আৰু নিমখ সোৱাদ অনুসৰি |
03:03 | গ্ৰেভিৰ বাবে, আমাক লাগিব - ½ চামোচ ধনীয়াৰ গুটি,
½ চামোচ ফেনেল গুটি, |
03:10 | ১ চামোচ গোল জলকীয়াৰ টুকুৰা,
১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
03:14 | ২ টা ইলাচি,
২ টা লং, |
03:17 | ½ ইঞ্চি ডালচেনীৰ টুকুৰা আৰু ২ চামোচ ৰুকিলোৱা নাৰিকল |
03:22 | আৰম্ভ কৰিবলৈ, মুৰ্গীৰ মাংসখিনিত মচলা সানক -
বাতি এটাত মাংসখিনি, হালধি, জলকীয়াৰ পাউদাৰ, আদা- নহৰুৰ পেষ্ট আৰু নিমখ দি ভালদৰে মথক |
03:31 | ইয়াক কোঠাৰ উষ্ণতাত ৩০ৰ পৰা ৪০ মিনিটৰ বাবে ৰাখক |
03:34 | কম জুইত, ধনীয়াৰ গুটিক শুকানকৈ ভাজি লওঁক |
03:38 | ২ৰ পৰা ৩ মিনিটৰ পাছত, বাকীথকা মচলাখিনি দিয়ক |
03:42 | আপুনি মচলাৰ সুগন্ধ নোপোৱালৈকে ভাজক আৰু এফালে থৈ দিয়ক |
03:47 | তেতিয়া নাৰিকলক কিছু মিনিট ভাজক |
03:50 | ভাজিলোৱা মচলাখিনি আৰু নাৰিকলক ঠাণ্ডা হ’বলৈ দিয়ক |
03:53 | ১ চামোচ পানী দি তাক পাথৰৰ খুন্দনা বা মিক্সাৰ গ্ৰিন্দাৰ এটাত ভালদৰে খুন্দি সুন্দৰ পেষ্ট এটা বনাই লওঁক |
04:00 | এই পেষ্টক এফালে থওঁক । ব্লেন্দাৰত বিলাহী দি ভৰ্ত্তা এটা বনাই লওঁক |
04:06 | এতিয়া কেৰাহি এটাত তেল গৰম কৰক । পিয়াজ দিয়ক আৰু সোণালী ৰঙৰ নোহোৱালৈকে ভাজক |
04:12 | মুৰ্গীৰ মাংসখিনি দিয়ক আৰু মধ্যম জুইত পুনৰ ৪ৰ পৰা ৫ মিনিটৰ বাবে ভাজক |
04:16 | বিলাহীৰ ভৰ্ত্তা, হালধি, নিমখ আৰু জলকীয়াৰ পাউদাৰ দিয়ক |
04:21 | ভালদৰে মিহলাওঁক আৰু তেল পৃথক হোৱালৈকে ৰান্ধক । ইয়াৰ পাছত, খুন্দিথোৱা পেষ্ট আৰু কাৰি পাত দিয়ক |
04:27 | এই মিশ্ৰণক ২ৰ পৰা ৩ মিনিটৰ বাবে লৰাই থাকক |
04:30 | তাত ¼ কাপ পানী দিয়ক আৰু ঢাকনি বন্ধ কৰি মাংসখিনি কোমল নোহোৱালৈকে ৰান্ধক |
04:37 | গ্ৰেভিখিনি ডাঠ নোহোৱালৈকে নিম্ন জুইত ৰাখক । কাৰি পাতৰে সজাওঁক আৰু চাৰ্ভ কৰক |
04:42 | মনত ৰাখিব: এই বিধিটো প্ৰস্তুত কৰিব পাৰি তলৰ যিকোনো এটা ব্যৱ্হাৰ কৰি -
ছাগলী মাংস, অংগৰ মাংস, মিছামাছ আৰু মাছ |
04:52 | এতিয়া, আহক তৃতীয় বিধিটো চাওঁ - চিকেন লিভাৰ চুক্কা |
04:56 | এই বিধিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে -
১০০ গ্ৰাম চিকেনৰ লিভাৰ, ১টা ভালদৰে কাটিলোৱা পিয়াজ, |
05:03 | ১টা কাটিলোৱা বিলাহী,
৬ ফোতা নহৰু, |
05:07 | ¼ ইঞ্চি আদা,
২ চামোচ ভালদৰে কাটিলোৱা ধনীয়া পাত, |
05:12 | ১ চামোচ তেল,
নিমখ সোৱাদ অনুসৰি আৰু ১ চামোচ নেমুৰ ৰস |
05:18 | আৰম্ভ কৰিবলৈ - ব্লেন্দাৰ এটাত পিয়াজ, বিলাহী, নহৰু, আদা আৰু ধনীয়া পাত দিয়ক |
05:25 | এই মিশ্ৰণক ভালদৰে খুন্দি পেষ্ট এটা বনাই লওঁক । এই পেষ্টক চিকেনৰ লিভাৰত ভালদৰে লগাওঁক আৰু কোঠাৰ উষ্ণতাত ১০ৰ পৰা ১৫ মিনিটৰ বাবে থওঁক |
05:34 | এতিয়া, কেৰাহি এটাত তেল গৰম কৰক আৰু সানিলোৱা মচলাৰ পেষ্টৰ সৈতে লিভাৰখিনিক ইয়াত দিয়ক । ভালদৰে মিহলাই লওঁক |
05:40 | 1/4 কাপ পানী দিয়ক আৰু নিম্ন জুইত ১০ মিনিটৰ বাবে ৰান্ধক । ইয়াৰ পাছত, জুই বঢ়াই দিয়ক আৰু ইয়াক ভালদৰে ৰান্ধক |
05:49 | এবাৰ ভালদৰে ৰন্ধাৰ পাছত, জুই বন্ধ কৰক । ঠাণ্ডা হ’লে নেমুৰ ৰস দিয়ক আৰু ধুই পেলাই কাটি লোৱা ধনীয়া পাতেৰে সজাই চাৰ্ভ কৰক |
05:57 | আপুনি এই বিধিৰ বাবে লগতে ছাগলীৰ লিভাৰ ব্যৱ্হাৰ কৰিব পাৰে |
06:00 | পাছৰ বিধিটো হৈছে - শাকৰ কাৰিত মাছ |
06:04 | ইয়াৰ বাবে, আমাক লাগিব - ২ পিচ সৰু মেকৰল মাছ, |
06:08 | ১ কাপ শাকৰ পাত,
১টা কাটিলোৱা পিয়াজ, |
06:12 | ১টা কাটিলোৱা বিলাহী,
১ চামোচ জীৰা গুটি, |
06:16 | ২টা বা ৩টা নহৰুৰ ফোতা, |
06:18 | ¼ চামোচ হালধি পাউদাৰ,
১ চামোচ ৰঙা জলকীয়াৰ পাউদাৰ, |
06:23 | ১ চামোচ জীৰা পাউদাৰ,
¼ চামোচ জালুকৰ পাউদাৰ, |
06:28 | ½ চামোচ ধনীয়া পাউদাৰ,
১ চামোচ বগা তিলৰ গুটি, |
06:33 | ১ চামোচ তেল,
আৰু নিমখ সোৱাদ অনুসৰি |
06:37 | আৰম্ভ কৰিবলৈ - মেকৰলক ধুই, চাফা কৰি দুটা অংশত কাটি লৈ এফালে থওঁক |
06:43 | কেৰাহি এটাত, তেল গৰম কৰক আৰু জীৰা গুটি দিয়ক |
06:46 | যেতিয়া ই ফুটিবলৈ ধৰে, শাকৰ পাত দিয়ক আৰু এক মিনিটৰ বাবে ৰান্ধক |
06:51 | এতিয়া, ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক |
06:53 | পাছত, ৰন্ধা শাক, বিলাহী আৰু তিলৰ গুটি খুন্দনা এটাত দিয়ক আৰু ভৰ্ত্তা এটা বনাই লওঁক |
06:59 | কেৰাহি এটাত তেল গৰম কৰক আৰু কাটিথোৱা পিয়াজ দিয়ক |
07:03 | পিয়াজৰ ৰং গোলাপী হ’বলৈ ধৰিলে, কাটিথোৱা নহৰু দিয়ক আৰু বাদামী ৰঙৰ নোহোৱালৈকে লৰাই থাকক |
07:09 | সকলো শুকান মচলা দি লৰাই থাকক যেতিয়ালৈকে আপুনি মচলাৰ সুগন্ধ নাপাই |
07:14 | এতিয়া শাকৰ ভৰ্ত্তাখিনি দিয়ক আৰু কিছু মিনিটৰ বাবে ৰান্ধক |
07:17 | পাছত, মাছৰ টুকুৰাকেইটা দিয়ক আৰু ভালদৰে ৰান্ধক |
07:20 | এতিয়া, ¼ কাপ পানী আৰু নিমখ দিয়ক । ঢাকনিখন বন্ধ কৰি ৫ৰ পৰা ৭ মিনিটৰ বাবে ৰান্ধক |
07:28 | ঢাকনিখন আতৰাওঁক আৰু মধ্যম জুইত ইয়াক ১৫ মিনিটৰ বাবে ৰান্ধক । এবাৰ হ’লে, গৰমে গৰমে চাৰ্ভ কৰক |
07:35 | মনত ৰাখিব, এই বিধিৰ বাবে যিকোনো ল’কেলি উপলদ্ধ মাছ ব্যৱ্হাৰ কৰিব পাৰি |
07:40 | শেষত, আমি প্ৰস্তুত কৰিবলৈ শিকিম মিতবল কাৰি |
07:44 | এই বিধিৰ বাবে, আমাক লাগিব -
১০০ গ্ৰাম মাংসৰ কীমা, ১টা ভালদৰে কাটিলোৱা পিয়াজ, |
07:51 | ১টা কাটিলোৱা বিলাহী,
½ চামোচ আদাৰ পেষ্ট, |
07:55 | ১ চামোচ নহৰুৰ পেষ্ট,
১ চামোচ গৰম মচলা, |
07:59 | ¼ কাপ ফ্ৰেচ ধনীয়া পাত আৰু
নিমখ সোৱাদ অনুসৰি |
08:04 | গ্ৰেভিৰ বাবে -
১ চামোচ তেল, ১টা ভালদৰে কাটিলোৱা পিয়াজ, |
08:10 | ১ চামোচ নহৰুৰ পেষ্ট,
½ চামোচ আদাৰ পেষ্ট, |
08:14 | ½ চামোচ জীৰা পাউদাৰ, |
08:16 | ¼ চামোচ হালধি পাউদাৰ, |
08:19 | আৰু ½ চামোচ প্ৰত্যেকৰে -
জলকীয়া পাউদাৰ, গৰম মচলা আৰু ধনীয়া পাউদাৰ, |
08:25 | ১টা ডাঙৰ কাটিলোৱা বিলাহী আৰু নিমখ সোৱাদ অনুসৰি |
08:29 | আৰম্ভ কৰিবলৈ, মখমলৰ কাপোৰ এটুকুৰা ব্যৱ্হাৰ কৰি মাংসৰ কীমাখিনি ভালদৰে ধুই চাফা কৰি লওঁক |
08:34 | এতিয়া বাতি এটাত মাংসৰ কীমাখিনি আৰু কাটিথোৱা পিয়াজক মিহলাই লওঁক |
08:38 | আদা-নহৰুৰ পেষ্ট, গৰম মচলা, ধনীয়া পাত আৰু নিমখ দিয়ক |
08:44 | এই মিশ্ৰণক ছ্টা সমান অংশত ভগাই লওঁক আৰু বলৰ আকৃতি বনাওঁক |
08:48 | কেৰাহি এটাত তেল গৰম কৰক আৰু বাকীথকা কাটিথোৱা পিয়াজখিনি দিয়ক |
08:52 | লৰাই থাকক ইয়াৰ ৰঙ পাতল বাদামী নোহোৱালৈকে |
08:56 | আদা-নহৰুৰ পেষ্ট দিয়ক আৰু পুনৰ কিছু মিনিটৰ বাবে লৰাই থাকক |
08:59 | সকলো মচলাৰ পাউদাৰখিনি দিয়ক - ধনীয়া গুটিৰ পাউদাৰ, জীৰা গুটিৰ পাউদাৰ, ৰঙাৰ জলকীয়াৰ পাউদাৰ, গৰম মচলা আৰু হালধি |
09:08 | এতিয়া, ইয়াক ২ৰ পৰা ৩ মিনিটৰ বাবে ভাজক |
09:11 | বিলাহী দিয়ক আৰু ইয়াক ২ৰ পৰা ৩ মিনিটৰ বাবে লৰাওঁক । তেতিয়া, ½ কাপ পানী আৰু নিমখ দিয়ক |
09:18 | এই অৱস্থাত, লাহেকৈ মিতবলচ দিয়ক আৰু নিম্ন জুইত ৰান্ধক |
09:23 | ৫ মিনিটৰ পাছত লাহেকৈ লৰাব আৰু মিতবলচ নিসিজালৈকে ৰান্ধক । বাতি এটাত কাঢ়ি লৈ গৰমে গৰমে চাৰ্ভ কৰক |
09:30 | লগতে, আপুনি এই বিধিটো প্ৰস্তুত কৰিবলৈ চিকেনৰ কীমা ব্যৱহাৰ কৰিব পাৰে |
09:34 | এইটো মনত ৰখা দৰকাৰ যে এই সকলো বিধিসমূহত প্ৰচুৰ পৰিমাণে পোৱা যায় -
প্ৰটিন, অমেগা-3 ফেটি এচিদচ, ভিটামিন A, ভিটামিন B12 , |
09:45 | ফ’লিক এচিদ আৰু আইৰন, জিংক, মেগনেচিয়াম, ছালফাৰ আৰু ক’লাইন |
09:52 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |