Difference between revisions of "LibreOffice-Suite-Writer/C2/Introduction-to-LibreOffice-Writer/Assamese"
From Script | Spoken-Tutorial
(Created page with ''''Resources for recording''' Introduction to Writer {| border=1 || Time || Narration |- ||00:01 ||LibreOffice Writer সম্পৰ্…') |
|||
(One intermediate revision by one other user not shown) | |||
Line 3: | Line 3: | ||
{| border=1 | {| border=1 | ||
− | || Time | + | || '''Time''' |
− | || Narration | + | || '''Narration''' |
|- | |- | ||
Line 33: | Line 33: | ||
||ই Microsoft Office Suite-অৰ Microsoft Word-অৰ সমপৰ্যায়ৰ। | ||ই Microsoft Office Suite-অৰ Microsoft Word-অৰ সমপৰ্যায়ৰ। | ||
|- | |- | ||
− | || | + | ||00:33 |
||ই এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ চফট্ৱেৰ, গতিকে ইয়াক কোনো ধৰণৰ বাধা-নিষেধ নোহোৱাকৈ ভগাব, উন্নীতকৰণ আৰু বিতৰণ কৰিব পাৰি। | ||ই এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ চফট্ৱেৰ, গতিকে ইয়াক কোনো ধৰণৰ বাধা-নিষেধ নোহোৱাকৈ ভগাব, উন্নীতকৰণ আৰু বিতৰণ কৰিব পাৰি। | ||
|- | |- | ||
Line 126: | Line 126: | ||
|- | |- | ||
− | || | + | || 03:36 |
||স্ক্ৰীনত এটা ডায়লগ বাকচ ওলায় য’ত আপুনি Name-অৰ ঘৰত আপোনাৰ ফাইলৰ নাম ভৰাব লাগে। | ||স্ক্ৰীনত এটা ডায়লগ বাকচ ওলায় য’ত আপুনি Name-অৰ ঘৰত আপোনাৰ ফাইলৰ নাম ভৰাব লাগে। | ||
|- | |- | ||
Line 418: | Line 418: | ||
|- | |- | ||
||12:07 | ||12:07 | ||
− | ||এই শিক্ষণ সহায়িকা আগবঢ়ালে .... | + | ||এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |
− | + | ||
− | যোগদানৰ বাবে | + | |
|- | |- | ||
|} | |} |
Latest revision as of 16:22, 11 July 2014
Resources for recording Introduction to Writer
Time | Narration |
00:01 | LibreOffice Writer সম্পৰ্কীয় কথন শিক্ষণলৈ স্বাগতম। এই শিক্ষণত আমি শিকিম:
Writer-ৰ পৰিচয়। |
00:10 | ৰাইটাৰৰ বিভিন্ন টুল বাৰ |
00:13 | কেনেকৈ এটা নতুন ডকুমেণ্ট আৰু আগৰে পৰা থকা ডকুমেণ্ট খুলিব পাৰি |
00:17 | কেনেকৈ এটা ডকুমেণ্ট চেভ কৰিব পাৰি আৰু |
00:20 | কেনেকৈ ৰাইটাৰত এটা ডকুমেণ্ট বন্ধ কৰিব পাৰি। |
00:22 | LibreOffice Writer হৈছে LibreOffice Suite-অৰ শব্দ লেখন অংগ। |
00:27 | ই Microsoft Office Suite-অৰ Microsoft Word-অৰ সমপৰ্যায়ৰ। |
00:33 | ই এটা বিনামূলীয়া আৰু মুক্ত উৎসৰ চফট্ৱেৰ, গতিকে ইয়াক কোনো ধৰণৰ বাধা-নিষেধ নোহোৱাকৈ ভগাব, উন্নীতকৰণ আৰু বিতৰণ কৰিব পাৰি। |
00:41 | ভাগবিতৰণ কৰাৰ বাবে মুকলি হোৱাৰ বাবে ইয়াক কোনো ধৰণৰ লাইচেন্স মাচুল নিদিয়াকৈ ভাগবিতৰণ কৰিব পাৰি। |
00:47 | LibreOffice suite-ৰ সৈতে কাম কৰিবলৈ আপুনি হয় Microsoft Windows 2000 আৰু ইয়াৰ ওপৰৰ সংস্কৰণ, যেনে MS Windows XP বা MS Windows 7 অথবা GNU/Linux আপোনাৰ অপাৰেটিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিব পাৰে। |
01:04 | ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে Ubuntu Linux 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছোঁ। |
01:16 | যদি আপোনাৰ LibreOffice Suite ইনষ্টল হৈ থকা নাই, তেনেহ’লে Synaptic Package Manager ব্যৱহাৰ কৰি ৰাইটাৰ ইনষ্টল কৰিব পাৰি। |
01:24 | Synaptic Package Manager সম্পৰ্কে অধিক তথ্যৰ বাবে Ubuntu Linux শিক্ষণ সহায়িকা চাওক আৰু এই ৱেবচাইটত থকা নিৰ্দেশনা অনুযায়ী LibreOffice Suite ডাউনলোড কৰক। |
01:37 | সবিশেষ নিৰ্দেশনা LibreOffice Suite সম্পৰ্কীয় প্ৰথম শিক্ষণ সহায়িকাত পোৱা যাব। |
01:43 | মনত ৰাখিব, ইনষ্টল কৰাৰ সময়ত ৰাইটাৰ ইনষ্টল কৰিবৰ বাবে Complete অপশ্যন ব্যৱহাৰ কৰিব। |
01:50 | যদি ইতিমধ্যে আপুনি LibreOffice Suite ইনষ্টল কৰিছে, |
01:54 | আপোনাৰ স্ক্ৰীনৰ ওপৰৰ বাওঁফালৰ কোণত থকা Applications অপশ্যনত ক্লিক কৰিলে LibreOffice Writer পাব |
02:02 | আৰু তাৰপিছত Office-অত আৰু তাৰ পিছত LibreOffice অপশ্যনত ক্লিক কৰি। |
02:08 | LibreOffice-অৰ বিভিন্ন উপাদানৰ সৈতে এটা নতুন ডায়লগ বাকচ খোল খায়। |
02:13 | Suite-টোৰ শব্দ লেখন উপাদান LibreOffice Writer পাবলৈ Text Document অপশ্যনত ক্লিক কৰক |
02:23 | ইয়ে ৰাইটাৰৰ প্ৰধান উইণ্ডত এখন খালী ডকুমেণ্ট খুলি দিব। |
02:28 | ৰাইটাৰ উইণ্ডৰ বহুতো টুল বাৰ আছে, যেনে টাইটেল বাৰ, |
02:33 | মেনু বাৰ, ষ্টেণ্ডাৰ্ড টুলবাৰ, |
02:36 | ফৰমেটিং বাৰ আৰু ষ্টেটাচ বাৰ, য’ত সঘনাই ব্যৱহৃত অপশ্যনবিলাক থাকে। শিক্ষণ আগবঢ়াৰ লগে লগে এইবোৰৰ বিষয়ে আমি শিকি যাম। |
02:47 | এতিয়া, ৰাইটাৰত কেনেকৈ এটা নতুন ডকুমেণ্ট খুলিব পাৰি এই বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰোঁ। |
02:53 | ষ্টেণ্ডাৰ্ড টুলবাৰত থকা New আইকনত ক্লিক কৰি আপুনি এটা নতুন ডকুমেণ্ট খুলিব পাৰে |
03:00 | অথবা মেনুবাৰত থকা File অপশ্যনত ক্লিক কৰি |
03:05 | আৰু তাৰপিছত New অপশ্যনত ক্লিক কৰি আৰু শেষত Text document অপশ্যনত ক্লিক কৰি। |
03:12 | দুয়োটা ক্ষেত্ৰতে এখন নতুন ৰাইটাৰ উইণ্ড খোল খোৱা দেখিবলৈ পাব। |
03:17 | এতিয়া এডিটৰ এলেকাত কিছু কথা টাইপ কৰক। |
03:21 | ধৰা হওক, আমি টাইপ কৰিম— RESUME। |
03:24 | লিখা হোৱাৰ পিছত ইয়াক ভৱিষ্যৎ ব্যৱহাৰৰ বাবে চেভ কৰি থোৱা উচিত। |
03:29 | ফাইলটো চেভ কৰিবৰ বাবে মেনুবাৰত থকা File-অত ক্লিক কৰক |
03:33 | আৰু তাৰপিছত Save As অপশ্যনত ক্লিক কৰক। |
03:36 | স্ক্ৰীনত এটা ডায়লগ বাকচ ওলায় য’ত আপুনি Name-অৰ ঘৰত আপোনাৰ ফাইলৰ নাম ভৰাব লাগে। |
03:44 | গতিকে ফাইলৰ নাম হিচাপে resume ভৰাওক। |
03:48 | Name ঘৰৰ তলত Save in folder |
03:53 | ঘৰ আছে, য’ত আপুনি ফাইলটো চেভ কৰিব বিচৰা ফল্ডাৰৰ নামটো ভৰাব লাগে। |
03:58 | Save in folder ঘৰত থকা তলমুৱা কাঁড়ত ক্লিক কৰি Desktop অপশ্যনত ক্লিক কৰক। |
04:02 | মেনুখনত ফল্ডাৰৰ এখন তালিকা দেখা পাব, য’ত আপুনি আপোনাৰ ফাইলটো চেভ কৰিব পাৰে। |
04:08 | এতিয়া আমি Desktop অপশ্যনত ক্লিক কৰোঁ। ফাইলটো desktop-অত চেভ হ’ব। |
04:14 | আপুনি Browse for other folders-অতো ক্লিক কৰিব পাৰে |
04:18 | আৰু আপোনৰ ফাইলটো চেভ কৰিব বিচৰা ফল্ডাৰ নিৰ্বাচন কৰিব পাৰে। |
04:23 | এতিয়া ডায়লগ বাকচৰ File type অপশ্যনত ক্লিক কৰক। |
04:27 | ইয়ে আপোনৰ ফাইলটো চেভ কৰিব পৰা ফাইল টাইপ অপশ্যন অথবা ফাইলৰ এক্সটেনশ্যন দেখুৱাব। |
4:34 | LibreOffice Writer-অৰ পূৰ্বনিৰ্ধাৰিত ফাইল টাইপ হৈছে ODF Text Document, যিয়ে dot odt এক্সটেনশ্যন দিয়ে। |
04:45 | ODT-এ ৱৰ্ড ডকুমেণ্টৰ বাবে সকলোৱে গ্ৰহণ কৰা মুক্ত মানদণ্ড Open Document Format অথবা ODF format-অক সূচায়। |
04:56 | ইয়াক Open standards in e-Governance-অৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতিয়েও মানি লৈছে। |
05:04 | LibreOffice Writer-অত খুলিব পৰা dot odt text document হিচাপে চেভ কৰাৰ উপৰি |
05:11 | আপুনি ইয়াক MS Office Word প্ৰগ্ৰামত খুলিব পৰাকৈ dot doc আৰু dot docx ফৰমেট হিচাপেও চেভ কৰিব পাৰে। |
05:23 | অন্য এটা জনপ্ৰিয় ফাইল এক্সটেনশ্যন হৈছে dot rtf। ই Rich Text Format-অক সূচায়। |
05:33 | এতিয়া ODF Text Document অপশ্যনত ক্লিক কৰক। |
05:37 | আপুনি File type অপশ্যনৰ কাষত ফাইল টাইপ ODF Text Document আৰু ব্ৰেকেটৰ ভিতৰত dot odt প্ৰদৰ্শিত হোৱা দেখা পাব। |
05:48 | এতিয়া Save বুটামত ক্লিক কৰক। |
05:50 | ইয়ে আপোনাক ৰাইটাৰ উইণ্ডলৈ ওভটাই লৈ যাব আৰু টাইটেল বাৰত আপোনাৰ পছন্দৰ ফাইলনেম আৰু এক্সটেনশ্যন দেখা পাব। |
05:58 | এতিয়া ৰাইটাৰ উইণ্ডত এটা টেক্সট ডকুমেণ্ট লিখিবলৈ আপুনি সাজু হ’ল। |
06:03 | ওপৰত আলোচনা কৰা ফৰমেটবোৰৰ বাহিৰে ৰাইটাৰ ডকুমেণ্ট ৱেব পেজ ফৰমেট dot html হিচাপেও চেভ কৰিব পাৰি। |
06:13 | আগতে ব্যাখ্যা কৰা ধৰণে একে নিয়মেৰে ইয়াক কৰিব পাৰি। |
06:17 | মেনুবাৰৰ File অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত Save As অপশ্যনত ক্লিক কৰক। |
06:24 | এতিয়া File Type অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত HTML Document and within braces Open Office dot org Writer অপশ্যনত ক্লিক কৰক। |
06:35 | এইটো অপশ্যনে ডকুমেণ্টক dot html এক্সটেনশ্যন দিয়ে। |
06:40 | Save বুটামত ক্লিক কৰক। |
06:42 | এতিয়া ডায়লগ বাকচৰ Ask when not saving in ODF format অপশ্যনত শুদ্ধ চিন দিয়ক। |
06:50 | শেষত Keep Current Format অপশ্যনত ক্লিক কৰক। |
06:55 | ডকুমেণ্টটো dot html এক্সটেনশ্যনেৰে চেভ হোৱা দেখিবলৈ পাব। |
07:00 | ষ্টেণ্ডাৰ্ড টুলবাৰত Export Directly as PDF অপশ্যনত ক্লিক কৰি ডকুমেণ্টটো PDF ফৰমেটলৈও নিব পাৰি। |
07:10 | আগতে কোৱা ধৰণে, আপুনি চেভ কৰিব বিচৰা ঠাই নিৰ্বাচন কৰক। |
07:15 | ইয়াৰ উপৰি, মেনুবাৰৰ File অপশ্যনত ক্লিক কৰি Export as pdf কৰিও ইয়াক কৰিব পাৰি। |
07:24 | ওলাই অহা ডায়লগ বাকচটোৰ Export-অত ক্লিক কৰক আৰু তাৰপিছত Save বুটামত ক্লিক কৰক। |
07:32 | এটা pdf ফাইল তৈয়াৰ হ’ব। |
07:35 | এতিয়া প্ৰথমে File-অত আৰু তাৰপিছত Close-অত ক্লিক কৰি এই ডকুমেণ্টটো বন্ধ কৰোঁ। |
07:40 | ইয়াৰ পিছত আমি LibreOffice Writer-অত আগৰে পৰা থকা এটা ডকুমেণ্ট কেনেকৈ খোলে, সেয়া শিকিম। |
07:47 | Resume.odt ডকুমেণ্টটো খোলো আহক। |
07:51 | আগৰে পৰা থকা এটা ডকুমেণ্ট খুলিবলৈ প্ৰথমে ওপৰত থকা মেনুবাৰৰ File মেনুত ক্লিক কৰক আৰু তাৰ পিছত Open অপশ্যনত ক্লিক কৰক। |
08:00 | দেখা পাব যে স্ক্ৰীনত এটা ডায়লগ বাকচ ওলাই আহিছে। |
08:04 | আপুনি ডকুমেণ্টটো য’ত চেভ কৰিছিল, সেই ফল্ডাৰটো ইয়াত বিচাৰক। |
08:08 | ইয়াৰ বাবে ডায়লগ বাকচটোৰ ওপৰৰ বাওঁ কোণত থকা সৰু পেঞ্চিল বুটামটোত ক্লিক কৰক। |
08:14 | ইয়াত আছে Type a file Name. |
08:16 | এইটোৱে Location Bar ঘৰ এটা মুকলি কৰে। |
08:19 | আপুনি বিচৰা ফাইলৰ নামটো ইয়াত টাইপ কৰক। |
08:24 | গতিকে আমি ফাইলৰ নামটো লিখিম— resume। |
08:27 | এতিয়া resume এটা ফাইল নাম হিচাপে দেখুওৱা প্ৰদৰ্শিত তালিকাখনৰ পৰা আমি resume dot odt নিৰ্বাচন কৰিম। |
08:34 | এতিয়া Open বুটামত ক্লিক কৰক। |
08:37 | দেখা পাব যে resume.odt ফাইলটো খোল খাইছে। |
08:41 | ইয়াৰ পৰিৱৰ্তে, ওপৰৰ টুলবাৰৰ Open আইকনত ক্লিক কৰি আৰু পৰৱৰ্তী কামখিনি ওপৰত কৈ অহা একে ধৰণে কৰি আগৰে পৰা থকা ফাইল খুলিব পাৰি। |
08:52 | আপুনি Writer-অত Microsoft Word-এ ব্যৱহাৰ কৰা dot doc আৰু dot docx এক্সটেনশ্যনযুক্ত ফাইলো খুলিব পাৰে। |
09:03 | ইয়াৰ পিছত, এটা ফাইল কেনেকৈ সালসলনি কৰিব পাৰি আৰু একেটা ফাইলনেমত চেভ কৰিব পাৰি, সেয়া দেখা পাব। |
09:10 | প্ৰথমে মাউচৰ বাওঁ ক্লিকৰ সহায়ত RESUME বুলি লিখা কথাখিনিৰ কাষত ক্লিক কৰি ওপৰেৰে ড্ৰেগিং কৰি কথাখিনি চিলেক্ট কৰক। |
09:17 | ইয়ে কথাখিনি চিলেক্ট কৰি জিলিকাই তুলিব। এতিয়া মাউচৰ বাওঁ বুটাম এৰি দিয়ক। |
09:24 | কথাখিনি এতিয়াও জিলিকি থাকিব। |
09:26 | এতিয়া ষ্টেণ্ডাৰ্ড টুলবাৰত থকা Bold আইকনত ক্লিক কৰক। কথাখিনি ডাঠ হৈ পৰিল। |
09:33 | কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইন কৰিবলৈ টুলবাৰৰ Centered আইকনত ক্লিক কৰক। |
09:41 | দেখা পাব যে কথাখিনি পৃষ্ঠাটোৰ মাজত এলাইনড হৈ পৰিছে। |
09:45 | এতিয়া আমি কথাখিনিৰ ফণ্টৰ আকাৰ ডাঙৰ কৰিম। |
09:48 | ইয়াৰ কাৰণে, টুলবাৰৰ Font Size ঘৰত থকা তলমুৱা কাঁডত ক্লিক কৰক। |
09:53 | ড্ৰপ-ডাউন মেনুখনত আমি 14-অত ক্লিক কৰোঁ। |
09:57 | দেখা গ’ল, কথাখিনিৰ ফণ্টৰ আকাৰ 14-অলৈ বৃদ্ধি পাইছে। |
10:01 | এতিয়া Font Name ঘৰৰ তুলমুৱা কাঁড়ত ক্লিক কৰক আৰু ফণ্ট নাম হিচাপে UnDotum নিৰ্বাচন কৰক। |
10:09 | টুলবাৰৰ Save আইকনত ক্লিক কৰক। |
10:13 | গতিকে দেখা পালে যে ফাইলটোত সালসলনি কৰা সত্ত্বেও একেটা নামতে চেভ হৈছে। |
10:21 | আপোনৰ ফাইলটো চেভ কৰাৰ পিছত যেতিয়া ইয়াক বন্ধ কৰিব বিচাৰে, |
10:25 | মেনুবাৰত থকা File মেনুত ক্লিক কৰি Close অপশ্যনত ক্লিক কৰক। ইয়ে আপোনৰ ফাইলটো বন্ধ কৰিব। |
10:33 | এইখিনিতে আমাৰ LibreOffice Writer-অৰ কথন শিক্ষণ সমাপ্ত হৈছে। চমুকৈ, আমি শিকিলো: |
10:43 | ৰাইটাৰৰ পৰিচয়। ৰাইটাৰৰ বিভিন্ন টুলবাৰৰ বিষয়ে। |
10:45 | ৰাইটাৰত এটা নতুন ডকুমেণ্ট আৰু আগৰে পৰা থকা ডকুমেণ্ট কেনেকৈ খুলিব পাৰি। ৰাইটাৰত এটা ডকুমেণ্ট কেনেকৈ চেভ কৰিব পাৰি। |
10:52 | ৰাইটাৰত এটা ডকুমেণ্ট কেনেকৈ বন্ধ কৰিব পাৰি। |
10:55 | বিস্তৃত কাম: ৰাইটাৰত এটা নতুন ডকুমেণ্ট খোলক। |
11:01 | Practice.odt নাম দি ইয়াক চেভ কৰক। |
11:05 | এই কথাখিনি লিখক— This is my first assignment। |
11:13 | ফণ্টৰ আকাৰ 16-লৈ বৃদ্ধি কৰক। |
11:18 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
11:24 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
11:29 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
11:38 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
11:45 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:48 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে। |
11:56 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
12:07 | এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |