Difference between revisions of "Linux-Old/C2/Ubuntu-Software-Center/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- |0:00 | উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰি…')
 
Line 323: Line 323:
 
|-
 
|-
 
|6:35
 
|6:35
| এই টিউটৰিয়েল আগবঢ়ালে DesiCrew Solutions Pvt. Ltd-এ। যোগদানৰ বাবে ধন্যবাদ।
+
| এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Revision as of 12:13, 27 February 2014

Time Narration
0:00 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
0:04 এই টিউটৰিয়েলত আমি শিকিম— উবুণ্টু চফট্‌ৱেৰ কেনেকৈ,
0:09 উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰা হয়।
0:16 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰনো কি?
0:18 ই হৈছে উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ পৰিচালনা কৰা এটা আহিলা।
0:23 ইয়াক চফট্‌ৱেৰ সন্ধান, ডাউনলোড, ইনষ্টল, আপডেট বা আনইনষ্টল কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।
0:30 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰে প্ৰতিটো চফট্‌ৱেৰৰ পৰ্যালোচনা আৰু ৰেটিংও প্ৰদৰ্শন কৰে।
0:36 ইয়াৰ ফলত ব্যৱহাৰ কৰাৰ আগতেই চফট্‌ৱেৰটোৰ বিষয়ে আপুনি বিতংকৈ জানিব পাৰে।
0:41 ই চফট্‌ৱেৰটোৰ এক ক্ৰমিক বুৰঞ্জীও সংৰক্ষণ কৰে।
0:45 এই স্পকেন টিউটৰিয়েলত আমি উবুণ্টু ভাৰ্চন 11.10-অত উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰিছোঁ।
0:52 এই টিউটৰিয়েল শিকি যাবৰ বাবে
0:54 আপুনি ইণ্টাৰনেটৰ সৈতে যুক্ত হৈ থকাটো প্ৰয়োজনীয়।
0:56 আপুনি চিচটেম এডমিনিষ্ট্ৰেটৰ হোৱাটো অথবা আপোনাৰ চফট্‌ৱেৰ ইনষ্টল কৰিবলৈ এডমিনিষ্ট্ৰেটৰ ৰাইট থকাটো প্ৰয়োজনীয়।
1:04 আপোনাৰ Launcher-অত থকা উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ আইকনত ক্লিক কৰক।
1:08 ই উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’ খোল খুৱায়।
1:12 উইণ্ড’খনৰ ওপৰৰ বাওঁফালে All Software, Installed আৰু History বাটন দেখা পোৱা যায়।
1:19 ওপৰৰ সোঁকোণত Search ঘৰটো দেখা যায়।
1:23 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ উইণ্ড’খন দুটা পেনেলত বিভক্ত হৈ থাকে।
1:28 বাওঁফালৰ পেনেলখনে চফট্‌ৱেৰৰ কেটেগৰী তালিকা প্ৰদৰ্শন কৰে।
1:33 সোঁফালৰ পেনেলখনে What’s New আৰু Top Rated প্ৰদৰ্শন কৰে।
1:38 What’s New পেনেলখনে নতুনকৈ প্ৰকাশ কৰা চফট্‌ৱেৰৰ তালিকা দেখুৱায়।
1:42 Top Rated পেনেলখনে ব্যৱহাৰকীৰৰ পৰা বেছি ৰেটিং পোৱা আৰু সঘনাই ডাউনলোড হোৱা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শন কৰে।
1:51 আহক, আমি কেটেগৰী ভিত্তিত চফট্‌ৱেৰ বিচাৰি চাওঁ।
1:55 বাওঁফালৰ পেনেলৰ Internet-অত ক্লিক কৰক।
1:58 ইণ্টাৰনেট চফট্‌ৱেৰৰ আৰু ইণ্টাৰনেট কেটেগৰীৰ বেছি ৰেটিং পোৱা চফট্‌ৱেৰৰ এখন তালিকা প্ৰদৰ্শিত হয়।
2:05 লক্ষ্য কৰক যে কিছুমান চফট্‌ৱেৰ এটা বৃত্তৰ ভিতৰত এটা শুদ্ধ চিনেৰে প্ৰদৰ্শিত হৈছে।
2:10 ই এই কথা সূচায়ছে যে সেই চফট্‌ৱেৰটো ইতিমধ্যেই আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ আছে।
2:15 ইণ্টাৰনেট কেটেগৰীৰ অধিক চফট্‌ৱেৰ চাবলৈ All আইকনত ক্লিক কৰক।
2:21 ইণ্টাৰনেট কেটেগৰীৰ সকলো চফট্‌ৱেৰ উইণ্ড’খনত প্ৰদৰ্শিত হয়।
2:26 আপুনি চফট্‌ৱেৰবিলাক ‘নাম হিচাপে’, ‘বেছি ৰেটিং পোৱা হিচাপে’ অথবা ‘নতুনবিলাক প্ৰথমতে হিচাপে’ও সজাব পাৰে।
2:32 ওপৰৰ সোঁকোণত থকা ড্ৰপ-ডাউনত ক্লিক কৰোঁ আহক।
2:36 তালিকাখনৰ পৰা By Top Rated নিৰ্বাচন কৰক।
2:40 ইণ্টাৰনেট চফট্‌ৱেৰবিলাক ৰেটিঙৰ ক্ৰম অনুযায়ী সজ্জিত হৈছে।
2:45 আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ সম্পূৰ্ণ তালিকা চাবলৈ
2:50 Installed বাটনত ক্লিক কৰক
2:53 চফট্‌ৱেৰৰ কেটেগৰী প্ৰদৰ্শিত হয়।
2:56 Sound and Video-অৰ সন্মুখত থকা সৰু তিনিকোণীয়া বাটনত ক্লিক কৰক।
3:02 চাউণ্ড আৰু ভিডিঅ’ৰ বাবে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা চফট্‌ৱেৰৰ তালিকা প্ৰদৰ্শিত হয়।
3:08 এতিয়া All Software-অত ক্লিক কৰোঁ আৰু ড্ৰপ-ডাউনখনৰ পৰা Provided by Ubuntu নিৰ্বাচন কৰোঁ।
3:14 উবুণ্টুৱে যোগান ধৰা সকলোবোৰ চফট্‌ৱেৰৰ তালিকা দেখা যায়।
3:19 এতিয়া, আহক আমি VLC Media Player চফট্‌ৱেৰটো ইনষ্টল কৰোঁ।
3:24 ওপৰৰ সোঁফালে থকা Search বাকচত VLC বুলি টাইপ কৰক।
3:29 VLC Media Player প্ৰদৰ্শিত হয়।
3:33 এতিয়া Install-অত ক্লিক কৰক।
3:35 অথেণ্টিকেশ্যন ডায়লগ বাকচটো ওলায়।
3:38 আপোনৰ চিচটেমৰ পাছৱৰ্ড ভৰাওক।
3:42 Authenticate-অত ক্লিক কৰক।
3:44 বাৰডাল লক্ষ্য কৰক, ই দেখুৱাইছে যে VLC ইনষ্টল হৈ আছে।
3:50 ইনষ্টল কৰিবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইনষ্টলেশ্যনে কিছু সময় ল’ব পাৰে।
3:57 ওপৰত থকা বাটনেও ইনষ্টলেশ্যনৰ প্ৰগতি দৰ্শায়।
4:02 ইনষ্টল হৈ যোৱাৰ পিছত আপুনি অন্যান্য চফট্‌ৱেৰ একচেচ কৰিব পাৰে।
4:07 VLC ইনষ্টল হৈ যোৱাৰ পিছত VLC-ৰ কাষত এটা সৰু শুদ্ধ চিন দেখা পোৱা যায়।
4:13 সোঁকাষে Remove বাটনটো প্ৰদৰ্শিত হয়।
4:17 আপুনি যদি VLC আনইনষ্টল কৰিব বিচাৰে, তেনেহ’লে Remove বাটনত সাধাৰণভাৱে ক্লিক কৰক।
4:23 একেধৰণেই, অন্যান্য চফট্‌ৱেৰ আপুনি বিচাৰিব আৰু ইনষ্টল কৰিব পাৰে।
4:29 এতিয়া, আহক আমি History চাওঁ।
4:31 ই আমি কৰা সকলোবোৰ সাল-সলনি, যেনে— ইনষ্টলেশ্যন,
4:37 আপডেট আৰু চফট্‌ৱেৰ গুচাই পেলোৱা আদি চাবলৈ দিয়ে।
4:40 History-ত ক্লিক কৰক। History ডায়লগ বাকচটো ওলায়।
4:45 আপুনি আপোনাৰ হিষ্টৰী All Changes, Installation, Updates আৰু Removals হিচাপে চাব পাৰে।
4:51 All Changes-অত ক্লিক কৰক।
4:53 সকলোবোৰ সাল-সলনি অৰ্থাৎ ইনষ্টলেশ্যন, আপডেট আৰু ৰিমুভেলচৰ এখন তালিকা প্ৰদৰ্শিত হয়।
5:01 আপুনি ইনষ্টল হৈ থকা চফট্‌ৱেৰ নিয়মিতভাৱে আপডেটো কৰিব পাৰে।
5:07 উবুণ্টু আৰু উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় অধিক তথ্য উবুণ্টু ৱেবচাইটত পাব।<Pause>
5:17 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ সম্পৰ্কীয় টিউটৰিয়েলৰ ইয়াতে সামৰণি পৰিছে।
5:21 এই টিউটৰিয়েলত আমি উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ কেনেকৈ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে শিকিলো।
5:26 উবুণ্টু অপাৰেটিং চিচটেমত চফট্‌ৱেৰ কেনেকৈ ডাউনলোড, ইনষ্টল, আপডেট আৰু আনইনষ্টল কৰা হয়, সেই বিষয়েও শিকিলো।
5:36 এইখিনিতে আপোনাৰ বাবে কৰিবলগীয়া কাম—
5:39 উবুণ্টু চফট্‌ৱেৰ চেণ্টাৰ ব্যৱহাৰ কৰি Thunderbird ডাউনলোড আৰু ইনষ্টল কৰক।
5:46 এই লিংকত থকা ভিডিঅ’টো চাওক—
5:49 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে।
5:52 If you do not have good bandwidth, you can download and watch it আপোনাৰ বেণ্ডৱাইথ ভাল নহ’লে আপুনি সেইটো ডাউনলোড কৰিও চাব পাৰে।
5:57 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটোৱে
5:59 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে,
6:02 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
6:06 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক।
6:12 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
6:17 ইয়াত National Mission on Education through ICT, MHRD, Government of India -ই সহায়তা আগবঢ়াইছে।


6:24 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
6:28 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
6:35 এই শিক্ষণ সহায়িকা আগবঢ়ালে পল্লভ প্ৰান গুস্বামীয়ে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Nancyvarkey, PoojaMoolya