Difference between revisions of "Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese"
Line 1: | Line 1: | ||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
− | |||
Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed | Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed | ||
Time Narration | Time Narration |
Revision as of 20:05, 22 September 2013
Tux-Typing/S1/Getting-started-with-Tux-Typing/Assamese-timed Time Narration
|-
|00.00
|টাক্স টাইপিঙৰ পৰিচয় বিষয়ৰ কথিত প্ৰশিক্ষণ ব্যৱস্থালৈ স্বাগতম।
|-
|00.04
|এই পাঠ্যক্ৰমত আপুনি টাক্স টাইপিং আৰু ইয়াৰ পদ্ধতিৰ বিষয়ে শিক্ষা লাভ কৰিব।
|-
|00.10
|আপুনি টাইপ কৰিব শিকিব -
|-
|00.12
|নিখুতভাৱে, সোনকালে আৰু পাৰ্গতশীলতাৰে, ইংৰাজী কী-বোৰ্ড থকা এটা কম্পিউটাৰত।
|-
|00.19
|আপুনি লগতে শিকিব, কী-বোৰ্ডলৈ নোচোৱাকৈয়ে টাইপ কৰিবলৈ।
|-
|00.25
|টাক্স টাইপিং কি?
|-
|00.27
|টাক্স টাইপিং এটা টাইপিং প্ৰশিক্ষক।
|-
|00.30
|ই আপোনাক খেল ধেমালিৰ মাধ্যমেৰে তথা পৰ্য্যায়ক্ৰমে বিভিন্ন আখৰ টাইপ কৰিবলৈ শিকায়।
|-
|00.38
|আপুনি নিজৰ গতিত টাইপিং শিকিব পাৰিব।
|-
|00.41
|আৰু লাহে লাহে শুদ্ধ টাইপিং শিকাৰ লগতে আপোনাৰ টাইপিঙৰ গতি বৃদ্ধি কৰিব পাৰিব।
|-
|00.46
|টাক্স টাইপিঙে অনুশীলনৰ বাবে নতুন শব্দ সন্বিৱিষ্ট কৰাৰ লগতে টাইপিঙৰ ভাষা বাচনিৰ সুবিধা আগবঢ়ায়।
|-
|00.54
|এয়া, আমি Urbuntu 11.10 ত টাক্স টাইপিং 1.8.0 ব্যৱহাৰ কৰিছো।
|-
|01.02
|আপুনি Urbuntu Softeare Centre ব্যৱহাৰ কৰি টাক্স টাইপিং Install কৰিব পাৰে।
|-
|01.07
|Ubuntu Software Centre ৰ সম্পৰ্কে অধিক জানিবৰ বাবে, এই websiteত থকা Urbuntu Linux Tutorial অধ্যয়ণ কৰক।
|-
|01.16
|টাক্স টাইপিং খোলো আহক।
|-
|01.19
|প্ৰথমে Dash Home(ডেচ হম), যিটো আপোনাৰ কম্পিউটাৰ Desktopৰ ওপৰত বাওঁফালে থকা এটা ৰঙা বুটাম, তাত ক্লিক কৰক।
|-
|01.26
|Dash Home (ডেচ হম) ৰ কাষত থকা আখৰ লিখিব পৰা বাকচটোত Tux Typing লিখক।
|-
|01.34
|লিখিব পৰা বাকচটোৰ তলত টাক্স টাইপিঙৰ প্ৰতীক চিহ্ন এটা দেখা দিব।
|-
|01.39
|টাক্স টাইপিঙৰ প্ৰতীক চিহ্নটোত ক্লিক কৰক।
|-
|01.42
|টাক্স চাইপিঙৰ Window খোল খাব।
|-
|01.46
|টাক্স টাইপিঙত তলত উল্লেখিত Menu (আহাৰিকা) আছে।
|-
|01.50
|Fish Cascade (ফিছ কেচকেড) – এটি খেলৰ ক্ষেত্ৰ।
Comet Zap (কমেট জেপ) – আন এটি খেলৰ ক্ষেত্ৰ।
|-
|01.56
|Lessons (অনুশীলন) – আখৰ শিকিব পৰা বিভিন্ন অনুশীনল।
|-
|02.01
|Options (বাচনি) – শব্দ সম্পাদনা, বাক্য টাইপিং, টাক্স টাইপিং প্ৰকল্প সম্পৰ্কীয় তথ্য, ভাষা বাচনি কৰিবৰ বাবে Menu (আহাৰিকা)।
|-
|02.13
|Quit (প্ৰস্থান) – খেলৰ পৰা প্ৰস্থান কৰিবলৈ ক্লিক কৰক।
|-
|02.16
|অনুশীলনবোৰৰ মাধ্যমৰে টাইপিং অভ্যাস কৰো আহক।
|-
|02.20
|Main menu ত অনুশীলন [Lessons]ত ক্লিক কৰক।
|-
|02.23
|অনুশীলন সমূহ থকা Window খন খোল খাব।
|-
|02.26
|প্ৰথম অনুশীলনটোৰে আৰম্ভ কৰো আহক।
|-
|02.30
|basic_lesson_01.xml ত ক্লিক কৰক।
|-
|02.35
|ব্যৱহাৰৰ বিধি থকা Window খোল খাব। বিধি সমূহ পঢ়ক।
|-
|02.41
|অনুশীলন আৰম্ভ কৰিবৰ বাবে space bar ত ক্লিক কৰক।
|-
|02.45
|কী-বোৰ্ড থকা window খন খোল খাব।
|-
|02.48
|আমি a আখৰটো টাইপ কৰিব শিকো।
|-
|02.52
|অনুশীলনৰ বাবে কী-বোৰ্ডত p টিপক।
|-
|02.56
|টাইপ কৰিব লগা আখৰ বোৰৰ এখন Window খোল খাব।
|-
|03.01
|‘aaa aaa…..’ দেখুওৱা শাৰীটোৰ অৰ্থ কি?
|-
|03.07
|আপুন্ এই আখৰবোৰ টাইপ কৰিব লাগিব।
|-
|03.10
|এই শাৰী আখৰক ‘শিক্ষকৰ শাৰী’ নাম দিওঁ।
|-
|03.13
|এতিয়া আমি সাধাৰণতে ব্যৱহাৰ কৰা ইংৰাজী কী-বোৰ্ড দেখা পাইছো।
|-
|03.19
|aক ঘেৰি থকা ৰঙা বাকচটো দেখিছেনে? ই ৰঙা বাকচটোৰ মাজত থকা আখৰটো টাইপ কৰিবলৈ সূচায়।
|-
|03.27
|কী-বোৰ্ডৰ প্ৰথম শাৰীটোৱে সংখ্যা, বিষেশ চিহ্ন আৰু Back Space বুটাম দেখুৱাই।
|-
|03.35
|টাইপ কৰা আখৰ মচিবলৈ আপুনি Back Space বুটামটো ব্যৱহাৰ কৰে।
|-
|03.39
|কী-বোৰ্ডত তিনি শাৰী আখৰ, সংখ্যা আৰু অন্যান্য চিহ্নৰ বুটাম আছে।
|-
|03.51
|কী-বোৰ্ডৰ দ্বিতীয় শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Enter বুটাম আছে।
|-
|03.58
|টাইপিঙৰ দ্বিতীয় শাৰীলৈ যাবৰ বাবে আপুনি Enter বুটামটো ব্যৱহাৰ কৰে।
|-
|04.02
|কী-বোৰ্ডৰ তৃতীয় শাৰীত আখৰ, কলন, ছেমি কলন আৰু Caps Lock (ডাঙৰ ফলা)ৰ বুটাম আছে।
|-
|04.10
|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Caps Lock ব্যৱহাৰ কৰক।
|-
|04.14
|কী-বোৰ্ডৰ চতুৰ্থ শাৰীত আখৰ, বিশেষ চিহ্ন আৰু Shift বুটাম আছে।
|-
|04.21
|ডাঙৰ ফলাৰ আখৰ টাইপ কৰিবলৈ Shift আৰু আখৰটোৰ বুটাম একেলগে টিপক।
|-
|04.27
|বুটামৰ ওপৰৰ অংশত থকা চিহ্ন টাইপ কৰিবলৈ চিহ্নটোৰ বুটামৰ লগত Shift বুটাম টিপক।
|-
|04.34
|উদাহৰণ স্বৰূপে, 1 বুটামৰ ওপৰৰ অংশত ভাৱবোধক চিহ্ন আছে।
|-
|04.39
|ভাৱবোধক চিহ্ন টাইপ কৰিবলৈ Shift আৰু 1 বুটাম একেলগে টিপক।
|-
|04.44
|কী-বোৰ্ডৰ পঞ্চম শাৰীত [Ctrl] কন্ট্ৰল, [Alt] অল্টাৰ আৰু Function বুটামবোৰ আছে। লগতে এই শাৰীত Space bar আছে।
|-
|04.52
|এতিয়া চাওঁ আহক টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ডৰ মাজত কিবা প্ৰাৰ্থক্য আছে নিকি?
|-
|05.00
|লক্ষ্য কৰক যে টাক্স টাইপিং কী-বোৰ্ড আৰু সাধাৰণ Laptop অথবা Desktop কী-বোৰ্ড একেই।
|-
|05.10
|এতিয়া কী-বোৰ্ডৰ ওপৰত আঙুলিৰ সঠিক স্থাপন চাওঁ আহক।
|-
|05.14
|এই ছৱিখন চাওক।
|-
|05.16
|ই আঙুলি কেইটা আৰু সিহঁতৰ নামবোৰ দেখুৱাইছে। বাওঁফালৰ পৰা সোঁ ফাললৈ আঙুলিৰ নাম হৈছে -
|-
|05.21
|কনিষ্ঠ আঙুলি,
অনামিকা আঙুলি, মধ্যমা আঙুলি, তৰ্জনী আঙুলি আৰু
বৃষ্ঠাঙ্গুল
|-
|05.27
|কী-বোৰ্ডৰ ওপৰত, আপোনাৰ বাওঁ হাতখন কী-বোৰ্ডৰ বাওঁফালে ৰাখক।
|-
|05.32
|লক্ষ্য ৰাখত যাতে বাওঁহাতৰ কনিষ্ঠ আঙুলিটো ‘A’ বৰ্ণৰ ওপৰত থাকে।
|-
|05.35
|অনামিকা আঙুলিটো ‘S’ বৰ্ণৰ ওপৰত থাকে।
|-
|05.38
|মধ্যমা আঙুলিটো ‘D’ বৰ্ণৰ ওপৰত থাকে।
|-
|05.41
|তৰ্জনী আঙুলিটো ‘F’ বৰ্ণৰ ওপৰত থাকে।
|-
|05.44
|এতিয়া কী-বোৰ্ডৰ ওপৰত, আপোনাৰ সোঁ হাতখন কী-বোৰ্ডৰ সোঁফালে ৰাখক।
|-
|05.49
|লক্ষ্য ৰাখত যাতে সোঁহাতৰ কনিষ্ঠ আঙুলিটো কলন/ছেমিকলন ‘:/;’ বৰ্ণৰ ওপৰত থাকে।
|-
|05.54
|অনামিকা আঙুলিটো ‘L’ বৰ্ণৰ ওপৰত থাকে।
|-
|05.56
|মধ্যমা আঙুলিটো ‘K’ বৰ্ণৰ ওপৰত থাকে।
|-
|06.00
|তৰ্জনী আঙুলিটো ‘J’ বৰ্ণৰ ওপৰত থাকে।
|-
|06.03
|সোঁহাতৰ বৃষ্ঠাঙ্গুল space bar টিপিবলৈ ব্যৱহাৰ কৰক।
|-
|06.08
|হাত দুখনৰ ছৱি দুটিয়ে আপোনাক সঠিক আঙুলিৰে আখৰ টাইপ কৰিবলৈ দৰ্শাব।
|-
|06.14
|বাওঁহাতৰ কনিষ্ঠ আঙুলিৰ ওপৰত ৰঙা বৃত্তটো কি চিন্তা কৰিছে নিকি?
|-
|06.19
|অনুমান কৰিছে, আপুনি a টাইপ কৰিবলৈ সেই আঙুলিটোৱেই ব্যৱহাৰ কৰিব লাগিব।
|-
|06.23
|এই অধ্যায়টোত আগতে কোৱাৰ দৰে আপোনাৰ আঙুলিবোৰ কী-বোৰ্ডত স্থাপন কৰক।
|-
|06.29
|এটিয়া টাইপিং আৰম্ভ কৰো আহক।
|-
|06.32
|আমি টাইপ কৰি যোৱাৰ লগে লগে আখৰবোৰ ‘শিক্ষকৰ শাৰী’ৰ তলৰ শাৰীত দেখা যাব।
|-
|06.39
|এই শাৰীটোক ‘ছাত্ৰৰ শাৰী’ নাম দিওঁ আহক।
|- |06.42
|এতিয়া ‘শিক্ষকৰ শাৰী’ত নথকা আখৰ এটি টাইপ কৰো আহক।
|-
|06.47
|‘ছাত্ৰৰ শাৰী’ত ভুলকৈ টাইপ কৰা আখৰটো দেখিছেনে? আখৰটো দেখুওৱা নাই।
|-
|06.53
|ইয়াৰ পৰিৱৰ্ত্তে কী-বোৰ্ডৰ ভূলকৈ টাইপ কৰা আখৰটোত ক্ষন্তেকৰ বাবে ক্ৰছ চিহ্ন দেখা গৈছে।
|-
|06.59
|আৰু কেইটামান আখৰ টাউপ কৰো আহক।
|-
|07.02
|এতিয়া আমি টাইপ কৰা আখৰবোৰৰ Metrics সংগ্ৰহ কৰো।
|-
|07.07
|বাওঁফালে থকা Field এ কি সূচায়, এতিয়ালৈকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে।
|-
|07.13
|Time – ই আপোনাৰ টাইপিঙৰ গতি সূচায়।
|-
|07.17
|Chars – ই আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
|-
|07.21
|CPM- ই প্ৰতি মিনিটত আপুনি টাইপ কৰা আখৰৰ পৰিমান সূচায়।
|-
|07.26
|WPM – ই প্ৰতি মিনিটত আপুনি টাইপ কৰা শব্দৰ পৰিমান সূচায়।
|-
|07.31
|Errors – ই আপুনি কৰা ভুলবোৰৰ সংখ্যা সূচায়।
|-
|07.34
|Accuracy – ই আপোনাৰ টাইপিঙৰ শুদ্ধতা সূচায়।
|-
|07.40
|main menu লৈ উভতি যাবৰ বাবে দুবাৰ Escape key টিপক।
|-
|07.45
|আমি আমাৰ প্ৰথমটো টাইপিং অনুশীলন শিকিলো।
|-
|07.47
|প্ৰথমে কম গতিত শুদ্ধভাৱে টাইপ কৰিব শিকাটো ভাল অভ্যাস।
|-
|07.52
|নিৰ্ভূলভাৱে নিয়াৰীকৈ টাইপ কৰিব শিকাৰ পিছত, টাইপ কৰাৰ গতি বৃদ্ধি কৰিব পাৰো।
|-
|07.59
|টাক্স টাইপিঙৰ প্ৰথমটো পাঠ ইয়াতে অন্ত হল।
|-
|08.03
|এই পাঠটোত আমি টাক্স টাইপিঙৰ প্ৰণালী সম্পৰ্কে শিকিলো আৰু প্ৰথমটো অনুশীলন সম্পূৰ্ণ কৰিলো।
|-
|08.11
|অভ্যাস কৰিবৰ বাবে আপোনালৈ এটা পাঠ দিওঁ আহক।
|-
|08.13
|basic_lesson_02.xml আৰম্ভ কৰক।
|-
|08.19
|এই পাঠটো অনুশীলন কৰক।
|-
|08.21
|পাঠটোত থকা আখৰবোৰ সম্পূৰ্ণ কৈ টাইপ কৰক আৰু Enter টিপক।
|-
|08.26
|এনেদৰে আপুনি অন্য পাঠবোৰো অভ্যাস কৰিব পাৰে।
|-
|08.30
|http://spoken-tutorial.org/What_is_a_Spoken_Tutorial থকা ভি ডি অ’ চাওক।
|-
|08.33
|ইয়াত কথিত প্ৰশিক্ষণ সম্পৰ্কে সকলো তথ্য আছে।
|-
|08.36
|ইন্টাৰনেটৰ গতি কম হলে ভি ডি অ’ টো download কৰি চাব পাৰে।
|-
|08.41
|কথিত পাঠ্যক্ৰম প্ৰকল্পটোৰ কাৰ্য্যকৰ্ত্তা সকলে
|-
|08.43
|কথিত পাঠ্যক্ৰম সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত কৰে।
|-
|08.46
|online test ত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে।
|-
|08.50
|অধিক তথ্যৰ বাবে, spoken hyphen tutorial dot org লৈ লিখক।
|-
|08.56
|কথিত পাঠ্যক্ৰম প্ৰকল্পটো ‘Talk to a Teacher project’ ৰ অন্তৰ্গত।
|-
|09.00
|National Mission on Education through ICT, MHRD, Government of India ৰ দ্বাৰা সমৰ্থিত।
|-
|09.08
|এই মিছনৰ অধিক তথ্থ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত পাব।
|-
|09.19
|এই পাঠ্যক্ৰমটো DesiCrew Solutions Pvt. Ltd.ৰ দ্বাৰা পৰিৱেশিত। সংযুক্ত হোৱাৰ বাবে ধন্যবাদ।