Difference between revisions of "LibreOffice-Impress-on-BOSS-Linux/C3/Slide-Master-Slide-Design/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
− | |||
− | |||
− | |||
− | |||
{| border=1 | {| border=1 | ||
|| Time | || Time |
Latest revision as of 12:45, 27 March 2017
Time | Narration |
00.00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত মাষ্টাৰ শ্লাইড ডিজাইন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ। |
00.08 | এই টিউটৰিয়েলত আমি শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা সম্পৰ্কে শিকিম। |
00.15 | ইয়াত আমি GNU লিনাক্স আৰু লিবাৰঅফিছ চুইট ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছোঁ। |
00.24 | বেকগ্ৰাউণ্ড বুলি ক’লে শ্লাইডৰ বিষয়বস্তুৰ পিছফালে প্ৰয়োগ কৰা সকলোবোৰ ৰং আৰু এফেক্টক বুজায়। |
00.32 | লিবাৰঅফিচ ইমপ্ৰেছত বহুবোৰ বেকগ্ৰাউণ্ড অপশ্যন আছে, যিবোৰে ভাল প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাত আপোনাক সহায় কৰে। |
00.38 | আপুনি আনকি আপোনাৰ নিজা বেকগ্ৰাউণ্ডো তৈয়াৰ কৰি ল’ব পাৰে। |
00.42 | Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক। |
00.48 | আমাৰ প্ৰেজেণ্টেশ্যনটোৰ কাৰণে এটা কাষ্টম বেকগ্ৰাউণ্ড তৈয়াৰ কৰা যাওক। |
00.52 | আপুনি প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডৰ ক্ষেত্ৰতে এই বেকগ্ৰাউণ্ডটো প্ৰয়োগ কৰিম। |
00.57 | এই বেকগ্ৰাউণ্ডটো তৈয়াৰ কৰিবলৈ আমি Slide Master (শ্লাইড মাষ্টাৰ) অপশ্যন ব্যৱহাৰ কৰিম। |
01.02 | Master (মাষ্টাৰ) শ্লাইডত প্ৰয়োগ কৰা যিকোনো সাল-সলনি প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হয়। |
01.08 | Main (মেইন) মেনুৰ পৰা View (ভিউত)ক্লিক কৰক, মাষ্টাৰ ('Master )চিলেক্ট কৰক আৰু Slide Master (শ্লাইড মাষ্টাৰ)ত ক্লিক কৰক। |
01.15 | Master Slide (মাষ্টাৰ শ্লাইড) ওলাই আহে। |
01.17 | লক্ষ্য কৰক যে Master View' (মাষ্টাৰ ভিউ) টুলবাৰো দৃশ্যমান হৈ আছে। ইয়াক আপুনি Master Pages (মাষ্টাৰ পেজ) তৈয়াৰ কৰা, ডিলিট কৰা আৰু ৰিনেম কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। |
01.27 | লক্ষ্য কৰক, দুখন শ্লাইড এতিয়া প্ৰদৰ্শিত হৈছে। |
01.31 | এয়া হৈছে এই প্ৰেজেণ্টেশ্যনটোত ব্যৱহাৰ কৰা দুটা Master Pages (মাষ্টাৰ পেজ)। |
01.37 | Tasks (টাস্ক) পেনৰ পৰা Master Pages (মাষ্টাৰ পেজত) ক্লিক কৰক। |
01.41 | “Used in This Presentation” ফিল্ডে এই প্ৰেজেণ্টেশ্যনত ব্যৱহাৰ হোৱা মাষ্টাৰ শ্লাইড প্ৰদৰ্শন কৰে। |
01.48 | Master slide (মাষ্টাৰ শ্লাইড) টেমপ্লেটৰ দৰে। |
01.51 | ইয়াত আপুনি ফৰমেটিং প্ৰিফাৰেঞ্চ চেট কৰিব পাৰে, যিবোৰ পিছত প্ৰেজেণ্টেশ্যনৰ সকলোবোৰ শ্লাইডত প্ৰয়োগ হৈ যায়। |
01.58 | প্ৰথমতে Slides' (শ্লাইডছ্) পেনৰ পৰা Slide ( শ্লাইড) 1 চিলেক্ট কৰক। |
02.03 | এই প্ৰেজেণ্টেশ্যনত এটা বগা বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা যাওক। |
02.07 | Main (মেইন) মেনুৰ পৰা Format (ফৰমেট)ত ক্লিক কৰক আৰু তাৰপিছত Page( পেজ) ত ক্লিক কৰক। |
02.12 | Page Setup ( পেজ চেটআপ) ডায়লগ বক্সটো ওলাই আহে। |
02.15 | Background ' ( বেকগ্ৰাউণ্ড) টেবত ক্লিক কৰক। |
02.18 | Fill (ফিল) ড্ৰপ ডাউন মেনুৰ পৰা Bitmap'(বিটমেপ) অপশ্যন চিলেক্ট কৰক। |
02.24 | অপশ্যনৰ তালিকাৰ পৰা Blank (ব্লেংক) চিলেক্ট কৰক আৰু OK ত ক্লিক কৰক। |
02.29 | শ্লাইডখনৰ এটা বগা বেকগ্ৰাউণ্ড পোৱা গ’ল। |
02.32 | লক্ষ্য কৰক যে তাত থকা টেক্সটৰ ৰং বেকগ্ৰাউণ্ডৰ বিপৰীতে স্পষ্টকৈ দেখা পোৱা হোৱা নাই। |
02.38 | সদায় বেকগ্ৰাউণ্ডৰ বিপৰীতে স্পষ্টকৈ দেখা পোৱা ৰং বাছনি কৰিব। |
02.43 | টেক্সটৰ ৰং ক’লা কৰা যাওক। ইয়ে বগা বেকগ্ৰাউণ্ডৰ বিপৰীতে টেক্সটখিনি স্পষ্টকৈ দেখা পোৱা কৰিব। |
02.52 | প্ৰথমতে টেক্সটখিনি চিলেক্ট কৰক। |
02.55 | 'Main (মেইন) মেনুৰ পৰা Format (ফৰমেট)ত ক্লিক কৰক আৰু Character (কেৰেকটাৰ) চিলেক্ট কৰক। |
02.59 | Character (কেৰেক্টাৰ) ডায়লগ বক্স ওলাই আহে। |
03.02 | কেৰেক্টাৰ ডায়লগ বক্সৰ ফণ্ট এফেক্টছ্ টেবত ক্লিক কৰক। |
03.08 | Font Color (ফণ্ট কালাৰ) ড্ৰপ ডাউনৰ পৰা Black(ব্লেক) চিলেক্টকৰক। |
03.12 | OKত ক্লিক কৰক। |
03.15 | টেক্সটখিনিৰ ৰং এতিয়া ক’লা হৈ পৰিল। |
03.18 | এতিয়া শ্লাইডত এটা ৰং প্ৰয়োগ কৰা যাওক। |
03.21 | শ্লাইডখনত ৰাইট ক্লিক কৰি কনটেক্সট মেনু উলিয়াওক আৰু Slide (শ্লাইড)ত ক্লিক কৰক আৰু তাৰ পিছত Page Setup(পেজ চেটআপ) ত ক্লিক কৰক। |
03.27 | Fill (ফিল) ড্ৰপ ডাউন মেনুৰ পৰা কালাৰ অপশ্যন চিলেক্ট কৰক।Blue 8 চিলেক্ট কৰি OKত ক্লিক কৰক। |
03.36 | লক্ষ্য কৰক যে আমি চিলেক্ট কৰা পাতল নীলা ৰং শ্লাইডখনত প্ৰয়োগ হৈছে। |
03.42 | এই টিউটৰিয়েলটো ইয়াতে ৰাখি এই এচাইনমেণ্টটো কৰক। এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক আৰু বেকগ্ৰাউণ্ড হিচাপে ৰঙা ৰং প্ৰয়োগ কৰক। |
03.52 | এতিয়া এই প্ৰেজেণ্টেশ্যনত অন্যান্য ডিজাইন এলিমেণ্টচ্ কেনেকৈ যোগ দিব পাৰি সেই বিষয়ে শিকা যাওক। |
03.57 | উদাহৰণ হিচাপে, আপোনাৰ প্ৰেজেণ্টেশ্যনত এটা ল’গ’ যোগ দিব পাৰে। |
04.01 | আপোনাৰ স্ক্ৰীনৰ তলত থকা Basic Shapes' (বেছিক শ্বেপচ্) টুলবাৰললৈ মন কৰক। |
04.06 | আপুনি ইয়াক বিভিন্ন ধৰণৰ প্ৰাথমিক আকাৰ (basic shapes), যেনে— বৃত্ত, চতুৰ্ভুজ, আয়তক্ষেত্ৰ, ত্ৰিভুজ আৰু উপবৃত্ত আঁকিবলৈ ব্যৱহাৰ কৰিব পাৰে। |
04.16 | শ্লাইডখনৰ টাইটেল এৰিয়াত এটা আয়তক্ষেত্ৰ অঁকা যাওক। |
04.21 | Basic Shapes' (বেছিক শ্বেপছ্ ) টুলবাৰৰ পৰা Rectangle(ৰেকটেংগল)ত ক্লিক কৰক। |
04.25 | এতিয়া কাৰ্চৰডাল শ্লাইডৰ ওপৰৰ বাওঁকোণৰ টাইটেল এৰিয়ালৈ লৈ যাওক। |
04.31 | আপুনি capital I' (কেপিটেল আই) আখৰৰ সৈতে এটা যোগ চিন দেখা পাব। |
04.36 | লেফট্ মাউচ বাটনত টিপি ধৰি থাকি এটা সৰু আয়তক্ষেত্ৰ আঁকক। |
04.41 | এতিয়া মাউচ বাটন এৰি দিয়ক। |
04.44 | আপুনি এটা আয়তক্ষেত্ৰ অংকন কৰিলে ! |
04.47 | আয়তক্ষেত্ৰটোত আঠটা হেণ্ডেল লক্ষ কৰক। |
04.50 | হেণ্ডেল বা কণ্ট্ৰল পইণ্ট হৈছে চিলেক্ট কৰা বস্তুৰ কাষত দেখা দিয়া নীলা ৰঙৰ সৰু বৰ্গক্ষেত্ৰ। |
04.58 | আয়তক্ষেত্ৰটোৰ আকাৰ সৰু-ডাঙৰ কৰিবলৈ আমি এই কণ্ট্ৰল পইণ্টবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। |
05.03 | যেতিয়া আপুনি এই কণ্ট্ৰল পইণ্টবিলাকৰ ওপৰত আপোনাৰ কাৰ্চৰ হ’ভাৰ কৰে, কাৰ্চৰডাল দুমুখীয়া কাঁড় চিনলৈ সলনি হৈ যায়। |
05.10 | ইয়ে বেছিক শ্বেপৰ আকাৰ সৰু-ডাঙৰ কৰিবলৈ কোন দিশত কণ্ট্ৰল পইণ্ট টনা-আঁজোৰা কৰিব পাৰি সেইটো সূচায়। |
05.17 | টাইটেল এৰিয়া সম্পূৰ্ণ ঢাকি পেলোৱাকৈ আয়তক্ষেত্ৰটোৰ আকাৰ ডাঙৰ কৰা যাওক। |
05.25 | আমি এই শ্বেপবিলাকো ফৰমেট কৰিব পাৰোঁ ! |
05.28 | কনটেক্সট্ মেনু চাবলৈ আয়তক্ষেত্ৰটোত ৰাইট ক্লিক কৰক। |
05.32 | আয়তক্ষেত্ৰটো মডিফাই কৰিবলৈ ইয়াৰ পৰা বিভিন্ন অপশ্যন বাছনি কৰিব পাৰে। |
05.37 | Area ক্লিক কৰক। Area ডায়লগ বক্স ওলাই অহা দেখা যায়। |
05.43 | Fill (ফিল) ফিল্ডৰ ড্ৰপ ডাউন মেনুত Color (কালাৰ) বাছনি কৰক। |
05.48 | Magenta 4 (মেজেণ্টা 4) বাছনি কৰক আৰু OKত ক্লিক কৰক। |
05.52 | আয়তক্ষেত্ৰটোৰ ৰং সলনি হৈ গ’ল। |
05.56 | আয়তটোৱে এতিয়া টেক্সট্খিনি ঢাকি পেলালে। |
05.59 | টেক্সট্খিনি দেখা পোৱা কৰিবলৈ প্ৰথমে আয়তটো চিলেক্ট কৰক। |
06.03 | এতিয়া ৰাইট ক্লিক কৰি কনটেক্সট্ মেনু উলিয়াওক। |
06.07 | Arrange ত ক্লিক কৰক আৰু তাৰ পিছত Send to back ইয়াত ক্লিক কৰক। |
06.11 | টেক্সট্খিনি আকৌ দেখা পোৱা গ’ল ! |
06.15 | ইয়াত আয়তটো টেক্সটৰ পিছফাললৈ গুচি গ’ল। |
06.18 | Tasks (টাস্ক) পেনত Master Pageৰ previewত ক্লিক কৰক। |
06.23 | ৰাইট ক্লিক কৰক আৰু Apply to All Slides চিলেক্ট কৰক। |
06.27 | Close Master View বাটনত ক্লিক কৰি Master View বন্ধ কৰক। |
06.32 | মাষ্টাৰত কৰা ফৰমেটিঙৰ সাল-সলনি এতিয়া প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হ’ল। |
06.39 | লক্ষ্য কৰক যে আয়তক্ষেত্ৰটোও সকলোবোৰ পেজত প্ৰদৰ্শিত হৈছে। |
06.45 | এতিয়া শ্লাইডৰ লেআউট সাল-সলনি কৰিবলৈ শিকা যাওক। |
06.49 | লেআউট কি? লেআউট হৈছে কনটেণ্টৰ বাবে প্লেচ হ’ল্ডাৰৰ সৈতে আগতীয়াকৈ ফৰমেট কৰি থোৱা শ্লাইড টেমপ্লেট। |
06.58 | শ্লাইড লেআউট চাবৰ বাবে ৰাইট পেনেলৰ পৰা Layoutsত ক্লিক কৰক। |
07.04 | Impress' (ইমপ্ৰেছ) ত থকা লেআউটবিলাক প্ৰদৰ্শিত হৈছে। |
07.07 | লেআউট থাম্বনেইলবিলাক মন কৰক। প্ৰয়োগ কৰাৰ পিছত শ্লাইডখন কেনেকুৱা দেখা যাব, থাম্বনেইলে তাৰ এটা ধাৰণা দিয়ে। |
07.16 | টাইটেল আৰু দুই কলমৰ লেআউট, তিনি কলমৰ লেআউট আৰু এনেধৰণৰ বিভিন্ন লেআউট আছে। |
07.24 | ইয়াৰ উপৰি খালী লেআউটো আছে। আপোনাৰ শ্লাইডত ব্লেংক লেআউট এটা প্ৰয়োগ কৰিব পাৰে আৰু তাৰপিছত আপোনাৰ নিজা লেআউট তৈয়াৰ কৰিব পাৰে। |
07.32 | এখন শ্লাইডত লেআউট প্ৰয়োগ কৰা যাওক। |
07.35 | “Potential Alternatives” নামৰ শ্লাইডখন চিলেক্ট কৰক আৰু সকলোবোৰ টেক্সট্ ডিলিট কৰক। |
07.43 | এতিয়া সোঁফালৰ লেআউট পেনৰ পৰা “title 2 content over content” চিলেক্ট কৰক। |
07.51 | এই শ্লাইডখনত এতিয়া তিনিটা টেক্সট্ বক্স আৰু এটা টাইটেল এৰিয়া পোৱা গ’ল। |
07.56 | লক্ষ্য কৰক যে আমি মাষ্টাৰ পেজ ব্যৱহাৰ কৰি সুমুৱাই থোৱা আয়তক্ষেত্ৰটো এতিয়াও দেখা পোৱা হৈ আছে। |
08.02 | এই আয়তটো কেৱল মাষ্টাৰ শ্লাইড ব্যৱহাৰ কৰিহে এডিট কৰিব পাৰি। |
08.07 | মাষ্টাৰ শ্লাইডৰ চেটিঙে শ্লাইডত কৰা ফৰমেটিঙৰ সাল-সলনি বা লেআউটৰ প্ৰয়োগক নাইকিয়া কৰি নিজৰ চেটিং প্ৰয়োগ কৰে। |
08.15 | এই বক্সবিলাকত কনটেণ্ড ভৰ্তি কৰা যাওক। |
08.19 | প্ৰথম টেক্সট্ বক্সত টাইপ কৰক— Strategy 1 PRO: Low cost CON: slow action। |
08.28 | দ্বিতীয় টেক্সট্ বক্সত টাইপ কৰক— Strategy 2 CON: High cost PRO: Fast Action। |
08.40 | তৃতীয় টেক্সট্ বক্সত টাইপ কৰক— Due to lack of funds, Strategy 1 is better। |
08.48 | একেদৰে আপুনি আপোনাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে ভালকৈ মিলা লেআউট টাইপ বাছনি কৰিব পাৰে। |
08.54 | ইয়াতে এই টিউটৰিয়েলৰ অন্ত পৰিছে। এই টিউটৰিয়েত আমি, কেনেকৈ শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা হয় আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা হয়, সেই বিষয়ে শিকিলো। |
09.03 | আপোনাৰ বাবে এটা এচাইনমেণ্ট: |
09.05 | এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক। |
09.08 | এটা নতুন বেকগ্ৰাউণ্ড তৈয়াৰ কৰক। |
09.11 | লেআউট title, content over content ইয়ালৈ সলনি কৰক। |
09.15 | মাষ্টাৰ শ্লাইডত লেআউট প্ৰয়োগ কৰিলে কি ঘটে সেইটো পৰীক্ষা কৰক। |
09.20 | এখন নতুন শ্লাইড ভৰাওক আৰু এটা ব্লেংক লেআউট প্ৰয়োগ কৰক। |
09.25 | টেক্সট্ বক্স ব্যৱহাৰ কৰক আৰু ইয়াত কলম যোগ দিয়ক। |
09.29 | টেক্সট্ বক্সবিলাক ফৰমেট কৰক। |
09.32 | এই বক্সবিলাকত টেক্সট্ ভৰ্তি কৰক। |
09.36 | এই লিংকত থকা ভিডিঅটো চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
09.42 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
09.47 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। |
09.56 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
10.02 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
10.14 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro লিংকত পোৱা যাব। |
10.25 | এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে। আৰু এইয়া আছিল মৌচুমী মেধি অাই আই টি বম্বেৰ পৰা. |
10.30 | যোগদানৰ বাবে ধন্যবাদ। |