Difference between revisions of "LibreOffice-Suite-Base/C2/Introduction/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 !Time !Narration |- ||00:00 ||LibreOffice Base-এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জান...")
 
Line 4: Line 4:
 
|-
 
|-
 
||00:00
 
||00:00
||LibreOffice Base-এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জানাইছো |
+
|| নম্সকাৰ দৰ্শক সকল. LibreOffice Base-এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জানাইছো |
  
 
|-
 
|-
Line 457: Line 457:
 
|-
 
|-
 
||12:44
 
||12:44
||মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
+
||আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
 
|-
 
|-
 
|}
 
|}

Revision as of 16:40, 26 June 2015

Time Narration
00:00 নম্সকাৰ দৰ্শক সকল. LibreOffice Base-এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জানাইছো |
00:04 এই টিউটোৰিয়েলত শিকিম LibreOffice কি?
00:09 বেস ব্যবহাৰৰ বাবে অবশ্য পূৰণীয় শর্ত |
00:12 আপোনি Base ক লৈ কি কি কৰিবলৈ পাৰিব?
00:14 Relational Database-সংক্রান্ত প্রাথমিক ধাৰণা, নতুন Database তৈয়াৰ কৰা, Table তৈয়াৰ কৰা |
00:20 LibreOffice Base হল LibreOffice সংকলন-এৰ ফ্রন্ট এন্ড |
00:26 বেস Microsoft Access- এৰ সমতুল্য |
00:30 বেস এটা বিনামূল্য আৰু ওপেন সোর্স সফ্টওয়্যাৰ, সেয়ে এইটোক বিনামূল্য ব্যবহাৰ আৰু বিতৰণ কৰা যায় |
00:37 বেস ব্যবহাৰৰ বাবে জৰুৰি পূর্বশর্ত বোৰ চোৱা যাওক|
00:41 মাইক্রোসফ্ট উইন্ডোস সিস্টেমৰ ক্ষেত্রত আমাক লাগিব,
00:45 মাইক্রোসফ্ট উইন্ডোস ২০০০ (সার্ভিস প্যাক ৪ বা উচ্চতৰ), XP(এক্ষপী) Vista(বিস্টা), বা উইন্ডোস ৭; Pentium-এৰ সৈতে সামঞ্জ স্যপূর্ণ PC, হার্ড ডিস্কত 1.5 Gb খালি জাগা |
01:02 উবুন্টু লিনাক্সৰ বাবে আমাক লাগিব,
01:06 লিনাক্স কার্নেল সংস্কৰণ 2.6.18 বা উচ্চতৰ; পেন্টিয়াম -এৰ সৈতে সামঞ্জ স্যপূর্ণ পিসি |
01:13 উইন্ডোজ আৰু Linux উভয়ৰ বাবেই আমাক 256 MB RAM এৰ প্রয়োজন, (512 MB RAM হলে ভাল হয়) |
01:24 সিস্টেমৰ সম্পূর্ণ আবশ্যক বৈশিষ্ট্যবোৰ জনাৰ বাবে LibreOffice ওয়েবসাইটলৈ যাওক |
01:30 আপোনি জাভা ৰানটাইম এনভায়ৰনমেন্ট ইনস্টল কৰিবলৈ লাগিব, যিটো আপোনি নিম্নলিখিত লিঙ্কৰ পৰা ডাউনলোড কৰিবলৈ পাৰিব |
01:38 কেন্দ্রত 'Free Java Download' নামৰ ৰঙা বাটনত ক্লিক কৰক |
01:44 এবাৰ ফাইলটো ডাউনলোড হৈ গৈলে, তাৰ উপৰত ডবল ক্লিক কৰক আৰু ইনস্টলৰ বাবে নির্দেশাবলী অনুসৰণ কৰক |
01:52 আহক এতিয়া LibreOffice বেস ইনস্টলেশনৰ উপৰত আলোচনা কৰা যাওক|
01:56 যদি অাপোনাৰ আগৰে পৰাই LibreOffice ছোট সম্পূর্ণ ইনস্টলেশন বিকল্পৰ সৈতে ইনস্টলেশন কৰা হৈ আছে,
02:03 তেনেহলে আপোনি পর্দাৰ বাওফালে তলৰ অংশত স্টার্ট মেনুত ক্লিক কৰি LibreOffice বেসত যাব পাৰিব |
02:12 প্রথমে ALL প্রোগ্রামস ত ক্লিক কৰক, তাৰপিছত LibreOffice সংকলন-এৰ উপৰত ক্লিক কৰক |
02:21 যদি আপোনি LibreOffice সংকলন ইনস্টল কৰি থোৱা নাই,
02:24 তেনেহলে আপোনি অফিসিয়েল ওয়েবসাইটলৈ যাওক আৰু 'Download LibreOffice' নামৰ সেউজীয়া ক্ষেত্রত ক্লিক কৰি বেস ইনস্টল কৰক |
02:37 বিস্তাৰিত নির্দেশাবলী LibreOffice সংকলন এৰ প্রথম টিউটোৰিয়েলত পোৱা যাব |
02:43 মনত ৰাখিব, 'Base' ইনস্টল কৰাৰ সময়ত, 'Complete' বিকল্পটো নির্বাচন কৰিব |
02:50 ঠিক আছে, এইবাৰ পিছৰ বিষয়লৈ যোৱা যাওক|
02:54 LibreOffice বেসত আপোনি কি কি কৰিবলৈ পাৰিব ?
02:57 বেসত আপোনি তথ্যক সংগঠিত ভাবে সংৰক্ষণ কৰিবলৈ পাৰিব |
03:02 তথ্য লিখি আৰু ফর্ম ব্যবহাৰ কৰি তথ্য দেখিব পাৰিব |
03:08 প্রশ্নৰ মাধ্যমেৰে আৰু ডিজাইনেৰে তথ্য উদ্ধাৰ কৰা আৰু  
03:12 ভাল ৰিপোর্ট বনাবলৈ পাৰিব যি ছপাৰ বাবে প্রস্তুত থাকিব ।
03:17 বেসে আপোনাক ডাটাবেস পৰিচালনা কৰিবলৈ সাহায্য কৰিব |
03:21 আপোনি হয়তো জানে, ডাটাবেস হল তথ্য, ফর্ম, প্রশ্ন আৰু ৰিপোর্টৰ এটা দল |
03:29 উদাহৰণস্বৰুপে, গ্রাহক তথ্য ডেটাবেস পৰিচালনা কৰিবলৈ বেসৰ ব্যবহাৰ কৰা যাব পাৰে,
03:36 বিক্রিৰ আদেশ আৰু চালান-সংক্রান্ত তথ্য ৰাখিব, ছাত্রৰ নম্বৰৰ ডেটাবেস বজায় ৰাখিব বা গ্রন্থাগাৰৰ ডাটাবেস নির্মাণ কৰিবলৈ |
03:47 আহক এতিয়া ডাটাবেস-সম্পর্কে কিছু প্রাথমিক ধাৰণা কৰা যাওক|
03:51 এটা ডাটাবেসৰ তথ্য টেবোলত সংগঠিত আৰু সংৰক্ষিত কৰা থাকে |
03:56 তথ্যবোৰ টেবোলৰ সাৰি আৰু কলমত ভাগে ভাগে থাকে |
04:03 এনেধৰনৰ এটা ডাটাবেসক ৰিলেশনেল ডাটাবেস নামেৰেও পৰিচিত হয় কাৰণ তাত এটা টেবোলৰ সৈতে অান টেবোলত এটা কলামৰ লগতে সম্পর্কযুক্ত থাকে |
04:15 গ্রন্থাগাৰ-এৰ বাবে সহজ ডাটাবেসক লৈ আলোচনা কৰক |
04:20 এটা গ্রন্থাগাৰ কিতাপৰ সংকলন হব পাৰে,
04:23 আৰু কিতাপবোৰ গ্রন্থাগাৰ-এৰ সদস্যকক দিব পাৰে |
04:28 এটা কিতাপৰ শিৰোনাম, লেখক, প্রকাশক, প্রকাশনৰ বছৰ আৰু মূল্য থাকিব পাৰে |
04:37 এইবোৰকে attributes বা বৈশিষ্ট্য বোলা হয় |
04:42 একেইভাবে, এটা গ্রন্থাগাৰ-এৰ সদস্যৰ নাম, ফোন নম্বৰ আৰু ঠিকানা থাকে,
04:48 আৰু গ্রন্থা গাৰত মাত্র সদস্যকেই কিতাপ দিয়া হয় |
04:54 এতিয়া দেখা যাওক, কিভাবে সাৰি আৰু কলমত তথ্য সংৰক্ষণ কৰা যাব পাৰে |
05:02 প্রতিটো কিতাপৰ সম্পর্কিত তথ্য বুকস টেবোলত সংৰক্ষিত কৰা যাব পাৰে |
05:08 কিতাপৰ বৈশিষ্ট্যবোৰ কলম হব যেনে কিতাপৰ শিৰোনাম, লেখক, প্রকাশক, প্রকাশনাৰ বছৰ আৰু মূল্য |
05:19 প্রতিটো কিতাপ বেলেগ ভাবে সিনাক্ত কৰাৰ বাবে, এটা কলম BookId যোগ কৰক |
05:27 এইভাবে, আমি একেই শিৰোনামৰ দুটা সম্পূর্ণ বেলেগ কিতাপ ইয়াত ৰাখিব পাৰি |
05:33 একেইভাবে, এটা Members টেবোলত যেনে নাম আৰু ফোন-এৰ কলম থাকিব পাৰে |
05:40 আৰু প্রতিটো সদস্যক বেলেগ ভাবে সিনাক্ত কৰাৰ বাবে MemberId কলম থাকিব ।
05:47 আৰু আমি BooksIssued নামৰ তৃতীয় টেবোলত কোন কোন সদস্যক কিতাপ দিয়া হৈছে, সেই তথ্য ৰাখিব পাৰি |
05:56 এই টেবোলত তথ্য হিসাবে থাকিব - সদস্যক দিয়া কিতাপ, সদস্য, কিতাপ দিয়াৰ তাৰিখ, কিতাপ উভতি দিয়াৰ তাৰিখ, উভতাৰ আসল তাৰিখ আৰু কিতাপ দিয়া হৈছে কি নাই |
06:09 এই টেবোল-বোৰৰ তথ্য সংযুক্ত কৰাৰ বাবে আমি টেবোল বোৰৰ সম্পর্ক স্থাপন কৰিবলৈ পাৰো |
06:16 এতিয়া ই আমাক 'Relational Database' ক পৰিচালনা কৰিবলৈ সাহায্য কৰিব |
06:22 ৰিলেশনেল ডাটাবেস-এৰ উপৰত বিস্তাৰিত জানাৰ বাবে spokentutorial.org ওয়েবসাইট -এৰ অন্যান্য টিউটোৰিয়েলবোৰ চাওক |
06:35 ঠিক আছে, এতিয়া বেসতপ্ রথম এটা ডাটাবেস "Library" তৈয়াৰ কৰা যাওক|
06:43 এটা নতুন ডাটাবেস তৈয়াৰ কৰাৰ বাবে প্রথমে বেস প্রোগ্রাম খোলক |
06:50 তাৰপিছত উইন্ডোজ-এৰ পর্দাৰ তলৰ বাওফালে উপস্থিত স্টার্ট মেনুত ক্লিক কৰক, তাৰপিছত All প্রোগ্রামস -এৰ উপৰত, তাৰপিছত LibreOffice suite আৰু LibreOffice বেসত ক্লিক কৰক |
07:08 ডাটাবেস উইজার্ড নামৰ এটা পপ আপ উইন্ডো প্রর্দশিত হৈছে |
07:13 এটা নতুন ডাটাবেস তৈয়াৰ কৰিবলৈ Next বাটনত ক্লিক কৰক |
07:19 পিছৰ উইন্ডোত Finish বাটনত ক্লিক কৰক |
07:23 এইটো Save As উইন্ডো প্রর্দশিত কৰিব |
07:27 যিহেতু আমি এটা গ্রন্থাগাৰৰ ডাটাবেস নির্মাণ কৰিছো, সেই ফাইল-এৰ নামৰ টেক্সট বাক্সত লিখক "Library",
07:35 আৰু তাৰপিছত Save বোতামত ক্লিক কৰক |
07:39 এতিয়া আমি ডেটাবেসত আছো |
07:42 ইয়াৰ পিছত, তথ্য সংৰক্ষণ কৰাৰ বাবে টেবোল তৈয়াৰ কৰক |
07:46 এটা নতুন টেবোল তৈয়াৰৰ বাবে, বাওফালৰ ডাটাবেস তালিকাযত Tables আইকনৰ উপৰত ক্লিক কৰক |
07:54 সোফালে Tasks তালিকাত ' 'Create Table in Design View ত ক্লিক কৰক, এইটো অন্য এটা উইন্ডো প্রর্দশিত কৰিব |
08:05 ইয়াত ফীল্ড নেম বা ক্ষেত্রবোৰৰ নামৰ প্রথম কলম হিসাবে 'BookId' লিখক |
08:13 ট্যাব কি ব্যবহাৰ কৰি Field Type বা ক্ষেত্র প্রকাৰ কলামলৈ যাওক |
08:18 যিহেতু BookId প্রতিটো কিতাপৰ বাবে বেলেগ হব, সেই ড্রপডাউন তালিকাৰ পৰা Field Type বা ক্ষেত্র প্রকাৰ হিসাবে Integer নির্বাচন কৰক |
08:32 তলৰ বিভাগত ফীল্ড Properties পৰিবর্তন কৰক |
08:36 AutoValue ক No পৰা  Yes লৈ পৰিবর্তন কৰক |
08:41 এই ক্ষেত্রটোৱে এতিয়া প্রতিটো কিতাপক বেলেগ ভাবে সিনাক্ত কৰিব |
08:46 অন্য কথাত, এই ক্ষেত্রটোক প্রাইমাৰি কি বা প্রধান কি বোলা হয় |
08:52 BookId ক্ষেত্রৰ বাওফালে হালধীয়া কি চিহ্নটো লক্ষ্য কৰক |
08:58 দেখা যাওক, কিভাবে আমি ক্ষেত্র নামবোৰৰ বাবে ক্ষেত্র প্রকাৰ বাছে নিব পাৰি |
09:05 ফীল্ড Types বা ক্ষেত্র প্রকাৰ Text, integer, numerical, decimal বা তাৰিখ হব পাৰে |
09:13 যি ক্ষেত্রত সাধাৰণ তথ্য আছে তাত টেক্সট ব্যবহাৰ কৰক, যেনে নাম, শিৰোনাম, ঠিকনাৰ ক্ষেত্র |
09:22 যি ক্ষেত্রত মাত্র সংখ্যা উপস্থিত থাকিব পাৰে তাত integer, numerical, decimal ব্যবহাৰ কৰক |
09:30 উদাহৰণস্বৰুপে, দাম সম্পর্কিত ক্ষেত্রৰ বাবে numeric ব্যবহাৰ কৰক আৰু বছৰৰ বাবে integer ব্যবহাৰ কৰক |
09:39 আহক, এতিয়া বাকি ক্ষেত্রবোৰ তৈয়াৰ কৰা যাওক|
09:43 Title, ক্ষেত্র প্রকাৰ (Field type) Text, Author
09:52 ক্ষেত্র প্রকাৰ (Field type) Text, Published Year
09:59 ক্ষেত্র প্রকাৰ (Field type) Integer
10:05 Publisher
10:09 ক্ষেত্র প্রকাৰ (Field type) Text
10:11 Price
10:14 ক্ষেত্র প্রকাৰ (Field type) Numeric
10:18 Length ক ৫লৈ আৰু Decimal places ২লৈ  পৰিবর্তন কৰক |
10:25 উদাহৰণস্বৰুপে, Format বাটনত ক্লিক কৰক |
10:29 এইটোৱে Field Format window প্রর্দশিত কৰিব |
10:33 কেটেগৰী তালিকাৰ পৰা Currency আৰু ফৰম্যাট তালিকাৰ পৰা INR নির্বাচন কৰক |
10:42 1234.00 টকা পছন্দ কৰক যত দুই দশমিক স্থান আছে |
10:54 উল্লেখ্য, দুই দশমিক স্থানক লৈ মোট দৈর্ঘ্য পাঁচ হৈছে |
11:02 OK বাটনৰ উপৰত ক্লিক কৰক । এতিয়া আমি সকলো বুকস টেবোলৰ বাবে সকলো কলম তৈয়াৰ কৰি ৰাখিছো |
11:11 এতিয়া টেবোলটো সেভ কৰক |
11:14 File মেনুত Save আইকনত ক্লিক কৰক |
11:20 টেবোলৰ নাম টেক্সট বাক্সত 'Books' লিখক |
11:25 লক্ষ্য কৰক, ডাটাবেস ‘Library’ যত সংৰক্ষিত হৈছে, এইটোও সেই একেই স্থানত সেভ হৈছে কাৰণ টেবোলটো ডাটাবেসৰই এটা অংশ ।
11:36 এইবাৰ OK বাটনৰ উপৰত ক্লিক কৰক |
11:39 পিছৰ টিউটোৰিয়েলত, আমি বুকস টেবোলত তথ্য যোগ কৰা আৰুা টেবোলৰ নতুন দুট মেম্বার্স আৰু Books Issued টেবোল বনাম |******
11:50 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো |
11:54 সংক্ষেপে, আমি নিম্নলিখিতবোৰ শিকিছো:
11:58 LibreOffice বেস কি?
12:01 বেস ব্যবহাৰৰ বাবে অবশ্য পূৰণীয় শর্ত ।
12:03 আপোনি বেসত কি কি কৰিবলৈ পাৰিব? ৰিলেশনেল ডাটাবেস-সংক্রান্ত প্রাথমিক ধাৰণা |
12:08 এটা নতুন ডাটাবেস তৈয়াৰ কৰা, এটা টেবোল তৈয়াৰ কৰা |
12:13 বেস সংক্রান্ত পৰবর্তী টিউটোৰিয়েল হল Tables and Relationships.
12:18 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশ বিশেষ |
12:24 এইটো ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত |
12:32 এই প্রকল্পটি http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় |
12:38 এই বিষয়ে বিস্তাৰিত তথ্য নিম্নলিখিত লিঙ্ক পৰা পোৱাযাবে |
12:44 আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi