Difference between revisions of "LibreOffice-Impress-on-BOSS-Linux/C3/Slide-Creation/Assamese"
From Script | Spoken-Tutorial
(Created page with "=Resources for recording= Slide Creation {| border=1 || '''Visual Cue''' || '''Narration''' |- || 00.00 || নমস্কাৰ দৰ্শ...") |
|||
Line 3: | Line 3: | ||
{| border=1 | {| border=1 | ||
− | || ''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
Revision as of 16:15, 5 March 2015
Resources for recording
Time | Narration |
00.00 | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ ইমপ্ৰেছত শ্লাইড ক্ৰিয়েশ্যন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ। |
00.06 | এই টিউটৰিয়েলত আমি শ্লাইড শ্ব’ (Slide Shows), শ্লাইড ট্ৰেনজিশ্যন (Slide Transitions), অটোমেটিক শ্ব’ (Automatic Shows)-ৰ বিষয়ে শিকিম। |
00.16 | দৰ্শকৰ আগত শ্লাইড প্ৰদৰ্শন কৰিবলৈ শ্লাইড শ্ব’ ব্যৱহাৰ কৰা হয়। |
00.21 | শ্লাইড শ্ব’ ডেস্কটপ বা প্ৰজেক্টত দেখুৱাব পাৰি। |
00.25 | শ্লাইড শ্ব’ই কম্পিউটাৰৰ গোটেই পৰ্দাখন আগুৰি লয়। |
00.30 | শ্লাইড শ্ব’ ম’ডত থকা অৱস্থাত প্ৰেজেণ্টেশ্যন এডিট কৰিব নোৱাৰি। |
00.34 | শ্লাইড শ্ব’ কেৱল দেখুৱাবৰ বাবেহে। |
00.38 | Sample-Impress.odp নামৰ প্ৰেজেণ্টেশ্যনটো খোলক। |
00.43 | প্ৰেজেণ্টেশ্যনটো শ্লাইড শ্ব’ হিচাপে চোৱা যাওক। |
00.47 | মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক। |
00.53 | ইয়াৰ পৰিৱৰ্তে শ্লাইড শ্ব’ আৰম্ভ কৰিবলৈ F5 ফাংশ্যন কীও ব্যৱহাৰ কৰিব পাৰে। |
01.00 | প্ৰেজেণ্টেশ্যনটো শ্লাইড শ্ব’ হিচাপে প্ৰদৰ্শিত হৈছে। |
01.04 | আপোনাৰ কীব’ৰ্ডৰ এৰো (arrow) বাটন ব্যৱহাৰ কৰি এখন শ্লাইডৰ পৰা আন এখন শ্লাইডলৈ যাব পাৰে। |
01.10 | ইয়াৰ বিকল্প হিচাপে, মাউচত ৰাইট ক্লিক কৰি কনটেক্সট মেনুৰ পৰা Next নিৰ্বাচন কৰক। |
01.16 | ইয়ে আপোনাক পিছৰ শ্লাইডখনলৈ লৈ যাব। |
01.20 | শ্লাইড শ্ব’ বন্ধ কৰিবলৈ মাউচত ৰাইট ক্লিক কৰক আৰু কনটেক্সট মেনুত End Show নিৰ্বাচন কৰক। |
01.28 | Escape বাটন ক্লিক কৰিও শ্লাইড শ্ব’ বন্ধ কৰিব পাৰি। |
01.33 | Mouse pointer as pen অপশ্যন ব্যৱহাৰ কৰি আপুনি দৰ্শকৰ সৈতে যোগাযোগো কৰিব পাৰে। |
01.40 | এই অপশ্যনটো সক্ৰিয় কৰি ই কেনেকৈ কাম কৰে চোৱা যাওক। |
01.45 | মেইন মেনুৰ পৰা Slide Show আৰু তাৰ পিছত Slide Show Setting-অত ক্লিক কৰক। |
01.51 | Slide Show ডায়লগ বক্সটো ওলাই আহে। |
01.54 | Options-অৰ অধীনত থকা Mouse Pointer visible আৰু Mouse Pointer as Pen বক্সত চ্চেক (check) দিয়ক। |
02.02 | ডায়লগ বক্সটো বন্ধ কৰিবলৈ OK-ত ক্লিক কৰক। |
02.06 | মেইন মেনুৰ পৰা আকৌ Slide Show আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক। |
02.13 | লক্ষ্য কৰক যে কাৰ্চৰডাল এতিয়া এটা পেনললৈ পৰিৱৰ্তিত হৈ গৈছে। |
02.17 | এই অপশ্যনে শ্লাইড শ্ব’ ম’ডত থকা অৱস্থাত প্ৰেজেণ্টেশ্যনটোত লিখিবলৈ বা আঁকিবলৈ সুবিধা দিয়ে। |
02.24 | লেফট্ মাউচ বাটনত ক্লিক কৰি পেনটোৰ সহায়ত আঁকিব পাৰি। |
02.29 | প্ৰথম পইণ্টটোৰ বিপৰীতে এটা টিক মাৰ্ক আঁকি চাওঁ। |
02.34 | এইখিনিতে টিউটৰিয়েলটো ৰখাই থওক আৰু এই এছাইনমেণ্ট কৰক। |
02.38 | এখন ইমপ্ৰেছ শ্লাইডত এটা সৰু ডায়গ্ৰাম আঁকিবলৈ স্কেছ পেন ব্যৱহাৰ কৰক। |
02.47 | এতিয়া মাউচত লেফট্ ক্লিক কৰক। পিছৰ শ্লাইডখন প্ৰদৰ্শিত হৈছে। |
02.52 | স্পেচ বাৰ টিপিও আপুনি পিছৰ শ্লাইডখনলৈ যাব পাৰে। |
02.57 | এতিয়া শ্লাইড শ্ব’টো বন্ধ কৰা যাওক। ৰাইট ক্লিক কৰি কনটেক্সট মেনুত End Show-ত ক্লিক কৰক। |
03.05 | ইয়াৰ পিছত Slide Transitions-অৰ বিষয়ে শিকা যাওক। |
03.09 | Slide Transitions-নো কি? |
03.12 | এটা প্ৰেজেণ্টেশ্যনত এখন শ্লাইডৰ পৰা আন এখনলৈ যাওঁতে শ্লাইডত প্ৰয়োগ কৰা এফেক্টেই হৈছে ট্ৰেনজিশ্যন। |
03.22 | মেইন পেনত Slide Sorter টেবত ক্লিক কৰক। |
03.26 | প্ৰেজেণ্টেশ্যনটোৰ সকলোবিলাক শ্লাইড ইয়াত প্ৰদৰ্শিত হৈছে। |
03.31 | এই ভিউৰ জৰিয়তে এটা প্ৰেজেণ্টেশ্যনৰ শ্লাইডবিলাকৰ ক্ৰম আপুনি সহজেই সাল-সলনি কৰিব পাৰে। |
03.37 | ১ নম্বৰ শ্লাইডখন চিলেক্ট কৰক। |
03.40 | এতিয়া লেফট্ মাউচ বাটন ক্লিক কৰক। শ্লাইডখন ড্ৰেগ আৰু ড্ৰপ কৰি তিনি নম্বৰ আৰু চাৰি নম্বৰ শ্লাইডৰ মাজত বহুৱাই দিয়ক। |
03.48 | শ্লাইডবিলাক ৰিএৰেঞ্জড্ হৈ গ’ল। |
03.52 | এই একশ্যনটো আনডু কৰিবলৈ Ctrl+Z টিপক। |
03.57 | এবাৰতে আপুনি প্ৰত্যেকখন শ্লাইডত বেলেগ বেলেগ ট্ৰেনজিশ্যন যোগ দিব পাৰে। |
04.02 | Slide Sorter ভিউৰ পৰা প্ৰথম শ্লাইডখন চিলেক্ট কৰক। |
04.06 | এতিয়া Task পেনৰ পৰা Slide Transitions-অত ক্লিক কৰক। |
04.13 | Apply to selected slides-অৰ অধীনত স্ক্ৰল কৰি Wipe Up চিলেক্ট কৰক। |
04.19 | লক্ষ্য কৰক যে মেইন পেনত ট্ৰেনজিশ্যন এফেক্ট প্ৰদৰ্শিত হৈছে। |
04.24 | স্পীড ড্ৰপ ডাউন মেনুৰ পৰা নিৰ্দিষ্ট অপশ্যন বাছনি কৰি আপুনি ট্ৰেনজিশ্যন স্পীড নিয়ন্ত্ৰণ কৰিব পাৰে। |
04.31 | Modify Transitions-ৰ অধীনত থকা Speed ড্ৰপ ডাউন বক্সত ক্লিক কৰক। এতিয়া Medium-অত ক্লিক কৰক। |
04.39 | এতিয়া, ট্ৰেনজিশ্যনৰ বাবে চাউণ্ড সজোৱা যাওক। |
04.43 | Modify Transitions-ৰ অধীনত থকা Sound ড্ৰপ ডাউন বক্সত ক্লিক কৰক। Beam বাছনি কৰক। |
04.52 | একেদৰে, দ্বিতীয়খন শ্লাইড চিলেক্ট কৰক। |
04.56 | Task পেনত Slide Transitions-অত ক্লিক কৰক। |
05.00 | Apply to selected slides-ৰ অধীনত থকা wheel clockwise, 4 spokes বাছনি কৰক। |
05.08 | এতিয়া Speed ড্ৰপ ডাউন বক্সত ক্লিক কৰক। Medium চিলেক্ট কৰক। |
05.13 | ইয়াৰ পিছত Sound ড্ৰপ ডাউন বক্সত ক্লিক কৰক। Applause বাছনি কৰক। |
05.21 | এতিয়া আমি তৈয়াৰ কৰা ট্ৰেনজিশ্যন এফেক্ট চোৱা যাওক। |
05.25 | Play-ত ক্লিক কৰক। |
05.28 | শ্লাইড ট্ৰেনজিশ্যন কেনেকৈ এনিমেট কৰা যায় আৰু চাউণ্ড এফেক্ট যোগ দিয়া যায় সেই বিষয়ে এতিয়া আমি শিকিলো। |
05.35 | এতিয়া শিকা যাওক নিজে নিজে গৈ থকা এটা প্ৰেজেণ্টেশ্যন কেনেকৈ তৈয়াৰ কৰিব পাৰি। |
05.42 | Task পেনৰ পৰা Slide Transitions-অত ক্লিক কৰক। |
05.46 | Transition Type-ত Checkerboard Down চিলেক্ট কৰক। |
05.50 | Speed ড্ৰপ ডাউনৰ পৰা Medium চিলেক্ট কৰক। |
05.55 | Sound ড্ৰপ ডাউনৰ পৰা Gong চিলেক্ট কৰক। |
06.00 | Loop Until Next Sound-অত চ্চেক (check) দিয়ক। |
06.04 | Automatically After ৰেডিঅ’ বাটনত ক্লিক কৰক। |
06.09 | সময় হিচাপে 1 sec চিলেক্ট কৰক। |
06.14 | Apply to all Slides-অত ক্লিক কৰক। |
06.18 | মন কৰিব যে Apply to all Slides বাটনত ক্লিক কৰিলে একেটা ট্ৰেনজিশ্যন সকলোবোৰ শ্লাইডতে প্ৰয়োগ হয়। |
06.25 | এই ধৰণে প্ৰত্যেকখন শ্লাইডতে বেলেগে বেলেগে ট্ৰেনজিশ্যন প্ৰয়োগ নকৰিলেও হয়। |
06.31 | Main মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show চিলেক্ট কৰক। |
06.38 | লক্ষ্য কৰক যে শ্লাইডবিলাক নিজে নিজে আগবাঢ়ি গৈছে। |
06.49 | প্ৰেজণ্টেশ্যনটো বন্ধ কৰিবলৈ Escape কী টিপক। |
06.54 | এতিয়া শিকা যাওক— বেলেগ বেলেগ সময়ৰ বাবে প্ৰদৰ্শিত হোৱা শ্লাইডেৰে নিজে নিজে আগবাঢ়ি যোৱা প্ৰেজেণ্টেশ্যন কেনেকৈ তৈয়াৰ কৰিব পাৰি। |
07.03 | যেতিয়া এটা প্ৰেজেণ্টেশ্যনৰ কিছুমান শ্লাইড দীঘলীয়া সময়ৰ বাবে অধিক জটিল হয়, তেতিয়া এইটো উপযোগী হৈ পৰে। |
07.13 | মেইন পেনৰ পৰা প্ৰথমে Slide Sorter টেবত ক্লিক কৰক। |
07.18 | দ্বিতীয়খন শ্লাইড চিলেক্ট কৰক। |
07.21 | Task পেনলৈ যাওক। |
07.24 | Slide Transitions-অৰ অধীনত থকা Advance Slide অপশ্যনলৈ যাওক। |
07.29 | Automatically after ফিল্ডত সময় হিচাপে 2 seconds ভৰাওক। |
07.37 | মেইন পেনৰ পৰা তৃতীয়খন শ্লাইড চিলেক্ট কৰক। |
07.42 | Task পেনললৈ যাওক। |
7.44 | Slide Transitions-অৰ অধীনত থকা Advance slide অপশ্যনলৈ যাওক। |
07.49 | Automatically after ফিল্ডত সময় হিচাপে 3 seconds ভৰাওক। |
07.57 | চতুৰ্থখন শ্লাইড চিলেক্ট কৰক আৰু আগৰ শ্লাইডখনত কৰা কামখিনি কৰক। সময় 4 second দিয়ক। |
08.08 | মেইন মেনুৰ পৰা Slide Show-ত ক্লিক কৰক আৰু তাৰ পিছত Slide Show-ত ক্লিক কৰক। |
08.13 | লক্ষ্য কৰক যে প্ৰত্যেকখন শ্লাইড বেলেগ বেলেগ দৈৰ্ঘ্যৰ সময়ৰ বাবে প্ৰদৰ্শিত হৈছে |
08.19 | Escape কী টিপি প্ৰেজেণ্টেশ্যনটো বন্ধ কৰক। |
08.24 | এইখিনিতে এই টিউটৰিয়েলৰ অন্ত পৰিছে। এই টিউটৰিয়েলত আমি শ্লাইড শ্ব’, শ্লাইড ট্ৰেনজিশ্যন, অটোমেটিক শ্ব’ৰ বিষয়ে শিকিলো। |
08.37 | আপোনাৰ বাবে এটা এছাইনমেণ্ট: |
08.40 | এটা নতুন প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰক। |
08.42 | এটা ক্লকৱাইজ হুইল যোগ দিয়ক। |
08.46 | দ্বিতীয় আৰু তৃতীয়খন শ্লাইডত 2 spoke transition যোগ দি Gong চাউণ্ড যোগ দিয়ক। |
08.54 | এটা অটোমেটিক শ্লাইড শ্ব’ তৈয়াৰ কৰক। |
08.58 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ এই লিংকত থকা ভিডিঅ চাওক। ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
09.04 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09.09 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। |
09.18 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক। |
09.25 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
09.37 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই লিংকত পোৱা যাব। |
09.48 | এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামিয়ে আৰু এইয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. যোগদান কৰাৰ বাবে ধন্যবাদ। |