Difference between revisions of "LibreOffice-Suite-Base/C3/Create-simple-queries-in-SQL-View/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 123: Line 123:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:29
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:29
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু <nowiki>*</nowiki> হৈছে ৱাইল্ড কাৰ্ড। ইয়াত ইয়াৰ অৰ্থ হৈছে বুকচ্ টেবুলৰ সকলোবিলাক ফিল্ড বা কলম আহৰণ কৰা।************
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু <nowiki>*</nowiki> হৈছে ৱাইল্ড কাৰ্ড। ইয়াত ইয়াৰ অৰ্থ হৈছে বুকচ্ টেবুলৰ সকলোবিলাক ফিল্ড বা কলম আহৰণ কৰা।
  
 
|-
 
|-
Line 159: Line 159:
 
|-
 
|-
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:44
 
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:44
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু মিহলি কেছ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আৰু বুজিবলৈ সহজ হয়। উদাহৰণ স্বৰূপে: ডাঙৰ আখৰ&nbsp;B আৰু Iব্যৱহাৰ কৰা BooksIssued।
+
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু মিহলি কেছ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আৰু বুজিবলৈ সহজ হয়। উদাহৰণ স্বৰূপে: ডাঙৰ আখৰ&nbsp;B আৰু I ব্যৱহাৰ কৰা BooksIssued।
  
 
|-
 
|-

Revision as of 12:28, 1 December 2014

LibreOffice-Suite-Base/C3/Create-simple-queries-in-SQL-View/English-timed

Time Assamese
00:02 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
00:06 এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ:
00:09 SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়, সৰল SQL লিখা হয়
00:16 চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
00:20 আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়।
00;27 SQL ভিউত কুৱেৰি তৈয়াৰ কৰাৰ বাবে বেছ ব্যৱহাৰ কৰাৰ আগতে লিবাৰঅফিছ বেছৰ বিষয়ে আলোচনা কৰা যাওক।
00:35 বেছ HSQL ডাটাবেছ ইঞ্জিনত চলে।
00:41 জাভাত লিখা এটা অপেনচ’ৰ্চ ডাটাবেছ ইঞ্জিন চফট্‌ৱেৰ আছে। HSQLDB সম্পৰ্কে অধিক জানিবৰ বাবে http://hsqldb.org–অলৈ যাওক।
01:02 ঠিক আছে, এতিয়া SQLৰ বিষয়ে শিকা যাওক।
01:06 SQLৰ অৰ্থ হৈছে Structured Query Language। ডাটাবেছ একচেচ আৰু মেনিপুলেটিঙৰ বাবে ই এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ।
01:17 এইটো হৈছে আন্তঃৰাষ্ট্ৰীয়ভাৱে গৃহীত ANSI ষ্টেণ্ডাৰ্ড।
01:23 আৰু সেইবাবেই ইয়াক বিভিন্ন ধৰণৰ ডাটাবেছ মেনেজমেণ্ট চিষ্টেমচ্ বা DBMS-অত ব্যৱহাৰ কৰা হৈছে।
01;31 কিছুমান উদাহৰণ হৈছে— আমাৰ চিনাকি LibreOffice Base, MySQL, Microsoft SQL Server, Microsoft Access, Oracle, আৰু DB2।
01:47 SQL-ৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে এটা ডাটাবেছৰ পৰা ডাটা উদ্ধাৰ কৰা। যিটোক ডাটাবেছ কুৱেৰি কৰা বুলিও জনা যায়।
01:58 ডাটাবেছত ডাটা সুমুওৱা, ডাটাবেছত ডাটা আপডেট কৰা বা ডাটা ডিলিট কৰাৰ বাবেও SQL ব্যৱহাৰ কৰিব পাৰি।
02:09 আৰু আমি বেছ ব্যৱহাৰ কৰি এই সকলোখিনি আমাৰ আগৰ টিউটৰিয়েলত কৰি আহিছোঁ।
02:16 ইয়াৰ বাবে আমি ব্যৱহাৰকাৰীৰ বাবে অতি সুবিধাজনক উইজাৰ্ড আৰু ডিজাইনিং উইণ্ড’ ব্যৱহাৰ কৰিছিলো।
02:22 কিন্তু আণ্ডাৰলায়িং কুৱেৰি লেংগুৱেজৰ জ্ঞানে ডাটাবেছ কুৱেৰি কৰাৰ ক্ষেত্ৰত আমাক অধিক সুবিধা আৰু শক্তি দিয়ে আৰু SQL কেৱল ডাটা মডিফাই কৰাৰ বাবেই নহয়, ডাটাবেছ আৰু টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিবৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।
02:43 যিহেতু আমাৰ টিউটৰিয়েলে SQL-ৰ সকলোখিনি সামৰি নলয়, গতিকে ইয়াতে কিছুমান দৰকাৰী টিউটৰিয়েল আৰু সেইবোৰৰ ৱেবচাইট দিয়া হৈছে।
02:59 HSQLDB-ৰ নিজা ব্যৱহাৰকাৰী নিৰ্দেশিকা আছে। সেইবিলাক অনলাইনত চাব পাৰি অথবা পিডিএফ ফাইল হিচাপে ডাউনলোড কৰি কম্পিউটাৰত চেভ কৰিব পাৰি।
03:14 ঠিক আছে, এতিয়া কিছুমান SQL শিকা যাওক। আমি আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ খুলিম।
03:23 আমাৰ লাইব্ৰেৰী ডাটাবেছ খোলা যাওক। এতিয়া, বাওঁ পেনেলৰ কুৱেৰিজ তালিকাত ক্লিক কৰক।
03:34 আৰু তাৰপিছত Create Query in SQL View’-ত ক্লিক কৰক। এতিয়া আমি কুৱেৰি ডিজাইন শিৰোনামৰ এখন খালী উইণ্ড’ দেখা পাইছোঁ
03:46 আৰু ইয়াতে আমি SQL-অত আমাৰ কুৱেৰি লিখিম।
03:51 গতিকে আমাৰ প্ৰথম সৰল কুৱেৰি লিখা যাওক। আৰু সেয়া হৈছে লাইব্ৰেৰীৰ সকলো কিতাপৰ তথ্য আহৰণ কৰা। সহজ।
04:02 যিকোনো আহৰণৰ বাবে SELECT কিৱৰ্ড ব্যৱহাৰ কৰিব লাগে। গতিকে আমি আমাৰ কুৱেৰি এই ধৰণে লিখিম:
04:10 SELECT * FROM Books
04:15 ইয়াত বুকচ্ হৈছে টেবুলৰ নাম। বুকচত ডাঙৰ আখৰ B-টো লক্ষ্য কৰক।
04:23 আমি আগতে ব্যৱহাৰ কৰা টেবুল বা কলম নামবিলাক বিশ্বাসযোগ্যভাৱে অনুসৰণ কৰিম।
04:29 আৰু * হৈছে ৱাইল্ড কাৰ্ড। ইয়াত ইয়াৰ অৰ্থ হৈছে বুকচ্ টেবুলৰ সকলোবিলাক ফিল্ড বা কলম আহৰণ কৰা।
04:39 এতিয়া ইয়াক কাৰ্যকৰীকৰণ বা ৰান কৰিম। ‘এডিট’ মেনুত ক্লিক কৰক আৰু তাৰপিছত ‘ৰান কুৱেৰি’ত ক্লিক কৰক।
04;48 এতিয়া আমি কিতাপৰ তথ্য সম্বলিত তালিকাৰে সৈতে এখন টপ পেনেল দেখা পাইছোঁ।
04:53 আমি এইখন কুৱেৰি বা আমি লিখা অন্য যিকোনো কুৱেৰি চেভ কৰিব পাৰোঁ আৰু সেইবিলাকৰ বৰ্ণানাত্মক নাম দিব পাৰোঁ।
05:00 গতিকে এইখন হ’ল আমাৰ প্ৰথম সৰল কুৱেৰি। ইয়াতে কেইটামান পৰামৰ্শ:
05:06 HSQLDB ইয়াৰ ডাটাবেছ অবজেক্ট নামৰ ক্ষেত্ৰত কেছ চেনচিটিভ। যেনে টেবুল আৰু কলম নাম।
05:17 ইয়াৰ অৰ্থ হ’ল, ডাঙৰ আখৰ  B থকা Books টেবুল নামটো সৰু আখৰ b থকা books টেবুল নামৰ সৈতে একে নহয়।
05:27 কিন্তু সুবিধাৰ বাবে আমি সকলোবোৰ আপাৰকেছ বা সকলোবোৰ লৱাৰকেছ ব্যৱহাৰ কৰিব পাৰোঁ।
05:34 উদাহৰণ স্বৰূপে: BOOKSডাঙৰ আখৰত অথবা members সৰু আখৰত।
05:44 কিন্তু মিহলি কেছ ব্যৱহাৰ কৰিলে পঢ়িবলৈ আৰু বুজিবলৈ সহজ হয়। উদাহৰণ স্বৰূপে: ডাঙৰ আখৰ B আৰু I ব্যৱহাৰ কৰা BooksIssued।
05:57 বা ডাঙৰ আখৰ  R D ব্যৱহাৰ কৰা ReturnDate।
06:03 গতিকে, টেবুল নাম আৰু কলম নাম যিধৰণে তৈয়াৰ কৰা হৈছিল, সেই ধৰণেই আমি ব্যৱহাৰ কৰিব লাগিব।
06:11 SELECT-অৰ দৰে SQL কিৱৰ্ডৰ ক্ষেত্ৰত আমি যিকোনো কেছ বা মিহলি কেছ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু পঢ়াৰ সুবিধাৰ বাবে আমি সকলোতে একে ধৰণৰ কেছ ব্যৱহাৰ কৰিম।
06:25 আমাৰ উদাহৰণত আমি কিৱৰ্ডৰ বাবে সকলোবোৰ আপাৰকেছ ব্যৱহাৰ কৰিম।
06:31 এতিয়া আমি পৰৱৰ্তী কুৱেৰিলৈ যাম। ইয়াক আমি এখন নতুন উইণ্ড’ত লিখিব পাৰোঁ বা আগৰ কুৱেৰিটোৰ ওপৰতো লিখিব পাৰোঁ।
06:42 এতিয়াৰ বাবে আগৰ কুৱেৰিটোৰ ওপৰতে ইয়াক লিখা যাওক।
06:47 বুকচ্ টেবুলৰ পৰা কেইটামান নিৰ্দিষ্ট কলম আহৰণ কৰা যাওক। SELECT Title, Author FROM Books।
06:58 আৰু কুৱেৰিটো চলাওক। আমি ফাইল মেনু বাৰৰ তলত থকা ৰান কুৱেৰি আইকনটোও ব্যৱহাৰ কৰিব পাৰোঁ অথবা F5 কিবৰ্ড শ্বৰ্টকাটও ব্যৱহাৰ কৰিব পাৰোঁ।
07:13 আৰু আমি বিচৰা কলমৰ সৈতে আমাৰ ৰেকৰ্ড দেখা গৈছে।
07:19 ঠিক আছে, আগবঢ়া যাওক।
07:22 আমাৰ কুৱেৰিৰ বাবে চৰ্ত বা ক্ৰাইটেৰিয়াৰ সৈতে চিনাকি হওঁ আহক।
07:27 আমি কেৱল কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপৰ তথ্যহে আহৰণ কৰিম।
07:31 গতিকে ইয়াৰ বাবে আমাৰ কুৱেৰি হ’ব— SELECT * FROM Books WHERE Publisher = 'Cambridge'
07:46 লক্ষ্য কৰক যে আমি WHERE বুলি এটা নতুন কিৱৰ্ড আৰোপ কৰিলো।
07:52 যিটোক এটা চৰ্তই অনুসৰণ কৰিছে, য’ত কোৱা হৈছে Publisher equals Cambridge
07:59 এতিয়া আমাৰ কুৱেৰিটো চলোৱা যাওক। আৰু আমি দেখা পাইছোঁ যে কেম্ব্ৰিজৰ দ্বাৰা প্ৰকাশিত কিতাপসমূহহে প্ৰদৰ্শিত হৈছে।
08:08 এই ধৰণে আমি এটা কুৱেৰিত যিকোনো সংখ্যক চৰ্ত বা ক্ৰাইটেৰিয়া দিব পাৰোঁ।
08:14 দুটা চৰ্ত থকা এটা কুৱেৰি লিখা যাওক।
08:18 সেইখিনি কিতাপৰ তথ্য আহৰণ কৰা যাওক, যিখিনি কেম্ব্ৰিজে প্ৰকাশ কৰিছে আৰু ১৯৭৫ চনৰ পিছত প্ৰকাশিত হৈছে।
08:29 গতিকে আমাৰ কুৱেৰি হ’ব: SELECT * FROM Books WHERE Publisher = 'Cambridge' AND PublishedYear > 1975
08:49 WHERE কিৱৰ্ড বা ক্লজৰ পিছত আমি দুটা চৰ্ত দেখা পাইছোঁ।
08:55 লক্ষ্য কৰক যে সেই চৰ্ত দুটাক AND-ৰ দ্বাৰা যুক্ত কৰি থোৱা হৈছে। ইয়াত AND-অক লজিকেল অপাৰেটৰ বুলি কোৱা হয়।
09:04 আৰু ই দুটা সংযুক্ত চৰ্তক আগবঢ়াই দিয়ে। OR হৈছে অন্য এটা লজিকেল অপাৰেটৰ।
09:13 এইবিলাক পিছত ওপৰৰ কুৱেৰিত ব্যৱহাৰ কৰি ফঁহিয়াই চাব।
09:18 এতিয়া কুৱেৰিটো চলাওক আৰু ফলাফল ওপৰত লক্ষ্য কৰক।
09:23 গতিকে, আমাৰ চৰ্ত পূৰণ কৰা কিতাপখিনি হ’ল এয়া।
09:29 ঠিক আছে, একাধিক চৰ্ত যোগ কৰাৰ আন এটা উপায়ৰ বিষয়ে শিকা যাওক।
09:36 কেম্ব্ৰিজে প্ৰকাশ কৰা বা অক্সফৰ্ডে প্ৰকাশ কৰা বা দুয়োটা প্ৰকাশনে প্ৰকাশ কৰা কিতাপৰ এখন তালিকা আমি কেনেকৈ পাব পাৰোঁ?
09:46 কুৱেৰিটো হ’ব এনে ধৰণৰ:

SELECT * FROM Books WHERE Publisher IN ( 'Cambridge', 'Oxford')

10:09 IN বোলা নতুন কিৱৰ্ডটো লক্ষ্য কৰক।
10:13 কেৱল এটা কলমক ভিত্তি কৰা চৰ্তক সংযুক্ত কৰাৰ ক্ষেত্ৰত ই সহায় কৰে। এইটো ক্ষেত্ৰত কলমটো হৈছে পাব্লিশ্বাৰ।
10:21 আৰু এতিয়া ফলাফল লক্ষ্য কৰক।
10:25 ইয়াতে আপোনাৰ বাবে এটা এচাইনমেণ্ট:
10:27 তলত দিয়া বিলাকৰ বাবে SQL কুৱেৰি লিখক আৰু পৰীক্ষা কৰক:
10:33 ১. লাইব্ৰেৰীৰ সকলো সদস্যৰ তথ্য আহৰণ কৰক।

২. ১৫০.০০ টকাতকৈ বেছি দামৰ কিতাপবিলাকৰ এখন তালিকা আহৰণ কৰক। ৩. উইলিয়াম শ্বেকছপিয়েৰ বা জন মিল্টনে লিখা কিতাপৰ এখন তালিকা আহৰণ কৰক।

10:56 পৰৱৰ্তী টিউটৰিয়েলত আমি SQL-অৰ বিষয়ে অধিক শিকিম।
11:01 এইখিনিতেই লিবাৰঅফিছ বেছত কুৱেৰিজ ইন এচকিউএল ভিউ সম্পৰ্কীয় টিউটৰিয়েলৰ সামৰণি পৰিছে।
11:09 সাৰাংশ হিচাপে, আমি শিকিলো কেনেকৈ:
11:12 SQL ভিউত সৰল কুৱেৰি তৈয়াৰ কৰা হয়,
11:17 সৰল SQL লিখা হয়
11:20 চিলেক্ট, ফ্ৰম আৰু হোৱেৰ ক্লজ ব্যৱহাৰ কৰা হয়
11:25 আৰু ফিল্ড আৰু টেবুলৰ নামৰ বাবে আপাৰ, ল’ৱাৰ আৰু মিক্সড্ কেচ বাছনি কৰা হয়।
11:35 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
11;47 এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
11:55 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে। আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi