Difference between revisions of "LibreOffice-Suite-Math/C2/Introduction/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 |Time ||Narration |- |00:02 ||লিবাৰ অফিচ মেথৰ কথিত টিউটৰিয়েললৈ স্বাগতম| |- |00:06 ||এই …') |
|||
Line 352: | Line 352: | ||
|- | |- | ||
− | |09: | + | |09:48 |
||অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ| | ||অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ| | ||
|- | |- | ||
|} | |} |
Latest revision as of 11:23, 1 October 2014
Time | Narration |
00:02 | লিবাৰ অফিচ মেথৰ কথিত টিউটৰিয়েললৈ স্বাগতম| |
00:06 | এই টিউটৰিয়েলত, আমি সামৰিম লিবাৰ অফিচ মেথৰ পৰিচয় আৰু ফৰ্মূলা এডিটৰ| |
00:12 | আমি নিম্নোল্লেখিত বিষয়সমূহ শিকিব পাৰিম: |
00:15 | লিবাৰ অফিচ মেথ কি? |
00:18 | ফৰ্মূলা এডিটৰৰ সহায়ত মেথ ব্যৱহাৰ কৰিবলৈ ছিষ্টেমৰ প্ৰয়োজনীয়তা |
00:23 | এটা সাধাৰণ ফৰ্মূলা লিখিব |
00:26 | লিবাৰ অফিচ মেথ কি? |
00:29 | লিবাৰ অফিচ মেথ হ’ল গাণিতিক ফৰ্মূলাসমূহ সৃষ্টি আৰু এডিট কৰিবলৈ সজাঁ এটা ছফ্টৱেৰ এপ্লিকেশ্বন| |
00:39 | ই লিবাৰ অফিচ চুইটৰ গোটত সন্নিবিষ্ট আৰু গতিকেই ই অপেন চ’ৰ্ছ, বিনামূলীয়া, আৰু মুক্ত বিতৰণ ক্ষম| |
00:47 | মেথৰ ব্যৱহাৰত সৃষ্টি কৰা ফৰ্মূলা আৰু সমিকৰণসমূহ স্বয়ংসম্পূৰ্ণ| |
00:53 | বা ইহঁতক লিবাৰ অফিচ চুইটৰ অন্য ডকুমেন্টসমূহত ব্যৱহাৰ কৰিব পৰা যায়| |
00:58 | ফৰ্মূলাসমূহক ৰাইটাৰ বা কেল্কৰ ডকুমেন্টত সংলগ্ন কৰিব পাৰি| |
01:05 | ফৰ্মূলাৰ কিছুমান উদাহৰণ হ’ল ভগ্নাংশ, ইন্টিগ্ৰেলসমূহ, সমীকৰণসমূহ, আৰু মেট্ৰিক্সসমূহ| |
01:13 | মেথ ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ছিষ্টেম অৰ্হতা চোৱাঁ যাওঁক| |
01:17 | উইন্ড’জৰ বাবে, মাইক্ৰ’ছফ্ট উইন্ড’জ 2000 (Service Pack 4 বা অধিক), XP, Vista বা উইন্ড’জ 7; |
01:28 | পেন্টিয়াম-compatible PC, 256 Mb RAM (512 Mb RAM recommended); |
01:36 | উবুন্টু লিনাক্সৰ বাবে: লিনাক্স কাৰনেল সংস্কৰণ 2.6.18 বা অধিক; পেন্টিয়াম-compatible PC, 512 Mb RAM recommended |
01:51 | ছিষ্টেম অৰ্হতাৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ, লিবাৰ অফিচ ৱেব চাইট পৰিদৰ্শন কৰক| |
01:58 | আপুনি যদি আগতেই লিবাৰ অফিচ চুইট ইনষ্টল কৰি থৈছে, তেন্তে আপুনি লিবাৰ অফিচ চুইটৰ প্ৰগ্ৰামসমূহৰ মাজত মেথ বিছাৰি পাব| |
02:06 | আপুনি যদি লিবাৰ অফিচ ইনষ্টল কৰা নাই, তেন্তে আপুনি তাক অফিছিয়েল ৱেব চাইটৰ পৰা ডাওনল’ড কৰিব পাৰে| |
02:14 | লিনাক্সত ইয়াক আপুনি চেনেপ্তিক পেকেজ মেনেজাৰৰ পৰা ইনশ্টল কৰিব পাৰে| |
02:18 | মই লিবাৰ অফিচৰ সংস্কৰণ 3.3.3 ইনষ্টল কৰিছোঁ| |
02:24 | ঠিক আছে, আমি তেন্তে আৰম্ভ কৰোঁ আৰু মেথ এপ্লিকেশ্বন অপেন কৰোঁ| |
02:28 | উইন্ড’জত ষ্টাৰ্ট মেনুলৈ যাওঁক| অল প্ৰগ্ৰামত ক্লিক কৰক, তাৰ পিছত লিবাৰ অফিচ চুইট আৰু তাৰ পিছত লিবাৰ অফিচ মেথ |
02:39 | লিবাৰ অফিচ ৰাইটাৰ ডকুমেন্টৰ ভিতৰৰ পৰা আমি ইয়াক আহ্বাণ কৰিব পাৰোঁ| |
02:46 | এতিয়া নতুন ডকুমেন্ট এটা খুলিবলৈ লিবাৰ অফিচ ৰাইটাৰত ক্লিক কৰা যাওঁক| |
02:53 | এতিয়া, ৰাইটাৰ উইন্ড’ত, মেথক আহ্বান কৰা হওঁক| |
02:57 | মেইন মেনু বাৰৰ পৰা ইনচাৰ্ট মেনুত আৰু তাৰ পিছত তলৰ পালে থকা অৱজেক্টত ক্লিক কৰা যাওঁক আৰু তাৰ পিছত ফৰ্মূলাত ক্লিক কৰক| |
03:09 | এতিয়া আমি ৰাইটাৰ উইন্ড’ত তিনিখন ক্ষেত্ৰ দেখিবলৈ পাম| |
03:14 | প্ৰথমখন হ’ল ৰাইটাৰ ক্ষেত্ৰ যিখন আটাইতকৈ উপৰত| |
03:18 | ইয়াত, সৰু গেৰুৱা বাকচটোলৈ মন কৰক| |
03:22 | ইয়াতেই আমি লিখা সমীকৰণ বা ফৰ্মূলাসমূহ গাণিতিক ৰূপত দৃশ্যায়িত হ’ব| |
03:30 | দ্বিতীয়খন হ’ল তলত থকা ফৰ্মূলা এডিটৰ ক্ষেত্ৰ| |
03:37 | ইয়াত আমি বিশেষ মাৰ্ক আপ লেঙ্গুৱেইজত গাণিতিক ফৰ্মূলাসমূহ টাইপ কৰিব পাৰিম| |
03:44 | আৰু তৃতীয়খন হ’ল সোঁফালে উপঙি তকা এলিমেন্ট উইন্ড’| |
03:50 | আপুনি যদি এলিমেন্ট উইন্ড’খন দেখা নেপায়, আমি তাক ভিউ মেনুৰ পৰা এলিমেন্ট বাচনি কৰি এক্সেচ্ কৰিব পাৰোঁ| |
04:01 | এই উইন্ড’খনে আমাক বিভিন্ন গাণিতিক সংকেত আৰু অভিব্যক্তিৰ যোগান ধৰে| |
04:08 | যদি আমি ৰাইটাৰ ক্ষেত্ৰত থকা গেৰুৱা বক্সটোৰ বাহিৰত ক্লিক কৰোঁ, মেথ উইন্ড’খন অদৃশ্য হৈ পৰিব| |
04:17 | মেথ ফৰ্মূলা এডিটৰ আৰু এলিমেন্ট উইন্ড’খন পুনৰাই আনিবলৈ গেৰুৱা বক্সটোত ডাবুল ক্লিক কৰক| |
04:24 | ঠিক আছে, এতিয়া 4 x 3 সমান হ’ল 12ৰ এই সৰল পূৰণৰ ফৰ্মূলাটো লিখা হওঁক| |
04:37 | এতিয়া এলিমেন্ট উইন্ড’ত, চিহ্নবোৰৰ কেটেগ’ৰি আছে উপৰত আৰু চিহ্নসমূহ আছে তলত| |
04:46 | এতিয়া উপৰৰ বাওঁ ফালে থকা আইকনটোত এবাৰ ক্লিক কৰা হওঁক, টুল টিপ আইকনটোৱে ইয়াত কৈছে ইউনেৰি বা বাইনেৰি অপাৰেটৰ| |
04:57 | আৰু তলত, আমি দেখিবলৈ পাম সৰল গাণিতিক অপাৰেটৰসমূহ যেনে যোগ, বিয়োগ, পূৰণ আৰু হৰণ| |
05:08 | ধৰা হওঁক দ্বিতীয় ৰ’ত আমি পূৰণ নিৰ্ণায়ক “ এ ইণ্টু বি”ত ক্লিক কৰিম| |
05:17 | এতিয়া ফৰ্মূলা এডিটৰ উইন্ড’খনলৈ মন কৰক| |
05:20 | ই “টাইম” শব্দটোৱে পৃথক কৰা দুটা প্লেচ হ’ল্ডাৰ প্ৰদৰ্শন কৰিছে| |
05:27 | আকৌ উপৰত থকা ৰাইটাৰ গেৰুৱা বক্সটোত, মন কৰা দুটা বৰ্গক পূৰণ চিহ্নৰে পৃথক কৰিছে| |
05:37 | ফৰ্মূলা এডিটৰত থকা প্ৰথম প্লেচ্ হ’ল্ডাৰটোক ডাবুল ক্লিক কৰি হাইলাইট কৰা হওঁক আৰু তাৰ পিছত 4 টাইপ কৰা হওঁক| |
05:46 | ইয়াৰ পিছত, দ্বিতীয় প্লেচ হ’ল্ডাৰটো হাইলাইট কৰা হোঁক আৰু ফৰ্মূলা এডিটৰ উইন্ড’ত 3 টাইপ কৰক| |
05:54 | মন কৰিব যে ৰাইটাৰ গেৰুৱা বক্সটো স্বয়ংক্ৰিয় ভাবে ৰিফ্ৰেচ হৈছে আৰু “ 4 into 3” দৃশ্যায়িত কৰিছে| |
06:03 | আমি উপৰত থকা ভিউ মেনুত ক্লিক কৰি পাৰোঁ আৰু আপডেটতো বাছি লব পাৰোঁ| |
06:10 | বা আমি কি-বৰ্ড ছৰ্টকাট F9 ব্যৱহাৰ কৰিও উইন্ড’ ৰিফ্ৰেচ কৰিব পাৰোঁ| |
06:16 | ইয়াৰ পিছত ফৰ্মূলাটো সম্পূৰ্ণ কৰা হওঁক আৰু তাৰ সৈতে “is equal to 12” যোগ কৰা হওঁক| |
06:24 | ইয়াৰ কাৰণে, এলিমেন্ট উইন্ড’ৰ কেটেগ’ৰি বিভাগৰ “ৰিলেশ্বন” বোলা দ্বিতীয়তো আইকনত ক্লিক কৰা হওঁক| |
06:35 | ইয়াৰ বিভিন্ন ৰেলেশ্বন এলিমেন্ট সমূহলৈ মন কৰক| |
06:38 | ইয়াৰ প্ৰথমটো ছিলেক্ট কৰা হওঁক: “a is equal to b” |
06:44 | আৰু আমি প্ৰথমটো প্লেচ হ’ল্ডাৰ ডিলিট কৰিম আৰু দ্বিতীয় প্লেচ হ’ল্ডাৰটোত 12 টাইপ কৰিম| |
06:53 | আৰু সেয়া হ’ল ৰাইটাৰ ক্ষেত্ৰত আমাৰ প্ৰথমটো সৰল ফৰ্মূলা| ‘4 times 3 is equal to 12’. |
07:01 | এতিয়া আমি শিকিলো কেনেদৰে এলিমেন্ট উইন্ড’ ব্যৱহাৰ কৰি অতি সহজ উপায়েৰে এটা ফৰ্মূলা লিখিব পাৰি| |
07:09 | আমি ফৰ্মূলা এডিটৰ উইন্ড’ত ৰাইট ক্লিক কৰি আৰু ইয়াত চিহ্ন সমূহ বাছনি কৰিও ফৰ্মূলা এটা লিখিব পাৰোঁ| |
07:19 | কন্টেক্সট মেনুত এলিমেন্ট উইন্ড’ৰ দৰে একেই কেটেগ’ৰিৰ চিহ্ন সমূহ দৃশ্যায়িত হয়| |
07:26 | যিকোনো কেটেগৰি এটা বাচনি কৰিলে ইয়াত উপলবদ্ধ চিহ্ন সমূহ প্ৰদৰ্শিত কৰে| |
07:33 | ফৰ্মূলা অন্তৰ্ভুক্ত কৰাৰ তৃতীয় এটা উপায় আছে| |
07:37 | আমি পুন:পতিয়াকৈ ফৰ্মূলা এডিটৰ উইন্ড’ত ফৰ্মূলা এটা লিখিব পাৰোঁ| |
07:42 | ইয়াত আমি গাণিতিক এপ্লিকেশ্বন বুজাতকৈ বিশেষ মাৰ্ক আপ লেঙ্গুৱেইজহে ব্যৱহাৰ কৰিম| |
07:50 | আমি ইতিমধ্যে মাৰ্ক আপ লেঙ্গুৱেইজৰ এটা সৰল উদাহৰণ দেখিলো| |
07:56 | 4 times 3 equals 12’. |
07:59 | ইয়াত “টাইমচ্” শব্দটোলৈ মন কৰক| |
08:03 | একেদৰেই 4 divided by 4 equals 1, মাৰ্ক আপ হ’ব : 4 over 4 equals 1’. |
08:15 | এতিয়া যিহেতু আমি শেষ কৰিলো, ইয়াত আপোনালোকৰ বাবে এটা অনুশিলনী আছে: |
08:20 | ৰাইটাৰ উইন্ড’ত, নিম্নোল্লেখিত ফৰমূলাসমূহ লিখা |
08:24 | 4 divided by 4 = 1 |
08:29 | আপোনাৰ ফৰ্মূলাটোৰ মাজত খালি স্থান ভৰাবলৈ “নিউ লাইন” মাৰ্ক আপ ব্যৱহাৰ কৰক| |
08:37 | A Boolean AND b |
08:40 | 4 is greater than 3 |
08:43 | x is approximately equal to y. |
08:47 | আৰু 4 is not equal to 3 |
08:51 | ইয়াৰ লগে লগে লিবাৰ অফিচ মেথ পৰিচয় আৰু ফৰ্মূলা এডিটৰ টিউটৰিয়েলৰ সমাপ্তি ঘটিল| |
08:59 | সাৰাংক্ষিত ৰূপত, আমি নিম্নোল্লেখিত বিষয়সমূহ শিকিলো: |
09:03 | লিবাৰ অফিচ মেথ কি? |
09:06 | মেথ ব্যৱহাৰৰ বাবে ছিষ্টেমৰ প্ৰয়োজনীয়ত আৰু অৰ্হতাসমূহ | |
09:10 | ফৰ্মূলা এডিটৰৰ ব্যৱহাৰ |
09:13 | এটা সৰল ফৰ্মূলা লিখিব |
09:16 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট হ’ল টক টু অ টিচাৰ প্ৰজেক্টৰ অংশ, ICT, MHRD, Government of India জড়িয়তে National Mission on Education দ্বাৰা সমৰ্থিত| |
09:28 | এই প্ৰজেক্টৰ সমন্বয় ৰক্ষা কৰিছে http://spoken-tutorial.org. |
09:33 | এই বিষয়ক অধিক তথ্য উল্লেখিত লিংকটোত উপলবদ্ধ http://spoken-tutorial.org/NMEICT-Intro. |
09:39 | এই স্ক্ৰিপ্টখন যুগুতাই উলিয়াইছে |
09:48 | অংশ গ্ৰহন কৰাৰ বাবে ধন্যবাদ| |