LibreOffice-Suite-Math/C2/Derivatives-Differential-Equations-Integral-Equations-Logarithms/Assamese
From Script | Spoken-Tutorial
Revision as of 14:59, 10 November 2014 by PoojaMoolya (Talk | contribs)
|
|
00:01 | LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:05 | এই টিউটৰিয়েলত আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশ্বিয়েল সমীকৰণ, ইন্টিগ্ৰেল সমীকৰণ আৰু সূত্ৰ ঘাতাংকৰ (Logarithms) সৈতে কেনেকৈ লিখে সেই বিষয়ে শিকিম| |
00:17 | ইয়াৰ বাবে প্ৰথমে আমি Writer ডুকুমেন্টটো খুলিম যিটো আমি আগৰ টিউটৰিয়েলত তৈয়াৰ কৰিছিলো, সেইয়া হৈছে MathExample1.odt. |
00:29 | এতিয়া আমি ডুকুমেন্টটোৰ শেষৰ পেজটোলৈ যাম আৰু নতুন পেজ এটালৈ যাবলৈ Control Enter দবাম| |
00:37 | এতিয়া টাইপ কৰক “Derivatives and Differential Equations: ” আৰু Enter কি-টো দুবাৰ টাইপ কৰক| |
00:45 | Insert মেন্যুত ক্লিক কৰি Math কল কৰা যাওক আৰু তাৰ পাছত Object আৰু তাৰ পাছত Formula-ত ক্লিক কৰক| |
00:54 | আৰু আগবঢ়াৰ আগেয়ে আমি ফ’ন্টৰ আকাৰ 18 point-লৈ বৄদ্ধি কৰো আহক| |
01:00 | এলাইনমেন্ট বাওঁফাললৈ সলনি কৰক |
01:03 | আৰু পঢ়নযোগয়তা বঢ়াবলৈ আমাৰ প্ৰতিটো উদাহৰণৰ মাজত নতুন ৰেখা আৰু খালী ৰেখা যোগ কৰিম| |
01:11 | এতিয়া আহক আমি Derivatives আৰু differential equation কেনেকৈ লিখে তাক শিকো| |
01:19 | Math-এ এই সূত্ৰ বা সমীকৰণ সমূহ লিখিবলৈ অতি উজু উপায় দিছে| |
01:25 | আমি মাত্ৰ সেইবোৰক ভগ্নাংশ হিছাপে গণ্য কৰিব লাগিব আৰু mark up ‘over’ ব্যৱহাৰ কৰিব লাগিব| |
01:33 | উদাহৰণ স্বৰূপে, এটা মুঠ ডেৰিভেটিভ df পূৰণ dx লিখিবলৈ হ’লে Formula Editor Window-ত mark up টো হ’ব 'df over dx' | |
01:50 | ইয়াৰ পিছত আংশিক ডেৰিভেটিভৰ বাবে আমি ‘partial’ শব্দটো ব্যৱহাৰ কৰিব পাৰো| আৰু markup-টো এনে ধৰণৰ দেখা যাব: del f over del x | |
02:02 | আমি যেতিয়া mark up ‘partial’ লিখিম তেতিয়া মাজু (curly) বন্ধনীৰ ব্যৱহাৰ কৰিব লাগিব| |
02:08 | Writer-ৰ ধূসৰ বাকছটোত del চিহ্নটো মন কৰক| |
02:14 | এইয়া অইন এটা উদাহৰণ: Newton's Second law of Motion (নিউটনৰ দ্বিতীয় গতি সূত্ৰ). |
02:21 | যিটোৱে বল আৰু ত্বৰণৰ মাজৰ সম্পৰ্কৰ ব্যখ্যা দিয়ে| |
02:26 | F, m a ৰ সমান| |
02:30 | এইটো এটা সাধাৰণ differential সমীকৰণ হিছাপে এনেধৰণে লিখিব পাৰি: F of t is equal to m into d squared x over d t squared| |
02:45 | অৰ্ডাৰ অফ অপাৰেশ্যন ( order of operation) বুজাবলৈ আমি বিভিন্ন ধৰণৰ মাজু বন্ধনীৰ যোৰা ব্যৱহাৰ কৰিছো |
02:56 | আৰু সমীকৰণটো স্ক্ৰীণত দেখুওৱাৰ দৰে দেখা যাব| |
03:01 | Differential equation-ৰ এইয়া অইন এটা উদাহৰণ| |
03:05 | নিউটনৰ শীতলীকৰণ সূত্ৰ| |
03:08 | যদিহে t-ৰ theta হৈছে এটা বস্তুৰ t সময়্ত তাপমান, তেনেহলে আমি এটা differential equation লিখিব পাৰো: |
03:18 | d of theta over d of t সমান বিয়োগ k পূৰণ theta বিয়োগ S |
03:30 | য’ত S চাৰিওফালৰ পাৰিৱেশিক তাপমান| |
03:35 | Writer-ৰ ধূসৰ বাকছটোত সমীকৰণটো লক্ষ কৰক| |
03:39 | আহক আমি আমাৰ কামখিনি ছেভ কৰো| File-লৈ যাওক আৰু Save-ত ক্লিক কৰক| |
03:45 | এতিয়া আহক আমি Integral equation কেনেকৈ লিখে তাক চাও| |
03:50 | আৰু আহক আমি এটা নতুন পেজলৈ যাও, ইয়াৰ বাবে Writer-ৰ ধূসৰ বাকছটোত তিনিবাৰ লাহে লাহে ক্লিক কৰিব লাগিব |
03:58 | আৰু তাৰ পাছত Control Enter দবাব লাগিব| |
04:03 | টাইপ কৰক “Integral Equations: ” |
04:06 | আৰু enter দুবাৰ দবাওক| |
04:11 | এতিয়া, Insert Object মেন্যুৰ পৰা Math-ক কল কৰা হওক |
04:17 | ফ’ন্টৰ আকাৰ 18 point-লৈ বঢ়োৱা হওক |
04:22 | আৰু এলাইনমেন্টটো বাওঁফাললৈ সলনি কৰা যাওক| |
04:25 | Integral চিহ্নটো আমি Formula Editor Window-ত mark up “int” ব্যৱহাৰ কৰিলেই হ’ল| |
04:35 | গতিকে, যদিহে ফাংকশ্যন f –ৰ প্ৰকৄত variable x আৰু এটা interval a, b x-axis-ত প্ৰকৄত লাইন হয়,তেনেহলে ডেফিনিট ইন্টিগ্ৰেল লিখা হয় Integral from a to b f of x dx | |
04:58 | Integral চিহ্ন বুজাবলৈ আমি mark up ‘int’ ব্যৱহাৰ কৰিছো| |
05:04 | a আৰু b-ৰ সীমা বুজাবলৈ আমি mark up ‘from’ আৰু ‘to’ ব্যৱহাৰ কৰিছো| |
05:13 | Writer-ৰ ধূসৰ বাকছটোত সূত্ৰটো মন কৰক| |
05:17 | ইয়াৰ পাছত আহক আমি cuboid-ৰ আয়তন নিৰ্ণয় কৰিবলৈ এটা ডাবল ইন্টিগ্ৰেল সূত্ৰ লিখি উলিয়াও| |
05:26 | আৰু সূত্ৰটো স্ক্ৰীণত দেখুওৱাৰ দৰে| |
05:30 | আমি দেখা পাইছো যে ডাবল ইন্টিগ্ৰেলৰ বাবে mark up-টো হৈছে ‘iint’ | সৰল| |
05:38 | একেধৰণে, আমি cuboid-ৰ আয়তন নিৰ্ণয় কৰিবলৈ এটা ট্ৰিপল ইন্টিগ্ৰেল ব্যৱহাৰ কৰিব পাৰো| |
05:46 | আৰু ট্ৰিপল ইন্টিগ্ৰেলৰ বাবে mark up-টো হৈছে ‘i i i n t’. |
05:52 | আমি subscript mark ব্যৱহাৰ কৰি ইন্টিগ্ৰেলটোৰ Limit নিৰ্দিষ্ট কৰিব পাৰো| |
06:00 | Subscript ব্যৱহাৰ কৰি Math-এ ইন্টিগ্ৰেলটোৰ সোঁকাষে তলত আখৰটো স্থাপিত কৰে| |
06:06 | গতিকে এইবিলাক উপায় অৱলম্বন কৰি আমি Math-ত সূত্ৰ আৰু সমীকৰণবিলাক লিখিব পাৰো| |
06:13 | এতিয়া দেখা যাওক ঘাতাংক(logarithms) থকা সূত্ৰ এটা কেনেকৈ লিখিব পাৰি| |
06:19 | এই বিলাক আমি এটা নতুন Math-ৰ ধূসৰ বাকছত বা Math object-ত লিখো আহক| |
06:24 | টাইপ কৰক ‘Logarithms:‘ আৰু Enter দুবাৰ দবাওক| |
06:29 | Math-ক পুনৰ কল কৰক; |
06:35 | আৰু ফ’ন্ট 18 point-লৈ বঢ়াওক |
06:39 | আৰু সিহঁতক বাওঁফাললৈ এলাইন কৰক| |
06:42 | এটা সাধাৰণ ঘাতাংকৰ (logarithm ) সূত্ৰ হৈছে 10 ভূমিত( base) Log 1000 সমান 3 | |
06:52 | ইয়াত mark-টো মন কৰক| |
06:55 | এইয়া অইন এটা উদাহৰণ: 2 ভূমিত( base) Log 64 সমান 6 | |
07:03 | এতিয়া আহক আমি প্ৰাকৄতিক ঘাতাংকৰ(logarithm) ইন্টিগ্ৰেল প্ৰকাশটো চাও| |
07:10 | t-ৰ প্ৰাকৄতিক ঘাতাংকৰ(logarithm) 1-পৰা t-লৈ 1 by x dx-ৰ ইন্টিগ্ৰেলৰ সমান| |
07:20 | আৰু mark up-টো স্ক্ৰীণত দেখুওৱা ধৰণৰ| |
07:25 | আহক আমি আমাৰ উদহৰণ সমূহ চেভ কৰো| |
07:29 | এইয়া আপোনালোকৰ বাবে এটা কাম দিছো: |
07:31 | তলত দিয়া derivative সূত্ৰবিলাক লিখি উলিওৱা: |
07:35 | y-ৰ দ্বাৰা d-ৰ বৰ্গ পূৰণ x-ৰ দ্বাৰা d-ৰ বৰ্গ সমান d পূৰণ dx of ( dy by dx) | |
07:47 | আকাৰ সম্প্ৰসাৰণ কৰিব পৰা বন্ধনীৰ ব্যৱহাৰ কৰক| |
07:51 | তলৰ integral-টো লিখক: |
07:53 | সীমা 0 –ৰ পৰা 1-লৈ Integral {square root of x } dx. |
08:04 | ইয়াৰ পাছত এটা ডাবল ইন্টিগ্ৰেল তলত দিয়া ধৰণে লিখক| |
08:09 | T-ৰ পৰা { 2 Sin x – 3 y cubed + 5 } dx dy-ৰ ডাবল ইন্টিগ্ৰেল |
08:23 | আৰু সূত্ৰ ব্যৱহাৰ কৰি: |
08:25 | b ভুমিত log x তু দি পাৱাৰ অফ p সমান p পূৰণ b ভুমিত log x ; |
08:35 | 2 ভূমিত log 1024-ক সমাধান কৰক| |
08:41 | আপোনাৰ সূত্ৰ সমূহ ফৰ্মেট কৰক| |
08:43 | এইখিনিতে আমাৰ LibreOffice Math-ত ডিফাৰেনশ্বিয়েল সমীকৰণ, ইন্টিগ্ৰেল সমীকৰণ আৰু ঘাতাংক (logarithms) কেনেকৈ লিখিব লাগে সেই বিষয়ক টিউটৰিয়েলৰ অন্ত পৰিছে| |
08:52 | চমুকৈ আমি ডেৰিভেটিভছ আৰু ডিফাৰেনশ্বিয়েল সমীকৰণ, |
08:58 | ইন্টিগ্ৰেল সমীকৰণ আৰু সূত্ৰ আৰু ঘাতাংকৰ(logarithms) সৈতে সেইবিলাকক কেনেকৈ লিখে সেই বিষয়ে শিকিলো| |
09:02 | Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, |
09:06 | যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে| |
09:13 | এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org. |
09:18 | এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. |
09:24 | এই পাঠত Priya Suresh, DesiCrew Solutions, চেন্নাই-এ বৰঙনি যোগালে আৰু এইয়া DesiCrew solutions এই পাঠৰ ইমানতে সামৰণি মাৰিছো| |
09:31 | অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ| |