Spoken-Tutorial-Technology/C2/Editing-using-Audacity/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল, অডাচিটি ব্যৱহাৰ কৰি সম্পাদনা কৰা সম্পৰ্কীয় প্ৰশিক্ষণলৈ স্বাগতম।
00:08 এই প্ৰশিক্ষণত এটা অডিঅ’ ফাইল কেনেকৈ সম্পাদনা কৰা হয় সেই বিষয়ে ব্যাখ্যা কৰা হ’ব। আমি শিকিম, কেনেকৈ—
00:14 অডাচিটিত এটা অডিঅ’ ফাইল খোলা হয়
00:16 এটা ষ্টেৰিঅ’ ফাইল ম’ন’লৈ পৰিৱৰ্তন কৰা হয়। লেবেল যোগ কৰা হয়। অডিঅ’ কাট, ডিলিট, মুভ আৰু এম্প্লিফাই কৰা হয়। বেকগ্ৰাউণ্ড নইজ ফিল্টাৰ কৰা হয়। অডিঅ’ ফাইল চেভ আৰু এক্সপ’ৰ্ট কৰা হয়।
00:27 এই প্ৰশিক্ষণৰ বাবে মই অপাৰেটিং চিষ্টেম হিচাপে উবুণ্টু লিনাক্স 10.04 সংস্কৰণ (version) আৰু অডাচিটি 1.3 সংস্কৰণ ব্যৱহাৰ কৰিছোঁ।
00:36 অডাচিটিয়ে বহুকেইটা অডিঅ’ ফৰ্মেট সমৰ্থন কৰে, তাৰ ভিতৰত আছে:
00:39 WAV (Windows Wave format)
00:41 AIFF (Audio Interchange File Format)
00:43 Sun Au / NeXT
00:46 RCAM (Institut de Recherce et Coordination Acoustique / Musique)
00:49 MP3 (MPEG I, layer 3) (এক্সপ’ৰ্টৰ বাবে বেলেগ এনক’ডাৰৰ প্ৰয়োজন হয়। Lame Installation চাওক) Ogg Vorbis
00:53 "মেইন’ মেনুৰ জৰিয়তে অডাচিটি খোলক। Applications >> Sound and Video >> Audacity।
01:04 অডাচিটিৰ এটা সহায়ক বক্স খোল খায়। ‘অ’কে’ত ক্লিক কৰক।
01:09 এটা অডিঅ’ ফাইল সম্পাদনা কৰিবলৈ আমি প্ৰথমতে ইয়াক অডাচিটিলৈ লৈ আনিব লাগিব। ইয়াৰ বাবে ‘ফাইল’লৈ যাওক, তাৰ পিছত ‘ইমপ’ৰ্ট’ আৰু তাৰ পিছত ‘অডিঅ’’ত ক্লিক কৰক।
01:21 ব্ৰাউজাৰ উইণ্ড’ খোল খোৱাৰ পিছত সম্পাদনা কৰিবলগীয়া অডিঅ’ ফাইলটো বিচাৰক আৰু ‘অপেন’ত ক্লিক কৰক।
01:31 ফাইলটো অডাচিটি উইণ্ড’ত খোল খায়।
01:36 ফাইলত ক্লিক কৰক আৰু তাৰপিছত চেভ প্ৰজেক্ট এজত ক্লিক কৰি এই ফাইলটোক a u p ফাইল (ইয়াৰ অৰ্থ হ’ল অডাচিটি প্ৰজেক্ট ফাইল) হিচাপে চেভ কৰক।
01:47 খোল খোৱা বক্সটোৰ ‘অ’কে’ত ক্লিক কৰক।
01:51 আপোনাৰ ফাইলটোৰ এটা নাম দিয়ক। ইয়াত আমি 'Editing in Audacity' বুলি টাইপ কৰিম।
01:55 ফল্ডাৰটোত চ্চেক দিয়ক আৰু ‘চেভ’ত ক্লিক কৰক।
02:00 'Copy All Audio into Project (safer)' অপশ্যনটো নিৰ্বাচন কৰক।
02:05 ইয়ে এটা ফল্ডাৰ তৈয়াৰ কৰিব য’ত সকলোবোৰ অডাচিটি ডাটা ফাইল সোমাই থাকিব।
02:11 ট্ৰেকবিলাক মন কৰক। যদি তাত মাত্ৰ এটা ট্ৰেকহে আছে, তেনেহ’লে অডিঅ’টো ম’ন’ হৈ আছে।
02:16 এই বিষয়ে বাওঁ পেনেলত থকা লেবেলতো উল্লেখ থাকিব।
02:21 এতিয়া, অন্য এটা অডিঅ’ ফাইল খোলা যাওক।
02:35 যদি তাত দুটা ট্ৰেক আছে, তেনেহ’লে অডিঅ’ ফাইলটো ষ্টেৰিঅ’ হৈ আছে। আকৌ, এই বিষয়ে বাওঁ পেনেলত থকা লেবেলতো উল্লেখ থাকিব।
02:45 এটা ট্ৰেক সম্পূৰ্ণকৈ গুচাই পেলাবলৈ ট্ৰেকটো নিৰ্বাচন কৰক, ‘ট্ৰেকচ’ টেবত ক্লিক কৰক আৰু ‘ৰিম’ভ ট্ৰেকচ’ বাছনি কৰক।
02:59 ইয়াৰ পৰিৱৰ্তে, একেবাৰে বাওঁফালে থকা X-অত ক্লিক কৰিও ট্ৰেকচ মচি পেলাব পাৰে।
03:04 যদি অডিঅ’ ফাইলটো ষ্টেৰিঅ’ ম’ডত আছে, কিন্তু ষ্টেৰিঅ’ আউটপুটৰ দৰকাৰ নাই, তেনেহ’লে ম’ন’ ম’ডলৈ পৰিৱৰ্তন কৰিব পাৰি।
03:12 ইয়াৰ বাবে, ‘ট্ৰেকচ’ টেবলৈ যাওক আৰু ‘মিক্স এণ্ড ৰেণ্ডাৰ’ বাছনি কৰক।
03:20 এতিয়া অডিঅ’ ফাইলটোৰ বাওঁফালে থকা পেনেলৰ ড্ৰপ ডাউন কাঁড়ত ক্লিক কৰক আৰু ‘স্প্লিট ষ্টেৰিঅ’ টু ম’ন’’ বাছনি কৰক।
03:30 এটা ট্ৰেক মচি পেলাওক।
03:35 এটা ফাইল জুম ইন বা জুম আউট কৰিবলৈ যি ঠাই জুম ইন বা আউট কৰিব বিচাৰে তাত কাৰ্চৰ ক্লিক কৰক আৰু এডিট পেনেলৰ ‘জুম ইন’ বা ‘জুম আউট’ বাটনত ক্লিক কৰক।
03:52 ইয়াৰ সলনি, ফাইলটোৰ যি ঠাই জুম ইন বা জুম আউট কৰিব বিচাৰে তাত কাৰ্চৰডাল ৰাখক।
04:03 এতিয়া ‘কণ্ট্ৰল কী’টো হেঁচি ৰাখক আৰু জুম ইন আৰু জুম আউট কৰিবলৈ আপোনাৰ মাউচৰ স্ক্ৰল চকাটো ব্যৱহাৰ কৰক।
04:19 অদৰকাৰী অংশ গুচাই পেলাবলৈ এটা অডিঅ’ ফাইল কাট কৰিব পাৰি; কপি, পেষ্ট, ডিলিট কৰিব পাৰি আৰু কিছুমান বিশেষ এফেক্ট দিব পাৰি।
04:29 ফাইলটোৰ ভলিউম বঢ়াব বা কমাবও পাৰি।
04:35 সম্পাদনা কৰাৰ আগতে সদায় গোটেই অডিঅ’ ফাইলটো শুনি ল’ব। সহজ প্ৰাসংগিকতাৰ বাবে শুনি যোৱাৰ লগে লগে অংশবিলাক লেবেল কৰিও ল’ব পাৰে।
04:44 ইয়াৰ বাবে, ‘ট্ৰেকচ’ত ক্লিক কৰক আৰু তাৰপিছত ‘এড নিউ’ আৰু তাৰপিছত ‘লেবেল ট্ৰেকচ’ত ক্লিক কৰি লেবেল ট্ৰেক যোগ দিয়ক।
04:56 কোনো এটা বিন্দুত এটা লেবেল যোগ দিবলৈ প্ৰথমতে কাৰ্চৰডালেৰে বিন্দুটো বাছনি কৰক, ‘ট্ৰেকচ টেব’লৈ যাওক
05:05 আৰু ‘এড লেবেল এট চিলেকশ্যন’ বাছনি কৰক।
05:08 এতিয়া আপুনি লেবেলৰ ভিতৰত টাইপ কৰিব পাৰে।
05:16 ইয়াৰ সলনি, বিন্দুটোত ক্লিক কৰক,
05:24 কণ্ট্ৰল+B টিপক
05:28 ইয়ে প্ৰথম বাৰৰ কাৰণে এটা নতুন লেবেল ট্ৰেক খোল খুৱায়।
05:32 ইয়াৰ পিছত কণ্ট্ৰল+B টিপি গ’লে একেটা ট্ৰেকতে নতুন লেবেল খোল খুৱাই যাব।
05:47 টাইম লাইনৰ যি বিন্দুত কাৰ্চৰ ৰখা যায় তাত কাৰ্চৰডালৰ লগতে এটা লেবেল খোল খাব।
05:53 যেতিয়া দৰকাৰ হয়, একোটা নতুন লেবেলৰ বাবে কাৰ্চৰডাল ৰাখক আৰু কণ্ট্ৰল+B টিপক।
06:07 লেবেলো ইফালে-সিফালে নিব পাৰি।
06:15 লেবেল মচি পেলাবৰ কাৰণে টেক্সট বক্সৰ ভিতৰত ক্লিক কৰক আৰু লেবেল মচ খাই নোযোৱালৈকে বেকস্পেচ টিপি থাকক।
06:27 ইয়াৰ আন এটা উপায়ৰ বাবে ‘ট্ৰেকচ’লৈ যাওক আৰু ‘এডিট লেবেলচ’ত ক্লিক কৰক।
06:34 সকলোবোৰ লেবেলৰ তালিকাৰ সৈতে এখন উইণ্ড’ খোল খাব। মচি পেলাবলগীয়া লেবেলটো বাছনি কৰি ‘ৰিম’ভ’ বাটনত ক্লিক কৰি লেবেলটো মচিব পাৰি।
06:46 ‘অ’কে’ত ক্লিক কৰক।
06:55 গোটেই অডিঅ’ ফাইলটো এবাৰ বা একাধিকবাৰ শুনাৰ পিছত সম্পাদনাৰ ধৰণটো কেনেকুৱা হ’ব, প্ৰয়োজন অনুসৰি ফাইলৰ কোন অংশ ডিলিট বা মুভ কৰিব পাৰি— সেয়া সিদ্ধান্ত কৰিব পাৰি।
07:07 আৰম্ভণি, গা-অংশ আৰু সামৰণিৰ বাবে কোনখিনি উপযুক্ত হ’ব তাৰ ওপৰত ভিত্তি কৰি সম্পাদনাৰ ধৰণটো নিৰ্ণয় কৰক।
07:15 পুনৰোক্তি আৰু অলাগতিয়াল শব্দ ডিলিট কৰক। কোনো এটা বাৰ্তাৰ আবেদন বৃদ্ধি কৰিবলৈ এফেক্টচ ব্যৱহাৰ কৰিব পাৰি।
07:21 কথাৰ ওপৰা-উপৰি নোহোৱা অদৰকাৰী শব্দ— যেনে বাৰে বাৰে কোৱা কথা, কাহৰ শব্দ, পুনৰোক্তি আৰু দীঘলীয়া নীৰৱতা মচি পেলাব পাৰি।
07:32 ডিলিট কৰিবৰ কাৰণে চিলেকশ্যন টুল বাছনি কৰক আৰু তাৰপিছত মচি পেলবলগীয়া অডিঅ’ অংশখিনি বাছনি কৰিবলৈ বাওঁ ক্লিক কৰি ড্ৰেগ কৰক আৰু তাৰপিছত ‘ডিলিট’ টিপক।
07:50 অডিঅ’ৰ কোনো এটা অংশ অন্য ঠাইলৈ নিবলৈ বাওঁ ক্লিক আৰু ড্ৰেগ কৰি অংশটো বাছনি কৰক, তাৰপিছত কীব’ৰ্ড শ্বৰ্টকাট Ctrl+X ব্যৱহাৰ কৰি অংশটো কাট কৰক।
08:07 আমি ‘এডিট’ টুল পেনেলৰ ‘কাট’ বাটনতো ক্লিক কৰিব পাৰোঁ অথবা ‘এডিট’ত ক্লিক কৰি ‘কাট’ অপশ্যনত ক্লিক কৰিব পাৰোঁ।
08:22 যি ঠাইলৈ অডিঅ’ অংশটো নিব লাগে তাত কাৰ্চৰডাল ৰাখক।
08:31 তাত ক্লিক কৰক আৰু অডিঅ’ অংশটো পেষ্ট কৰক।
08:33 কীব’ৰ্ড শ্বৰ্টকাট Ctrl+V অথবা ‘পেষ্ট’ বাটন ব্যৱহাৰ কৰি পেষ্ট কৰিব পৰা যায়।
08:40 ‘এডিট’ টুল পেনেল বা ‘এডিট’ৰ
08:47 ‘পেষ্ট’ অপশ্যনত ক্লিক কৰক।
08:52 ডাঙৰকৈ হোৱা উশাহ-নিশাহৰ শব্দ কম কৰিবলৈ অডিঅ’ ষ্ট্ৰিমৰ সেই অংশটো
09:14 বাওঁ ক্লিক আৰু ড্ৰেগ কৰি বাছনি কৰক।
09:17 ‘এফেক্ট’লৈ যাওক, তাৰপিছত ‘এম্প্লিফাই’ত ক্লিক কৰক। -5 বা -7 ভৰ্তি কৰক
09:26 অথবা আপুনি কি পৰিমাণে শব্দ কম কৰিব বিচাৰে তাৰ ওপৰত ভিত্তি কৰি ‘এম্প্লিফিকেশ্যন’ বক্সত নিৰিখ ভৰ্তি কৰক আৰু তাৰপিছত ‘অ’কে’ত ক্লিক কৰক।
09:43 নিম্নস্বৰত বাণীবদ্ধ হোৱা অডিঅ’ৰ ভলিউম বৃদ্ধি কৰিবলৈ অডিঅ’টো বাছনি কৰক আৰু ‘এফেক্ট’লৈ যাওক আৰু তাৰপিছত ‘এম্প্লিফাই’ত ক্লিক কৰক।
09:56 আপুনি দেখা পাব যে তাত ইতিমধ্যে এটা নিৰিখ দি থোৱা আছে। এই নিৰিখটো হৈ ফাইলটোৰ বাবে উপযুক্ত স্বৰগ্ৰাম। আপুনি বিচৰা নিৰিখটোও ইয়াত ভৰ্তি কৰিব পাৰে।
10:12 ‘অ’কে’ত ক্লিক কৰক।
10:15 যদি ‘অ’কে’ বাটনটো সক্ৰিয় হৈ থকা নাই, তেনেহ’লে ‘এলও ক্লিপিং’ অপশ্যনত চ্চেক দিয়ক।
10:34 আমনিদায়ক বেকগ্ৰাউণ্ড নইজ ফিল্টাৰ কৰিবলৈ ট্ৰেকটোৰ পৰা নমুনা নইজৰ সৈতে এটা টুকুৰা বাছনি কৰক।
10:47 কথা নথকা অংশ এটাহে বাছনি কৰিব। এতিয়া ‘এফেক্ট’ত ক্লিক কৰক
10:55 আৰু ‘নইজ ৰিম’ভেল’ বাছনি কৰক।
10:59 ‘গেট নইজ প্ৰফাইল’ত ক্লিক কৰক।
11:02 ইয়ে ফিল্টাৰ কৰিবলগীয়া নইজৰ নমুনা চিনাক্ত কৰিব।
11:06 এতিয়া গোটেই অডিঅ’ ট্ৰেকটো বাছনি কৰিবলৈ ইয়াৰ যিকোনো ঠাইত ক্লিক কৰক।
11:11 আকৌ ‘এফেক্ট’ত ক্লিক কৰক
11:16 তাৰপিছত ‘নইজ ৰিম’ভেল’। নইজ ৰিডাকশ্যন লেভেল নিৰ্বাচন কৰক।
11:26 এটা গ্ৰহণযোগ্য সীমালৈ নইজ কম কৰা আটাইতকৈ কম নিৰিখটো ব্যৱহাৰ কৰক।
11:31 বেছি পৰিমাণৰ নিৰিখে নইজ সম্পূৰ্ণকৈ মচি পেলায় যদিও বাকী থকা অডিঅ’ত প্ৰভাৱ পেলাই ইয়াক অনুপযুক্ত কৰি পেলায়।
11:37 ‘অ’কে’ত ক্লিক কৰক।
11:44 অডিঅ’ৰ ভলিউম বক্সত থকা অনুমোদিত নিৰিখতকৈ অতি অধিক বৃদ্ধি কৰা উচিত নহয়, কাৰণ ইয়ে বেকগ্ৰউণ্ডৰ শব্দও বৃদ্ধি কৰিব।
11:54 কিছুমান বৰ্ণ উচ্চাৰণত হোৱা তীক্ষ্ম শব্দও (Hisses and hums) ইয়াৰ ফলত অধিক বৃদ্ধি হ’ব।
11:57 প্ৰজেক্ট ফাইলটো নিয়মীয়াভাৱে চেভ কৰক।
12:00: শেষত, সম্পূৰ্ণ হোৱা প্ৰজেক্টটো প্ৰয়োজনীয় ফৰ্মেট, যেনে— wav, mp3 বা অন্য ফৰ্মেটলৈ এক্সপ’ৰ্ট কৰক।
12:09 এই বিষয়ে আমি আগৰ এটা প্ৰশিক্ষণত আলোচনা কৰিছিলো। বিতং বিৱৰণৰ বাবে সেইটো চাই লওক।
12:17 এই প্ৰশিক্ষণত ইমানেই। এতিয়া সাৰাংশখিনি চোৱা যাওক। ইয়াত আমি অডাচিটি ব্যৱহাৰ কৰি সম্পাদনা কৰাৰ প্ৰাথমিক কথাখিনি শিকিলো।
12;26 কেনেকৈ এটা অডিঅ’ ফাইল খোলা হয়, ষ্টেৰিঅ’ৰ পৰা ম’ন’লৈ পৰিৱৰ্তন কৰা হয়, জুম ইন আৰু আউট কৰা হয়, লেবেল
12:35 ষ্ট্ৰকচাৰ যোগ দিয়া আৰু সম্পাদনা কৰা হয়। কেনেকৈ অডিঅ’ কাট, ডিলিট, মুভ কৰা হয়। অডিঅ’ৰ স্বৰগ্ৰাম কেনেকৈ হ্ৰাস-বৃদ্ধি কৰা হয়। বেকগ্ৰাউণ্ড নইজ কেনেকৈ ফিল্টাৰ কৰা হয়।
12:50 ওপৰত দিয়া পৰামৰ্শ অনুসৰি আমাৰ প্ৰথম প্ৰশিক্ষণত বাণীৱদ্ধ কৰা অডিঅ’টো সম্পাদনা কৰক।
12:55 য’ত দৰকাৰ হয়, তাত ফেড ইন আৰু ফেড আউট ব্যৱহাৰ কৰক।
13:01 এই লিংকত থকা ভিডিঅ’টো চাওক— http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
13:06 ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে আছে।
13:10 আপোনাৰ বেণ্ডৱাইডথ্ ভাল নহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
13:15 স্পকেন টিউটৰিয়েল টিমে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে।
13:20 তাৰপৰা এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।
13:25 অধিক জানিবৰ বাবে contact@spoken-tutorial.org ঠিকনাত যোগাযোগ কৰক।
13:30 স্পকেন টিউটৰিয়েল প্ৰকল্প হৈছে Talk to a Teacher প্ৰকল্পৰ এটা অংশ।
13:35 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
13:42 এই মিশ্যন সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-intro-ত পোৱা যাব।
13:55 এইখিনিতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে।
13:58 ধন্যবাদ।
14:01 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে। আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi