LibreOffice-Suite-Base/C4/Design-Refine-Database-Design-and-Normalization-Rules/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 নম্সকাৰ দৰ্শক সকল. LibreOffice বেস ইয়াৰ উপৰত এই স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগত |
00:06 এই টিউটোৰিয়েল টো ডাটাবেস নকশা সংক্রান্ত টিউটোৰিয়েল ইয়াৰ পিছৰ অংশ |
00:11 আৰু আমি ইয়াত নিম্নোক্ত বিষয়বোৰ সম্পর্কে আলোচনা কৰিম :
00:15 7. ডাটাবেস নকশা( database design) পৰিমার্জন |
00:18 8. normalization নিয়ম প্রয়োগ |
00:21 9. ডাটাবেস নকশা পৰীক্ষা |
00:25 শেষৰ টিউটোৰিয়েলত, আমি টেবোলবোৰৰ মাজেৰে সম্পর্ক স্থাপন কৰিবলৈ প্রধান কী আৰু ফৰেন কি ব্যবহাৰ কৰিব শিকিছো |
00:34 এতিয়া ডাটাবেসৰ নকশাৰ প্রক্রিয়ায় আৰো অগ্রসৰ হোৱা যাওক|
00:38 প্রথমে, ডাটাবেস নকশা পৰিমার্জন কৰা যাওক|
00:42 এতিয়া যিহেতু আমাৰ উচৰত এটা প্রাথমিক নকশা আছে, সেয়ে আমি টেবোলবোৰক তৈয়াৰ আৰু নমুনা তথ্য দি পূৰণ কৰিব পাৰো |
00:50 আমি, নমুনা কোয়েৰী বা প্রশ্ন, ফৰম আৰু প্রতিবেদন তৈয়াৰ কৰিব পাৰো আৰু দেখিব পাৰো যে আমাৰ সকলো প্রশ্নৰ জবাব আমি পাইছো কিনাই |
00:59 কোনো অপ্রয়োজনীয় পুনৰাবৃত্তি থাকিলে নকশা পৰিবর্তন কৰি তাক বাদ দিব পাৰি |
01:06 কোনো কলম যোগ কৰিব পাৰি যাক আগতে পাহৰি গৈছিলো |
01:10 লগতে, ডাটাবেস Integrity বজায় ৰাখিবলৈ গ্রন্থাগাৰ ডাটাবেস-ত Business নিয়মাবলী অন্তর্ভুক্ত কৰা যাব পাৰে |
01:19 উদাহৰণস্বৰুপে, Books টেবোলৰ মূল্য কলমটো সর্বদা সাংখ্যিক হব পাৰে |
01:24 আৰু এটা Business নিয়ম হব পাৰে: কিতাপ উভতাৰ তাৰিখ কিতাপৰ Return তাৰিখ-ইয়াৰ এক মাহৰ পিছত হব লাগিব |
01:32 বা যেতিয়া কোনো এটা নির্দিষ্ট কাম হয়, পিছৰ কামবোৰও আৰম্ভ হোৱা উচিত |
01:39 যেনে, আমাৰ ডেটাবেস-টো এনেভাবে গঠন কৰা উচিত, যাতে কোনোবাই কিতাপ উভতাই দিয়াৰ পাহৰি গলে, সেই সদস্যৰ উছৰত নিজে নিজে reminder ইমেল যোৱা উচিত |
01:50 সেয়ে, পুনৰায় নকশা কৰাৰ সময়ত, নতুন টেবোল, কলম, নিয়মাবলী বা constraint যোগ কৰিব হব পাৰে |
01:58 সেইক্ষেত্রত, আমাৰ সকলো পূর্ববর্তী ধাপবোৰলৈ যাব লাগিব যাতে তথ্যৰ Integrity নষ্ট নহয় |
02:07 ইয়াৰ পিছত, আমি নর্মালায়জেষণ নিয়মবোৰ প্রয়োগ কৰিব পাৰো ;
02:13 এইবোৰ ব্যবহাৰ কৰা হয় যাতে আমাৰ টেবোলবোৰ
02:17 ক) সঠিকভাবে গঠিত আৰু
02:20 খ) কোনো modification anomalies (ত্রুটিৰ) পৰা মুক্ত থাকে, যি আমি আগতে দেখিছো |
02:25 এটা ডাটাবেস নকশাত নিয়মাবলী বা নৰমাল ফর্ম প্রয়োগ কৰাৰ প্রক্রিয়াক normalization বোলা হয় |
02:33 আমাৰ টিউটোৰিয়েলত প্রথম তিনটা নৰমাল ফর্ম দেখা যাওক|
02:38 প্রথম নৰমাল ফর্মলৈ আলোচনা আৰম্ভ কৰা যাওক|

প্রথম নৰমাল ফৰম বা 1NF কয় যে সকলো কলমৰ মান অবশ্যই অবিচ্ছেদ্য হব পাৰে |

02:51 উদাহৰণস্বৰুপে, Books টেবোলৰ মূল্য কলমৰ প্রতিটো সেল-ত মাত্র এটা মান থাকিব পাৰে |
02:59 অর্থাত, কলম-ত মাত্র সেই কিতাপৰ মূল্য বাহিৰে আৰু কিছু থাকা উচিত নহয় |
03:07 একেইভাবে, Authors টেবোলৰ প্রত্যেকটো First Name সেল-ৰ মাত্র এজন লেখকৰ প্রথম নাম থাকা উচিত |
03:16 প্রথম নৰমাল ফর্মে আৰো কয় যে কোনো কলমবোৰ যেন পুনৰাবৃত্তি নহয় ।
03:23 উদাহৰণস্বৰুপে, ধৰা যাওক, এজন প্রকাশক ৩ টা কিতাপ প্রকাশ কৰিছে |
03:29 আৰু প্রকাশকৰ টেবোলৰ গঠনত নিম্নলিখিত কলমবোৰ আছে:
03:34 Publisher ID, Publisher, Book 1, Author 1, Book 2, Author 2, Book 3, Author 3 |
03:47 ইয়াত কিতাপ আৰু লেখক-ইয়াৰ দলটো তিনবাৰ পুনৰাবৃত্তি হৈছে |
03:52 যদি আমি এই ধৰনৰ পুনৰাবৃত্তিকাৰী দল দেখিব পাও, তেনেহলে সেই টেবোল-ইয়াৰ গঠনত পৰিবর্তনৰ প্রয়োজন |
03:58 এতিয়া যদি প্রকাশকে আৰো দশটা কিতাপ প্রকাশ কৰে, তেনেহলে আমি টেবোলৰ গঠন পৰিবর্তন কৰি আৰো ২০ টা কলম যোগ কৰিবলৈ বাধ্য হও |
04:08 তেনেহলে, এই টেবোল নকশা, তথ্য পৰিবর্তন-ইয়াৰ সৈতে স্থিতিশীল নহয় |
04:14 লগতে তথ্য অনুসন্ধান আৰু কিতাপ বা লেখকৰ অনুযায়ী টেবোল সর্ট কৰা কষ্টকৰ হৈ যাব |
04:23 সেয়ে এই সমস্যাৰ সমাধান কৰিবলৈ এই টেবোলটোক দুটা বা তিনটা টেবোলৰ মাজেৰে ভাগ কৰি লব পাৰি |
04:30 উদাহৰণস্বৰুপে, পর্দাৰ ছবিত যেনে দেখোৱা হৈছে, এই টেবোলটোক Publishers, Books আৰু Authors টেবোলত বিভক্ত কৰা যাব পাৰে |
04:41 এই নকশায়ে টেবোলটোক প্রথম নৰমাল ফর্মলৈ আহে |
04:47 প্রকাশক আৰু কিতাপৰ তথ্য পৰিবর্তন হলেও টেবোলবোৰৰ গঠন স্থিতিশীলত ৰাখে |
04:56 এতিয়া দ্বিতীয় নৰমাল ফৰম লৈ আলোচনা কৰা যাওক|
05:00 এটা টেবোল, দ্বিতীয় নৰমাল ফর্ম বা 2NF -ত আছে বোলি কোৱা হয়, যদি সেইটো, 1NF ত থাকে
05:07 আৰু প্রতিটো কী-নোহোৱা এনে কলম সমগ্র প্রধান কীৰ উপৰত সম্পূর্ণৰুপে নির্ভৰশীল হয় |
05:14 একাধিক কলম লৈ গঠিত প্রধান কী-ৰ ক্ষেত্রতেই এই নিয়ম প্রযোজ্য হয় |
05:22 উদাহৰণস্বৰুপে, BooksIssued টেবোলটো বিবেচনা কৰা যাওক যাতে নিম্নোক্ত কলমবোৰ আছে :
05:29 BookId,

MemberId, BookTitle, আৰু IssueDate, BookId আৰু MemberId টেবোলে প্রধান কী গঠন কৰে |

05:42 এতিয়া, BookTitle কলমটো লক্ষ্য কৰক |
05:45 আমি Books টেবোলৰ BookId কলমৰ পৰা BookTitle পাব পাৰি |
05:52 অন্য কথাত, BookTitle মাত্র BookId –ইয়াৰ উপৰত নির্ভৰশীল, Member ID ইয়াৰ উপৰত নহয় |
06:00 তেনেহলে, এইটো সমগ্র প্রধান কী-ইয়াৰ উপৰত নির্ভৰশীল নহয় |
06:06 এই টেবোলটোক দ্বিতীয় নৰমাল ফর্ম-ত আনিবলৈ, এই টেবোলৰ পৰা BookTitle বাদ দিব লগিব |
06:14 আৰু মাত্র সেই কলমবোৰক ৰাখিবলৈ হব যা উভয় প্রধান কী কলম-ইয়াৰ উপৰত সম্পূর্ণৰুপে নির্ভৰশীল |
06:23 IssueDate কলমটো টেবোলত থাকিব, কাৰণ এইটো উভয় প্রধান কী ক্ষেত্র-ইয়াৰ উপৰত সম্পূর্ণৰুপে নির্ভৰশীল |
06:31 এতিয়া দেখা যাওক তৃতীয় নৰমাল ফর্ম কী |
06:35 এটা টেবোল তৃতীয় নৰমাল ফৰম (3NF) –ত আছে বোলি কোৱা হয় যদি সেইটো 2NF –ত থাকে,
06:42 আৰু যদি সকলো কী-নোহোৱা এনে কলম যদি ইটো আনটোৰ উপৰত স্বাধীন হয় |
06:48 উদাহৰণস্বৰুপে, BooksIssued টেবোলটো বিবেচনা কৰা যাওক যাতে এই কলমবোৰ আছে :
06:54 BookIssueId (এইটো প্রধান কী)

BookTitle, Member, IssueDate, আৰু ReturnDate

07:03 আৰু ধৰিদিয়ক, কিতাপ উভতাৰ তাৰিখ কিতাপ লোৱাৰ তাৰিখৰ এক মাহত দিব লাগে|
07:11 তেনেহলে, বেসে, non-key(কি নোহোৱা) কলম এনে এটা কলম IssueDate ব্যবহাৰ কৰি Return Date গণনা কৰিব পাৰে |
07:19 অর্থাত, প্রকৃতপক্ষে, ReturnDate মাত্র IssueDate কলম-ইয়াৰ উপৰত নির্ভৰশীল, অন্য কোনো কলমৰ উপৰত নহয় |
07:26 লগতে, আমি যদি ReturnDate ক্ষেত্রৰ মাজেৰে অন্য কোনো তাৰিখ লিখে, তেনেহলে সেইটো গ্রন্থাগাৰৰ নীতি লঙ্ঘন কৰিব |
07:37 সেয়ে তৃতীয় নৰমাল ফৰম-ত টেবোলটোক ৰাখিবলৈ, আমাৰ টেবোলৰ পৰা ReturnDate কলমটো বাদ দিব লাগিব|
07:44 তেনেহলে এতিয়া আমি জানো কিভাবে প্রথম তিনটা নৰমাল ফৰম প্রয়োগ কৰিবলৈ হয় |
07:49 সাধাৰণতে, ডাটাবেসৰ নকশা 3NF –ত গৈ বন্ধ হয় |
07:55 নৰমাল ফৰম ও ডাটাবেস নকশা সম্পর্কে আৰু তথ্যৰ বাবে, পর্দাত দেখোৱা ওয়েবসাইটত যাওক |
08:05 অবশেষত, আমাৰ ডাটাবেস নকশা প্রক্রিয়া সমাপ্ত হৈছে , এবাৰ ডাটাবেস নকশা পৰীক্ষা কৰা যাওক|
08:12 আমি ডাটাবেস গঠন তৈয়াৰ কৰিব পাৰো;
08:16 ইয়াত আমি টেবোল, সম্পর্ক, নিয়ম বা Constraint, ফৰম, প্রশ্ন আৰু প্রতিবেদন তৈয়াৰ কৰিম |
08:24 আৰু আমি বাস্তব তথ্য ও ব্যবহাৰকাৰীৰ লৈ ডাটাবেস পৰীক্ষা কৰিব পাৰো |
08:29 ডাটাবেসত তথ্য সংযোজন, পৰিবর্তন অথবা মুছি পেলোৱাৰ বাবে ফর্ম ব্যবহাৰ কৰক |
08:36 প্রতিবেদন চলাই চাওক প্রতিবেদনৰ ফলাফল সঠিক আৰু নির্ভুল হয় নে নহয় |
08:42 ডাটাবেস ব্যবহাৰৰ বাবে প্রস্তুত হলে, আমি গতিৰ সাপেক্ষে কর্মক্ষমতা পৰীক্ষা কৰিব পাৰো |
08:50 আমি তথ্য দ্রুত খোঁজাৰ বাবে টেবোলত Indexes (সূচী) যোগ কৰিব পাৰি |
08:55 আমাৰ ডাটাবেস অ্যাপ্লিকেশন সফলভাবে চলাই যোবাৰ বাবে, আমি পর্যায়ক্রমিক ভাবে ডাটাবেস ৰক্ষণাবেক্ষণ কৰা উচিত |
09:03 এতিয়া আমাৰ আলোচনাৰ পিছত আপোনাৰ বাবে এটা অনুশীলনী আছে:
09:08 গ্রন্থাগাৰ ডাটাবেস নকশা-ত মিডিয়া নামৰ এটা নতুন entity যোগ কৰক |
09:14 মিডিয়া ডিভিডি আৰু সিডি লৈ গঠিত | আৰু সেইটো অডিও বা ভিডিওত হব পাৰে |
09:21 কিতাপৰ নিচিনাই, ডিভিডি আৰু সিডি ও গ্রন্থাগাৰৰ সদস্যক দিয়া যাব পাৰে |
09:28 ডাটাবেস নকশা প্রক্রিয়া অনুসৰণ কৰক |
09:31 আৰু আপোনাৰ নকশা-ত প্রথম তিনটা Normal form প্রয়োগ কৰক |
09:37 ইয়াতেই LibreOffice বেস-ৰ ডাটাবেস নকশা সংক্রান্ত টিউটোৰিয়েল -ইয়াৰ তৃতীয় ভাগ সমাপ্ত হল |
09:45 সংক্ষেপে, আমি ডাটাবেস নকশা সম্পর্কে নিম্নলিখিত বিষয়বোৰ আলোচনা শিকিছো:
09:50 7. ডাটাবেস নকশা পৰিমার্জন |
09:52 8. normalization নিয়ম প্রয়োগ |
09:55 9. ডাটাবেস নকশা পৰীক্ষা |
09:58 স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher প্রকল্পৰ অংশবিশেষ যি ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ National Mission on Education দ্বাৰা সমর্থিত ।
10:10 এই প্রকল্পটো http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় ।
10:15 বিস্তাৰিত তথ্য নিম্নলিখিত লিঙ্ক পৰা পোৱা যায় ।
10:20 এই পাঠটি  অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi