LibreOffice-Suite-Base/C4/Database-Maintenance/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:04 এই টিউটৰিয়েলত আমি শিকিম— কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয়, ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়, ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়
00:19 ডাটাবেছ মেইনটেনান্স
00:21 ডাটা আপ-টু-ডেট, বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব
00:31 ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম
00:41 বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক
00:48 এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্, মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল
00:55 আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো
01:03 পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল
01:11 গতিকে, ষ্ট্ৰাকচাৰটো আপ-টু-ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো
01:16 ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো
01:21 আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো
01:28 এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ-টু-ডেট হৈছিল, যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল-সলনি কৰিছিলো
01:39 টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব
01:47 অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ
01:54 উদাহৰণ স্বৰপে, যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে, তেনেহ’লে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ
02:08 ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ, সেইবোৰ হৈছে— বুকচ্ অথবা ডিভিডি অথবা চিডি
02:19 নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ
02:28 একেদৰে, সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব
02:39 আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হ’ব
02:45 উদাহৰণ স্বৰপে, লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক
02:53 ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে
02:58 এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয়, তেনেহ’লে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব
03:09 ইয়াৰ বাবে আমি SQL চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ, যেনে—
03:15 ALTER TABLE Members ADD Address TEXT, ADD City TEXT
03:22 অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে
03:30 এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব
03:36 টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org ৱেবচাইট চাওক
03:47 স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক
03:52 ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি, সেয়া চোৱা যাওক
03:59 কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়
04:08 ইয়াৰ কাৰণ হৈছে— বেছে ডাটাবেছক প্ৰয়োজন হ’ব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে
04:17 আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্ট’ৰ হৈ নাথাকে
04:26 কাৰণ, আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ, সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে
04:36 কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ
04:45 এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে, সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে
04:53 একেদৰে, ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ
05:00 কিন্তু ইনডেক্সেও বহু বেছি মেমৰি ল’ব পাৰে
05:04 আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়
05:11 সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয়, কিন্তু স্পেচখিনি ল’ব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে
05:24 ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ; যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে
05:35 বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে
05:42 ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম
05:49 লিবাৰঅফিছ বেছ উইণ্ড’ৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো
06:01 আৰু এছকিউএল উইণ্ড’ত এই কমাণ্ডটো টাইপ কৰক—
06:07 CHECKPOINT DEFRAG
06:10 এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়
06:19 ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে, ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে
06:27 আমি এছকিউএল উইণ্ড’ত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ
06:33 SHUTDOWN COMPACT.
06:36 এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হ’ল ই ডাটাবেছটো পূনৰায় নোখোলে
06:43 ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldb.org Chapter 11 চাওক
06:54 শেষত, বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে
07:02 আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ, যেনে—
07:06 কম্পিউটাৰ ক্ৰেছ, হাৰ্ড ডিস্ক ড্ৰাইভ ব্ৰেকডাউন বা ভাইৰেল ইনফেকশ্যন
07:14 লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে, যিয়ে ডাটা লছ কম কৰিব পাৰে
07:20 কিন্তু সঠিক কামটো হ’ল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা
07:26 বেকআপ লোৱাটো খুবেই সৰল
07:30 আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে
07:34 আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া, যেনে— এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্ট’ৰ কৰিব লাগে
07:47 গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক; Library.odb ফাইলটো ক’ত চেভ কৰা আছে, বিচাৰি উলিয়াওক
07:57 আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক
08:08 এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো, ইয়াত থকা
08:17 ডাটা ষ্ট্ৰাকচাৰ, ডাটা, ফৰ্ম, কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে
08:24 আমি কিমান সঘনাই বেকআপ ল’ব লাগে?
08:28 এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে
08:37 ইয়াৰ অৰ্থ হৈছে, কিমান সঘনাই আমি ডাটা যোগ দিওঁ, আপডেট কৰোঁ বা ডিলিট কৰোঁ
08:42 আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ, ফৰ্ম, কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ
08:49 ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ
08:58 এইখিনিতে এটা এচাইনমেণ্ট:
09:00 এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক
09:08 দুয়োটা কলমৰে ডাটা টাইপ— টেক্সট্ কৰি ৰাখক
09:13 মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক
09:23 তাৰপিছত লাইব্ৰেৰী ডাটাবেছটো ডিফ্ৰেগমেণ্ট কৰক
09:27 শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক, ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে, এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক
09:38 এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
09:45 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
09:48 ডাটাবেছ মেইনটেইন কৰা হয়
09:50 ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয়
09:54 ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয়
09:56 আৰু বেকআপ লোৱা হয়
09:58 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
10:03 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
10:10 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে
10:15 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
10:20 এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা .অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya