LibreOffice-Suite-Base/C4/Database-Design-Purpose-OrganizeTables/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:04 এই টিউটৰিয়েলত, আমি ডাটাবেছ ডিজাইন সম্পৰ্কত এই বিষয়কেইটা শিকিম:
00:09 আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা
00:12 দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা
00:15 তথ্যবিলাক টেবুলত বিভক্ত কৰা
00:19 ডাটাবেছ ডিজাইন কি?
00:21 কোনো এটা ডাটাবেছৰ বিস্তাৰিত ডাটা মডেল তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াটোক ডাটাবেছ ডিজাইন বুলি কোৱা হয়
00:28 এটা ভালদৰে ডিজাইন কৰা ডাটাবেছে
00:32 একেবাৰে শেহতীয়া, নিৰ্ভুল আৰু সম্পূৰ্ণ তথ্য আগবঢ়াব পাৰে
00:37 ইয়াৰ অৰ্থ হৈছে, বিভিন্ন পৰ্যায়ত আমাৰ তথ্যৰ শুদ্ধতা সম্পৰ্কে আমি নিশ্চিত হ’ব পাৰোঁ
00:43 ডাটা প্ৰচেচিং আৰু ৰিপৰ্টিঙৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰে
00:48 আৰু সহজে সাল-সলনি গ্ৰহণ কৰে
00:51 ডাটাবেছ ডিজাইন প্ৰক্ৰিয়া এইকেইটা ধাপেৰে গঠিত হৈছে—
00:57 আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা
01:00 দৰকাৰী তথ্য বিচৰা আৰু সজোৱা
01:04 তথ্যসমূহ টেবুলত বিভক্ত কৰা
01:07 তথ্যৰ বিষয়বস্তু কলমলৈ পৰিৱৰ্তন কৰা
01:11 প্ৰাইমেৰী কী নিৰ্ধাৰণ কৰা
01:14 টেবুল ৰিলেশ্বনশ্বিপ চেটআপ কৰা
01:17 আমাৰ ডিজাইনৰ অশুদ্ধি দূৰ কৰা
01:20 নৰমেলাইজেশ্যন ৰুল প্ৰয়োগ কৰা
01:23 আৰু শেষত, ডাটাবেছটো পৰীক্ষা আৰু ৰান কৰা আৰু ইয়াক মেইনটেইন কৰা
01:28 ঠিক আছে, প্ৰথমটো ধাপলৈ যোৱা যাওক, সেইটো হৈছে
01:32 আমাৰ ডাটাবেছৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা
01:35 এটা চিম্পল লাইব্ৰেৰী এপ্লিকেশ্যন লোৱা যাওক
01:38 এটা লাইব্ৰেৰীত সাধাৰণতে কিতাপ থাকে
01:41 আৰু এই কিতাপবোৰ লাইব্ৰেৰীৰ ৰেজিষ্টাৰ্ড সদস্যলৈ ইছ্যু কৰা হয়
01:45 গতিকে কিতাপ আৰু সদস্যসকলৰ তালিকা মেইনটেইন কৰাৰ বাবে
01:51 আৰু সদস্যসকললৈ কিতাপ ইছ্যু কৰাটো ট্ৰেক কৰাৰ বাবে আমাক এটা লাইব্ৰেৰী এপ্লিকেশ্যন লাগে
01:56 আমাৰ প্ৰথম কাম হ’ব প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱা আৰু সেইবোৰ সজোৱা
02:01 এয়াই হৈছে সেই ঠাই, য’ত আমাৰ ডাটাবেছত ৰেকৰ্ড কৰিব বিচৰা সকলো ধৰণৰ তথ্য আমি গোট খুৱাওঁ
02:09 এতিয়া যিহেতু লাইব্ৰেৰী এপ্লিকেশ্যনটোৰ উদ্দেশ্য আমি জানো, গতিকে ইয়াত আইটেমবোৰ চিনাক্ত কৰা যাওক
02:17 এইবোৰ হৈছে কিতাপ
02:19 এখন কিতাপৰ এটা শিৰোনাম, এজন লেখক, এজন প্ৰকাশক আৰু এটা মূল্য থাকে
02:24 আৰু আমি লেখকৰ তথ্যও ৰাখিব পাৰোঁ, যেনে— জন্মৰ তাৰিখ আৰু কোনখন দেশত তেখেতৰ ঘৰ আদি
02:33 আমি প্ৰকাশকৰ নাম, ঠিকনা আৰু ফোন নম্বৰো ৰাখিব পাৰোঁ
02:38 ইয়াৰ উপৰি, লাইব্ৰেৰীৰ সদস্যসকল আছে, যিসকলৰ নাম, ফোন নম্বৰ আৰু ঠিকনা আছে
02:45 যেতিয়া এখন কিতাপ এজন সদস্যলৈ ইছ্যু কৰা হয়, তেতিয়া
02:49 কিতাপ ইছ্যু কৰা তাৰিখ, ঘূৰাই দিয়া তাৰিখ, প্ৰকৃততে ঘূৰাই দিয়া তাৰিখ আৰু চেকড্ ইন ষ্টেটাচ থাকে
02:56 এই ইণ্ডিভিজুৱেল আইটেমবিলাকক এট্ৰিবিউটচ্ বুলিও কোৱা হয়
03:01 ইয়াৰ প্ৰত্যেকটো এট্ৰিবিউটে এখন টেবুলৰ একোটা পটেনচিয়েল কলমক প্ৰতিনিধিত্ব কৰে
03:08 এই মুহূৰ্তত আমি প্ৰশ্নবিলাকক এই ধৰণে প্ৰণালীবদ্ধ কৰিব পাৰোঁ:
03:12 কোনো এজন প্ৰকাশকে লাইব্ৰেৰীক যোগান ধৰা নতুন কিতাপৰ এটা চেট সম্পৰ্কত আমি কেনেকৈ তথ্য যোগ দিম?
03:20 ইয়াৰ সদস্যসকলৰ এখন তালিকা আমি কেনেকৈ মেইনটেইন কৰিম?
03:25 যদি কোনো এজন সদস্য লাইব্ৰেৰীৰ পৰা ওলাই যায় বা কোনো এজনে তেওঁৰ ঠিকনা সলনি কৰিব বিচাৰে, তেতিয়া কি হ’ব?
03:32 এজন সদস্যই যেতিয়া এখন কিতাপ ঘূৰাই দিয়ে, সেই তথ্য আমি কেনেকৈ আপডেট কৰিম?
03:38 কেনেকুৱা ধৰণৰ ৰিপৰ্ট আমি প্ৰস্তুত কৰিব বিচাৰিম?
03:42 কোনখন কিতাপ সদস্যসকলৰ মাজত আটাইতকৈ বেছিকৈ পঠিত হৈছে?
03:46 আৰু সদস্যসকলে ধাৰলৈ নিয়া আৰু সময় মতে ঘূৰাই নিদিয়া কিতাপৰ এখন তালিকা আমি কেনেকৈ জেনেৰেট কৰিম?
03:55 এতিয়া যিহেতু আমাৰ কিছু ডিটেইলছ্ গোট খালে, তথ্যখিনি কেনেকৈ টেবুলত বিভক্ত কৰিব পৰা যায়, সেইটো চোৱা যাওক
04:02 আমাৰ তথ্য আইটেম বা এট্ৰিবিউটছবিলাক আমি প্ৰধান এনটিটি বা বিষয়ত ভাগ কৰিম
04:11 প্ৰত্যেকটো বিষয় তেতিয়া টেবুল হৈ পৰিব
04:14 গতিকে টেবুলবিলাকৰ প্ৰাথমিক তালিকাখন স্ক্ৰীনত দেখুওৱা ছবিখনৰ দৰে দেখা যাব
04:21 ইয়াত প্ৰধান বিষয় বা এনটিটি হিচাপে কিতাপ আৰু সদস্যক দেখুওৱা হৈছে
04:26 গতিকে, দুখন টেবুলৰে আৰম্ভ কৰাটো যুক্তিযুক্ত হ’ব; এখন কিতাপৰ বাবে আৰু আনখন সদস্যসকলৰ বাবে
04:33 এতিয়া বুকচ্ টেবুলখন পুংখানুপুংখভাৱে চোৱা যাওক
04:37 ইয়াত ১০টা এট্ৰিবিউট বা কলম আছে, যিবোৰক আমি আগতেই এইধৰণে নিৰ্ধাৰণ কৰিছিলো:
04:43 টাইটেল, অথৰ, পাব্লিশ্বাৰ, পাব্লিশ্বাৰ এড্ৰেছ, পাব্লিশ্বাৰ চিটি, পাব্লিশ্বাৰ ফোন, পাব্লিশ্ব্ ইয়েৰ, প্ৰাইচ, অথৰ জন্ম তাৰিখ আৰু অথৰ দেশ
04:58 এতিয়া, এই টেবুলখনত ডাটা কিধৰণে প্ৰদৰ্শিত হৈছে, সেয়া চোৱা যাওক
05:03 লক্ষ্য কৰক যে প্ৰত্যেকটো ৰ’ বা ৰেকৰ্ডত কিতাপ, ইয়াৰ লেখক আৰু প্ৰকাশক সম্পৰ্কে তথ্য আছে
05:13 এই ডিজাইনটোত দুটা ফ্ল’ আছে
05:17 একেজন লেখক বা প্ৰকাশকৰ পৰা বহুতো কিতাপ থাকিব পাৰে
05:23 গতিকে আমি দেখা পাইছোঁ যে লেখক আৰু প্ৰকাশক সম্পৰ্কীয় তথ্যৰ কেইবাবাৰো পুনৰাবৃত্তি ঘটিছে,
05:31 যিয়ে কম্পিউটাৰ ডিস্ক স্পেচৰ অপচয় কৰিছে
05:34 এই ডিজাইনটোৰ ক্ষেত্ৰত দ্বিতীয়টো সমস্যা হৈছে:
05:38 ই ডাটাবেছত এনোমেলিজ উৎপন্ন কৰাৰ ৰিস্ক বহন কৰিছে
05:44 এতিয়া কথাটো হ’ল, এনোমেলি কি?
05:47 ইয়াক সাধাৰণভাৱে ডাটাবেছত হোৱা ভুল বা গণ্ডগোল বুলি ক’ব পাৰি
05:53 এনোমেলিৰ তিনিটা প্ৰকাৰ আছে:
05:57 প্ৰথমটোক কোৱা হয় ইনচাৰ্টন এনোমেলি,
06:01 এটা নতুন ৰেকৰ্ড ভৰোৱাৰ সময়ত এইটো ঘটিব পাৰে,
06:06 অথবা যেতিয়া কোনো এটা এট্ৰিবিউট অন্য এট্ৰিবিউট নথকাকৈ ডাটাবেছত ভৰাব নোৱাৰি, তেতিয়া ই ঘটিব পাৰে
06:14 উদাহৰণ স্বৰূপে, আমি ধৰি ল’ম যে পেংগুইন নামৰ এজন নতুন প্ৰকাশক আছে
06:21 এতিয়া আমাৰ ডিজাইনত পেংগুইন প্ৰকাশকৰ বিষয়ে সবিশেষ ভৰাব নোৱাৰি, যেতিয়ালৈকে আমাৰ লাইব্ৰেৰীত তেওঁলোকৰ অন্ততঃ এখন কিতাপো নাথাকে
06:34 দ্বিতীয়টোক কোৱা হয় ডিলিশ্যন এনোমেলি,
06:39 যিটো কোনো এটা ৰেকৰ্ড ডিলিট কৰাৰ সময়ত ঘটে
06:43 ইয়াত, ডাটাবেছৰ এটা ৰ’ বা ৰেকৰ্ড ডিলিট কৰাৰ ক্ষেত্ৰত আমি ডিলিট কৰিব বিচৰাতকৈ বেছি তথ্য ডিলিট কৰে
06:51 উদাহৰণ স্বৰপে, আমি দেখিছোঁ যে আমাৰ লাইব্ৰেৰীত অৰিয়েণ্ট পাব্লিশ্বাৰৰ ‘পেৰেডাইজ লষ্ট’ নামৰ মাত্ৰ এখন কিতাপ আছে
07:01 এতিয়া যদি আমি এই গোটেই ৰেকৰ্ডটো ডিলিট কৰোঁ, তেতিয়াহ’লে অৰিয়েণ্ট পাব্লিশ্বাৰ সম্পৰ্কীয় সকলোবোৰ তথ্য আমি হেৰুৱাম
07:10 আৰু ইয়াৰ লগতে জন মিল্টন নামৰ লেখকজনৰো তথ্য আমি হেৰুৱাম
07:16 এতিয়া শেষত চোৱা যাওক, আপডেট এনোমেলিনো কি
07:21 এইটো এটা ৰেকৰ্ড আপডেট কৰাৰ সময়ত ঘটে
07:26 উদাহৰণ স্বৰপে, ধৰা যাওক যে কেম্ব্ৰিজ পাব্লিশ্বাৰৰ এটা নতুন ঠিকনা হৈছে
07:32 এতিয়া, এই প্ৰকাশকৰ এড্ৰেছ কলমটোৰ আপডেট কৰাৰ ক্ষেত্ৰত আমি একাধিক ঠাইত সালসলনি কৰিব লগা হ’ব
07:40 আমাৰ ক্ষেত্ৰত, দুটা ঠাইত
07:43 আৰু যদিহে কেম্ব্ৰিজে বহুতো কিতাপ যোগান দি থৈছিল, তেনে ক্ষেত্ৰত আমি সেই বহুতো ৰেকৰ্ডতে ঠিকনা সালসলনি কৰিব লাগিব
07:54 আৰু আমাৰ এনেকুৱাও হ’ব পাৰে যে এটা ঠাইত আমি ঠিকনা ঠিকেই সালসলনি কৰিলো, কিন্তু অন্য এটা ঠাইত সালসলনি কৰিবলৈ পাহৰিলো
08:02 এনে ক্ষেত্ৰত আমাৰ তথ্য সঠিক নহ’ব আৰু তাৰদ্বাৰা ডাটাৰ একতা (integrity) হেৰাই যাব
08:11 এই সমস্যাবোৰ আমি কেনেকৈ সমাধান কৰিম?
08:14 আমি যাতে প্ৰতিটো তথ্য এবাৰতে ৰেকৰ্ড কৰিব পাৰোঁ, সেই ধৰণে আমি ৰিডিজাইন কৰিব লাগিব
08:20 যদি একেটা তথ্য কেইবাঠাইতো পুনৰাবৃত্তি হয়, তেতিয়াহ’লে আমি সেই তথ্যটো এখন সুকীয়া টেবুলত থোৱাটো উচিত হ’ব
08:29 এইটো কেনেকৈ কৰা যায়, চোৱা যাওক
08:31 আমি বুকচ্ টেবুলখন বুকচ্, অথৰচ্ আৰু পাব্লিশ্বাৰ বুলি ৩ ভাগ কৰিলো
08:38 লক্ষ্য কৰক যে প্ৰত্যেকখন টেবুলৰ কলমবিলাকে সেই এনটিটি বা বিষয়ৰহে মাত্ৰ তথ্য ৰাখিছে
08:47 এই ধৰণে আমি প্ৰকাশকৰ তথ্য পাব্লিশ্বাৰ টেবুলৰ ভিতৰত মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব পাৰো
08:55 একেদৰে, এখন বেলেগ অথৰচ্ টেবুল থাকিলে আমি লেখকৰ তথ্য মাত্ৰ এবাৰহে ৰেকৰ্ড কৰিব লগা হ’ব
09:04 আৰু আমি এই টেবুলবিলাক কেনেকৈ বুকচ্ টেবুলৰ সৈতে যুক্ত (link) কৰিব পাৰোঁ, সেই বিষয়ে ইয়াৰ পিছৰ টিউটৰিয়েলত শিকিম
09:12 ইয়াতে লিবাৰঅফিছত ডাটাবেছ ডিজাইনৰ প্ৰথম ভাগ টিউটৰিয়েলৰ সামৰণি পৰিছে
09:19 সাৰাংশ হিচাপে, আমি ডাটাবেছ ডিজাইনৰ এই বিষয়কেইটা শিকিলো:
09:25 আমাৰ ডাটাবেছৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা
09:28 দৰকাৰ হোৱা তথ্য বিচৰা আৰু সজোৱা
09:32 তথ্যবিলাক টেবুলত বিভক্ত কৰা
09:36 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
09:48 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে
09:54 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
09:58 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya