LibreOffice-Suite-Base/C4/Database-Design-Primary-Key-and-Relationships/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice বেসৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:04 এই টিউটোৰিয়েলটো ডাটাবেজ নকশা সংক্রান্ত পূর্ববর্তী টিউটোৰিয়েলৰ পিছৰ অংশ |
00:10 আৰু ইয়াত নিম্নলিখিত বিষয়বোৰ সম্পর্কে আলোচনা কৰিম :
00:13 তথ্য উপাদানবোৰ কলমলৈ পৰিবর্তন কৰা ।
00:17 প্রধান কী (primary keys) নির্দিষ্ট কৰা ।
00:20 টেবোল সম্পর্কবোৰ(table relationships) স্থাপন কৰা ।
00:23 শেষৰ টিউটোৰিয়েলত, আমি এটা সহজ গ্রন্থাগাৰ অ্যাপ্লিকেশনৰ বাবে ডাটাবেস গঠন প্রক্রিয়াটো আৰম্ভ কৰিছিলো ।
00:30 আমি প্রথমে গ্রন্থাগাৰ ডাটাবেস নির্মাণৰ উদ্দেশ্য নির্ধাৰন কৰিছিলো ।
00:36 তাৰপিছত আমি গ্রন্থাগাৰ সম্পর্কে তথ্য বিছৰা আৰ সংগঠিত কৰা প্রক্রিয়াটো চলাম আৰু
00:44 আমি সকলো তথ্যক টেবোললৈ বিভক্ত কৰিছিলো ।
00:49 আৰু সেয়ে, আমাৰ গ্রন্থাগাৰ ডাটাবেসত আমি চাৰিটা টেবোল চিহ্নিত কৰিছো: Books, Authors, Publications আৰু Members
01:00 এতিয়া এইবাৰ আমি পৰবর্তী ধাপলৈ যাও : যি তথ্য উপাদানবোৰক কলমলৈ পৰিবৰ্তন কৰা ।
01:07 ইয়াত, আমি প্রতিটো টেবোলত ৰাখিবলগীয়া তথ্য উপাদানবোৰক, সিদ্ধান্ত কৰিম ।
01:13 আমি আগতে চিহ্নিত কৰা, প্রতিটো তথ্য উপাদান, এটা ক্ষেত্র হৈ যায় আৰু টেবোলত কলম হিসাবে প্রদর্শিত হব ।
01:23 পর্দাৰ ছবিত যেনে দেখাইছে, Books টেবোলত ৫ টা কলম আছে, যিবোৰক ক্ষেত্র(fields) বোলা হয় ।
01:31 সেয়ে ইয়াৰ প্রত্যেক সাৰি বা ৰেকর্ডত এখন কিতাপৰ সম্পর্কে তথ্য ইয়াৰ বিভিন্ন কলমত আছে ।
01:40 একেইভাবে, Authors টেবোলত প্রত্যেকটো ৰেকর্ডত মাত্র এজন লেখকৰ সম্পর্কে তথ্য আছে ।
01:49 পাবলিশার্সস টেবোলত প্রতিটো ৰেকর্ডত মাত্র এজন প্রকাশকৰ সম্পর্কে তথ্য আছে।
01:58 এতিয়া, আমি আমাৰ প্রয়োজন অনুযায়ী কলমবোৰ আৰু পৰিমার্জন(refine) কৰিব পাৰিম ।
02:04 উদাহৰণস্বৰুপে, আপোনি লেখকৰ নাম First Name আৰু Last Nameত বিভক্ত কৰিব পাৰিব, যাতে সেই কলম অনুযায়ী বিছাৰিবলৈ (search কৰিবলৈ) সহজ হৈ যায় ।
02:17 টেবোলত গণনাৰ ফলাফল পৃথক কলম হিসাবে সংৰক্ষণ কৰাৰ প্রয়োজন নাই ।
02:24 আপোনি যেতিয়াই ফলাফল দেখিব বিছাৰে, বেসে তেতিয়াই সেই গণনা কৰিব পাৰিব ।
02:31 এতিয়া যিহেতু আমাৰ টেবোল আৰু কলমৰ সম্পর্কে স্পষ্ট ধাৰণা হৈ গৈছে, এতিয়া শিকা যাওক কিভাবে প্রধান কি নির্দিষ্ট কৰা যায় ।
02:41 প্রধান কী সম্পর্কে আলোচনা কৰা যাওক ।
02:44 প্রতিটো টেবোলত এটা কলম বা কলমৰ সেট অবশ্যই অন্তর্ভুক্ত কৰা উচিত, যি প্রতিটো সাৰিক বিশিস্টভাবে সিনাক্ত কৰে |
02:54 এই কলম বা কলমবোৰৰ সেটক টেবোলৰ প্রধান কী বুলি বোলা হয় |
03:00 এইটো সাধাৰনতে এটা অনন্য সনাক্তকাৰী সংখ্যা হয়, যেনে এটা কিতাপৰ ID অথবা কোনো লেখকৰ আইডি |
03:08 এই প্রধান কী ক্ষেত্র ব্যবহাৰ কৰি, আমি খুব দ্রুত একাধিক টেবোলৰ পৰা সম্পর্কিত তথ্য যুক্ত কৰিব পাৰো আৰু তথ্যবোৰক একেলগে আনিব পাৰো |
03:21 আৰু লগতে, প্রধান কী-ত কোনো মান পুনৰাবৃত্তি হব নোৱাৰিব |
03:26 উদাহৰণস্বৰুপে, আপোনি প্রধান কী হিসাবে, মানুহৰ নাম ব্যবহাৰ কৰিব নোৱাৰিব, কাৰণ নামবোৰ বিশিস্টতা(unique) নহয় |
03:34 একেই টেবোলত একেই নামৰ দুজন মানুহ থাকিব পাৰে |
03:40 আৰু লগতে, এটা প্রধান কীত সদায়ে কোনো মান থাকিব পাৰে |
03:45 যদি এইটো খালি বা Null হয়, তেনেহলে আমি এইটোক কোনো প্রাথমিক কী হিসাবে গণ্য কৰিব নোৱাৰো |
03:52 এটা প্রধান কী কলমক সদায়ে কোনো এটা মান থাকিবলৈ অবশ্যই থাকা সুনিশ্চিত কৰিব, আমি সেই কলমৰ তথ্য প্রকাৰ 'AutoNumber' নির্দিষ্ট কৰিব পাৰো, যাৰ মান বেসে স্বয়ংক্রিয়ভাবে উৎপন্ন কৰে |
04:09 পর্দাত দেখোৱা ছবিৰ দৰে, আপোনি সেইভাবে টেবোলৰ বাবে প্রধান কী নির্দিষ্ট কৰিব পাৰিব:
04:20 Books টেবোলৰ বাবে BookId
04:24 Authors টেবোলৰ বাবে AuthorId
04:28 Publishers টেবোলৰ বাবে PublishersId
04:33 একেইভাবে, যদিও ইয়াত দেখোৱা নাই, Members টেবোলৰ বাবে প্রধান কী MemberId হব
04:42 অবশেষত, আমি টেবোলত প্রধান কী নির্দিষ্ট কৰি Entity Integrity বজায় ৰাখিছো ।
04:52 Entity Integrityএ নিশ্চিত কৰে যে টেবোলত কোনো সদৃশ ৰেকর্ড নাই ।
05:00 এইটোয়ে আৰু নিশ্চিত কৰে যে, যি ক্ষেত্রৱে টেবোলত প্রত্যেকটো ৰেকর্ডক বিশিস্ট ভাবে সিনাক্ত কৰে সেইটো unique বা অনন্য হয় আৰু নিস্তেজ নহয় ।
05:10 এতিয়া যি তিনটা টেবোলত প্রধান কী আছে, আমি সম্পর্ক স্থাপন কৰি টেবোল-বোৰক সংযুক্ত কৰিব পাৰো ।
05:20 যিহেতু আমি বেসত সম্পর্ক স্থাপন কৰিব পাৰো, এইটোক এটা ৰিলেশনেল ডাটাবেজ ম্যানেজমেন্ট সিস্টেম বা সংক্ষেপে কবলৈ গলে RDBMS বোলা হয় ।
05:32 সম্পর্ক কিছো ধৰনৰ আছে । এতিয়া সেইবোৰ আলোচনা কৰা যাওক ।
05:37 প্রথমে জানা যাওক One-to-Many বা একৰ-পৰা-অনেক সম্পর্কটো কি ।
05:43 এতিয়া চিত্ৰত দেখোৱাৰ দৰে Books আৰু Authors টেবোল দুটাক চাওক ।
05:49 এখন কিতাপ এজন লেখকৰ দ্বাৰা লিখিত হয় বুলি ধৰা হওক ।
05:55 এনেকোৱাও হয়, যেতিয়া কোনো দুজন বা বিভিন্ন মানুহে এখন কিতাপক(co-author) সহলেখক কৰা ।
06:02 কিন্তু আমি আমাৰ উদাহৰনক মাত্ৰ এজনেই লেখকৰ দ্ৱাৰা এখনেই কিতাপক আলোচনালৈ সীমিত ৰাখিম |
06:10 আমাৰ উদাহৰণত, এজন লেখকে অনেক কিতাপ লিখিব পাৰিব |
06:17 সেয়ে Authors টেবোলত থাকা এজন লেখকৰ বাবে, Books টেবোলত সেই লেখকৰ দ্বাৰা লিখিত অনেক কিতাপ থাকিব পাৰে |
06:28 এইটো এটা one-to-many কাৰনে সম্পর্ক |
06:32 আৰু এইটোক গ্রন্থাগাৰ (Library) ডাটাবেসত উপস্থাপন কৰিব পাৰিম,
06:36 আমি Authors টেবোলত প্রধান কী অর্থাত Author Id -ক লৈ আৰু Books টেবোলত যোগ কৰক |
06:46 সেয়ে, Books টেবোলত, Author Id হল ফৰেন কী (Foreign key) |
06:53 একেইভাবে, পাবলিশার্স টেবোলত প্রধান কী অর্থাত Publisher Id ক Books টেবোলত যোগ কৰি সেইটো Books টেবোলত ফৰেন কী হৈ যায় |
07:06 সেয়ে কলম বা একাধিক কলমবোৰ ভাগ কৰাত, আমি ডাটাবেসত one-to-many সম্পর্ক উপস্থাপনা কৰিব পাৰিম |
07:17 আৰু ফৰেন কি ব্যবহাৰ কৰি টেবোলবোৰৰ সম্পর্ক( table relationships) স্থাপন কৰা যাব পাৰে |
07:23 সেয়ে, সম্পর্ক স্থাপন কৰিবলৈ,  এখন টেবোলত প্ৰধান কী টোক দ্বিতীয় টেবোলত থকা ফৰেন কীৰ নিচিনা প্ৰতিনিধিত্ব কৰিব পাৰে
07:34 ফলস্বৰুপে আমি Referential integrityক প্ৰেৰন কৰো |
07:39 অর্থাত, এটা টেবোলত প্রতিটো ফৰেন কীৰ মান, সম্পর্কিত টেবোলত, কোনো এটা প্রধান কী মানৰ সৈতে সমান হব |
07:50 তাৰপিছত, যনা যাওক, Many-to-Many সম্পর্ক কী বোঝায় |
07:56 এতিয়া টেবোল নকশালৈ(table design) উভতি যোৱা যাওক |
07:59 এখন কিতাপ গ্রন্থাগাৰৰ অনেক সদস্যক দিব পৰা যয়, (ইয়াত আমি ধৰি লৈছো, কিতাপৰ অনেকবোৰ কপি গ্রন্থাগাৰত উপলব্ধ আছে )|
08:09 একেইভাবে এজন সদস্যয়ে অনেকবোৰ কিতাপ নিব পাৰে (ইয়াতও ধৰি লৈছো, কিতাপবোৰ উপলব্ধ আছে )
08:17 সেয়ে ইয়াত, আমাৰ উচৰত একাধিক কিতাপবোৰক একাধিক সদস্যলৈ দিয়া এটা উদাহৰণ আছে |
08:25 যি  Many-to-many সম্পর্ক বোঝায় |
08:29 সেয়ে আমি আমাৰ ডাটাবেসত এই many-to-many সম্পর্ক উপস্থাপন কৰিব পাৰো
08:35 এটা তৃতীয় টেবোল, BooksIssued টেবোল, যাক এটা Junction (সন্ধি) টেবোল বোলা হয়, তৈয়াৰ কৰি |
08:45 আৰু ইয়াত, আমি, Books আৰু Members এই দুটা টেবোলৰ পৰা প্রধান কীক BooksIssued টেবোললৈ, যোগ কৰিম |
08:57 ফলস্বৰুপে, BooksIssued টেবোলে, সদস্যবোৰক দিয়া প্রতিটো কিতাপৰ তথ্য ৰাখে |
09:05 সেয়ে, এটা তৃতীয় junction (সন্ধি) টেবোল তৈয়াৰ কৰি, আমি many-to-many সম্পর্ক উপস্থাপন কৰিব পাৰো |
09:13 আৰু অবশেষত One-to-one সম্পর্ক আলোচনা কৰা যাওক |
09:18 কেতিয়াবা, কিছু বৈশিষ্ট্য বা কলম মাত্র কিছু নির্দিষ্ট তথ্য সাপেক্ষ হয়, আৰু সেয়ে কলমবোৰত খুব কমেই মান থাকে |
09:30 যেনে ধৰক, মাত্র এজন লেখকৰ উচৰত ওয়েবসাইটৰ ঠিকানা আছে  আৰু অন্যবোৰৰ উচৰত নাই |
09:38 আৰু সেই Authors টেবোলত নতুন ওয়েবসাইট কলম অধিকাংশই খালি থকাত, ডিস্ক এৰ অনেক স্থান নষ্ট হব |
09:47 সেয়ে আমি এই কলম-টোক এটা প্রাসঙ্গিক(supplemental) টেবোলত স্থানান্তৰিত কৰিব পাৰিম, যাৰ প্রাথমিক কী হব একেই author আইডি |
09:58 প্রাসঙ্গিক টেবোলত প্রত্যেকটো ৰেকৰ্ডে প্রধান টেবোলত ঠিক এটা ৰেকর্ডলৈ অনুৰুপ কৰিব |
10:06 যি One-to-one সম্পর্কক বোঝায় |
10:10 সেয়ে তাত, আমি ডাটাবেসত সম্পর্ক স্থাপন কৰিবলৈ শিকিছো |
10:15 ইয়াতেই, LibreOffice বেসত ডাটাবেস নকশা সংক্রান্ত টিউটোৰিয়েলৰ দ্বিতীয় ভাগ সমাপ্ত হল |
10:23 সংক্ষেপে, আমি ডাটাবেস নকশা সম্পর্কে এই নিম্নলিখিত বিষয়বোৰ আলোচনা কৰিছো :
10:28 তথ্য অংশবোৰক কলমত পৰিবর্তন কৰা |
10:32 প্রধান কী নির্দিষ্ট কৰা |
10:34 টেবোলত সম্পর্ক স্থাপন কৰা |
10:38 স্পোকেন্ টিউটোৰিয়েল্ Talk to a Teacher প্রকল্পৰ অংশবিশেষ যি ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত ।
10:48 এই প্রকল্পটো http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় ।
10:54 এই সম্পর্কে আৰু তথ্য নিম্নলিখিত লিঙ্কৰ পৰা পোৱা যাব ।
10:58 এই টিউটোৰিয়েল ত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Anamika, Mousumi