LibreOffice-Suite-Base/C3/Create-simple-queries-in-SQL-View-II/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ
00:06 এই টিউটৰিয়েলত আমি শিকিম, কেনেকৈ:
00:10 SQL ভিউত কুৱেৰি লিখা হয়
00:13 ORDER BY ক্লজ ব্যৱহাৰ কৰা হয়
00:15 JOINS ব্যৱহাৰ কৰা হয়
00:17 এগ্ৰিগেট ফাংশ্যন ব্যৱহাৰ কৰা হয়
00:19 GROUP BY ক্লজ ব্যৱহাৰ কৰা হয়
00:21 আৰু বিল্ট ইন ফাংশ্যন ব্যৱহাৰ কৰা হয়
00:26 SQL কুৱেৰি লিখা সম্পৰ্কে কিছু অধিক শিকা যাওক
00:31 ইয়াৰ বাবে, আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছটো খোলক
00:36 এতিয়া, বাওঁ পেনেলৰ কুৱেৰি তালিকাত ক্লিক কৰক
00:42 আৰু তাৰপিছত Create Query in SQL View-অত ক্লিক কৰক
00:49 প্ৰথমতে আমি চাম কেনেকৈ এটা কুৱেৰিৰ ফলাফলবিলাক সজাব পাৰি
00:55 আৰু ইয়াৰ বাবে এই উদাহৰণটো লোৱা যাওক
00:59 কেম্ব্ৰিজ বা অক্সফৰ্ডৰ দ্বাৰা প্ৰকাশিত সকলোখিনি কিতাপৰ শিৰোনাম আৰু লেখকৰ তথ্য আহৰণ কৰক
01:09 আৰু সেইবিলাকক প্ৰকাশকৰ বৰ্ধমান (ascending) ক্ৰমত আৰু তাৰ পিছে পিছে কিতাপৰ শিৰোনামৰে সৈতে সজাই পেলাওক
01:19 এই কুৱেৰিটো হ’ব এনে ধৰণৰ:
01:22 SELECT Publisher, Title, Author
01:28 FROM Books
01:31 WHERE Publisher IN ( 'Cambridge', 'Oxford')
01:42 ORDER BY Publisher ASC, Title ASC
01:50 লক্ষ্য কৰক যে আমি কলমৰ নামত সাজোনৰ ধৰণ (sorting) নিৰ্দেশ কৰিবলৈ ORDER BY ক্লজ ব্যৱহাৰ কৰিছোঁ
01:58 ইয়াৰ উপৰি কমা কেৰেক্টাৰটোও লক্ষ্য কৰক, যিটোৱে সাজোনৰ বাবে অধিক কলম যোগ দিয়াত সহায় কৰে
02:05 আৰু বৰ্ধমান বা হ্ৰাসমান ক্ৰম নিৰ্দেশ কৰিবলৈ আমি প্ৰতিটো কলম নামৰ পিছে পিছে সহজভাৱে A-S-C বা D-E-S-C টাইপ কৰিব পাৰোঁ
02:19 এতিয়া, ফাইল মেনু বাৰৰ তলত থকা ‘ৰান কুৱেৰি’ আইকনত ক্লিক কৰক
02:26 এইখিনিয়েই হ’ল কিতাপখিনি প্ৰথমে প্ৰকাশক আৰু তাৰ পিছত কিতাপৰ শিৰোনামেৰে সজ্জিত হৈছে
02:34 এতিয়া, আমাৰ পৰৱৰ্তী কুৱেৰিলৈ যাম
02:38 সদস্যসকলে এতিয়াও ঘূৰাই নিদিয়া কিতাপৰ এখন তালিকা, কিতাপ ইছ্যু কৰা তাৰিখৰে সৈতে আহৰণ কৰা যাওক
02:48 যিহেতু কিতাপৰ শিৰোনামবোৰ ‘বুকচ্’ টেবুলত আছে আৰু কিতাপ ইছ্যু কৰা তাৰিখবোৰ ‘বুকচ্‌ইছ্যুড্’ টেবুলত আছে,
02:55 এই দুইখন টেবুলক কিবাপ্ৰকাৰে আমি সংযুক্ত কৰিব লাগিব
03:00 গতিকে এই দুখন টেবুলক সংযুক্ত কৰিবলৈ আমি JOIN কিৱৰ্ড ব্যৱহাৰ কৰিম
03:07 আৰু টেবুল দুখনক লিংক কৰিবলৈ আমি উমৈহতীয়া কলম ‘বুকআইডি’ ব্যৱহাৰ কৰিম
03:14 গতিকে আমাৰ কুৱেৰি হ’ব:
03:17 SELECT B.title, I.IssueDate, I.Memberid

FROM Books B JOIN BooksIssued I

03:35 ON B.bookid = I.BookId

WHERE CheckedIn = FALSE

03:48 FROM ক্লজৰ B আৰু I আখৰ দুটা লক্ষ্য কৰক
03:55 এইবিলাকক এলিয়াচ বুলি কোৱা হয় পঢ়াৰ সুবিধাৰ বাবে এইবিলাক বৰ্ণনাত্মক অথবা এটা আখৰৰো হ’ব পাৰে
04:06 লক্ষ্য কৰক যে ‘বুকচ্‌আইডি’ কলম দুয়োখন টেবুলতে আছে
04:11 গতিকে দোধোৰমোধোৰত (confusion) নপৰাকৈ কলমৰ নাম নিৰ্দেশ কৰিবলৈ বা সঠিককৈ বুজাবলৈ আমি এলিয়াচ ব্যৱহাৰ কৰিম
04:21 ঠিক আছে, এতিয়া লক্ষ্য কৰক যে FROM ক্লজত JOIN কিৱৰ্ড ব্যৱহাৰ কৰি আমি টেবুল দুখন সংযুক্ত কৰিলো
04:31 আৰু যুক্তকৰণৰ বাবে ‘বুকআইডি’ কলমটো এই ধৰণে টাইপ কৰি নিৰ্দেশ কৰিলো:

ON B.bookid = I.BookId

04:46 এতিয়া আমাৰ কুৱেৰিটো চলোৱা যাওক,
04:49 আৰু আমি ইছ্যু কৰা তাৰিখৰ সৈতে কিতাপৰ এখন তালিকা দেখা পালো CheckedIn ষ্টেটাচাটো লক্ষ্য কৰক- not checked in অৰ্থাৎ ঘূৰাই দিয়া হোৱা নাই
04:59 ঠিক আছে, আৰু লক্ষ্য কৰক যে ফলাফলত আমি কেৱল মেম্বাৰ আইডিহে দেখা পাইছোঁ; যিটো বৰ বেছি সুবিধাজনক নহয়, নে কি কয়?
05:08 তেনেহ’লে আমি সদস্যৰ তালিকাত থকা সদস্যৰ নামবিলাক কেনেকৈ প্ৰদৰ্শিত কৰিম?
05:15 তেনেই সহজ; আমি মেম্বাৰচ টেবুলখন আমাৰ কুৱেৰিত এই ধৰণে যুক্ত কৰিম:
05:21 SELECT B.Title, I.IssueDate, I.MemberId, M.Name

FROM Books B

05:37 JOIN BooksIssued I ON B.BookId = I.BookId

JOIN Members M ON I.MemberId = M.MemberId

05:58 WHERE CheckedIn = FALSE
06:02 গতিকে মেম্বাৰচ টেবুলৰ সৈতে দ্বিতীয়টো ‘জইন’ আৰু যুক্তকৰণৰ বাবে মেম্বাৰচআইডি কলমটো লক্ষ্য কৰক
06:12 কুৱেৰিটো চলোৱা যাওক
06:14 এয়া হৈছে সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সৈতে সদস্যসকলৰ নাম
06:20 ইয়াৰ পিছত, এগ্ৰিগেট আৰু গ্ৰুপিঙৰ বিষয়ে শিকা যাওক
06:26 লাইব্ৰেৰীত থকা সকলো সদস্যৰ গণনা আমি কেনেকৈ পাব পাৰোঁ?
06:31 তাৰ এটা কুৱেৰি এনে ধৰণৰ:
06:34 SELECT COUNT(*) AS "Total Members"

FROM Members

06:47 ইয়াত COUNT-টো লক্ষ্য কৰক
06:51 ইয়াক এগ্ৰিগেট ফাংশ্যন বুলি কোৱা হয়, যিহেতু ই কিছুমান ৰেকৰ্ডৰ এটা চেট বিশ্লেষণ কৰি মাত্ৰ এটা মান (value) উলিয়াই দিয়ে
07:02 ইয়াৰ উপৰি আমি ‘টোটেল মেম্বাৰচ’ বুলি এটা এলিয়াচ যোগ দিছিলো
07:07 এতিয়া কুৱেৰিটো চলোৱা যাওক
07:10 গতিকে, বেছে চাৰিওজন সদস্যৰ ৰেকৰ্ড বিশ্লেষণ কৰিলে আৰু ৪ সংখ্যটো প্ৰদৰ্শন কৰিলে, যিটো হৈছে সদস্যৰ মুঠ সংখ্যা
07:22 এগ্ৰিগেট ফাংশ্যনৰ কেইটামান উদাহৰণ হৈছে— SUM, MAX আৰু MIN
07:30 এতিয়া তথ্য গ্ৰুপিঙ (grouping information)ৰ বিষয়ে শিকা যাওক
07:36 প্ৰতিজন প্ৰকাশকৰ কিতাপৰ পৰিমাণ আমি কেনেকৈ পাব পাৰোঁ?
07:40 কুৱেৰিটো এনে ধৰণৰ:
07:43 SELECT Publisher, COUNT(*) AS "Number of Books" FROM Books

GROUP BY Publisher ORDER BY Publisher

08:03 নতুনকৈ পোৱা GROUP BY ক্লজটো লক্ষ্য কৰক
08:06 গতিকে আমি প্ৰকাশকসকল আৰু কিতাপৰ সংখ্যা বাছনি কৰিলো আৰু প্ৰতিজন প্ৰকাশকৰ ৰেকৰ্ড একমুঠ কৰিবলৈ GROUP BY ক্লজ ব্যৱহাৰ কৰিলো
08:18 এতিয়া কুৱেৰিটো চলোৱা যাওক
08:21 প্ৰকাশকৰ নামবিলাক আৰু প্ৰতিজন প্ৰকাশকৰ নামৰ কাষে কাষে তেওঁলোকৰ কিতাপৰ সংখ্য লক্ষ্য কৰক
08:33 ইয়াৰ পিছত, SQLত ফাংশ্যন ব্যৱহাৰ কৰা সম্পৰ্কে শিকা যাওক
08:38 ফাংশ্যন হৈছে মাত্ৰ এটা মান উলিয়াই অনা একোটা বিবৃত্তি (statement)
08:43 উদাহৰণ স্বৰূপে, CURRENT_DATE-এ আজিৰ তাৰিখটো দেখুৱাই দিয়ে
08:49 গতিকে, সদস্যসকলে ঘূৰাই দিবলগীয়া কিতাপৰ শিৰোনামবোৰৰ এখন তালিকা কৰা যাওক
08:56 আৰু কুৱেৰিটো হ’ব:
08:58 SELECT B.Title, I.IssueDate, I.ReturnDate
09:08 FROM Books B JOIN BooksIssued I ON B.bookid = I.BookId
09:21 WHERE CheckedIn = FALSE and ReturnDate < CURRENT_DATE
09:31 CURRENT_DATE ফাংশ্যনৰ ব্যৱহাৰ লক্ষ্য কৰক
09:36 আমি আজিৰ তাৰিখৰ আগতেই ঘূৰাই দিবলগীয়া তাৰিখ থকা কিতাপৰ তথ্য আহৰণ কৰিব বিচাৰিছোঁ
09:43 কুৱেৰিটো চলোৱা যাওক
09:45 আৰু এইখিনিয়েই হ’ল সেইখিনি কিতাপ, যিখিনি ইতিমধ্যে ঘূৰাই দিবলগা হৈ আছে
09:51 HSQLdb-এ আগবঢ়োৱা ফাংশ্যনৰ তালিকাৰ বাবে http://hsqldb.org/doc/2.0/guide/builtinfunctions-chapt.html-অলৈ যাওক
10:23 এই ৱেবচাইটো দৰ্শন কৰি ব্যৱহাৰকাৰীৰ বাবে থকা গোটেই সহায়িকাখিনি পাব পাৰিব
10:29 http://www.hsqldb.org/doc/2.0/guide/
10:48 ইয়াতে আপোনাৰ বাবে এটা অনুশীলন:
10:50 তলত দিয়া সমূহৰ বাবে SQL কুৱেৰি লিখক আৰু পৰীক্ষা কৰক:
10:55 ১. লাইব্ৰেৰীত থকা কিতাপবিলাকৰ সংখ্যা আহৰণ কৰক
10:58 ২. প্ৰতিজন লেখকে লিখা কিতাপৰ সংখ্যা আহৰণ কৰক
11:03 ৩. আজি কিতাপ ঘূৰাই দিবলগীয়া সদস্যৰ নাম আৰু তেওঁলোকৰ ফোন নম্বৰৰ সৈতে এখন তালিকা আহৰণ কৰক
11:11 ৪. এই কুৱেৰিটোৱে কি কৰিব ব্যাখ্যা কৰক:

SELECT (price) AS "Total Cost of Cambridge Books"

11:24 FROM Books

WHERE publisher = 'Cambridge'

11:32 লিবাৰঅফিছ বেছৰ SQL ভিউত অধিক কুৱেৰি সম্পৰ্কীয় এই টিউটৰিয়েলৰ ইমানতে সামৰণি পৰিছে
11:40 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
11:43 এচকিউএল ভিউত কুৱেৰি লিখা হয়
11:47 ORDER BY ক্লজ ব্যৱহাৰ কৰা হয়
11:49 JOINS ব্যৱহাৰ কৰা হয়
11:51 এগ্ৰিগেট ফাংশ্যন ব্যৱহাৰ কৰা হয়
11:54 GROUP BY ক্লজ ব্যৱহাৰ কৰা হয়
11:57 আৰু বিল্ট ইন ফাংশ্যন ব্যৱহাৰ কৰা হয়
12:00 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
12:21 এই সহায়িকা আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমী মেধী আই. আই. টী বম্বে ৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya