LibreOffice-Suite-Base/C2/Create-reports/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম।
00:03 এই ট্যুটৰিয়েলত আমি শিকিম, কেনেকৈ
00:07 এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, কেনেকৈ ৰিপৰ্ট ফিল্ড নিৰ্বাচন কৰা হয়, লেবেল দিয়া হয় আৰু চৰ্টিং কৰা হয়।
00:12 ৰিপৰ্ট লেআউট চিলেক্ট কৰক আৰু ৰিপৰ্ট টাইপ ষ্টেটিক বা ডাইনামিক হিচাপে নিৰ্বাচন কৰক।
00:19 ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক।
00:27 এই লাইব্ৰেৰী ডাটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো।
00:36 সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে।
00:42 আগৰ ট্যুটৰিয়েলত আমি ফৰ্ম আৰু কুৱেৰি কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে শিকিলো।
00:48 এটা ৰিপৰ্ট কেনেকৈ তৈয়াৰ কৰা হয়, সেই বিষয়ে শিকাৰ আগতে ৰিপৰ্টনো কি, সেই বিষয়ে শিকা যাওক।
00:56 ৰিপৰ্ট হৈছে কুৱেৰিৰ নিচিনাকৈ ডাটাবেছৰ পৰা তথ্য আহৰণ কৰাৰ এটা অন্যতম পদ্ধতি।
01:05 আমি ইয়াত লেআউট, লুক আৰু ফিল সালসলনি কৰিব পাৰোঁ যাতে ই পঢ়িবলৈ আৰু কাগজত প্ৰিণ্ট কৰিবলৈ সুবিধাজনক হয়।
01:14 ডাটাবেছৰ টেবুল বা কুৱেৰিৰ পৰা ৰিপৰ্ট জেনেৰেট কৰিব পাৰি।
01:21 তাত টেবুল বা কুৱেৰিৰ সকলোবোৰ ফিল্ড থাকিব পাৰে অথবা নিৰ্বাচিত ফিল্ডৰ এটা মাত্ৰ গ্ৰুপ থাকিব পাৰে।
01:32 ৰিপৰ্ট দুই প্ৰকাৰৰ— ষ্টেটিক আৰু ডাইনামিক।
01:38 যেতিয়া এটা ষ্টেটিক ৰিপৰ্ট চাবৰ বাবে খোলা হয়,
01:42 ই সকলো সময়তে ৰিপৰ্টটো তৈয়াৰ কৰা সময়ত থকা তথ্যসমূহ প্ৰদৰ্শন কৰে।
01:48 ইয়াক স্নেপশ্বট বুলিও জনা যায়।
01:52 কিন্তু এটা ডাইনামিক ৰিপৰ্টে যেতিয়াই ইয়াক খোলা যায় তেতিয়াই ডাটাবেছৰ পৰা শেহতীয়া তথ্যসমূহ প্ৰদৰ্শন কৰে।
02:00 ঠিক আছে, এতিয়া এটা সৰল ৰিপৰ্ট তৈয়াৰ কৰা যাওক।
02:05 লাইব্ৰেৰী ডাটাবেছটোৰ
02:08 বাওঁ পেনেলৰ Reports আইকনত ক্লিক কৰক।
02:12 সোঁ পেনেলৰ Use Wizard to create report ইয়াত ক্লিক কৰক।
02:18 এইটো হৈছে ৰিপৰ্ট তৈয়াৰ কৰাৰ সহজ আৰু দ্ৰুত অপশ্যন।
02:24 এতিয়া আমি এখন নতুন উইণ্ড’ দেখা পাইছোঁ, যাক Report Builder উইণ্ড’ বুলিও কোৱা হয়।
02:31 বাওঁফালে আমি ৬টা ধাপ থকা উইজাৰ্ড এখনো দেখা পাইছোঁ।
02:39 ইয়াৰ আগৰ ট্যুটৰিয়েলত আমি তৈয়াৰ কৰা এটা কুৱেৰিক ভিত্তি কৰি এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আমি উইজাৰ্ডখনৰ মাজেৰে আগবাঢ়িম।
02:47 কুৱেৰিটো হৈছে History of books issued to the Library members।
02:51 আমি ১ নম্বৰ ধাপ অৰ্থাৎ Field Selection-অত আছোঁ।
02:56 ইয়াত আমি ৰিপৰ্ট ডাটাৰ চ’ৰ্চটো নিৰ্দিষ্ট কৰি দিম— এখন টেবুল অথবা এটা কুৱেৰি।
03:05 ওপৰত থকা ড্ৰপডাউন লিষ্টৰ পৰা আমাৰ কুৱেৰি হিচাপে ‘History of books issued to the Library members’ নিৰ্বাচন কৰা যাওক।
03:14 এতিয়া আমি বাওঁফালে কুৱেৰিটোত থকা ফিল্ডবিলাকৰ এখন তালিকা দেখা পাইছোঁ।
03:21 আমি ৰিপৰ্টটোত সকলোবোৰ ফিল্ড বিচাৰোঁ, গতিকে আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটনত ক্লিক কৰি দিম।
03:30 এতিয়া পৰৱৰ্তী ধাপলৈ যাবলৈ Next বাটনত ক্লিক কৰক।
03:35 ২ নম্বৰ ধাপ: Labelling Fields।
03:39 ছবিখনত দেখুওৱাৰ দৰে লেবেল টেক্সট বক্সত বৰ্ণনাত্মক লেবেল টাইপ কৰক।
03:50 ঠিক আছে, এতিয়া আমি Next বাটনত ক্লিক কৰোঁ।
03:55 এতিয়া আমি ৩ নম্বৰ ধাপত— Grouping।
03:59 যেতিয়া কিছুমান নিৰ্বাচিত ফিল্ডৰ আধাৰত ডাটাবিলাক গ্ৰুপ কৰিব লগা হয়, তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়।
04:05 উদাহৰণ স্বৰূপে, আমাৰ ৰিপৰ্টত আমি কিতাপৰ নামবোৰেৰে ডাটা গ্ৰুপ কৰিব পাৰোঁ।
04:12 এইটো কৰিলে ৰিপৰ্টত আমি কিতাপৰ নাম আৰু তাৰপিছত কিতাপখন ইছ্যু কৰা সদস্যসকলৰ নাম দেখা পাম।
04:22 তাৰপিছত পৰৱৰ্তী কিতাপৰ নাম দেখা পাম আৰু এইদৰে ই গৈ থাকিব।
04:27 এতিয়াৰ বাবে আমি আমাৰ ৰিপৰ্ট সৰল কৰি ৰাখিম।
04:31 গতিকে আমি সাধাৰণভাৱে Next বাটনত ক্লিক কৰিম।
04:36 এতিয়া আমি ৪ নম্বৰ ধাপ- Sorting Options-অত উপনীত হ’লো।
04:41 ডাটাসমূহ সময়ানুক্ৰমিকভাৱে সজোৱা যাওক,
04:46 আৰু তাৰপিছত কিতাপৰ নাম অনুযায়ী এচেণ্ডিং ক্ৰমত সজাওক।
04:52 ইয়াৰ বাবে আমি ড্ৰপডাউন বক্সৰ Sort-অত ক্লিক কৰিম।
04:58 আৰু তাৰপিছত Issue Date-অত ক্লিক কৰিম।
05:03 তাৰপিছত আমি দ্বিতীয়টো ড্ৰপডাউন বক্সত ক্লিক কৰিম।
05:08 তাৰপিছত Book Title-অত ক্লিক কৰিম।
05:12 এতিয়া Next বাটনত ক্লিক কৰা যাওক।
05:16 ঠিক আছে। এতিয়া ৫ নম্বৰ ধাপ— Choose Layout।
05:20 ইয়াত আমি ৰিপৰ্টৰ লুক আৰু ফিল সাল-সলনি কৰিব পাৰোঁ।
05:25 আমি ‘Columnar, single-column’ layout list ইয়াত ক্লিক কৰোঁ আহক।
05:31 লক্ষ্য কৰক যে বেকগ্ৰাউণ্ডৰ Report Builder ৰিফ্ৰেছ হৈ গৈছে।
05:36 ইয়ে সকলোবোৰ লেবেল বাওঁফালে আৰু সম্পৰ্কিত ফিল্ডবিলাক সোঁফালে দেখুৱাইছে।
05:43 এতিয়া আমি ‘Columnar, two columns’-অত ক্লিক কৰিম।
05:48 দুটা কলমৰ লেআউট দেখুৱাই তলফালে থকা উইণ্ডখন আকৌ ৰিফ্ৰেছ হৈ গৈছে।
05:54 এইধৰণে বেছ উইজাৰ্ডে আগবঢ়োৱা লেআউটৰ পৰা আমি যিকোনো এটা বাছি ল’ব পাৰোঁ।
06:02 আমাৰ প্ৰয়োজন অনুসৰি পিছত ইয়াক সাল-সলনিও কৰিব পাৰোঁ।
06:07 এতিয়াৰ বাবে আমি প্ৰথম আইটেম Tabular ইয়াত ক্লিক কৰিম।
06:12 আৰু Next বাটনত ক্লিক কৰিম।
06:16 ঠিক আছে, অন্তিমটো ধাপ— Creat Report।
06:20 ইয়াত ‘Books Issued to Members: Report History’ বুলি আমি আমাৰ ৰিপৰ্ট এটা বৰ্ণানাত্মক নাম দিম।
06:30 ডাটাবেছৰ পৰা সদায়েই শেহতীয়া ডাটা প্ৰদৰ্শন কৰিব পৰাকৈ এতিয়া আমি আমাৰ ৰিপৰ্টটো সজাম।
06:38 ইয়াৰ বাবে ‘Dynamic Report’ অপশ্যনত ক্লিক কৰক,
06:45 যিহেতু যেতিয়াই আমি ৰিপৰ্টটো চাবৰ বাবে খুলিম, তেতিয়াই শেহতীয়া ডাটা চাব বিচাৰিম।
06:52 ঠিক আছে, আমাৰ ৰিপৰ্ট তৈয়াৰ কৰা শেষ হৈছে। Creat Report Now অপশ্যনত ক্লিক কৰা যাওক।
06:59 আৰু শেষত Finish বাটনত ক্লিক কৰক।
07:05 এতিয়া আমি এখন নতুন উইণ্ড’ দেখা পাম আৰু এইটোৱেই হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা ৰিপৰ্ট।
07:12 লক্ষ্য কৰক যে ইয়াত ফিল্ড লেবেল একেবাৰে ওপৰত ব’ল্ড ফণ্টত আছে আৰু প্ৰকৃত ডাটা এটা টেবুলাৰ (tabular) ফেশ্যনত আছে।
07:24 আৰু লক্ষ্য কৰক যে ই ইছ্যু কৰা তাৰিখ অনুসৰি এছেণ্ডিং ক্ৰম অৰ্থাৎ সময়ানুক্ৰমিকভাৱে সজ্জিত হৈ আছে আৰু তাৰপিছত এছেণ্ডিং ক্ৰমত কিতাপৰ নাম সজ্জিত হৈ আছে।
07:38 এইদৰে আমি লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সময়ানুক্ৰমিক ৰিপৰ্ট তৈয়াৰ কৰিলো।
07:46 পৰৱৰ্তী টিউটৰিয়েলত ৰিপৰ্ট কেনেকৈ সাল-সলনি কৰা হয়, সেই বিষয়ে শিকিম।
07:52 আপোনাৰ বাবে এছাইনমেণ্ট:
07:54 প্ৰকাশক অনুসৰি গ্ৰুপ কৰি লাইব্ৰেৰীৰ সকলো কিতাপৰ এটা ৰিপৰ্ট তৈয়াৰ কৰক।
08:01 প্ৰকাশক আৰু কিতাপৰ নাম— দুয়োটাই এছেণ্ডিং ক্ৰমত থাকিব লাগিব।
08:07 Columnar, Single-column layout ব্যৱহাৰ কৰক।
08:11 ইয়াতে লিবাৰ অফিচ বেছত Reports সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে।
08:17 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
08:21 এটা ৰিপৰ্ট তৈয়াৰ কৰা হয়, ৰিপৰ্টৰ ফিল্ডবিলাক নিৰ্বাচন, লেবেলিং আৰু চৰ্টিং কৰা হয়
08:25 ৰিপৰ্ট লেআউট বাছনি কৰা হয়, আৰু ষ্টেটিক বা ডাইনেমিক হিচাপে ৰিপৰ্টৰ ধৰণ বাছনি কৰা হয়
08:31 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
08:42 এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে।
08:48 এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
08:51 এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে. আৰু এইয়া আছিল মৌচুমী মেধী আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble